হজৰত ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : এপিচড-২ / পৰ্ব-৩

Share :

হজৰত ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : Ep-২ / পৰ্ব-৩ (শেষ)

ইমাম হোছাইন (ৰাঃ) ৰ কুফা যাত্রা :

কুফাৰ পৰা মুছলিম ইবনে আকিল (ৰাঃ) ৰ প্রেৰিত চিঠিৰ দ্বাৰা খবৰ দিয়া মতে অনুকূল পৰিবেশ বিৰাজ কৰা বাবে হজৰত হুছাইন (ৰাঃ) এ কুফা নগৰলৈ যাবলৈ দৃঢ় সিদ্ধান্ত গ্রহণ কৰিছিল। মক্কাবাসীয়ে অৱশ্যই কুফালৈ যাত্ৰা কৰাটো মনে-প্রাণে কামনা কৰা নাছিল। কিয়নো কুফাবাসী সকলৰ বিশ্বাসঘাতকতা আৰু অকৃতজ্ঞতাৰ কথা তেওঁলোকে ভালদৰেই জানিছিল। হজৰত আলী তথা হাছান (ৰাঃ)ৰ সৈতে তেওঁলোকে কি আচৰণ কৰিছিল এয়া তেওঁলোকে অৱলোকন কৰিছিল। সেই বাবেই হজৰত হুছাইন (ৰাঃ) ক তেওঁলোকে সেই ঠাইখনত যাবলৈ বাধা প্ৰদান কৰিছিল। এই বাধাপ্ৰদাকাৰী চাহাবীৰ মাজত উল্লেখযোগ্য আছিল-
উমৰ বিন আব্দুৰ ৰহমান মাখজুমী,
আবদুল্লাহ ইবনে আব্বাছ,
আবদুল্লাহ ইবনে জুবাইৰ,
আবু বকৰ ইবনে হাৰিছ,

লগতে অনেকেই সম্যক ভূমিকা পালন কৰিছিল।

অৱশেষত সকলোকে পৰাস্ত কৰি হজৰত হুছাইন (ৰাঃ) এ নিজৰ সিদ্ধান্তত অটল থাকি ৬০ হিজৰীৰ জিলহজ্জ মাহত আহলে বাইত (নবী ছাঃ ৰ পৰিয়ালবৰ্গ) ৰ সদস্য আৰু ভক্ত সকলক লগত লৈ মক্কা মুকাৰ্ৰমাৰ পৰা কুফা অভিমুখে ৰাৱানা হয়।

বাটত অনেকৰ লগত সাক্ষাৎ হোৱাত তাতো সকলোৱে কম-বেছি পৰিমাণে বাঁধা প্রদান কৰিছিল, কিন্তু যাত্ৰা অব্যাহত আছিল।

কাফিলা বোৰ (যাত্ৰীদল ) আগুৱাই গৈছিল, কিন্তু কুফা চহৰৰ পৰিস্থিতি সম্পর্কে মুঠেই অবিহিত নাছিল। যেতিয়া তেওঁলোক ‘মালুমে ছা’লাবিয়া’ নামক স্থানত উপস্থিত হ’ল, তেতিয়াই তেওঁ মুছলিম ইবনে আকিল আৰু হানী ইবনে উৰয়াহ’ ৰ শ্বাহাদাতৰ সংবাদ পালে। ‘মাকামে জবল’ ত ইমাম হুছাইন (ৰাঃ) এ অত্যন্ত মনোকষ্ট লৈ সঙ্গী সকলক ক’লে,

‘আমাৰ ওচৰত মুছলিম ইবনে আকীল, হানী ইবনে উৰয়াহ, আবদুল্লাহ ইবনে বৰকতসহ অনেকেই শাহাদতৰ সংবাদ আহি পাইছে। ইয়াৰোপৰি আমাৰ হিতাকাংখী সকল আমাৰ পক্ষ ত্যাগ দিছে। গতিকে এতিয়া যাৰ ইচ্ছা, ইচ্ছামতে আনন্দ মনেৰে ইয়াৰ পৰা (কুফা চহৰলৈ নগৈ) উভতি যাব পাৰে। এই ক্ষেত্ৰতো আমাৰ ফালৰ পৰা কোনো অভিযোগ নাই।’

তেখেতৰ এই বক্তব্য শুনি মদীনাৰ পৰা যিসকলে সঙ্গী হৈছিল তেওঁলোকৰ বাহিৰে প্রায় সকলোৱেই সঙ্গ ত্যাগ কৰি মক্কালৈ উভতি গল।

৬১ হিজৰীৰ মহৰম মাহৰ প্ৰথম তাৰিখে হুৰ বিন ইয়াজিদ এক হাজাৰ সৈন্য লৈ কোহেজি হিশম উপত্যকাত ইমাম হুছাইন (ৰাঃ) ৰ তম্বুৰ (শিবিৰ) ওচৰত আগমন কৰিল। তেওঁলোকে জহুৰ আৰু আছৰৰ নামাজ হজৰত ইমাম হুছাইন (ৰাঃ)ৰ ইমামতিত সম্পন্ন কৰিলে। নামাজৰ পিছত হুৰে ক’লে, ‘মই ইবনে জিয়াদৰ নিৰ্দেশত আপোনালোকৰ কাফিলাক অনুসৰণ কৰিবলৈ অতিষ্ঠ হৈ পৰিছোঁ।’

◼️ কাৰবালাৰ ময়দানত ইমাম হুছাইন (ৰাঃ)-ৰ ভূমিকা :

উভয় পক্ষৰ কাফিলা ‘নীনুয়া’ নামক স্থান পাৰ হৈ ইবনে জিয়াদৰ নির্দেশমৰ্মে এখন বিশাল ময়দানত হুৰ বাহিনীক বাঁধা দি হজৰত হোছাইন (ৰাঃ)-ক সুধিলে, ‘এই স্থানটিৰ নাম কি?’ লোক সকলে ক’লে, ‘কাৰবালা।’ তেখেতে তাত অৱতৰণ কৰিয়েই ক’লে, ‘ইয়াতেই আমাৰ উট বহাৰ স্থান, ইয়াতেই আমাৰ আচবাবপত্র অৱতৰণৰ স্থান আৰু ইয়াতেই আমাৰ শাহাদতৰ স্থল।’ সেয়েহে তেখেতে ৬১ হিজৰী মহৰমৰ দ্বিতীয় তাৰিখ বৃহস্পতিবাৰে কাফিলাক সেই ঠাইডোখৰত তম্বু স্থাপন কৰিবলৈ ক’লে। (ৰওদ্বাতুশ শোহাদা, ১৬৩ পৃঃ)।

কাৰবালা ময়দানত হজৰত হোছাইন (ৰাঃ)ৰ তম্বুৰ সন্মুখত ‘হুৰ’ এ তম্বু গঢ়িছিল। যদিও হুৰৰ মনত আহলে বাইতৰ প্রতি অত্যন্ত মৰম উপজিল। কিন্তু ইবনে জিয়াদৰ নির্দেশত তেখেতে নিৰুপায় হৈ পৰিছিল। ইতিমধ্যে ইবনে ছা’দৰ নেতৃত্বত মহৰমৰ তৃতীয় তাৰিখে হজৰত হোছাইন (ৰাঃ)-ৰ বিৰুদ্ধে চাৰি হাজাৰ সৈন্য তাত উপস্থিত হৈছিল।

ইমাম হোছাইন (ৰাঃ)-য়ে ইবনে ছাদৰ ওচৰত প্রস্তাৱ পঠিয়ালে, ‘আজি ৰাতি তোমাৰ লগত কথা ক’ব বিচাৰো।’ ইবনে ছা’দৰ সম্মতিত উভয় পক্ষৰ পৰা ২০ জন আৰোহী একত্রিত হ’ল। আলোচনা এক পর্যায়ত ইমাম হোছাইন (ৰাঃ)-য়ে তিনিটা প্রস্তাৱ পেচ কৰিলে

১। মই য’ৰ পৰা আহিছো তাত যাবলৈ দিয়া।

২। মোক কোনো এখন সীমান্তত লৈ যোৱা য’ত বসবাস কৰিব পাৰো।

৩। আমাক ইয়াজিদৰ ওচৰত লৈ যোৱা, তেখেতৰ সৈতে আলোচনা কৰি সমাধান কৰিম, যেনেদৰে হজৰত হাছান (ৰাঃ) এ হজৰত আমীৰে মুয়াবিয়া (ৰাঃ) ৰ সৈতে কৰিছিল।’

হজৰত ইমাম হুছে্ইন ৰাঃ

ইবনে ছা’দে পৰামর্শবোৰ উত্তম বুলি ভাৱি এই বিষয়ত ইবনে জিয়াদক পত্র লিখি কথাখিনি জনালে। ইবনে জিয়াদে যেতিয়া এই চিঠিখন পঢ়িছিল, তেতিয়া তেওঁ অতিশয় আপ্লুত হৈ কৈছিল: “এই চিঠিখন এনে এজন ব্যক্তিৰ পৰা আহিছে যিয়ে আমিৰক মানি চলিব বিচাৰে আৰু লগতে তেওঁৰ লোকসকলৰ মংগলৰ কামনা কৰে, গতিকে আমি এই চিঠিখন লিখিছো।” গ্ৰহণ কৰা হৈছে। “
কিন্তু ইবনে জিয়াদৰ এফালে বহি থকা শ্বিমৰ ইবনে জিল-জাওছানে ক’লে: “আপুনি ইমাম হুছেইন (ৰাঃ)ক বিৰতি দিব বিচাৰেনে যাতে তেওঁ শক্তি লাভ কৰি আকৌ আপোনাৰ লগত যুঁজিবলৈ ওলাই আহিব পাৰে? মনত ৰখা! আজি যদি সিহঁত তোমাৰ হাতৰ পৰা ওলাই যায়, তেন্তে তুমি আৰু কেতিয়াও সিহঁতক নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা।এই চিঠিখনত আমৰ বিন ছাদৰ ষড়যন্ত্ৰ মই জানো, কাৰণ ৰাতি সিহঁতে ইজনে সিজনৰ লগত কি কথা পাতে মই শুনিছো।’ ‘

ছামাৰৰ মতামত মানি লৈ ইবনে জিয়াদে উমৰ আৰু ইবনে ছা’দলৈ একে বিষয়ত এখন চিঠি লিখি ছামাৰলৈ প্ৰেৰণ কৰি নিৰ্দেশ দিলে যে যদি আমৰ ইবনে ছা’দে মোৰ এই আদেশ তৎক্ষণাত মানি নচলে তেন্তে তেওঁক হত্যা কৰি তেওঁৰ ঠাইত সৈন্যবাহিনীৰ সেনাপতি হওক!

ইবনে জিয়াদৰ চিঠিখন লৈ যেতিয়া শ্বিমৰ ইবনে জিল-জাওছান, আমৰ বিন ছাদৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ বুজি পালে যে চামৰৰ পৰামৰ্শৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মোৰ পৰামৰ্শ নাকচ কৰা হৈছে, গতিকে আমৰে শ্বিমৰক ক’লে: আপুনি এক ডাঙৰ অন্যায় কৰিলে। মুছলমানসকলে একমত হৈছিল আৰু ইয়াক শেষ কৰি আপুনি হত্যা আৰু যুদ্ধৰ বজাৰখন গৰম কৰি পেলাইছে।” অৱশেষত এই বাৰ্তা ইমাম হুছেইন (ৰাঃ)ৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ল, গতিকে তেওঁ ইয়াক স্পষ্টভাৱে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি ক’লে। আৰু তেওঁ ক’লে: “এই অপমানতকৈ মৃত্যুৱেই ভাল।”

ইয়াৰ পিছত ইবনে জিয়াদ নিষ্ঠুৰতাৰ চৰম সীমালৈ গৈ দ্বিতীয় পত্রৰ মাধ্যমত ইমাম হোছাইন (ৰাঃ) ৰ যাত্ৰীদলৰ বাবে ফোৰাতৰ পানী বন্ধ কৰাৰ নির্দেশ প্রদান কৰে। পত্র পাই ইবনে ছা’দ অত্যন্ত মর্মাহত হৈ পানীৰ ৰাস্তা বন্ধ কৰি নিজেই হুছাইনী কাফিলাত হামলাৰ নীতিগত সিদ্ধান্ত ল’লে। এয়া আছিল ৯ মহৰম বৃহস্পতিবাৰ সন্ধিয়াৰ সময়।

হজৰত হুছাইন (ৰাঃ) এ তেতিয়া সঙ্গী সকলক উদ্দেশ্য কৰি ক’লে,
‘তোমালোক আটাইতকৈ উত্তম সংগী তথা উত্তম পৰিয়াল। শত্রু বাহিনী কেৱল মোকহে হত্যা কৰিব বিচাৰে, মোৰ বাবে তোমালোকে স্বহীদ হ’বানে? মই কিন্তু এয়া নিবিচাৰো।’

তেতিয়া সঙ্গী সকলৰ ভিতৰত এজন এজনকৈ সকলোৱেই থিয় হৈ কলে,
‘আমি আপোনাৰ শ্বাহাদতৰ পিছত কেৱল জীৱিত থকাৰ বাবেই গুচি যামনে? আমি হাজাৰ বাৰ শ্বহীদ হৈ হাজাৰ বাৰ জীৱিত হৈ হাজাৰ বাৰ শহীদ হ’লেও আপোনাক এৰি কেতিয়াও গুচি নাযাওঁ।’

আৰু এনেদৰে ১০ মহৰম ৬১ হিজৰী শুক্ৰবাৰ (৯/১০ অক্টোবৰ ৬৮০ খৃষ্টাব্দ) অবুজ নিষ্পাপ শিশুসহ, স-পৰিয়াল তথা আহলে বাইত প্ৰেমীসহ মাত্র ৮২ জন লোক কাফেলাৰ বাবে ইয়াজিদ বাহিনীয়ে ২২ হাজাৰ সৈন্য মোতায়েন কৰে। ই যেন এক অসীম যুদ্ধ।

আমৰ ইবনে ছা’দ আক্রমণৰ বাবে অগ্রসৰ হৈ হুৰক ক’লে, সচাকৈয়ে হুছেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবনে? অৱশ্যে হুৰ ইবনে ইয়াজিদ সৌভাগ্রক্রমে যুদ্ধ আৰম্ভণীৰ প্রাক কালত হুছাইন (ৰাঃ)ৰ ওচৰত আহি তৌবা কৰে।

ইবনে ছা’দে যুদ্ধ আৰম্ভ কৰাত হুৰসহ আহলে বাইতৰ এজন এজনকৈ সকলোৱে প্রাণপণে যুদ্ধ কৰি শ্বাহাদতৰ অমীয় সুধা পান কৰে।

ইমাম হুছেইন (ৰাঃ) আৰু সাধাৰণ পৰিয়ালটোক হত্যা কৰাৰ পিছত এই নিষ্ঠুৰ আৰু দুৰ্ভগীয়া লোকসকলে তেওঁৰ সৰু পুত্ৰ আলী আছগৰৰ ফালে কৰিলে, শ্বিমৰেও তেওঁক হত্যা কৰিব বিচাৰিছিল, কিন্তু হামীদ বিন মুছলিমে ক’লে: চুবহান আল্লাহ! আপুনি শিশুটিক অসুস্থ হোৱা সত্বেও হত্যা কৰিব বিচাৰে নেকি? অৱশেষত শ্বিমৰ গুচি গ’ল। আমৰ বিন ছাদ আগবাঢ়ি গৈ ক’লে: “এই মহিলাসকলৰ তম্বুৰ ওচৰলৈ কোনেও নাযাব আৰু এই ৰোগীয়া শিশুটিৰ ওচৰলৈ কোনেও নাযাব!” (কাৰবালাৰ শ্বহীদ: পৃষ্ঠা ৯০)

পৰিশেষত হজৰত ইমাম হুছাইন (ৰাঃ) ৰ যুদ্ধৰ পোছাক পৰিধান কৰি ‘জুলফিকাৰ’ তলোৱাৰ হাতত লৈ যুদ্ধৰ ময়দানত অৱতৰণ কৰে আৰু বহু ইয়াজিদী সৈন্যক ধৰাশায়ী কৰি তেওঁলোকক ছত্রভঙ্গ কৰে।

তেতিয়া উপায়হীন হৈ ইয়াজিদী বাহিনীয়ে ইবনে ছা’দৰ পৰামর্শ মৰ্মে দলবদ্ধভাৱে আক্রমণ কৰিলে। আৰু ৩৩ টা তীৰ, ৩৪ টা তৰোৱালৰ আঘাত সহ্য কৰি হজৰত ইমাম হুছাইন (ৰাঃ) অ ছিজদাত পৰি শ্বাহাদতৰ পিয়লাত চুমা খাই মহান আল্লাহৰ সানিধ্যলৈ গুচি যায়। (তাজকিৰাতে ছিবতে ইবনে জু’যী)।

ইন্নালিল্লাহি ৱাইন্না ইলাইহি ৰাজিঊন ।

মালউন শ্বিমৰে হুছাইন (ৰাঃ) ৰ পৱিত্ৰ মূৰ তেওঁৰ দেহাৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰিও ভয়তে পিছুৱাই আহে। পিছত তেখেতৰ ভাতৃ কুলাঙ্গাৰ চানান ইবনে আনাচে হুছেইন ৰাঃ ৰ পৱিত্ৰ মূৰ পবিত্র দেহাৰ পৰা পৃথক কৰি চৰম ধৃষ্টতা তথা পাষণ্ডতা প্রদর্শন কৰে।

নিহত আৰু শ্বহীদৰ সংখ্যা –


যুদ্ধৰ শেষত নিহত আৰু শ্বহীদৰ সংখ্যা গণনা কৰা হয় । ইমাম হুছেইনৰ ছাহাবীসকলৰ ভিতৰত ৭২ জন শ্বহীদ হয় আৰু আমৰ বিন চাদৰ সেনাবাহিনীৰ আঠাশীজন (৮৮) সৈন্য নিহত হয়। ইমাম হুছেইন (ৰ.আঃ) আৰু তেওঁৰ লগৰীয়াসকলক এদিন পিছত “আহল-গজ্ৰিয়া” ৰ দ্বাৰা সমাধিস্থ কৰা হয়। (তাৰিখ আল-তাবাৰী, তাৰিক ইয়াকুবি, আল-কমল ফি আল-তাৰিখ)

যেতিয়া ইতিসাহত এই কলা অধ্যায় সংযোজন হৈ আছিল, তেতিয়া ভাৰতবৰ্ষত ৬৮০ খৃষ্টাব্দত ৰজা প্ৰথম বিক্ৰমাদিত্যৰ ৰাজত্ব চলি আছিল আৰু অসমত শালস্তম্ভ বংশৰ বলবৰ্মন (তৃতীয়) নামৰ এজন ৰজাই (৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দ) ৰাজত্ব কৰি আছিল (ৰাজধানী আছিল তেজপুৰৰ ওচৰৰ হৰুপ্পেশ্বৰ আৰু আজিৰ হলেশ্বৰ)।

◼️ কাৰবালাৰ শিক্ষা :

কাৰবালাৰ ঘটনা পৃথিৱীৰ ইতিহাসত কিয়ামত লৈকে নজিৰ বিহীন হৈ থাকিব। এই ঘটনাৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নীতি শিক্ষা পোৱা যায়।

১. ইমাম হুছাইন (ৰাঃ) ৰ প্রতিশ্রুতি ৰক্ষা, অন্যায়, অসত্য, অসাম্য, জালিমৰ বিৰুদ্ধে আটাইবোৰ প্রতিকূল অৱস্থাত অটল অবিচল থকাৰ দৃষ্টান্ত দেখুৱাই বিশ্ববাসীৰ মাজত চিৰ স্মৰণীয় তথা বৰণীয় হৈ ৰ’ল।

তেখেতৰ এই মহান ত্যাগ শিক্ষাৰ পৰা আমিও সমগ্ৰ বাতিলৰ সন্মুখত মূৰ নত নকৰি সত্য আৰু ন্যায়ৰ পথৰ পৰা প্রয়োজনত নিজৰ জান কোৰবান কৰাও কুণ্ঠিত নোহোৱাৰ শিক্ষা লাভ কৰিব পাৰো।

২. কাৰবালাৰ কাণ্ডক সত্য আৰু মিছাৰ মাজৰ যুদ্ধ বুলি কোৱা হয়। কাৰণ ইয়াত
ৰাজতন্ত্ৰ বা একনায়কত্ববাদৰ বিৰুদ্ধে ইছলামী গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে যুঁজ দিয়া হৈছিল।
য’ত মুছলমানসকলৰ খলিফা বা আমিৰ সাধাৰণ জনতাৰ পৰামৰ্শ আৰু আলোচনাৰ মাধ্যমত কৰা হয়। যাৰ উত্তৰাধিকাৰৰ লগত কোনো সম্পৰ্ক নাই। লগতে যত নিজৰ ইচ্ছা বা ধনবল, বাহুবলৰ দ্বাৰা বা জাতপাতৰ নামত, বংশৰ নামত কাৰোবাৰ খলিফা, আমিৰ বা শাহসক হোৱাৰ কোনো সুযোগ নাই।

২. ইছলামৰ এইটোৱেই আছিল প্ৰথম উদ্ভাৱন যে “গণতন্ত্ৰৰ ঠাইত ৰাজতন্ত্ৰই ল’ব ধৰিছিল”।

হজৰত হুছেইন ৰাঃ এ ও নিজৰ পিতৃৰ উত্তৰাধিকাৰী হিচাপে খিলাফতৰ বাবে দাবী কৰা নাছিল। নতুবা ‘মোৰ দেউতাক খলিফা আছিল, গতিকে মোক তেওঁৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা উচিত’ বুলি কোৱা নাছিল।

কুফাবাসীয়ে ইছলামৰ নিৰপেক্ষতাবাদ আৰু ইয়াযীদৰ মনমৰ্জি মতে কাম কৰা, সীমা চেৰাই যোৱা আদিৰ বাবে বিৰক্ত হৈ, হজৰত হুছেইন ৰাঃ ক অনুৰোধ কৰাতহে কুফা চহৰলৈ ৰাৱানা হৈছিল। যত পৰৱৰ্তী সময়ত কুফাবাসীৰ বিপৰীত মত জানিবলৈ পাই নিজেই বাইআত লোৱাৰ পৰা বিৰত থাকে আৰু ওপৰত উল্লেখ কৰা দৰে কুফাৰ পৰা আতৰি যাবলৈ তিনিটা প্ৰস্তাৱ আগবঢ়ায়।

৩. “ব্যক্তিৰ বিবেকৰ স্বাধীনতা, চিন্তাৰ স্বাধীনতা আৰু মতানৈক্যৰ অধিকাৰ আজিৰ গণতান্ত্ৰিক যুগৰ এক বৈশিষ্ট্য। যাক কাঢ়ি নিব বিচৰা চৰকাৰ এখনক কেতিয়াও গণতান্ত্ৰিক চৰকাৰ বুলি ক’ব নোৱাৰি” এই শিক্ষা হজৰত ৰাঃ এ প্ৰদান কৰি গৈছে।

৪. কাৰবালা ঘটনাই আধুনিক বিশ্বক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে, যুদ্ধ আৰু হিংসাত্মক কাৰ্য্যত কেতিয়াও উদ্যোগ লোৱা উচিত নহয়।
কাৰণ হজৰত হুছেইন ৰাঃ এ শেষলৈকে যুদ্ধৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল আৰু ইয়াজিদৰ সেনাক পৰামৰ্শ দি থাকিল।

৫. এই ঘটনাই অত্যাচাৰিত আৰু মৰি মৰি জিয়াই থকা লোকৰ আত্মসন্মান জীয়াই ৰাখি জাগ্ৰত কৰিবলৈ যথেষ্ট। কাৰণ তেওঁ যুদ্ধৰ ময়দানত কৈছিল –
” চোৱা ! জীৱনক অপমান কৰা আৰু হত্যা কৰা দুয়োটা অপ্ৰীতিকৰ কাম। কিন্তু তাৰে এটা বাছি লোৱাৰ বাহিৰে যদি উপায় নাই, তেন্তে মই কওঁ যে মৃত্যুৰ দিশে এখোজ আগুৱাই যোৱাই ভাল।”

কলম- এম. ইউছুফ কাছিমী ।

সংকলক- ইচৰা-কলম। সম্পাদনা- এম ইউছুফ কাচিমী (এম.এ., এম.এম,মুফতী)