বদৰ দিৱস-২

Share :

17thRamzan #BattelleOfBadr #NePeace

১৭ ৰমজান, বদৰৰ যুদ্ধ – (সংগৃহীত)

৩য় পৰ্ব

◼️যুদ্ধৰ দিনা :

'হে আল্লাহ তুমি যি প্রতিশ্রুতি দিছা সেয়া পূর্ণ কৰা। হে আল্লাহ, আমি তোমাৰ প্ৰতিশ্ৰুতিৰ পূর্ণতা কামনা কৰিছো।"

এয়া আছিল যুদ্ধৰ আৰম্ভণিৰ সময়ত হজৰত মুহাম্মদ (ছাঃ) ৰ মুনাজাত।

যুদ্ধৰ দিনাখন কুৰাইশ্ব সকলে শিবিৰৰ পৰা ওলাই বদৰ (ঠাই) ৰ ফালে ৰাৱানা হয়। বদৰত উপস্থিত হৈ তেওঁলোকে উমাইৰ ইবনে ৱাহাবক মুছলমানসকলৰ খবৰ সংগ্রহ কৰাৰ বাবে পঠিয়াই দিয়ে। উমাইৰ আহি জনায় যে, মুছলিমবাহিনী অতি নগন্য আৰু তেওঁলোকক সহায় কৰা বাবে নতুন কোনো সেনাদল হাৰো সম্ভাৱনা নাই। লগতে তেওঁ কয় যে, সিহঁত সুবিন্যস্তভাৱে যুদ্ধৰ বাবে প্ৰস্তুত হৈ আছে, ফলত কুৰাইশ্বৰ বিষয়ববীয়াসকলৰ প্ৰাণহানি হোৱাটো নিশ্চিত। এনেদৰে তেখেতে কুৰাইশ্ব সকলৰ পক্ষে ব্যাপক ক্ষয়-ক্ষতিৰ আশঙ্কা প্ৰকাশ কৰে। এই কথা শুনাৰ লগে লগে কুৰাইশ্ব কলৰ মনোবল যথেষ্ট হ্রাস পায়। আৰু তেওঁলোক পুনৰ তর্ক বিতৰ্কত জড়িত হৈ পৰে।

তেতিয়া কুৰাইশ্বসকলৰ অন্যতম নেতা হাকিম ইবনে হিজাম, আনজন নেতা উতবা ইবনে ঘৰলৈ উভতি যাবলৈ অনুৰোধ জনায়। উত্তৰত উতবাই কয় যে, তেওঁ উভতি যোৱাত একমত কিন্তু তেওঁ নাখলাত নিহত আমৰ ইবনে হাজৰামীৰ ৰক্তপণ পৰিশোধ লবলৈ সম্পূৰ্ণ প্ৰস্তুত। তেনেক্ষেত্ৰত কিন্তু আবু জেহেল একমত নহয় বুলি কলে।

ইয়াৰ পিছত উতবাই উপস্থিত কুৰাইশ্বসকলক উদ্দেশ্য কৰি কয় যে, এই যুদ্ধত তেওঁলোকৰ হাতত হয়তো নিজৰ ভাই সকলেই নিহত হ’ব। যুদ্ধত বিজয়ী হ’লেও নিহত সকলৰ মৃতদেহ স্ব-চক্ষে উপভোগ কৰিবলৈ তেওঁলোকে পছন্দ নকৰিব আৰু তেওঁলোক আত্মীয়-হত্যাকাৰী হিচাপে পৰিচিত হ’ব। সেইবাবে তেখেতৰ পৰামর্শ আছিল যাতে কুৰাইশ সকলে মক্কালৈ উভতি যায় আৰু মুহাম্মদ (ছাঃ)-ক অন্য আৰব গোত্রসমূহৰ নিমিত্তে এৰি দিয়া যাওক। যদি তেওঁলোকে তেখেতক হত্যা কৰে তেন্তে কুৰাইশ্বসকলৰ উদ্দেশ্যও সফল হ’ব আৰু মুহাম্মদ (ছাঃ)- দৃষ্টিত তেওঁলোক নির্দোষীও হৈ থাকিব।

হাকিম ইবনে হিজাম সেই সময়ত আবু জেহেলেৰ ওচৰলৈ গৈ উভতি যোৱাৰ পৰামর্শ দিয়ে। কিন্তু আবু জেহেলে কঠোৰভাৱে উত্তৰ দিলে যে, যুদ্ধ নকৰি সি উভতি নাযায়। তাৰ সমান্তৰালভাৱে উতবাৰ উভতি যোৱাৰ পৰামর্শক ধিক্কাৰ জনাই অভিযোগ কৰে যে উতবাৰ পুত্ৰ মুছলমান সকলৰ দলভুক্ত বুলি উতবাই নিজৰ পুত্ৰক বচাবলৈ যুদ্ধ নকৰাৰ পৰামর্শ দি আছে। উল্লেখ্য যে, উতবাৰ পুত্ৰ আবু হুজাইফা ইবনে উতবা ইছলাম প্রচাৰৰ প্রাথমিক যুগত মুছলিম হৈছিল। হাকিমৰ ওচৰত এই কথা জানিবলৈ পাই উতবা বিব্রত হৈ উত্তৰ দিয়ে যে সি কাপুৰুষ নহয়। তাৰ পিছত উতবাই মুহাম্মদৰ সৈতে চূড়ান্ত বিবেচনা নোহোৱা পর্যন্ত উভতি নাযায় বুলি ঘোষণা কৰি দিয়ে। আনফালে আবু জেহেল নাখলা(ঠাইৰ নাম) ত নিহত ‘আমৰ’ ৰ ভাই আমিৰ ইবনে হাজৰামীৰ ওচৰলৈ গৈ অভিযোগ কৰে যে উতবা যুদ্ধক্ষেত্রৰ পৰা গুছি যাব বিচাৰে সেয়েহে তাৰ বাবে নিজৰ ভাতৃৰ মৃত্যুৰ পৰিশোধ লোৱা সম্ভৱ ন’হব। এই কথা শুনাৰ পিছত আমিৰে গোটেই শৰীৰত বালি ঘহি গাৰ কাপোৰ ছিঙি নিহত হোৱা ভাইসকলৰ বাবে মাতম (চিঞৰি চিঞৰি দুখ প্ৰকাশ কৰি কান্দে) কৰিবলৈ লয়।

◼️ যুদ্ধৰ নেতৃত্ব :
বদৰৰ যুদ্ধত অংশগ্রহণকাৰী চাহাবাসকলৰ মাজত দ্বিতীয় পর্যায়ৰ নেতৃত্ব প্ৰদান কৰিছিল হজৰত ওমৰ ৰাঃ, হজৰত আলী আৰু হজৰত আমীৰ হামজা ৰাঃ। আৰু কুৰাইশ্বসকলৰ ফালৰ পৰা নেতত্ব প্ৰদান কৰিছিল আবু জাহেল, উৎবা, শ্বাইবা আৰু পতাকাবাহী নজৰ ইবনে হাৰিচ, ৱালিদ ইবনে মুগিৰা আৰু আবু চুফিয়ান।

◼️ যুদ্ধচিত্ৰ :

আবু জেহেলৰ মৃত্যু আৰু মক্কাৰ মৃতদেহ কুৱাঁত নিক্ষেপ আৰু বিখ্যাত ইতিসাহবিদ মোহাম্মদ বালামীৰ যুদ্ধচিত্র বৰ্ণনা –

যুদ্ধ সূচনাৰ প্রাক কালত কুৰাইশ্বসকলৰ আচৱাদ ইবনে আবদুল আছাদ মাখজুমি আগবাঢ়ি আহি মুছলমানসকলৰ পানীৰ জলাধাৰ দখল কৰিব নোৱাৰি নিজৰ জীৱনৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি অস্ত্ৰ লৈ আক্ৰমণৰ ঘোষণা কৰে। লগে লগে পিছত হামজা ইবনে আব্দুল মুত্তালিব আগুৱাই আহি তাৰ সৈতে যুদ্ধ আৰম্ভ কৰে। যুদ্ধত আছৱাদৰ ভৰি বিচ্ছিন্ন হৈ পৰে। আহত অৱস্থাত আছৱাদ “চৌবাচ্চা”ৰ ফালে আগুৱাই যায় আৰু প্রতিজ্ঞা ৰক্ষাৰ বাবে “চৌবাচ্চা”ৰ সীমাৰ ভিতৰত সোমাই পৰে। ইয়াৰ পিছত হামজা তেখেতক হত্যা কৰে। এয়াই আছিল বদৰৰ প্রথম মৃত্যু।

তৎকালীন ৰীতি অনুযায়ী দ্বন্দ্বযুদ্ধ (মুখামুখিকৈ জনে জনে ) ৰ মাধ্যমত যুদ্ধৰ সূচনা হয়। কুৰাইশ্ব সকলৰ মাজৰে পৰা, উতবা ইবনে ৰাবিয়া, শ্বাইবা ইবনে ৰাবিয়া আৰু ৱালিদ ইবনে উতবা
যুদ্ধৰ বাবে প্ৰস্তুত হয়।

তেওঁলোকৰ যুদ্ধৰ আহ্বান শুনি আনছাৰ (মক্কাৰ পৰা মদিনালৈ গমন কৰা চাহাবাসকলক স্থান আদি সকলো প্ৰদান কৰি নিজৰ ভাতৃ-ভগ্নী বুলি স্বীকৃতি দিয়া মদিনাৰ চাহাবাসকল ) সকলৰ মাজৰে পৰা, আউফ ইবনে হাৰিছ,মুৱাবিজ ইবনে হাৰিছ আৰু আবদুল্লাহ ইবনে ৰাৱাহা আগুৱাই আহে।

কিন্তু কুৰাইশ্ব যোদ্ধাসকলে তেওঁলোকক কটাক্ষ কৰি কয় যে, তেওলোক তেখেত সকলৰ যোগ্য নহয় আৰু কুৰাইশ্বসকলৰ সমকক্ষৰ কাৰোবাক যুদ্ধৰ বাবে পঠিয়াবলৈ দিলে। ইয়াৰ পিছত তেওঁলোকৰ পৰিৱৰ্তে, হামজা ইবনে আব্দুল মুত্তালিব, উবাইদা ইবনে হাৰিছ আৰু আলি ইবনে আবি তালিবক পঠিওৱা হয়।

তেতিয়া যুদ্ধত অৱতীর্ণ হয়-
হামজাৰ প্ৰতিদ্বন্দী হিচাপে শ্বাইবা,
আলিৰ প্ৰতিদ্বন্দী হিচাপে ৱালিদ আৰু
উবাইদাৰ প্ৰতিদ্বন্দী হিচাপে উতবাহ।

কুৰাইশ পক্ষৰ তিনি জনেই যুদ্ধত নিহত হয়। যুদ্ধত উবাইদা আহত হোৱা বাবে তেখেতক তাৰ পৰা বেলেগ ঠাইত পৰ্যবসিত কৰোৱা হয় যদিও যুদ্ধৰ কিছুদিন পিছত তেখেতৰ মৃত্যু হয়। তিনিজন নেতৃস্থানীয় যোদ্ধাৰ মৃত্যুৰ ফলত কুৰাইশ্বসকলৰ মনোবলত ফাটল ধৰে।

কুৰাইশ্বৰ প্রসিদ্ধ যোদ্ধাসকলৰ পৰাস্তৰ পিছত, দ্বন্দ্বযুদ্ধৰ পিছত আৰম্ভ হল সন্মিলিত যুদ্ধ। কুৰাইশ্বসকলে মুছলমান সকলৰ ওপৰত সন্মিলিতভাৱে আক্রমণ আৰম্ভ কৰে। যুদ্ধৰ পূর্বে হজৰত মুহাম্মদ (ছাঃ) এ নির্দেশ দিয়ে যে, শত্রুপক্ষ ওচৰত আহিলেই যাতে তেওঁলোকৰ ওপৰত তীৰ নিক্ষেপ কৰা হয়। মুছলমান সকলে “ইয়া মানছুৰ আমিত” শ্ল’গানৰে প্রতিপক্ষৰ ওপৰত জপিয়াই পৰে। যুদ্ধত মক্কাৰ কুৰাইশ্বসকলে ছত্রভঙ্গ হৈ পিছ হুহুকিবলৈ বাধ্য হয়। মুআজ ইবনে আমৰ আৰু মুআজ ইবনে আফৰা কুৰাইশ্বৰ সর্বাধিনায়ক আবু জেহেলক হত্যা কৰে। বিলালৰ হাতত তেখেতৰ প্ৰাক্তন মালিক উমাইয়া ইবনে খালাফ নিহত হয়। ওমৰ ইবনুল খাত্তাব তেখেতৰ মামা আচ ইবনে হিশ্বাম ইবনে মুগিৰাক হত্যা কৰে। এনেদৰে সূৰ্য অস্তযোৱাৰ আগমূহুৰ্ততেই যুদ্ধ শেষ হৈ যায়।

পবিত্ৰ ক্বুৰআনত উল্লেখ আছে যে এই যুদ্ধত হাজাৰো ফিৰিস্তা মুছলমানক সহায় কৰিবলৈ আহিছিল। যুদ্ধ শেষ হোৱাৰ পিছত মুছলিম স্বহীদ সকলক যুদ্ধক্ষেত্রতেই দফন কৰা হয়। আৰু নিহত কুৰাইশ্ব সকলৰ মৃতদেহ পথাৰৰ এটি কুৱাঁত নিক্ষেপ কৰা হয়। সেই সময়ত চব্বিশজন কুৰাইশ্বৰ প্ৰধান নেতাৰ মৃতদেহ গহীন কোৱাঁত নিক্ষেপ কৰা হৈছিল।

যুদ্ধৰ পৰৱৰ্তী অৱস্থা

◼️ যুদ্ধবন্দীৰ বিৱৰণী :

যুদ্ধৰ পিছত মুছলিমসকল মদিনালৈ উভতি আহে। লগতে কেইজনমান কুৰাইশ্ব নেতাসহ ৭০ জন কুৰাইশ্ব বন্দী হৈ আহে। বন্দীসকলৰ সৈতে যথেষ্ট সদ্বব্যবহাৰ কৰা হৈছিল।মুছলিমসকলে নিজেই খেজুৰ খাই বন্দীসকলক ৰুটি খাবলৈ দিছিল। বন্দীসকলৰ ক্ষেত্রত কৰণীয় সম্পর্কে মুহাম্মাদ ছাঃ এ চাহাবিসকলৰ লগত পৰামর্শ কৰে।

সভাত হজৰত আবু বকৰ ৰাঃ এ মত দিয়ে যে বন্দীসকল সকলোৱে মুছলিমসকলৰেই ভাই-ককাই, বা একেই বংশৰ সদস্য অথবা কোনো আত্মীয়। সেয়েহে সিহঁতৰ পৰা মুক্তিপণ লৈ এৰি দিয়া উচিত যাতে মুছলিমসকলৰ তহবিলত অর্থ সঞ্চিত হয় আৰু বন্দীসকলে ভবিষ্যতে ইছলাম গ্রহণৰ সুযোগ পায়। হজৰত ওমৰ ইবনুল খাত্তাব ৰাঃ ৰ মত আছিল বন্দীসকলৰ প্রতি কোনো প্রকাৰ অনুকম্পা প্রদর্শন নকৰি মুছলিমসকলৰ প্রত্যেকেই বন্দীসকলৰ নিজ নিজ আত্মীয়ক নিজেই হত্যা কৰা। যাতে প্রমাণ হয় যে মুশ্বৰিকসকলৰ ক্ষেত্রত মুছলিমসকলৰ মনত কোনো দুর্বলতা নাই।

মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱাচাল্লামে) এ আবু বকৰৰ মত পছন্দ কৰিছিল আৰু তলত দিয়া ধৰণে মুক্তিপণৰ বিনিময়ত এৰি দিয়াৰ সিদ্ধান্ত লৈছিল :

১. এক হাজাৰৰ পৰা চাৰি হাজাৰ দিৰহাম লৈকে মুক্তিপণ নির্ধাৰিত কৰা হয়। (আজিৰ টকা হিচাপে ২০ হাজাৰৰ পৰা ৮০ হাজাৰ লৈকে। )

২. মুত্তালিব ইবনে হানতাব, চাইফি ইবনে আবি ৰিফায়া আৰু আবু ইজ্জা জুমাহি’সহ কেইজনমান বন্দীক মুক্তিপণ অবিহনে এৰি দিয়া হৈছিল। শেষোক্ত দুইজন পৰৱর্তী উহুদৰ যুদ্ধত নিহত হৈছিল ।

৩. ইয়াৰ বাহিৰে যিসকলে লিখা পঢ়া জানে সিহঁতে ১০ জন নিৰক্ষৰ মুছলিমসকলক শিক্ষা দিলে সেয়া মুক্তিপণ হিচাবে গৃহীত হব বুলি ঘোষণা কৰা হয়। ইয়াতেই হজৰত জায়েদ ইবনে ছাবিত ৰাঃ এ শিক্ষা গ্ৰহণ কৰিছিল। (তাবকাতে ইবনে চা’দ, ২/১৪)

বন্দীসকলৰ কিছু বিখ্যাত মুশ্বৰিক ব্যক্তিসকল :
ক) জয়নব ৰাঃ (মুহাম্মাদ ছাঃ ৰ কন্যা) ৰ স্বামী আবুল আচ। নবী ছাঃ এ আবুল আচক “জয়নবক মদিনালৈ অহাত বাঁধা নিদিব” এই চৰ্তসাপেক্ষে মুক্তি দিছিল। (ইয়াত বিতং জানিবলগীয়া আছে। ইতিহাসৰ কিতাপত চাই লব।)
খ) বন্দীসকলৰ মাজত মক্কাৰ সুবক্তা চুহাইল ইবনে আমৰো আছিল। ওমৰ ৰাঃ এ চুহাইলৰ সন্মূখৰ দুটি দাঁত ভাঙি দিয়াৰ প্রস্তাব দিয়ে যাতে তেওঁ আৰু মুছলিমসকলৰ বিৰুদ্ধে বক্তৃতা দিব নােৱাৰে। কিন্তু মুহাম্মাদ (ছাল্লাল্লাহু আলাইহি ৱা চাল্লাম) এ এই প্রস্তাব গ্রহণ কৰা নাছিল।
হুদাইবিয়াৰ সন্ধিৰ সময়ত চুহাইল মক্কাৰ পক্ষৰ প্রতিনিধি আছিল। অৱশ্যে পিছত তেওঁ ইছলাম গ্রহণ কৰিছিলে।

গ) গ্রেপ্তাৰ হোৱা আন কেইজন বিখ্যাত মুশ্বৰিক নেতাসকল হল :
আব্বাচ ইবনে আব্দুল মুত্তালিব,
আকিল বিন আবি তালিব (হজৰত আলী ৰাঃ ৰ ভাই)
নোফল ইবনে হাৰিছ,
আদি ইবনে খিয়াৰ ।
আবু উজাইৰ ইবনে উমাইৰ,
ৱালীদ ইবনে ৱালিদ ইবনে মুগীৰাহ,
আবদুল্লাহ বিন উবাই,
কবি আবু উযযা উমৰ
ৱাহাব ইবনে উমাইৰ,
আবু ৱাদাআহ’ ইবনে খাবিৰাহ।

আৰু যি বন্দীসকলৰ কোনো অর্থ-সম্পদ নাই, সেই সকলোৱে কোনো মুক্তিপণ অবিহনেই মুক্তি লাভ কৰিব। এই খবৰ মক্কাবাসীয়ে জনাৰ লগে লগে বন্দীসকলৰ আত্মীয়-স্বজনে বহুত আনন্দিত হল। সিহঁতে নিজৰ বন্দীসকলক মুক্ত কৰাৰ লক্ষ্যৰে প্রয়োজনীয় অর্থ লৈ মদীনা উপস্থিত হৈ মুক্তিপণ দানৰ মাধ্যমত নিজৰ নিজৰ আত্মীয়সকলক মুক্ত কৰি লৈ যায়।

◼️ মৃত্যুদণ্ড :

বদৰৰ যুদ্ধৰ কেৱল দুজন যুদ্ধবন্দীক মৃত্যুদণ্ড দিয়া হৈছিল। এওঁলোক আছিল নাদাৰ ইবনে হাৰিছ আৰু উকবা ইবনে আবু মুৱাইত। বদৰৰ পৰা উভতাৰ সময়ত চাফৰা উপত্যকাত নাদাৰ ইবনুল হাৰিছ আৰু উকবা ইবনে আবু মুয়াইতক ইৰকুজ জুবয়া নামক স্থানত হত্যা কৰা হয়।

◼️ মক্কাত প্রতিক্রিয়া :

কুৰাইশ্বসকলৰ পৰাজয়ৰ খবৰ হাইচমান ইবনে আব্দুল্লাহ মক্কালৈ লৈ আহে। নিহতসকলৰ শোকত মক্কাত মাতম আৰম্ভ হয়। কিন্তু ইয়াৰ পিছত সিহঁত সংযত হয় যাতে সিহঁতৰ মাতমত মুছলিমসকলে আনন্দিত হব নোৱাৰে। তাৰ বাহিৰে মুক্তিপণ লৈ ইমান খৰধৰ নকৰিবলৈ কোৱা হয়। কুৰাইশ্ব সকলে বদৰৰ পৰাজয়ৰ প্রতিশোধ লোৱাৰ সিদ্ধান্ত লয় আৰু সেইমতেই পৰৱৰ্তী বছৰত দুয়ো পক্ষ উহুদৰ যুদ্ধত পুনৰ মুখোমুখি হয়।

◼️ প্রভাব :

বদৰৰ যুদ্ধ সুদূৰপ্রসাৰী প্রভাব সৃষ্টি কৰিছে। যুদ্ধ জয়ৰ ফলত নেতা হিচাবে মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ৱাচাল্লামৰ কর্তৃত্ব বহুলাংশে বৃদ্ধি পায়। ইয়াৰ ফলত অনা আৰব গোত্রবোৰে মুছলিমসকলক নতুন শক্তি হিচাবে চাবলৈ আৰম্ভ কৰে। মদিনাৰ বহুতে এইসময়ত ইছলাম গ্রহণ কৰে। ইতিহাসৰ পাতত পোৱা যায় যে বদৰৰ যুদ্ধত অংশগ্রহণকাৰী মুছলিমসকল আজি লৈকে খুবেই সম্মানৰ দৃষ্টিতে চোৱা হয়।

অইনৰফালে যুদ্ধত আবু জাহলসহ মক্কাৰ বহুত গণ্যমান্য ব্যক্তিৰ মৃত্যুৰ ফলত আবু চুফিয়ান নতুন নেতা হিচাবে আবির্ভূত হয়। পৰবর্তীতে মুছলিমসকলৰ বিৰুদ্ধে তেওঁ কুৰাইশ্ব সকলৰ নেতৃত্ব দিছে। অৱশ্যে মক্কা বিজয়ৰ সময়ত আবু চুফিয়ানে ইছলাম গ্রহণ কৰে।
মুছলিম হোৱাৰ পিছত আবু চুফিয়ানে মুছলিম সাম্রাজ্যত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। পৰবর্তীতে তেওঁৰ সন্তান মুআবিয়া ৰাঃ এ উমাইয়া খিলাফত প্রতিষ্ঠা কৰে।

◼️ আধুনিক যুগত প্রভাব:
• ১৯৭৩ চনত ইজৰাইলৰ বিৰুদ্ধে মিছৰৰ আক্রমণৰ নাম আছিল অপাৰেশ্বন বদৰ।
• ১৯৮০ ৰ দশকত ইৰাকৰ বিৰুদ্ধে ইৰানৰ অপাৰেশ্বনৰ সময়তো বদৰৰ নামত অপাৰেশ্বন বদৰ ৰখা হয়।

……. ক্ৰমশ

পৰৱৰ্তী সংখ্যাত বদৰৰ যুদ্ধত অংশগ্ৰহণ কৰা উচ্চ মৰ্যাদাসম্পন্ন চাহাবিসকলৰ নাম প্ৰকাশ পাব।

◼️ উৎসসমূহ –
চহীহ বুখাৰী, কিতাবুল মাগাজী ।
মুছনাদে আহমদ।
ছহী আবু দাঊদ।
চীৰতে নবৱী।

সংকলন : বায়াজিদ বুস্তামী, মওঃ আলী আছগৰ আকন্দ । সম্পাদনা : এম ইউছুফ কাছিমী