ওমৰ ৰাঃ ৰ অমৰ জীৱনী- এপিচড-১

Share :

হজৰত ওমৰ ৰাঃ ৰ অমৰ জীৱনী

এপিচড-১ : ব্যক্তিগত জীৱন (খলিফা হোৱা লৈকে)।

১ম পৰ্ব
সূচী:
১। আৰম্ভণি।
২। থোৰতে ওমৰ ফাৰূক ৰাঃ।
৩। প্ৰথম জীৱন (ইছলামৰ পূৰ্বে-১) ।
৪। মুহাম্মদ(ছঃ) ৰ যুগত (ইছলামৰ পূৰ্বে-২)।
৫। ইছলাম গ্রহণ।
৬। খিলাফতৰ প্রতিষ্ঠা ।
৭। মদিনালৈ হিজৰত।
৮। মদিনাৰ জীৱন।
➖➖➖➖➖➖➖➖➖

আৰম্ভণি :

হজৰত ওমৰ ইবনুল খাত্তাব ৰাঃ আছিল ইছলামৰ দ্বিতীয় খলীফা তথা চাহাবাসকলৰ মাজত অন্যতম শক্তিশালী চাহাবী। হজৰত আবু বকৰ ৰাঃ ৰ মৃত্যুৰ পিছত তেওঁ দ্বিতীয় খলীফা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। হজৰত ওমৰ ৰাঃ এজন ইছলামী অভিজ্ঞ আইনজ্ঞ আছিল। সদায় ন্যায়ৰ পক্ষাবলম্বন কৰাৰ বাবে তেখেতক আল-ফাৰুক (সত্য, মিথ্যাৰ পার্থক্যকাৰী) উপাধি প্ৰদান কৰ হয়।

আমীৰুল মু’মিনীন উপাধিটো সর্বপ্রথম তেখেতৰ নামত ব্যৱহৃত হয়। ইতিহাসৰ পাতত তেখেত প্রথম ওমৰ হিচাপেও পৰিচিত।

হজৰত ওমৰ ৰাঃ ৰ শাসন কালত খিলাফতৰ সীমা অকল্পনীয়ভাবে বৃদ্ধি পায়। এসময়ত চে
চেচেনীয়া সাম্রাজ্য আৰু বাইজেন্টাইন সাম্রাজ্যৰ দুই তৃতীয়াংশ মুছলমান সকলৰ নিয়ন্ত্রণত আহে । তেওঁৰ শাসন কালতেই জেৰুজালিম মুছলিমসকলৰ হস্তগত হয়। তেওঁ পূর্বৰ খ্রিষ্টান ৰীতি সলনি কৰি ইহুদী সকলক জেৰুজালিমত বসবাস কৰাৰ আৰু উপাসনা কৰাৰ সুযোগ প্ৰদান কৰিছিল।

থোৰতে হজৰত ওমৰ ফাৰূক ৰাঃ :

▪️পূর্ণ নাম – ওমৰ ইবনে খাত্বাব, (আৰবীত: عمر بن الخطاب‎‎)।
▪️শাসনকাল- ২৩ আগষ্ট ৬৩৪ খৃষ্টাব্দৰ পৰা ৩ নভেম্বৰ ৬৪৪ খৃষ্টাব্দ লৈকে।
• পূর্বপুসূৰী – হজৰত আবু বকৰ ৰাঃ ।
• উত্তৰসূৰী – হজৰত ওচমান গণী ৰাঃ।

▪️জন্ম- ৫৮৩ খ্রিষ্টাব্দ, ৪০ পাক-হিজৰী ।
▪️ জন্মস্থান- মক্কা, আৰব উপদ্বীপ।
▪️ মৃত্যু- ১ মহৰম ২৩ হিজৰী (৩ নভেম্বৰ ৬৪৪ খ্রিষ্টাব্দ)।
• মৃত্যুস্থান- মদিনাহ, হিযাজ।
• দাফনস্থল- মচজিদে নবৱী, মদিনাহ।

▪️পৰিয়ালবৰ্গ:
• পিতা- খাত্বাব ইবনে নুফাইল ইবনে আঃ উজ্জা।
• মা – হানতামাহ বিনতে হিশ্বাম বিনতে মুগ্বীৰাহ।
• ভাই- জায়েদ ইবনুল খাত্বাব।
• ভনী- ফাতিমা বিনতে খাত্বাব।
• স্ত্রী –
জয়নব বিনতে মাজূন।
কুৰাইবা বিনতে আবি উমাইয়াহ মাখজুমী।
উম্মে হাকিম বিনতে হাৰীচ ইবনে হিশ্বাম।
উম্মে কুলছূম মলীকাহ বিনতে জৰোল।
উম্মে কুলছূম বিনতে আলী।
আতিকা বিনতে জাইদ ।
জামীলাহ বিনতে ছ্বাবিত।

▪️পুত্র :
• আব্দুল্লাহ ইবনে ওমৰ ৰাঃ।
• আব্দুৰ ৰহমান ইবনে ওমৰ ৰাঃ (ডাঙৰ।
• উবাইদুল্লাহ ইবনে ওমৰ ৰাঃ।
• জায়েদ ইবনে ওমৰ ৰাঃ (ডাঙৰ) ।
• জায়েদ ইবনে ওমৰ ৰাঃ (সৰু) ।
• আচীম ইবনে ওমৰ ৰাঃ।
• ইয়াজ ইবনে ওমৰ ৰাঃ।
• আব্দুৰ ৰহমান ইবনে ওমৰ ৰাঃ (সৰু)।
• আব্দুৰ ৰহমান ইবনে ওমৰ ৰাঃ (মাজো)।
• জুবাইৰ ইবনে বকৰ (আবু শ্বাহমা)।

▪️কন্যা :
• হাফচাহ বিনতে ওমৰ ৰাঃ।
• ফাতিমা বিনতে ওমৰ ৰাঃ।
• ৰুকিয়াহ বিনতে ওমৰ ৰাঃ।

▪️ উপাধি আৰু উপনাম :
• ফাৰূক (সত্য আৰু মিথ্যাৰ পার্থক্যকাৰী)
• আবু হাফছ।
• আমীৰুল মু’মিনীন।

প্ৰথম জীৱন (ইছলামৰ পূৰ্বে-১) :

যুৱ কালত তেওঁ মক্কা নগৰৰ কাষতে নিজৰ পিতৃৰ উট ৰাখিছিল। তেওঁৰ পিতৃ বুদ্ধিমত্তাৰ বাবে গোত্রত বিৰাট সম্মানৰ গৰাকী আছিল। হজৰত ওমৰ ৰাঃ কৈছে : “মোৰ পিতা খাত্তাব, এজন কঠোৰ প্রকৃতিৰ মানুহ আছিল । তেওঁ মোৰ দ্বাৰা কঠোৰ পৰিশ্ৰম কৰাইছিল। মই কাম নকৰিলে তেওঁ মোক মাৰধৰ কৰি থাকিছিল ক্লান্ত নোহোৱা লৈকে ।”

ইছলামৰ পূর্বে আৰব দেশত লিখা-পঢ়াৰ বিশেষ গুৰুত্ব নাছিল। তথাপি তৰুণ বয়সত ওমৰ ৰাঃ লিখা পঢ়াৰ প্ৰতি আগ্ৰহী হৈ শিক্ষা অৰ্জন কৰে। নিজে কবি নহলেও কাব্য আৰু সাহিত্যৰ প্রতি তেওঁৰ যথেষ্ট আগ্রহ আছিল। কুৰাইশ্বৰ ঐতিহ্য অনুযায়ী তেখেত নিজৰ কৈশোৰ কালত সমৰবিদ্যা, অশ্বাৰোহণ আৰু মল্লযুঁজ আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ।

তেওঁ দীর্ঘদেহী আৰু শাৰীৰিকভাবে শক্তিশালী আছিল। মল্লযোদ্ধা হিচাপে তেওঁ বিখ্যাত আছিল । ইয়াৰ ওপৰি তিনি এজন সুবক্তা আছিল। তেওঁ নিজৰ পিতাৰ পিছত গোত্রৰ এজন বিৰোধ মীমাংসাকাৰী হিচাপে নিৰ্বাচিত হৈছিল ।

ওমৰ ৰাঃ এজন বণিক হিচাপে বাণিজ্য আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত তেওঁ বাইজেন্টাইন, চেচেনিয়া সাম্রাজ্যত বাণিজ্যৰ উদ্দেশ্যে কেইবাবাৰ যাত্ৰা কৰিছিল । যত তেওঁ ৰোমান আৰু পাৰ্ছিয়ান পণ্ডিতসকলৰ লগত সাক্ষাৎ লাভ কৰে আৰু সেইবোৰ সমাজৰ অৱস্থা সম্পর্কে জ্ঞান আহৰণ কৰে ।

মুহাম্মদ(ছঃ) ৰ যুগত (ইছলামৰ পূৰ্বে-২) :

৬১০ চনত মুহাম্মদ ছঃ এ ইছলাম প্রচাৰ আৰম্ভ কৰে। অন্যান্য মক্কাবাসীৰ নিচিনা ওমৰেও প্রথম পর্যায়ত ইছলামৰ ঘবিৰোধিতা কৰিছিল। তেওঁৰ হাতত বহুতো মুছলিম নির্যাতিত হয়। বিৰোধিতাৰ এক পর্যায়ত গৈ তেওঁ মুহাম্মদ(ছ) ক হত্যা কৰিব বিচাৰিছিল। তেওঁ কুৰাইশ্বসকলৰ একতাত বিশ্বাস কৰিছিল আৰু ইছলামৰ উত্থানক কুৰাইশ্বসকলৰ মাজত বিভাজন সৃষ্টিৰ কাৰণ হিচাবে বিবেচনা কৰিছিল।

ইছলাম গ্রহণ (২য় জীৱন) :

হজৰত ওমৰ ৰাঃ ৬১৬ চনত ইছলাম গ্রহণ কৰে। ওমৰ ৰাঃ ৰ ইছলাম গ্রহণৰ দুটি বৰ্ণনা পোৱা যায়। এটি হল ইবনে চাদ, ইবনে হিশ্বাম, দাৰকুতনী আৰু ইবনে আচীৰৰ বর্ননাত।

এই বৰ্ণনা মতে ওমৰ ৰাঃ এ ইছলাম ধৰ্মৰ নবী মুহাম্মদক হত্যাৰ উদ্দেশ্যে বাহিৰ হৈছিল। বাটত তেওঁৰ বন্ধু নাইম বিন আব্দুল্লাৰ লগত দেখা হয়। নাইমে গোপনে মুছলিম হৈছিল কিন্তু ওমৰে সেয়া গম পোৱা নাছিল। ওমৰে তেওঁক কয় যে তেওঁ মুহাম্মদক হত্যাৰ উদ্দেশ্যে গৈ আছে। লগে লগে নাইমৰ মুখৰ পৰা ওমৰে তেওঁৰ ভনী আৰু ভনীজোৱাইৰ ইছলাম গ্রহণৰ বিষয়ে জানিব পাৰিলে। এই সংবাদত ৰাগান্বিত হৈ তেওঁৰ ভনীয়েকৰ ঘৰৰ ফালে যাত্রা কৰিলে। ঘৰৰ কাষত গৈ বাহিৰৰ পৰা তেওঁ কুৰআন তিলাৱাতৰ শব্দ শুনিব পাৰিলে । সেইসময়ত খাব্বাব ইবনে আৰাত ৰাঃ এ তেওঁলোকক পৱিত্ৰ ক্বুৰআনৰ ছুৰা ত্বাহাৰ বিষয়ে পাঠ দি আছিল। ওমৰে ঘৰত প্রৱেশ কৰাত সিহঁতৰ পাঠ কৰি থকা পাণ্ডুলিপিটো (ক্বুৰআনৰ) লুকাই থলে । কিন্তু ওমৰে সিহঁতক বাৰম্বাৰ প্ৰশ্ন কৰি যেতিয়া উত্তৰ নাপালে তেতিয়া সিহঁতক মাৰপিট আৰম্ভ কৰিলে।

অৱশেষত ভনীয়েকৰ বক্তব্যত তেওঁৰ মনটো অলপ পৰিবর্তন হ’ল আৰু তেওঁ স্নেহপূর্ণভাবে পাণ্ডুলিপিটি চাব বিচাৰিলে। কিন্তু তেওঁৰ ভনীয়েকে তেওঁক অপৱিত্ৰ মানুহে চুব নোৱাৰে বুলি, গা ধুই আহিব কলে। হজৰত ওমৰে গা ধুই কৰি পৱিত্ৰ হৈ ছুৰা ত্বাহাৰ আয়াতবোৰ পাঠ কৰিলে। আৰবী ভাষাত হোৱা হেতুকে পাঠ কৰা অৱস্থাতেই তেওঁৰ মন কোমল হৈ আহে আৰু লাহে লাহে ইছলামৰ ফালে ধাবিত হৈ যায়। ইয়াৰ পিছত তেওঁ নবী মুহাম্মদ ছাঃৰ ওচৰত গৈ ইছলাম গ্রহণ কৰিলে। তেতিয়া তেওঁৰ বয়স আছিল ৩৯ বছৰ।
মুক্ত তৰোৱাল লৈ মুহাম্মদ ছাঃক হত্যা কৰিবলৈ ওলাই যোৱা ওমৰ কাষত গৈ মুহাম্মদৰ আনুগত্য স্বীকাৰ কৰি ইছলাম গ্ৰহণ কৰিলে।

এতিয়া ওমৰ হৈ গল হজৰত ওমৰ ৰাঃ।
ইছলাম গ্রহণৰ পিছত হজৰত ওমৰ ৰাঃ এ, নিজৰ ইছলাম গ্রহণৰ খবৰ মুছলিমসকলৰ কট্টৰ শত্ৰু আবু জাহিলক জনায়। ওমৰ ৰাঃ ৰ ইছলাম গ্রহণৰ পিছত প্রকাশ্যে কাবাৰ সন্মূখত নামাজ আদায় কৰাৰ বাধাৰ আতৰ হৈছিল। তেওঁ ইছলাম গ্রহণৰ পিছত মুছলমানসকলে গোপনীয়তা পৰিহাৰ কৰি প্রকাশ্যে ইজনে সিজনৰ লগত বাহিৰলৈ ওলাই গৈ কাবা প্রাঙ্গণত উপস্থিত হয় আৰু ইবাদত কৰিব লয়। তেওঁৰ লগত হামজা ইবনে আব্দুল মুত্তালিব এই দলৰ নেতৃত্বত আছিল।

আৰু এনেকৈ সিদিনাই মুহাম্মদৰ ছাঃ এ তেওঁক “ফাৰুক” উপাধি প্ৰদান কৰিছিল ।

ঘটনা- ২ :

কিন্তু আহমদ ইবনে হাম্বল আৰু ইবনে হিশ্বামৰ বৰ্ণনাত ওমৰ ৰাঃ ৰ ইছলাম গ্রহণৰ আন এটি ঘটনা উল্লেখ কৰা হৈছে।

সেই মতে এদিন ৰাতি ওমৰ ৰাঃ নবী মুহাম্মদ ছাঃ ক কাবাৰ প্রাঙ্গণত নামাজৰত অৱস্থাত অনুসৰণ কৰিছিল, তেতিয়া তেওঁ মুখত কুৰআনৰ বাণী শুনি তেওঁৰ ভাব হল, এই বাণীবোৰ নিশ্চয় মানৱৰচিত নহয়, ঈশ্বৰ ৰচিত বাণী(উল্লেখযোগ্য যে তেওঁ এজন আৰবী সাহিত্যিক আছিল) । তেতিয়া তেওঁ মুহাম্মাদ ছাঃ ৰ কাষত গৈ জনাইছিল যে ইছলাম তেওঁৰ অন্তৰত প্রৱেশ কৰিছে ।

বুখাৰীৰ এটি বৰ্ণনা মতে ইছলাম গ্রহণৰ পূর্বে ওমৰ ইবনে খাত্তাব ৰাঃ এ তেওঁৰ ভনী ফাতিমা আৰু ভনীজোৱাই চাঈদক ইছলাম গ্রহণৰ কাৰণে ৰচীৰে বান্ধি মাৰধৰ কৰিছিল। কিন্তু ইছলাম গ্রহণৰ পিছত তেওঁ ভীত অৱস্থাত, প্ৰথমাৱস্থাত মানুহৰ চকুৰ পৰা আঁতৰি আছিল। আৰু স্থানীয় জণগণে তেওঁ ধর্মান্তৰিত হোৱা জানিব পাই তেওঁক মাৰিব আহিলে আল-আচ ইবনে ৱাইলে তেওঁক ৰক্ষণাবেক্ষণ দিছিল।

কিন্তু সকলো বৰ্ণনাকাৰী এই সন্দৰ্ভত একমত, যে ওমৰ ৰাঃ ৰ ইছলাম গ্রহণে মুছলমানৰ মনোবল যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে । চহীহ বুখাৰীৰ বৰ্ণনা মতে আবদুল্লাহ ইবনে মাচউদ (ৰাঃ) এই প্রসঙ্গে কৈছে,
“যেতিয়া ওমৰ (ৰাঃ) ইছলাম গ্ৰহণ কৰে তেতিয়াৰ পৰা আমি সমান্তৰাল ভাৱে শক্তিশালী হৈছিলাে আৰু মূৰ দাঙি, সসন্মান বসবাস কৰিব পাৰিছিলাে।”

মদিনাহ লৈ হিজৰত :

মক্কাত অতি নির্যাতনৰ কাৰণে আৰু মদিনা (তৎকালীন য়াছ্বৰিব) ৰ পৰা নিৰাপত্তাৰ নিশ্চয়তাৰ সুসংবাদ পাই মুছলিম সকল মদিনাহলৈ যাত্ৰা কৰে। অধিকাংশই শত্ৰুৰ হাতত ধৰা পৰাৰ ভয়ত ৰাতি ৰাতি হিজৰত কৰিছিল । কিন্তু ওমৰ ৰাঃ দিনৰ ভাগতে (বিশজন চাহাবীসহ) প্রকাশ্যে হিজৰত কৰে।

যাত্ৰাৰ পূৰ্বে তেওঁ শত্ৰুসকলক লক্ষ্য কৰি কৈছিল, ‘কোন আছা নিজৰ স্ত্রীক বিধবা কৰিবলৈ? কোন আছা নিজৰ সন্তানক এতীম কৰিবলৈ? আহা! মোৰ লগত যুদ্ধ কৰা।’ তেতিয়া তেওৰ লগত চাঈদ ইবনে যাঈদ ৰাঃ আছিল ।

মদিনাহৰ জীৱন :

মুহাম্মদ ছাঃ মদিনালৈ হিজৰত কৰাৰ পিছত তেওঁ মুহাজিৰ আৰু আনছ্বাৰসকলৰ মাজত ভ্রাতৃত্বৰ বন্ধন গঠন কৰি দিয়ে। হজৰত ওমৰ ৰাঃ ৰ লগত ভ্রাতৃত্বৰ বন্ধনত আবদ্ধ হৈছিল বনু ছালিম গোত্ৰৰ নেতা উতবান ইবনে মালিক ৰাঃ। পৰৱর্তী সময়ত তেওঁ ওমৰ ৰাঃ খলিফা হোৱাৰ পিছত হিচাপক্ষণৰ প্রধান পৰিদর্শক হিচাপে দায়িত্ব পালন কৰিছিল ।

ইয়াৰ পিছত আৰম্ভ হৈছিল এক অবিৰত স্মৰণীয় যাত্ৰা। বিশ্বব্যাপী ইছলাম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক মূল ভূমিকা পালন কৰি গৈছে হজৰত ওমৰ ৰাঃ এ। সকলোবোৰ ইয়াত আলোচনা কৰাটো সম্ভৱ নহয়। তলত নবী ছাঃৰ পৰ্দা কৰালৈকে আৰু খলিফা নোহোৱা লৈকে কিছুমান উল্লেখনীয় কৰ্মৰাজীৰ পিনে ইঙ্গিত কৰা হ’ল :

▪️৬২৪ খৃষ্টাব্দত ওমৰ ৰাঃ বদৰৰ যুদ্ধত অংশগ্রহণ কৰিছিল ।

▪️৬২৫ চনত তেওঁ উহুদৰ যুদ্ধতো অংশ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ বনু নাদিৰ গোত্রৰ বিৰুদ্ধে এটি অভিযানতো অংশগ্ৰহণ কৰিছিল ।

▪️৬২৫ চনত মুহাম্মদ ছাঃ ৰ লগত ওমৰ ৰাঃ ৰ কন্যা হাফচাহ ৰাঃ বিবাহ সম্পন্ন হয় ।

▪️৬২৭ খৃষ্টাব্দত তেওঁ খন্দকৰ যুদ্ধ আৰু তাৰ পৰৱৰ্তী বনু কুৰাইজাহ গোত্রৰ বিৰুদ্ধে অভিযানত অংশ গ্ৰহণ কৰে।

▪️ ৬২৮ খৃষ্টাব্দত তেওঁ হুদাইবিয়াৰ সন্ধিত অংশ গ্ৰহণ কৰি সাক্ষী হিচাপে তাত স্বাক্ষৰ কৰিছিল।

▪️৬২৮ চনত ওমৰ ৰাঃ এ খইবৰৰ যুদ্ধত অংশ গ্ৰহণ কৰিছিল ।

▪️৬৩০ চনত মক্কাহ বিজয়ৰ সময়ত, সেই বিজয় যাত্ৰাত ওমৰ ৰাঃ অংশ গ্ৰহণ কৰিছিল।

▪️পৰৱৰ্তী হুনাইনৰ যুদ্ধত আৰু তাইফ অৱৰোধ কাৰ্য্যত তেওঁ অংশ গ্ৰহণ কৰিছিল।

▪️তাবুকৰ যুদ্ধত সাহায্য হিচাপে তেওঁ নিজৰ সমস্ত সম্পত্তিৰ অর্ধেক দান কৰি দিছিল।

▪️নবী ছাঃ ৰ লগত বিদায় হজ্জতো তেওঁ অংশ গ্ৰহণ কৰিছিল।

কলম – এম ইউছুফ কাছিমী ।

আগলৈ…….

◼️ পৰৱৰ্তী এপিচডসমূহ :

▪️এপিচড-২ : হজৰত ওমৰ ৰাঃ ৰ ফজীলত।
▪️এপিচড-৩ : খলিফা (শাসক) হিচাপে ওমৰ-


পৰ্ব-১ : সংস্কাৰ আৰু সম্প্ৰসাৰণ-
• শৈক্ষিক বিকাশ আৰু সংস্কাৰ।
• সামৰিক বিকাশ আৰু সম্প্ৰসাৰণ।
• ৰাজনৈতিক আৰু অসামৰিক সংস্কাৰ।
পৰ্ব-২ : কল্যাণমূলক কাৰ্যসূচী –
• কল্যাণ ৰাষ্ট্ৰ।
• মুক্ত বাণিজ্য।

▪️এপিচড -৪ : জেৰুজালেম /পেলেষ্টাইন যাত্ৰা আৰু বাইতুল মাক্বদিচৰ বিজয়।

▪️এপিচড-৫ : বিজ্ঞ ব্যক্তিসকলৰ দৃষ্টিত হজৰত ওমৰ –
ক) পাশ্চাত্য দৃষ্টিভঙ্গি।
খ) অইন ব্যক্তিসকলৰ দৃষ্টিভঙ্গি।

▪️এপিচড -৬ : চিৰস্মৰণীয় কিছু ঘটনা –
• প্লেগ মহামাৰী।
• মুক্ত বানিজ্য।
• দুৰ্ভিক্ষ।

▪️এপিচড-৭ : হজৰত ওমৰ ৰাঃ ৰ হত্যাকাণ্ড (স্বহীদকাণ্ড )।

✒️ কলম: ইচৰাৰ ‘কলম’ গোট। সম্পাদনাত: মুৰতাজা ইউছুফ।