বদৰ দিৱস : বদৰৰ যুদ্ধ (১ম,২য় পৰ্ব )

Share :

#17thRamzan #NePeace

১ম পৰ্ব

ৰমজানুল মোবাৰকৰ সোতৰ তাৰিখ। সত্য মিথ্যাৰ পার্থক্য নির্দেশক গ্রন্থ আল কুৰআনুল কাৰীম নাজিলৰ মাহ ৰমজান। আৰু আজিৰ দিনটো অসাধাৰণ তাৎপর্যৰ অধিকাৰী। আজি ঐতিহাসিক বদৰ দিৱস। কেৱল ইছলামৰ ইতিহাসতেই নহয়, বিশ্ব সভ্যতাৰ ইতিহাসত এই দিনটো অনন্য অৱস্থান দখল কৰি ৰাখিছে।
হিজৰিৰ দ্বিতীয় বৰ্ষৰ সোতৰ ৰমজানত মদিনাৰ পৰা প্রায় ৭০ মাইল দূৰৈত বদৰ প্রান্তৰত সংঘটিত হৈছিল আল্লাহৰ একত্ব আৰু তেওঁৰ পঠোৱা ৰছূলুৰ প্রতি অবিশ্বাসী বিশাল সুসজ্জিত বাহিনীৰ বিপক্ষে বিশ্বাসী সৰু এটি দলৰ
প্রত্যক্ষ সশস্ত্র যুদ্ধ। যত মানুহৰ সকলো ধাৰণা নাকচ কৰি প্রায় উপকৰণহীন সৰু দলটিক জয়ী কৰে মহান ৰব্বুল আলামিনে। সত্য-মিথ্যাৰ চিৰন্তন দ্বন্দ্বৰ ইতিহাসত সংযোজিত হয় এক নতুন অধ্যায়।

থোৰতে বদৰৰ যুদ্ধ :

✔ মূল যুদ্ধ : মদিনাৰ মুছলিম আৰু মক্বাৰ কুৰাইশ্ব মাজত।

✔ তাৰিখ : ১৭ ৰমজান ২ হিজৰি / ১৩ মার্চ ৬২৪ খ্রিষ্টাব্দ।

✔ অৱস্থান : মদিনাৰ পৰা দক্ষিণ-পশ্চিমফালে ৮০ মাইল দূৰত ‘বদৰ’ উপত্যকাত।

✔ মুছলিম পক্ষৰ সেনাধিপতি :
মুহাম্মাদ ছাঃ
আবু বকৰ ৰাঃ
উমৰ ইবনুল খাত্তাব ৰাঃ
হামজা ইবনে আবদুল মুত্তালিব ৰাঃ
আলি ইবনে আবি তালিব ৰাঃ

✔ কুৰাইশ্ব পক্ষৰ সেনাধিপতি :
আবু জাহল ⱶ
উতবা ইবনে ৰাবিয়া ⱶ
উমাইয়া ইবনে খালাফ ⱶ

✔ শক্তি :
মুছলিম পক্ষৰ: ৩১৩ জন পদাতিক সেনা, ৩ টা ঘোৰা, ৭০ টা উট।
কুৰাইশ্ব পক্ষৰ: ৯৫০ জন পদাতিক, ১০০ টা ঘোৰা, ১৭০ টা উট

✔ হতাহত / ক্ষয়ক্ষতি :
মুছলিম পক্ষৰ: নিহত ১৪ (শ্বহীদ হয়)
কুৰাইশ্ব পক্ষৰ: নিহত ৭০, বন্দী ৭০
✔ ফলাফল : মুছলিমসকলৰ বিজয়

আৰম্ভণী :
বদৰৰ যুদ্ধ (আৰবি: غزوة بدر‎‎) ২ হিজৰিৰ ১৭ ৰমজান (১৩ মার্চ ৬২৪ খ্রিষ্টাব্দ) মদিনাৰ মুছলিম আৰু মক্কাৰ কুৰাইশ্বসকলৰ মাজত সংঘটিত হয়। ইছলামৰ ইতিহাসত এইখন প্রথম প্রধান যুদ্ধ।
ইয়াত জয়ৰ ফলত মুছলিমসকলৰ ক্ষমতা পূর্বৰ তুলনাত বৃদ্ধি পায়। এই যুদ্ধৰ পূর্বে ৬২৩ ৰ পৰা ৬২৪ চনৰ মাজত মুছলিম আৰু কুৰাইশ্বসকলৰ মাজত ভালে কেইখন খণ্ডযুদ্ধ হয়। বদৰ আছিল দুই বাহিনীৰ মাজত প্রথম বৃহৎ আকাৰৰ যুদ্ধ। যুদ্ধত সুসংগঠিত মুছলিমসকলে মক্কাৰ সৈনিকসকলৰ সীমা ভাঙি পেলোৱাত সক্ষম হয়। যুদ্ধত মুচলিমসকলৰ প্রধান প্রতিপক্ষ আবু জাহিল নিহত হয়।

পটভূমি :

ইছলাম প্রচাৰ আৰম্ভ কৰাৰ পিছত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) মক্কাৰ কুৰাইশ্বসকলৰ ফালৰ পৰা বহুত বিৰোধীতাৰ সম্মুখীন হয়। অৱশেষত মুছলিমলকলৰ ওপৰত নির্যাতনৰ সীমা চেৰাই যোৱাত মুছলিমসকল মদিনালৈ হিজৰত (দ্বীনৰ বাবে নিজৰ ঘৰ বাৰী ত্যাগ কৰি গুচি যোৱা) কৰে। মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) য়ে নিজেও শেষ পর্যায়ত মদিনালৈ হিজৰত কৰে। হিজৰতৰ পিছত অবতীর্ণ কুৰআনৰ আয়াতত মুছলিমসকলক অস্ত্রধাৰণৰ অনুমতি দিয়া হয়।

মদিনাত অহাৰ পিছত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)এ তিনিটা প্রধান সামৰিক পদক্ষেপ লৈছিল :
(১) মদিনাৰ গোত্রবোৰৰ সৈতে শান্তিচুক্তি স্থাপন কৰিছিল ।
(২) কুৰাইশ্ব আৰু সিহঁতৰ মিত্রসকলৰ তথ্য সংগ্রহৰ কাৰণে বিষয়া নিযুক্ত কৰিছিল ।
(৩) মদিনাৰ ওচৰৰে চিৰিয়াগামী মক্কাৰ বাণিজ্য কাফিলাত অভিযান চলাইছিল।
ইয়াৰ লগে লগে চিৰিয়াৰ পথত যাতায়াত কৰা কুৰাইশ্বসকলৰ বাণিজ্য কাফিলাবোৰৰ ওপৰত ভালেকেইটা অভিযান পৰিচালনা কৰা হৈছিল।

৬২৩ চনৰ নবেম্বৰ বা ডিচেম্বৰত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) এ চিৰিয়া অভিমুখী মক্কাৰ এটি ডাঙৰ বাণিজ্যিক কাফিলাৰ বিৰুদ্ধে এক অভিযানৰ নেতৃত্ব দিয়ে। এই কাফিলাত কুৰাইশ্বসকলৰ বহুত মূল্যবান দ্রব্যসামগ্রী আছিল। এই অভিযানত মুছলিম বাহিনীৰ সদস্য আছিল ১৫০ ৰ পৰা ২০০ জন আৰু আৰোহণৰ উট আছিল ৩০ টা। মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) এ তেওঁলোকক লৈ যুল-উশ্বাইৰাহ লৈকে অগ্রসৰ হৈছিল। কিন্তু মুছলিমসকল গৈ পোৱাৰ কেইদিনমান পূর্বেই কুৰাইশ্বসকলে সেই পথ অতিক্রম কৰি গুচি যোৱাত মুছলিমসকলে সিহঁতৰ পথৰোধ কৰিব নোৱাৰিলে। ইতিহাসত এই অভিযান গাজৱায়ে উশ্বাইৰা নামে পৰিচিত। ইবনে ইচহাকৰ মতে এই অভিযানৰ বাবে মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) এ ২ হিজৰিৰ জামাদিউল ঊলা মাহৰ শেষৰ ফালে ৰাৱানা হৈছিল আৰু জামাদিউল আখিৰ মাহৰ আৰম্ভনিতে উভতি আহিছিল।

৬২৪ চনৰ জানুৱাৰিতে (২ হিজৰিৰ ৰজব মাহ) মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)এ ১২ জন মুহাজিৰক আন এক অভিযানত পঠায়। এই বাহিনীৰ প্রতি দুইজনৰ আৰোহণৰ কাৰণে এটি উট নিৰ্ধাৰণ কৰি দিছিল।
মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)ৰ এই বাহিনীৰ নেতা ‘আবদুল্লাহ ইবনে জাহশ্ব’ক এখন চিঠি হাতত দি দুদিনৰ পথ অতিক্রম কৰাৰ পিছত চিঠিখন পঢ়িবলৈ নিৰ্দেশ দিয়ে।

নির্দেশ মতে দুদিনৰ পথ অতিক্রম কৰাৰ পিছত আবদুল্লাহ ইবনে জাহশ্বে চিঠিখন পঢ়ে। যত নির্দেশ দিয়া হৈছিল “চিঠি পঢ়াৰ পিছত যাতে তোমালোক আগবাঢ়ি গৈ মক্কা আৰু তাইফৰ মধ্যবর্তী এলেকা ‘নাখলা’ ত উপস্থিত হবা, ইয়াৰ পিছত কুৰাইশ্ব কাফিলাৰ আগমনৰ অপেক্ষা কৰি সিহঁতৰ অৱস্থা তথা অৱস্থান সম্পর্কে মদিনাত অবগত কৰিবা”।

চিঠিৰ নির্দেশ পঢ়াৰ পিছত সিহঁত অগ্রসৰ হয়। কিন্তু পথত চাদ ইবনে আবি ৱাক্কাছ আৰু উতবা ইবনে গাজৱানৰ উট হেৰাই যোৱাৰ ফলত তেওঁলোক পিছুৱাই থাকে। আৰু সময়মতে উপস্থিত হব নোৱাৰে। অৱশ্যে আবদুল্লাহ ইবনে জাহশ্বে তেওঁৰ বাহিনীক লৈ নাখলাত উপস্থিত হৈ এটি কুৰাইশ্ব কাফিলা দেখিবলৈ পায়। যত আবদুল্লাহ ইবনে মুগ্বীৰাৰ দুই পুত্ৰ, উছমান ইবনে আবদুল্লাহ, নাওফাল ইবনে আবদুল্লাহ আৰু মুগিৰাৰ মুক্তপ্রাপ্ত দাস আমৰ ইবনে হাজৰামি আৰু হাকিম ইবনে কাইচান আছিল। এই দিনটো আছিল ৰজব মাহৰ শেষ দিন। ৰজব মাহ যুদ্ধনিষিদ্ধ মাহ আছিল সেয়েহে আক্রমণ কৰা সম্ভব নাছিল। অন্যফালে মাহ শেষ হোৱাৰ সময় হোৱাত কাফিলাটো মক্কাৰ হাৰাম সীমাত প্রবেশ কৰাৰ বাবেও সিহঁতৰ ওপৰত আৰু আক্রমণ কৰা সম্ভৱ হোৱা নাছিল । কিন্তু তথাপি এনে পৰিস্থিতিত মুছলিম বাহিনীটো কাফিলা আক্রমণৰ সিদ্ধান্ত লয়। আক্রমণৰ আৰম্ভনিতেই তীৰৰ আঘাতত আমৰ ইবনে হাজৰামি নিহত হয়।

মুছলিমসকল উছমান ইবনে আবদুল্লাহ আৰু হাকিম ইবনে কাইচানক গ্রেপ্তাৰ কৰে। অৱশ্যে নওফাল ইবনে আবদুল্লাহ পলাই যোৱাত সক্ষম হয়। মুছলিম দলটো উভতি অহাৰ পিছত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)ৰজব মাহত আক্রমণ কৰাৰ বাবে বহুত ক্ষুব্ধ হয় আৰু কয় যে তেওঁ সিহঁতক হাৰাম মাহত যুদ্ধৰ অনুমতি দিয়া নাছিল। ইয়াৰ লগতে তেওঁ কাফিলাৰ পৰা অর্জিত সম্পদ আৰু বন্দীসকল গ্রহণৰ ক্ষেত্ৰতো অসম্মতি প্ৰকাশ কৰে। অইনফালে ৰজব মাহত আক্রমণৰ কাৰণে কুৰাইশ্বসকলো মুছলিমসকলক কটুক্তি কৰা আৰম্ভ কৰে। কিন্তু ইয়াৰ পিছত পৱিত্ৰ কুৰআনৰ অবতীর্ণ আয়াতত যেতিয়া “পবিত্র মাহ লঙ্ঘন কৰাতকৈ মক্কাৰ লোকসকলৰ ওপৰত অত্যাচাৰ কাৰ্য্য অধিক নিকৃষ্ট।” বুলি ঘোষণা কৰা হয়, তেতিয়া মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)এ কাফিলা আৰু বন্দীসকলক গ্রহণ কৰে। উছমান আৰু হাকিমৰ মুক্তি বিচাৰি কুৰাইশ্বসকলে বার্তা পঠিয়ায় আৰু বিনিময় হিচাবে পণ্য প্রদানৰ কথা কয়।

কিন্তু ইতিপূর্বে নিখোজ হোৱা চাদ ইবনে আবি ৱাক্কাছ আৰু উতবা ইবনে গাজৱান তেতিয়াও ঘূৰি অহা নাছিল। গতিকে কুৰাইশ্বসকলৰ হাতত তেওঁলোকৰ জীৱন বন্দীৰ আশঙ্কা থকাত তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাই। অৱশ্যে ইয়াৰ পিছত তেওঁলোক দুয়োজনেই উভতি আহে আৰু লগে লগে পণ্য গ্রহণ কৰি বন্দীসকলক মুক্তি দিয়াৰ ব্যৱস্থা কৰি দিয়া হয়। বন্দীসকলৰ মাজত হাকিম ইবনে কাইচানে ইছলাম গ্রহণ কৰি মদিনাতেই বাস কৰে। আৰু পৰবর্তী সময়ত তেওঁ ‘বিৰে মাউনা’ যুদ্ধত তেওঁ নিহত হয়। আৰু উছমান ইবনে আবদুল্লাহ মক্কালৈ গুচি যায়।

ইতিপূর্বে গাজৱায়ে উশ্বাইৰাৰ পৰা ৰক্ষা পোৱা কুৰাইশ্বৰ কাফিলাটো চিৰিয়াৰ পৰা মক্কালৈ উভতাৰ সময়ত মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)এ তথ্য সংগ্রহৰ কাৰণে তালহা ইবনে উবাইদিল্লাহ আৰু
চাইদ ইবনে জাইদক প্রেৰণ কৰে। সিহঁত হাওৰা নামক স্থানত উপস্থিত হৈ কুৰাইশ্ব কাফিলাৰ অপেক্ষা কৰে আৰু কাফিলা সেই স্থান অতিক্রমৰ লগে লগে সিহঁত মদিনালৈ গৈ ঘটনাটো অৱগত কৰে।
উক্ত কাফিলাটোত এহেজাৰ উট আৰু এই সকলো উটত ৫০,০০০ স্বর্ণমুদ্রা মূল্যৰ সামগ্ৰী সম্পত্তি আছিল। লগতে ৰক্ষণাবেক্ষণৰ বাবে কাফিলাৰ ৰক্ষী আছিল ৪০ জন।

এই কাফিলাটো আক্রমণৰ বাবে মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম)এ মদিনাবাসী মুছলিমসকলক আহ্বান জনায়। কিন্ত পৰবর্তীত সময়ত বৃহৎ আকাৰত কুৰাইশ্ব বাহিনীৰ সম্মুখীন হব লাগিব বুলি কোনো ধাৰণাও তেতিয়া নাছিল। সেয়েহে তেওঁ মদিনাৰ সকলোৰ অংশগ্রহণ অপৰিহাৰ্য্য বুলি ঘোষণা কৰা নাছিল। ফলত বহুত মুছলিম মদিনাত থাকি যায়। এই ঘোষণাৰ পিছত মুহাম্মদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) বদৰ অভিমূখে যাত্রা কৰে।

২য় পৰ্ব

যুদ্ধৰ প্ৰস্তুতি :

মোহাম্মদ (ছাঃ)-ৰ সৈতে মুছলিম বাহিনীত যোগ দিছিল,
হজৰত আবু বকৰ,
হজৰত উমৰ ইবনুল খাত্তাব,
আলি ইবনে আবি তালিব,
হামজা ইবনে আবদুল মুত্তালিব,
মুছআব ইবনে উমাইৰ,
জুবাইৰ ইবনুল আওৱাম,
আম্মাৰ ইবনে য়াছিৰ, আৰু
হজৰত আবু জাৰ আল-গিফাৰী ৰ দৰে বিজ্ঞ চাহাবীসকল।

স্ত্রীৰ অসুস্থতাৰ বাবে উচমান ইবনে আফফান (ৰাঃ)-য়ে যুদ্ধক্ষেত্ৰলৈ যাব পৰা নাছিল। হজৰত ছালমান ফাৰ্ছী সেই সময়ত অন্যৰ দাসত্বত নিমজ্জিত আছিল বাবে তেখেতেও যুদ্ধত অংশগ্ৰহন কৰিব পৰা নাছিল । এই বিশাল সেনা-বাহিনীত যোগ দিয়া সৈনিকৰ সংখ্যা আছিল মুঠ ৩১৩ জন। ইয়াৰ মাজত মুহাজিৰ আছিল ৮২ জন আৰু আনচাৰ সকলৰ মাজত আওচ গোত্রৰ আছিল ৬১জন আৰু খাজৰাজ গোত্রৰ আছিল মুঠ ১৭০ জন। মুছলমান সকলৰ সৈতে ৭০ টা উট আৰু লগতে আছিল দুটা ঘোঁৰা। ফলত তেওঁলোক খোজকঢ়া অথবা প্রতি দুই-তিনি জনৰ ব্যৱধানত এটি উট ব্যৱহাৰৰ বাদে আন কোনো উপায় নাছিল। এটা উটৰ পিঠিত ক্রমে দুই বা তিনিজন লোকে একেলগে আৰোহণ কৰিছিল। তেনে ক্ষেত্ৰত নবী ছাঃ , আলী ইবনে আবি তালিব আৰু মাৰছাদ ইবনে আব মাৰছাদৰ বাবে মাত্ৰ এটা উটৰেই ব্যৱস্থা আছিল। মোহাম্মদ (ছাঃ)-য়ে সার্বিক নেতৃত্বৰ ক্ষেত্ৰত মুছআব ইবনে উমাইৰক এখন বগা ৰঙৰ পতাকা প্রদান কৰে। মুহাজিৰ আৰু আনচাৰ সকলৰ বাবে এটিকৈ ক’লা পতাকা যথাক্রমে আলি ইবনে আবি তালিব আৰু চাদ ইবনে মুৱাজক প্রদান কৰা হৈছিল। সেনা বাহিনীৰ বাওঁফাল আৰু সোফাল অংশৰ প্রধান হিচাপে যথাক্ৰমে,
জুবাইৰ ইবনুল আওৱাম, মিকদাদ ইবনে আমৰক নিযুক্তি দিয়া হৈছিল।

মুছলিম বাহিনীত থকা বাহিনীয়ে দুটা ঘোঁৰাৰ পিঠিত বহি তেওঁলোকে আৰোহণ কৰিছিল। পিছ অংশৰ প্রধান হিচাপে হজৰত কাইছ ইবনে আবিকক নিয়োগ কৰা হৈছিল। মোহাম্মদ (ছাঃ)-য়ে সমগ্র সেনা বাহিনীৰ সেনাপ্রধান হিচাপে দায়িত্বত আছিল।

কুৰাইশ্ব কাফিলা (গোত্ৰ) :

আক্রমণৰ আশঙ্কাত কুৰাইশ্ব কাফিলাৰ নেতা আবু ছুফিয়ানে যাত্রাপথত সাক্ষাৎ কৰা বিভিন্ন কাফিলাবোৰৰ পৰা মুছলিম বাহিনীৰ সম্ভাব্য অভিযানৰ ক্ষেত্ৰে তথ্য দিয়া হৈছিল। ফলত তেখেতে মুছলমান সকলৰ ওপৰত আক্রমণ কৰাৰ খবৰ পাইছিল। সেয়েহে তেখেতে অতি বিনয়েৰে সাহায্য বিচাৰি হজৰত জমজম ইবনে আমৰ গিফাৰিক বার্তা বাহক হিচাপে মক্কা পঠিওৱা হৈছিল। দ্রুতগতিত মক্কাত উপস্থিত হয় আৰু তৎকালীন আৰব ৰীতিনুযায়ী উটৰ নাকত ৰছিৰ তীব্ৰ হেঁচাত, আসন উলোটাই দিয়াৰ ফলত নিজৰ কাপোৰ পৰ্যন্ত চিঙি পেলাইছিল। উটৰ পিঠিত বহি ঘোষণা কৰিছিল যে মক্কাৰ কাফিলাবোৰ মুছলমান সকলৰ বেষ্টণীত পৰিব পাৰে।

মক্কাৰ সেনা বাহিনী :

” কুৰাইশ্ব সকল আছিল কাফিলা আক্রান্তৰ নেতা। আবু চুফিয়ানৰ সৈতে তোমালোকৰ সম্পদৰ কিছু অংশৰ লেন-দেন আছে, তেখেতৰ ওপৰত আক্রমণ কৰাৰ বাবে মোহাম্মদ আৰু তেখেতৰ সঙ্গীসমূহ আটায়ে আগুৱাই আহিছে। সেইবাবে আমাৰ বিশ্বাস নহয় যে, তোমালোকে সেইখিনিৰ সুযোগ পাবা। যাৰ বাবে কৈ থও, তোমালোকে সাহায্যৰ বাবে আগুৱাই যোৱা” থমকি ন’ৰবা।”

মক্কাত উপস্থিত হোৱাৰ পিছত জমজম ইবনে আমৰ গিফাৰীৰ আহ্বান।

চৌদিশে খবৰ বিয়পাৰ পিছত মক্কাত এক আলোড়নৰ সৃষ্টি হয়। দ্রুত ১,৩০০ সৈনিকৰ এক বিশাল বাহিনী গঢ়ি তোলা হয় আৰু আবু জেহেলে সেই বাহিনীৰ প্রধান সেনাপতি হয়। সেনা বাহিনীত অসংখ্য উট, ১০০ ঘোড়া আৰু ৬০০ লৌহবর্ম‌ আছিল। আৰু ৯জন সম্ভ্রান্ত কুৰাইশ ৰছদ সৰবৰাহৰ দায়িত্ব গ্ৰহন কৰিছিল। সেনা বাহিনীৰ বাবে দৈনিক কেতিয়াবা ৯ আৰু কেতিয়াবা ১০টা উট জৱেহ কৰা হৈছিল।
আবু জেহেল,
উতবা ইবনে ৰাবিয়া,
শাইবা ইবনে ৰাবিয়া,
আবুল বাখতাৰী ইবনে হিশাম,
হাকিম ইবনে হিজাম,
নওফিল ইবনে খুয়াইলিদ,
হাৰিছ ইবনে আমিৰ,
তুয়াইমা ইবনে আদি,
নাদাৰ ইবনে হাৰিছ,
জাম-আ ইবনে আছওৱাদ আৰু
উমাইয়া ইবনে খালাফ, সহ মক্কাৰ বহুতো অভিজাত ব্যক্তিবৰ্গই মক্কা বাহিনীত যোগ দিছিল।

ইয়াৰ কিছুমান কাৰণো আছিল। কোনোবাই আকৌ কাফিলাৰ উদ্দেশ্যে নিজৰ সম্পদ ৰক্ষা কৰিব বিচাৰিছিল, আনহাতে আন কিছুমানে ইবনে আল-হাদৰামীৰ মৃত্যুৰ বদলা ল’ব বিচাৰিছিল। অথচ কোনোবাই আকৌ মুছলমান সকলৰ বিৰুদ্ধে জয়ী হোৱাৰ আশংকাতহে যোগ দিছিল। আবু লাহাব নিজে যুদ্ধত অংশগ্ৰহন নকৰি ৪,০০০ দিৰহাম ঋণগ্রস্থ আচী ইবনে হিশ্বাম ইবনে মুগিৰাক ঋণৰ বিনিময়ত পঠিয়াইছিল। উমাইয়া ইবনে খালাফ প্রথমাৱস্হাত যুদ্ধত অংশগ্ৰহন নকৰাৰ সিদ্ধান্ত লৈছিল। খালাফে যুদ্ধত অংশগ্ৰহনত অমান্তি হোৱাত উকবা ইবনে আবু মুৱাইতে তেখেতক নাৰী হিচাপে সম্বোধিত কৰিছিল। ইয়াৰ ফলত উমাইয়া ইবনে খালাফ লজ্জিত হৈ যুদ্ধ প্রস্তুতিৰ সূচনা কৰে। যদিও কুৰাইশসকলৰ মাজত বনু আদি গোত্রৰ কোনেও এই যুদ্ধত অংশ গ্ৰহন কৰা নাছিল।

আনহাতে আবু ছুফিয়ান ক্রমাগত সংবাদ সংগ্রহ কৰিছিল। বদৰৰ ওচৰলৈ উপস্হিত হোৱাৰ পিছত মাজদি ইবনে আমৰ নামক এজন ব্যক্তিৰ সৈতে তেখেতৰ সাক্ষাৎ ঘটে। তেখেতক মদীনাৰ বাহিনী সম্পর্কে জিজ্ঞাসা কৰাত মাজদিয়ে সংবাদ দিব পৰা নাছিল যদিও তেখেতে জনাইছিল যে দুজন উষ্ট্রাৰোহীক তেখেতে কোনো এটি টিলাৰ ওচৰত উটক উঠোৱাই মশকত পানী পূর্ণ হোৱা প্ৰত্যক্ষ কৰিছে। সেইকাৰণে আবু ছুফিয়ান অতি সতর্কতাৰে সেই ঠাইডোখৰলৈ যায় আৰু উটৰ গোবৰৰ ঝাপ ভাঙি দেখোৱাই। গোবৰৰ পৰা প্রাপ্ত খেজুৰৰ গুটি দেখি বুজিব পাৰে যে এইবোৰ হ’ল মদীনাৰ খেজুৰ। যাৰ বাবে মুছলমান সকল আগমনৰ ক্ষেত্ৰত সন্দেহমুক্ত নাছিল। পিছত তেখেতে কাফিলাক সমূহকলৈ সমুদ্র উপকূলৰ ফালে ইয়ানবুতলৈ গুছি যায়। মক্কা বাহিনী জুহফা নামক স্থানত উপস্হিত হোৱাৰ পিছত আবু চুফিয়ানৰ প্রেৰিত বার্তা বাহক আহি জনায় যে কাফিলা নিৰাপদত আছে তেনে ক্ষেত্ৰত আগুৱাই নাহি উভতি যোৱাই উচিত।

সংবাদ পোৱাৰ পিছত মক্কা বাহিনীৰ অধিকাংশ উভতাৰ পক্ষত মতামত দিয়ে। কিন্তুৱসেনা বাহিনীৰ প্রধান আবু জেহেল যুদ্ধ নকৰি উভতি যোৱাত অসম্মতি প্ৰকাশ কৰে। ইয়াৰ পিছত বনু জুহৰা গোত্রৰ মিত্ৰ আৰু গোত্রৰ সেনাপ্রধান আখনাছ ইবনে শাৰিকে উভতি যোৱাৰ পৰামর্শ দিয়ে। কিন্তু অধিকাংশই তাৰ পক্ষত সন্মতি নিদিয়াত তেখেতে বনু জুহৰা গোত্রৰ পৰা প্ৰায় ৩০০ সদস্যক লগত লৈ মক্কাৰ ফালে ঢাপলি মেলে। ফলত মক্কা বাহিনীত সৈন্যৰ হ্ৰাস পায় ১০০০ হয়গৈ । পৰৱর্তী সময়ত বনু জুহৰা গোত্রৰ সদস্য সকলে আখনাছৰ এনে সিদ্ধান্তৰ বাবে আনন্দ প্রকাশ কৰে।
ঠিক তেনেদৰে বনু হাশিমও মক্কালৈ উভতি যাব বিচাৰিছিল। কিন্তু আবু জেহেলৰ অত্যন্ত খঙৰ বিনিময়ত তেওঁলোকে যুদ্ধত অংশগ্ৰহন কৰে। মক্কাৰ বাহিনী অগ্রসৰ হৈ বদৰ উপত্যকাৰ এটি টিলাৰ পিছফালৰ এক নিৰাপদ স্হানত আশ্রয় গ্ৰহন কৰে।

মুছলিমসকলৰ পৰিকল্পনা :

“স্মৰণ কৰা যে, মহান আল্লাহ তা’লাই তোমালোকক প্রতিশ্রুতিদি যি দুটা দলৰ পৰা এটা দল তোমালোকৰ আয়ত্তলৈ আহিব। অথচ তোমালোকে ভাৱি লৈছিলা যে, নিৰস্ত্র দলটি তোমালোকৰ আয়ত্তলৈ আহক, আৰু মহান আল্লাহ তা’লাই তেখেতৰ বাণী প্রতিষ্ঠিত কৰিবলৈ আৰু অবিশ্বাসী সকলক নির্মূল কৰিবলৈ অগ্ৰসৰ হৈছে।”
(ছূৰা আল-আনফাল, আয়াতঃ ৭)

মুছলমান সকলে মক্কা বাহিনীৰ অগ্রযাত্রাৰ সংবাদ পায়। মুছলিম বাহিনী মূলতঃ কাফিলা আক্রমণৰ উদ্দেশ্যৰে গঠিত হৈছিল, ব্যাপক যুদ্ধৰ বাবে তেওঁলোকে প্রস্তুত নাছিল। মু্ছলমান সকলে এনে সময়ত কুৰাইশ সকলৰ মুখামুখি নহৈ উভতি যাব পাৰিলে হয় যদিও কুৰাইশ সকলৰ ক্ষমতা অনেক বৃদ্ধি পোৱাত আৰু তেওঁলোকে অগ্রসৰ হৈ মদিনা আক্রমণো কৰিব পাৰিলে হয়। আনফালে সেনা বাহিনীত সংখ্যাগৰিষ্ঠ মদিনাৰ আনচাৰ সকলে আকাবাৰ বাইয়াত অনুযায়ী মদিনাৰ বাহিৰত গৈ যুদ্ধ কৰিবলৈ প্ৰস্তুত নাছিল আৰু অভিযানৰ ব্যয়ভাৰ তেওঁলোকৰ ওপৰত অত্যাধিক পৰিছিল। সেয়েহে উদ্ভূত পৰিস্থিতি সম্পর্কে মোহাম্মদ (ছাঃ)-য়ে যুদ্ধ সভাৰ আহ্বান কৰিছিল। সভাটিত মুহাজিৰ, আনচাৰ সকলে কুৰাইশ সকলৰ লগত মুখামুখি হৈ মত বিনিময় কৰিছিল। ইয়াৰ পিছৰে পৰাই মুছলমান সকলে প্ৰস্তুত হৈছিল বদৰৰ যুদ্ধৰ বাবে।

উপস্থিত হোৱাৰ পিছত মোহাম্মদ (ছাঃ) আৰু হজৰত আবু বকৰ প্রতিপক্ষৰ খবৰ সংগ্রহৰ বাবে বাহিৰ হয়। ঠিক তেনে সময়ত ৰাস্তাত এজন বৃদ্ধ লোকক তেওঁলোকে দেখিবলৈ পায়। মোহাম্মদ (ছাঃ)-য়ে তেখেতক মুছলমান আৰু কুৰাইশৰ উভয় বাহিনী সম্পর্কে জিজ্ঞাসা কৰে। সেইজন ব্যক্তিয়ে দুটা বাহিনী সম্পর্কে সঠিক তথ্য দিয়ে। সেই দিনা সন্ধ্যিয়া আলি ইবনে আবি তালিব, জুবাইৰ ইবনুল আওৱাম আৰু সাদ ইবনে আবি ওয়াক্কাছক তথ্য সংগ্রহৰ বাবে প্রেৰণ কৰে। তেওঁলোকে বদৰৰ কুৱাঁত পানী সংগ্রহৰত দুজন ব্যক্তিক বন্দী কৰে। জিজ্ঞাসায় কৰাৰ পিছতহে তেওঁলোকে জনায় যে, তেওঁলোকে মক্কা বাহিনীৰ সদস্য আৰু সিহঁতৰ সেনা বাহিনীৰ বাবে পানী সংগ্রহ কৰিছিল। মোহাম্মদ (ছাঃ)-য়ে সেই সময়ত নামাজৰত অৱস্হাত আছিল। উপস্থিত মুছলমান সকলে তেখেতৰ কথাৰ সত্যতা সম্পর্কে সন্দিহান আছিল। সেইবাবে তেওঁলোকে তেওঁলোকক মাৰধৰ কৰি পুনৰ একেটা প্রশ্নকেই কৰিছিল। অৱশেষত তেওঁলোকে উত্তৰ দিছিল যে, তেওঁলোকে কুৰাইশ বাহিনীৰ নাছিল বৰঞ্চ আবু ছুফিয়ানৰ কাফিলাৰ লোকহে আছিল।

এই সংবাদ জানিব পাৰি হজৰত মোহাম্মদ (ছাঃ)-য়ে ক্ষুব্ধ হৈ পৰে। তেখেতে আৰু কয় যে, তেওঁলোকে সত্য কথাই কৈছিল অথচ ইয়াৰ পিছতো তেওঁলোকক মাৰধৰ কৰা হৈছিল। তেওঁলোকে উপত্যকাৰ শেষ প্রান্তৰত টিলা দেখি কৈছিল যে কুৰাইশ সকলে তাৰ পিছফালে অৱস্থান কৰিছে আৰু প্রতিদিন ৯ বা ১০-টা উট তেওঁলোকৰ বাবে জৱেহ কৰা হৈছিল। এই সংবাদ শুনাৰ পিছত মোহাম্মদ (ছাঃ)-য়ে কৈছে যে তেওঁলোকৰ সংখ্যা হ’বগৈ ৯০০-ৰ পৰা ১০০০। অৱশেষত বন্দী বাহিনীয়ে আগত সম্ভ্রান্ত কুৰাইশ নেতাসকলৰ নাম উনুকিয়াই।

মক্কাত নেতা সকলৰ নাম শুনাৰ পিছত মোহাম্মদ (ছাঃ)-ৰ মন্তব্য:

প্রতিপক্ষৰ পূর্বে বদৰ উপস্থিত হোৱাৰ বাবে মোহাম্মদ (ছাঃ)-য়ে দ্রুতগতিত বদৰৰ ফালে যাত্রাৰ নির্দেশ দিয়ে। তেখেতৰ লক্ষ্য আছিল যাতে কুৰাইশ সকলে কুৱাঁ নিজৰ দখলত নিব নোৱাৰে। ৰাতিৰ ভাগত মুছলমান সকলে বদৰৰ কাষত অৱস্থান কৰে। তেনে সময়ত হুবাব ইবনে মুনজিৰে কয় যে, ই যদি আল্লাহৰ নির্দেশানুযায়ী তেনেহ’লে সেয়া যেন বাস্তবায়িত হয়। আৰু যদি মোহাম্মদ (ছাঃ)-ৰ কৌশলৰ প্ৰতি আপেক্ষিক হৈ ইয়ালৈ অৱস্থান কৰে তেনেহ’লে তেখেতৰ মতানুযায়ী যাতে তেওঁলোক ইয়ালৈ অৱস্থান নকৰে কুৰাইশ সকলৰ আটাইতকৈ নিকটতম কুৱাঁৰ ওচৰত অৱস্থানক লৈ বাকী আটাইবোৰ কুৱাঁ বন্ধ কৰি দিয়া হৈছিল আৰু নিজৰ কুৱাঁৰ ওপৰত “চৌবাচ্চা” নিৰ্মাণ কৰি তাত পানী জমা কৰা হৈছিল। ফলত মুছলমান সকলে পানী পালেও কুৰাইশ সকলে পানীৰ পৰা বঞ্চিত হ’ব। এই কথা শুনাৰ পিছত মোহাম্মদ (ছাঃ)-য়ে পৰামর্শ মানি লৈ নির্দেশ দিয়ে যাতে অর্ধেক ৰাতি পাৰ হোৱাৰ পূর্বেই কুৰাইশ সকলৰ আটাইতকৈ নিকটতম কুঁৱাৰ ওচৰলৈ গৈ শিবিৰ স্থাপন কৰা হয়। ইয়াৰ পিছত তাত উপস্হিত হৈ “চৌবাচ্চা” নিৰ্মাণ কৰি অবশিষ্ট আটাইবোৰ কুঁৱা বন্ধ কৰি দিয়া হয়।
মুছলমান সকলে পৰিকল্পনা অনুযায়ী কুৱাঁ দখল কৰাৰ পিছত চাদ ইবনে মুৱাজিৰৰ পৰামর্শক্রমে যুদ্ধক্ষেত্রৰ উত্তৰপূর্বৰ টিলাৰ ওপৰত মোহাম্মদ (ছাঃ)-ৰ বাবে এটি তম্বু নির্মাণ কৰিছিল। তাৰ পৰা যুদ্ধৰ পৰিস্থিতি ভালকৈ পর্যবেক্ষণ কৰাৰ সুবিধা হৈছিল।

……… ক্ৰমশঃ

©️ NePeace

সংকলন : মওঃ আলী আছগৰ আকন্দ, বায়াজিদ বুস্তামী ।

সম্পাদনা : এম ইউছুফ কাছিমী ।