হজৰত ওমৰ ৰাঃ ৰ অমৰ জীৱনী- এপিচড-২ : ফজীলত আৰু ব্যক্তিত্ব

Share :

হজৰত ওমৰ ৰাঃ ৰ অমৰ জীৱনী –

এপিচড-২ :
হজৰত ওমৰ ৰাঃ ৰ ফজীলত আৰু ব্যক্তিত্ব:

শাৰীৰিক গঠন –

ওমৰ ইবনে খাত্তাব ৰাঃ শাৰীৰিকভাৱে ৰঙা-বগা আছিল আৰু কোৱা হৈছিল যে ৰমদা (মদিনাৰ দুৰ্ভিক্ষৰ বিশেষ বছৰ) বছৰত তেওঁ বাদামী হৈ পৰিছিল। ধুনীয়া মুখমণ্ডল, মজবুত মূৰৰ গৰাকী আছিল। চেহেৰাত দীঘল দাড়ি আছিল, যাৰ আগফালে পাতল আছিল, আৰু ইয়াক জেতুকাৰে ৰং কৰিছিল।তেওঁৰ গোঁফ দীঘল আছিল। আল্লাহৰ প্ৰতি থকা তীব্ৰ ভয়ৰ বাবে তেওঁৰ মুখত দুটা ক’লা ৰেখা আছিল।

আল-তাবাৰানীয়ে বর্ণনা কৰিছে, তেওঁ কৈছিল: আব্দুল্লাহ বিন আহমেদ বিন হান্বালে আমাক কৈছে, মোৰ দেউতাই আমাক কৈছিল, তেওঁক ইছাক বিন ইছা তিবায়ে কৈছে –

‘ মই মালিক বিন আনাছক প্ৰচুৰ গোঁফ থকা দেখিছিলো, গতিকে মই তেওঁক সেই বিষয়ে সুধিলোঁ, তেওঁ জাইদ বিন আছলামৰ কথা ক’লে যে, তেওঁ আমিৰ বিন আব্দুল্লাহ বিন আল-জুবাইৰৰ পৰা শুনি কৈছে, যে –

“ওমৰ ইবনে আল-খাত্তাব আছিল যেতিয়া খং কৰিছিল, তেওঁ গোঁফ মেৰিয়াই উৰুৱাইছিল।”
(তাবৰাণী- খণ্ড১/৬৫ পৃষ্ঠা)

হজৰত ওমৰ ৰাঃ ওখ আৰু স্বাস্থ্যবান আছিল।ঘোঁৰাত উঠিলে তেওঁৰ ভৰি দুখন মাটিলৈকে গৈছিল, যেনিবা থিয় হৈ আছে। আৰু বেগাই খোজ দিছিল।

গুণগত আৰু চাৰিত্ৰিক বৈশিষ্ট্য-

ইছলামৰ দ্বিতীয় খলিফা আমিৰুল মুমিনীন হজৰত উমৰ (ৰা:) ৰ অসংখ্য ফযিলত আছে। তেখেতৰ মহান ব্যক্তি আৰু জীৱনী আলোচনা কৰি বিখ্যাত ইছলামী পণ্ডিত মওঃ মুনাজিৰ হুছেইন গীলানিয়ে ৪০০ ৰো অধিক পৃষ্ঠাত এখনি কিতাপ ৰচনা কৰিছে।

তলত হজৰত ওমৰ ৰাঃ ৰ কিছু উল্লেখযোগ্য ফজীলত ব্যক্তিত্ব দাঙি ধৰা হ’ল –

১। সত্যনিষ্ঠ ওমৰ –


মহান সৃষ্টিকৰ্তা আল্লাহে ওমৰ (ৰাঃ) ৰ বাক্যত সত্য প্রতিষ্ঠা কৰি দিছে।
ৰাছুলুল্লাহ ﷺ এ ওমৰ ৰাঃ ৰ ফযিলত সম্পৰ্কে কৈছে, “আল্লাহ তা‘আলাই ওমৰৰ মুখত (বাক্য) ও হৃদয়ত সত্য প্রতিষ্ঠা কৰি দিছে। (তিৰমিজী হাদীছ নং ৩৬৮২)

২। মুৱাফাতে ওমৰ (ওমৰৰ মত আল্লাহৰ মত) :

আল্লাহ তাআলাই ৬টা বিষয়ত হজৰত ওমৰ (ৰা:)ৰ প্রস্তাৱক সমর্থন জনাই পৱিত্ৰ ক্বুৰআনৰ বিভিন্ন আয়াত অৱতীৰ্ণ কৰিছে। আৰু পিছত সেই মতেই নিৰ্দেশনা জাৰি কৰা হৈছে।

(ক) বদৰৰ যুদ্ধত ৭০ জন বন্দীৰ ক্ষেত্ৰত ওমৰ (ৰাঃ) ৰ পৰামর্শ আছিল তেওঁলোকক হত্যা কৰা। পিছত তেওঁৰ পৰামৰ্শৰ সমর্থনত আল্লাহ পাকে ছুৰা আনফালৰ ৬৭-৬৯ আয়াত অৱতীৰ্ণ কৰে (আৰু সেইমতেই পদক্ষেপ গ্ৰহণ কৰা হয়)। (মুছলিম, হাদিছ নং ১৭৬৩)

(খ) মক্কা বিজয়ৰ দিনতা ৰাছুলুল্লাহ ﷺ এ যেতিয়া মাকামে ইব্ৰাহীমৰ ওচৰত থিয় হ’ল, তেতিয়া ওমৰ (ৰাঃ) এ তেওঁক ক’লে, আমি মাক্বামে ইব্ৰাহীমক ছালাতৰ স্থান বনাই ল’ব নোৱাৰোঁ ?…

তেতিয়া ছুৰা বাক্বাৰাৰ ১২৫ আয়াত অৱতীৰ্ণ হয় (অৰ্থাৎ তাত নামাজ পঢ়াৰ ছুন্নত আৰম্ভ হয়) ।

(গ) এদিনাখন হজৰত ওমৰ ৰাঃ এ ৰাছুলুল্লাহ ﷺ ক ক’লে, হে আল্লাহৰ ৰাছুল! আপোনাৰ স্ত্রীসকলৰ ঘৰত ভাল-বেয়া সকলো ধৰণৰ লোক প্রৱেশ কৰে। এতেকে আপুনি যদি তেওঁলোকক পর্দা কৰাৰ নির্দেশ দিলহেতেন!

ইয়াৰ পিছতেই উম্মাহাতুল মুমিনীন সকলৰ পর্দা ফৰজ কৰি ছুৰা আহযাবৰ ৫৩ নং আয়াতটো অৱতীৰ্ণ হয় (অৰ্থাৎ মহিলাৰ বাবে হিজাব আৰু পৰ্দাৰ নিৰ্দেশ জাৰি কৰা হয়) ।

(ঘ) এবাৰ হজৰত হাফছা (ৰাঃ) ৰ ওচৰত ৰাছুলুল্লাহ ﷺ এ মৌ পান কৰাক কেন্দ্র কৰি, নবী ছাঃ ৰ স্ত্রীসকলৰ মাজত কাজিয়া হল। তেতিয়া তেও তেওঁলোকক তালাক দিয়াৰ ধমকি দিবলৈ পৰামৰ্শ প্ৰদান কৰে।

তাৰ সমর্থনত ছুৰা তাহৰীমৰ ৫ নং আয়াতটো অৱতীৰ্ণ হয়। (অৰ্থাৎ তালাক দিয়াৰ ধমকি দিয়াত সকলোৰে মতানৈক্য ইতি পৰে)

[ উৎস – ছহীহ বুখাৰী হাদীছ নং৪০২, ছহীহ মুছলিম হাদীছ নং ২৩৯৯, মিশকাত হাদীছ নং ৬০৪২]

(ঙ) ওমৰ (ৰাঃ) এ মুনাফিকসকলৰ নেতা আব্দুল্লাহ বিন উবাই ৰ জানাযা আদায় নকৰিবলৈ পৰামৰ্শ দিয়াৰ পিছতো ৰাছুল ﷺ এ আদায় কৰিছিল (ষ্পষ্ট হুকুম নথকাৰ বাবে আৰু সহানুভূতিশীল মনোভাৱৰ কথা ভাবি)।

তেতিয়া আল্লাহ পাকে হজৰত ওমৰ (ৰাঃ) ৰ সমর্থনত ছূৰা তৌবাৰ ৮৪ নং আয়াতটো অৱতীৰ্ণ কৰে আৰু মুনাফিক সকলৰ জানাযাত অংশগ্রহণতৰ ক্ষেত্ৰত স্থায়ীভাৱে নিষেধাজ্ঞা জাৰি কৰে । (ছহীহ বুখাৰী হাদীছ নং ১৩৬৬, তিৰমিজী হাদীছ নং ৩০৯৭)।

(চ) হজৰত ওমৰ (ৰাঃ) ৰ মনে মনে আশা কৰি থকা দৰে আল্লাহ তা‘আলাই মদ নিষিদ্ধৰ আয়াত অৱতীৰ্ণ কৰে ( মদ নিষিদ্ধৰ পিছত তেখেতৰ একেই ইচ্ছা আছিল বুলি প্ৰকাশ পাইছিল)। (আবুদাউদ হাদীছ নং ৩৬৭০; তিৰমিজী হাদীছ নং৫৫৪০; নাছাঈ হাদীছ- ৩০৪৯)

৩। মুহাম্মদ ছাঃ ৰ পিছত যদি নবী –
উকবা বিন আমিৰ (ৰাঃ) ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ ﷺ এ কৈছে,
“মোৰ পাছত কোনোবাই যদি নবী হ’লেহেতেন, তেন্তে ওমৰ ইবনে খাত্তাব হলহেঁতেন। (কিন্তু নবী মুহাম্মদ ছাঃ ৰ পিছত আৰু কোনো নবী আহা নাই আৰু কিয়ামতলৈকে নাহে কোনো। কিন্তু নবী ﷺ এ কেৱল ওমৰ (ৰাঃ) ৰ ফযীলত হিচাপে এনে কথা বক্তব্য কৰিছিল। [ তিৰমিজী, হাদীছ নং-৩৬৮৬, মুছনাদে আহমাদ, হাদীছ নং-১৭৪০]

৪। নবী ছাঃ ৰ পিছত অনুসৰণ –

হজৰত হুযাইফাহ (ৰাঃ) ৰ পৰা বর্ণিত, তেওঁ কৈছে, (এবাৰ) নবী ﷺ ৰ ওচৰত আমি অবস্থান কৰিছিলো। তেতিয়া তেওঁ ক’লে তোমালোকৰ মাজত মই আৰু কিমান দিন জীয়াই থাকিম সেয়া মই নাজানো। এতেকে তোমালোকে মোৰ অনুপস্থিতিত দুজন লোকক অনুসৰণ কৰিবা- এই কথা কৈ তেওঁ হজৰত আবূ বকৰ আৰু হজৰত ওমৰ (ৰাঃ)ৰ পিনে ইঙ্গিত কৰিলে। (তিৰমিজী হাদীছ নং ৩৬৬৩)

৫। চয়তানে ভয় কৰে-

ৰাছুলুল্লাহ ﷺ এ কৈছে, হে ওমৰ! তোমাক দেখি চয়তানেও ভয় পায়। (তিৰমিজী হাদীছ নং ৩৬৯০) ৰ সংক্ষিপ্ত অনুবাদ)
হজৰত ওমৰ ৰাঃ ৰ পৰা চয়তানে ভয় কৰাৰ কথা আন কেইবাটাও হাদীছত উল্লেখ আছে।

৬। নবী ছাঃ ৰ ছুন্নতত সন্দেহ –

হজৰত আলী ৰাঃ ৰ পুতেক, আবু জাফৰ ইবনে মুহাম্মদ কৈছে,
আবু বকৰ, উমৰ ফাৰুক আৰু আনছাৰৰ লগত হিংসা কৰা হ’ল, মুনাফিকৰ লক্ষণ আৰু ভণ্ডামি। গতিকে হে কছীৰ! এই দুজন ভদ্ৰলোকৰ প্ৰতি যিয়ে সন্দেহ কৰে, তেওঁ চুন্নতক সন্দেহ কৰিছে। (ছুনানে দাৰে কুতনী- খণ্ড- ৮৬ পৃঃ )

৭। ওমৰৰ দ্বাৰা ইছলাম শক্তিশালী –

ইবনে আব্বাছৰ পৰা বর্ণিত, যে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাঅছাল্লামে কৈছে: হে আল্লাহ, আবু জাহল বিন হিছাম বা ওমৰ বিন খাত্তাবৰ জড়িয়তে ইছলামক সন্মানিত কৰা। (কিছু দিনৰ ভিতৰতে হজৰত ওমৰ ইছলাম গ্রহণ কৰিছিল।)

ইয়াৰ লগে লগে মুছলমানসকল সসন্মানে শক্তিশালীভাবে জীৱন যাপন আৰম্ভ কৰিছিল।

৮। নবী ছাঃ ৰ মন্ত্ৰী –

ইবনে আব্বাছৰ পৰা বর্ণিত হৈছে যে আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “আকাশৰ লোকৰ মন্ত্রীসকল হ’ল জিব্ৰাঈল আৰু মিকাইল, আৰু পৃথিৱীৰ লোকৰ মন্ত্রীসকল হ’ল আবু বকৰ আৰু ওমৰ”।

৯। ওমৰৰ কথা কুৰআনৰ আয়াত –

হজৰত আলী ৰাঃ ৰ পৰা বৰ্ণিত, তেওঁ কৈছে – নিশ্চয় ওমৰ ফাৰুকে যেতিয়া কথা কয়, তেওঁৰ কথা নিশ্চিত কৰিবলৈ ক্বুৰআনৰ আয়াত অৱতীৰ্ণ হয়।

১০। নবী ছাঃ ওমৰ ৰাঃ ৰ লগত-

হজৰত ফজল বিন আব্বাছৰ পৰা বর্ণিত, যে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি
ৱাঅছাল্লামে কৈছে: মই ওমৰৰ লগত, আৰু ওমৰ মোৰ লগত, আৰু সত্য মোৰ পিছত ওমৰৰ লগত থাকিব।

১১। মহা জ্ঞানী ওমৰ ৰাঃ –


ছহীহ বুখাৰীত বর্ণিত হৈছে যে, “নবা ছাঃ এ কৈছে: মই সপোনত গাখীৰ খোৱা দেখিলোঁ, আৰু খাই তৃপ্ত হলোঁ, ইয়াৰ তৃপ্তিৰ পৰিপূৰ্ণতাৰ চিন মোৰ নখত দেখা পাই আছিলোঁ। তাৰ পিছত মই সেই গাখীৰ ওমৰক দিলোঁ।”

চাহাবাসকলে সুধিলে: হে আল্লাহৰ ৰাছুল! এই সপোনৰ ব্যাখ্যা কি? তেওঁ (ছাঃ) ক’লে: “জ্ঞান”।
ইয়াৰ দ্বাৰা ষ্পষ্টকৈ বুজা যায় যে হজৰত জ্ঞানৰ পৰিসৰ কিমান আছিল। যত সৃষ্টিকৰ্তা নিজে, নিজৰ নবীক সপোনৰ দ্বাৰা এই কথা বুজাই দিছে।

১২। বিজ্ঞ পণ্ডিত –


একেদৰে ইমাম বুখাৰীয়ে তেওঁৰ ছহীহ কিতাপত আন এটা হাদীছ লিপিবদ্ধ কৰিছে যে: “ছায়িদনা আবু ছাইদ আল-খুদ্ৰী ৰাঃ এ কৈছে: মই আল্লাহৰ ৰাছুল (ছঃ)ৰ কথা শুনিছিলো:
“মই (নবী ছাঃ) শুই আছিলো আৰু মই দেখিছিলো যে মানুহক মোৰ আগত অনা হৈছিল আৰু তেওঁলোকে চুটি কাপোৰ পিন্ধিছিল। কাৰোবাৰ চোলা বুকুলৈকে আৰু কোনোবাই তাৰ তলত। আৰু তাৰ পিছত ওমৰক সমুখ আনা হ’ল, তেওঁ ইমান দীঘল আৰু আহল বহল চোলা পিন্ধি আছিল, যে ই মাটিলৈ নামি পৰিছিল।
এই সপোনৰ ব্যাখ্যা কি (চাহাবসকলে সুধিছিল) ? নবী (ছঃ) এ কলে : “দ্বীন”।

ইয়াৰ দ্বাৰা নিশ্চয় জানিব পৰা গৈছে যে হজৰত দ্বীনে ইছলাম এগৰাকী মহান পণ্ডিত বিশেষজ্ঞ আছিল।

১৩। উম্মতৰ মুহাদ্দাছ (বিশেষ ব্যক্তি) –

এটি হাদীছত বৰ্ণিত আছে: “নবী ছাঃ এ কৈছে:
” তোমালোকৰ পূৰ্বৰ জাতিবোৰ (উম্মত) ত মুহাদ্দাছসকল আছিল। আৰু মোৰ উম্মতত যদি কোনো মুহাদ্দীছ আছে, তেন্তে সেইজন হল ওমৰ।”

হাদীছৰ বিখ্যাত গ্ৰন্থ ফাতেুল বাৰী ত, লেখক আল্লামা ইবনে হাজাৰ আছকালানীয়ে ‘মুহাদীছ’ শব্দৰ ব্যাখ্যা কৰি এনেদৰে লিখিছে:

“মুহাদ্দাছ হ’ল সেইজন যাৰ ওচৰত আল্লাহৰ ইলহাম হয়, উচ্চত স্থান (সৃষ্টিকৰ্তা) ৰ ফালৰ পৰা যাৰ হৃদয়ত ইলক্বা (কোনো মনোভাৱ প্ৰেৰণ) কৰা হয়। আৰু কোনো উদ্দেশ্য বা উদ্দেশ্য নোহোৱাকৈয়ে তেওঁৰ মুখত (বাক্যত) সত্য প্ৰকাশ কৰা হয়। “

১৪। জান্নাতীৰ সূৰ্য –


হজৰত আলী (ৰাঃ)-এ বর্ণনা কৰিছে যে মই নবী (ছাঃ)ৰ পৰা শুনিছিলোঁ, “ওমৰ ইবনে খত্তাব হৈছে জান্নাতবাসীৰ সূৰ্য।”

১৫। নবী ছাঃ এ দুআ বিচাৰিলে –

এবাৰ ছাইয়িদুনা ওমৰ ৰাঃ নবী ছঃ ৰ সান্নিধ্যত উপস্থিত হৈ ওমৰাহ কৰাৰ অনুমতি বিচাৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: হে মোৰ ভাই! তোমাৰ শুভ দুআত আমাক শ্বৰিক কৰিবা, আৰু পাহৰি নাযাবা।

واللہ اعلم باالصواب

আল্লাহ তাআলাই এই দিগ্বিজয় মহাবীৰ, মুছলিম জাতিৰ গর্ব, মহাপুৰুষ ওমৰ ইবনুল খাত্তাব (ৰাঃ) ক উত্তম বিনিময় দান কৰক। আৰু আমাক তেখেতৰ দৰে গঢ়াৰ তৌফিক দান কৰক। আমীন ।

কলম – মওঃ আলী আছগৰ আকন্দ ।
মুৰতাজা ইউছুফ কাছিমী ইউছুফ।
সম্পাদনা – এম ইউছুফ।