জুমআহ (শুকুৰবাৰ) দিৱস : এপিচড-১| পৰ্ব৩ | নামাজৰ গুৰুত্ব , চুন্নত আৰু আদাব , ত্যাগ কৰাৰ পৰিণিতি

Share :

জুমআহ (শুকুৰবাৰ) দিৱস : এপিচড-১| পৰ্ব৩ | নামাজৰ গুৰুত্ব , চুন্নত আৰু আদাব , ত্যাগ কৰাৰ পৰিণিতি

◼️ জুমআৰ (শুকুৰবৰীয়া) নামাজৰ ফজীলত :

হাদীছ-১
আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: পাঁচ নামাজ (মাজৰ সময়ৰ বাবে) , জুমআৰ নামাজ পূৰ্বৰ জুমআ লৈকে (মাজৰ সময়খিনিত) আৰু ৰমজানৰ ৰোজা বিগত ৰমজানলৈকে ইয়াৰ মাজৰ সময়ৰ পাপৰ কাফফাৰা (অৰ্থাৎ মাজৰ সময়খিনিত যি গুনাহ কৰে, আল্লাহ পাকে নিজৰ ৰমহমত আৰু দয়াৰ ফলত ক্ষমা কৰি দিয়ে) ; যদিহে এইবোৰ কাম কৰাজনে ডাঙৰ পাপ (কবিৰাহ গুনাহ) পৰিহাৰ কৰে। (মুছলিম) ।

হাদীছ-২
আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “যিজনে ভালকৈ অজু কৰে, তাৰ পিছত জুমআৰ নামাজৰ বাবে আহে,আৰু মনোযোগেৰে খুত্ববাহ শুনে আৰু খুত্ববাহ চলি থকা সময়ত মৌন হৈ থাকে, তেতিয়া এই জুমআৰ পৰা পূৰ্বৰ জুমআ লৈকে, আৰু অতিৰিক্ত তিনিদিনৰ পাপ ক্ষমা কৰি দিয়া হয়। (মুছলিম) ।

◼️ শুকুৰবৰীয়া (জুমআৰ দিনৰ ) ছুন্নত আৰু কিছু ৰীতি-নীতি:

শুকুৰবৰীয়া (জুমআৰ দিনৰ) বিশেষ ছুন্নত আৰু ৰীতি-নীতিৰ চমুকৈ তালিকাখন জনাৰ পূৰ্বে, সেই সন্দৰ্ভত বিভিন্ন হাদীছ জানি লওক। তেতিয়াহে সেই কৰণীয় ছুন্নতৰ গুৰুত্ব বুজিব পাৰিব।

▪️হাদীছ-১ (গুছলৰ গুৰুত্ব) :

হজৰত মুহাম্মদ (ছাঃ) এ কৈছে: শুকুৰবাৰে গা ধুলে চুলিৰ গুৰিৰ পৰা পাপ দূৰ হৈ যায় (ক্ষমা কৰি দিয়া হয়) (তাবাৰানী, মাজমা’ আল-জাৱাইদ)। অৰ্থাৎ ছগিৰা গুনাহ (সৰু সৰু পাপবোৰ) ক্ষমা কৰা হয়, ডাঙৰ ডাঙৰ পাপবোৰ (গুনাহে কবিৰা) তৌবাহ (অনুতপ্ত হৈ ভৱিষ্যতে নকৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমা বিচৰা) নকৰাকৈ ক্ষমা কৰা নহয়। আৰু ছগিৰা গুনাহ নাথাকিলে ছৱাব বৃদ্ধি কৰি দিয়া হয়।

▪️হাদীছ-২ (গুছল, তেল আৰু সুগন্ধিৰ ব্যৱহাৰ):

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিজনে শুকুৰবাৰে গা ধুই, যিমান পাৰে শুদ্ধিকৰণ কৰে আৰু তেল লগায় বা সুগন্ধি ব্যৱহাৰ কৰে, তাৰ পিছত মছজিদলৈ যায়, মছজিদত উপস্থিত হোৱাৰ লগে লগে ইতিমধ্যে বহি থকা দুজন মানুহ তেওঁ মাজত বহি নাথাকে, আৰু যিমান পাৰে জুমআৰ (নামাজৰ) আগত নামাজ পঢ়ে, তাৰ পিছত ইমামে যেতিয়া খুত্ববাহ পাঠ কৰে তেতিয়া মৌন হৈ মনোযোগেৰে শুনি থাকে, তেতিয়া এই জুমআৰ পৰা পূৰ্বৰ জুমআ লৈকে গুনাহবোৰ ক্ষমা কৰি দিয়া হয় (বুখাৰী)।

▪️হাদীছ-৩ (গুছল, খুত্ববাৰ সময়ত মৌন হোৱা):

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
“যিজনে শুকুৰবাৰে গুছল কৰিলে, তাৰ পিছত মছজিদলৈ আহি যিমান নামাজ আদায় কৰিব আছিল- সেইখিনি আদায় কৰিলে, তাৰ পিছত খুত্ববাহ শেষ নোহোৱালৈকে মৌন হৈ থাকিল আৰু ইমামৰ লগত ফৰজ নামাজ কৰিলে, তেওঁৰ এই শুকুৰবাৰৰ পৰা পূৰ্বৰ শুকুৰবাৰলৈকে আৰু আৰু (অতিৰিক্ত) তিনিদিনৰ গুনাহ ক্ষমা কৰি দিয়া হয় (মুছলিম)।

▪️হাদীছ-৪ (গুছল, ভাল কাপোৰ পিন্ধা,নামাজ):

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে শুকুৰবাৰে গা ধুব, কোনো সুগন্ধি থাকিলে ব্যৱহাৰ কৰে, ভাল কাপোৰ পিন্ধে, আৰু মছজিদলৈ যায়… তাৰ পিছত মছজিদলৈ আহে আৰু সুযোগ পালে নামাজ আদায় কৰে আৰু কাকো আঘাত নকৰে, তাৰ পিছত যেতিয়া ইমামজনে খুত্ববাহ দিবলৈ আহে তেতিয়া সেই সময়ৰ পৰা নামাজলৈকে সি মনে মনে থাকে অৰ্থাৎ কোনো কথা নকয়।

তেতিয়াহলে তেওঁৰ উক্ত কৰ্মসমূহ এই জুমআৰ পৰা পূৰ্বৰ জুমাৰ লৈকে গুনাহবোৰৰ ক্ষমাৰ মাধ্যম হৈ পৰিব (অৰ্থাৎ ক্ষমা কৰি দিয়া হব) । (মুছনাদ আহমদ)

▪️হাদীছ-৫ মিচৱাক কৰা:

হজৰত আবু ছাইদ (ৰঃ)ৰ পৰা বর্ণিত হৈছে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: (জুমআৰ দিনা) মিচৱাক কৰিবা। (ছহীহ বুখাৰী, অধ্যায় তায়্যিবুল জুমআ, হাদীছ নং ৮৮০)

▪️শুকুৰবাৰে ফজৰ নামাজত পঢ়িবলগীয়া চুন্নত ছূৰা :

হজৰত আবু হুৰাইৰাহ ৰাঃ ৰ পৰা বর্ণিত, যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ফজৰ নামাজৰ প্রথম ৰাকাতত ছুৰা তানজীল অৰ্থাৎ ছূৰা ছাজদা পাঠ কৰিছিল আৰু (দ্বিতীয় ৰাক‘আত) হাল-আতা আলাল-ইনছানি…. (ছুৰা দাহৰ) পাঠ কৰিছিল।। (ছহীহ বুখাৰী, অধ্যায়-জুমআ, হাদীছ নং ১৮৯)

বি:দ্ৰ: ছুৰা আল-তানজিল আল-ছাজদা ২১ পাৰাত আছে, আনহাতে ছুৰা আল-দাহৰ ২৯ পাৰাত আছে।

▪️ শুকুৰবাৰে আজানৰ সময়ত ব্যৱসায় আৰু বেচা কিনা বন্ধ:

হজৰত আব্দুল্লাহ বিন আব্বাছ (ৰাঃ)-এ কৈছে: সেই সময়ত (জুমাৰৰ আজানৰ সময়ত) কিনা-বিক্ৰয় হাৰামত পৰিণত হয়, আৰু হজৰত আতা (ৰাঃ)-এ সেই সময়ত (শুকুৰবাৰে নামাজৰ সময়ত) সকলো ব্যৱসায় হাৰাম হৈ পৰে। (ছহীহ আল-বুখাৰী, বাব আল-মিছি ই মাজমা’আ)

উল্লেখযোগ্য যে লিখনিৰ প্ৰথমতেই এই সন্দৰ্ভত বহলাই আলোচনা কৰা হৈছে।

▪️জুমআৰ নামাজৰ বাবে মছজিদত সোনকালে উপস্থিত হোৱা:

শুকুৰবাৰে জুমআৰ নামাজৰ বাবে এক বিশেষ ছৱাব (পুন্য) ৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই ছৱাব মছজিদত উপস্থিত হোৱা সময়ক কেন্দ্ৰ কৰি তিনিটা পৰ্যায়ত প্ৰদান কৰা হব। অৰ্থাৎ সৰ্বপ্ৰথম উপস্থিত হোৱা ব্যক্তিক বৃহৎ পৰিমাণৰ ছৱাব, তাৰ পিছত উপস্থিত হোৱাজনক তাতকৈ কম ডাঙৰ পৰিমাণৰ ছৱাবৰ ব্যৱস্থা কৰা আছে। এনেকৈ পৰ্যায়ক্ৰমে নিম্নলৈ গৈ থাকিব আৰু শেষত উপস্থিত হোৱাজনক কণীৰ দৰে সৰু পৰিমাণৰ ছৱাব প্ৰদান কৰা হব।

১। প্ৰথম পৰ্যায়ত – সৰ্বপ্ৰথম মছজিদ উপস্থিত হোৱা ব্যক্তিসকলক উট (উট জাতীয়) ক্বুৰবাণী কৰাৰ দৰে ছৱাব প্ৰদান হব।
২। দ্বিতীয় পৰ্যায়ত – ২য় পৰ্যায়ত মছজিদ উপস্থিত হোৱা ব্যক্তিসকলক গৰু (গৰু, মহ জাতীয়) ক্বুৰবাণী কৰাৰ দৰে ছৱাব প্ৰদান হব।
৩। তৃতীয় পৰ্যায়ত – ৩য় পৰ্যায়ত মছজিদ উপস্থিত হোৱা ব্যক্তিসকলক ছাগলি (ছাগলী জাতীয়) ক্বুৰবাণী কৰাৰ ছৱাব প্ৰদান হব।
৪। চতুৰ্থ পৰ্যায়ত – ৪ৰ্থ পৰ্যায়ত মছজিদ উপস্থিত হোৱা ব্যক্তিসকলক কুকুৰা (কুকুৰা জাতীয়) কুৰবানী (অৰ্থাৎ দান কৰাৰ) ছৱাব প্ৰদান হব।
৫। পঞ্চম পৰ্যায়ত – ৫ম পৰ্যায়ত মছজিদ উপস্থিত হোৱা ব্যক্তিসকলক কণী (কণীৰ দৰে সৰু বস্তু) কুৰবানী (অৰ্থাৎ দান কৰাৰ) ছৱাব প্ৰদান হব।

হাদীছ –
আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যিয়ে জানাবত (ফৰজ) গুছলৰ দৰে শুকুৰবাৰে (যত্নৰে) গুছল কৰে (গা ধুৱে) আৰু তাৰ পিছত প্ৰথম পৰ্যায়ত মছজিদলৈ যায়, তেওঁ যেন আল্লাহৰ সন্তুষ্টিৰ বাবে উট ক্বুৰবাণী কৰিলে। ২য় পৰ্যায়ত যি মছজিদলৈ যায়, তেওঁ যেন গৰু ক্বুৰবাণী কৰিলে। তৃতীয় পৰ্যায়ত যি মছজিদলৈ যায়, তেওঁ যেন ভেড়াক ক্বুৰবাণী কৰিলে। চতুৰ্থ পৰ্যায়ত যিজন মছজিদলৈ যায়, যেন তেওঁ কুকুৰা বলি দিলে (দান কৰিলে) । পঞ্চম পৰ্যায়ত যিজন মছজিদলৈ যায়, তেওঁ যেন কণীৰ দ্বাৰা (দান) কৰি সৃষ্টিকৰ্তা মহান আল্লাহৰ সন্তুষ্টি লাভ কৰিছে।
তাৰ পিছত যেতিয়া ইমাম খুত্ববাহ দিবলৈ ওলাই আহে তেতিয়া ফিৰিস্তাসকলেও খুত্ববাহ শুনিবলৈ আৰম্ভ )।

উক্ত পৰ্যায় তথা সময়টো কোন সময়ৰ পৰা আৰম্ভ হয়– এই ক্ষেত্ৰত ইছলামী পণ্ডিতসকল, উলামাসকলৰ বিভিন্ন মতামত পোৱা যায়; কিন্তু বেছি সংখ্যক বিজ্ঞসকলৰ মতে জুমআৰ দিনা প্ৰথম আজানৰ পিছৰ পৰা সেই পৰ্যায় তথা সময় আৰম্ভ হয়।

অৱশ্যে এই হাদীছৰ মূল উদ্দেশ্য হ’ল – শুকুৰবাৰে আপুনি যিমান পাৰে সোনকালে মছজিদ উপস্থিত হব লাগে, যদি বেছি সোনকালে যাব নোৱাৰে, তেন্তে অন্ততঃ খুত্ববাহ আৰম্ভ হোৱাৰ কিছু সময়ৰ আগতে মছজিদত উপস্থিত হব।

হাদীছ-
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যেতিয়া জুমআৰ সময় হয় তেতিয়া মছজিদৰ প্ৰতিটো দুৱাৰত ফিৰেস্তাসকল থিয় হৈ প্ৰথমে অহা ব্যক্তিজনৰ নাম, আৰু তেওঁৰ পিছত অহা ব্যক্তিজনৰ নাম লিখি থাকে। নামবোৰ যি ক্ৰমত লিখা হয়)।

ইমাম যেতিয়া খুত্ববাহ দিবলৈ আহে তেতিয়া ফিৰেস্তাসকলে নিজৰ পঞ্জীয়ন বহী (য’ত মছজিদত উপস্থিত হোৱা ব্যক্তিসকলৰ নাম লিখা থাকে) বন্ধ কৰি খুত্ববাহ শুনাত ব্যস্ত হৈ পৰে (মুছলিম)।

অৰ্থাৎ জুমআৰ খুত্ববাহ আৰম্ভ হোৱাৰ পিছত মছজিদত উপস্থিত হোৱাসকলৰ জুমআৰ নামাজ আদায় হৈ যাব, কিন্তু তেওঁলোকে জুমআৰ নামাজৰ ফজীলত লাভ কৰিব নোৱাৰে।

▪️শুকুৰবাৰে জুমআৰ নামাজৰ বাবে খোজ কাঢ়ি যোৱা :

হজৰত ইয়াজিদ বিন আবি মৰিয়ামে কৈছে যে মই জুমআৰ নামাজৰ বাবে খোজ কাঢ়ি গৈ থাকোঁতে হজৰত আবায়াহ ইবনে ৰাফীয়ে মোক লগ পাই কলে, তোমাাৰ বাবে সুখবৰ যে, তোমাৰ এই খোজবোৰ সৰ্বশক্তিমান আল্লাহৰ পথত চলি আছে। (কাৰণ) মই আবু আবছ ৰাঃ ক কোৱা শুনিছিলো যে আল্লাহৰ ৰাছুল চাল্লাল্লাহু ৱালাইহি ৱাছাল্লামে কৈছে,
যাৰ ভৰি আল্লাহৰ বাটত ধূলিময় হৈ পৰে, তেতিয়া সেই ভৰিবোৰ জাহান্নামৰ জুইৰ বাবে নিষিদ্ধ হৈ পৰে। (ছহী তিৰমিজী ) একেটা বিষয়ৰ হাদীছ কিছু শব্দৰ পাৰ্থক্যৰ সৈতে ছহীহ বুখাৰীতোউল্লেখ আছে।

ওপৰোক্ত হাদীছৰ দৃষ্টিত শুকুৰবাৰে জুমআৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি সন্ধিয়া লৈকে আমল কৰিবলগীয়া চুন্নতৰ তালিকা এনেকৈ প্ৰস্তুত কৰিব পাৰি —

১। শুকুৰবাৰে ফজৰৰ নামাজত ছূৰা চিজদাহ আৰু ছূৰা দাহাৰ পঢ়া।
২। মিচৱাক কৰা।
৩। অজু কৰা।
৪। গুছল কৰা
৫। তেল লগোৱা।
৬। সুগন্ধি ব্যৱহাৰ কৰা।
৭। উন্নত কাপোৰ পিন্ধা।
৮। আজানৰ লগে লগে বেচা কিনা বন্ধ কৰা।
৯। বেছিকৈ নামাজ পঢ়া।
১০। মছজিদত সোনকালে উপস্থিত হোৱা।
১১। নামাজৰ বাবে মছজিদলৈ খোজকাঢ়ি যোৱা।
১২। মনযোগেৰে খুত্ববাহ শুনা।
১৩। ছূৰা কাহাফ তিলাৱত কৰা।
১৪। বেছিকৈ দুআ কৰা।

◼️ জুমআৰ ছুন্নত নামাজ :

বিভিন্ন হাদীছ সমূহৰ পৰা জনা যায় যে জুমআৰ নামাজৰ আগতে বৰ্কতপূৰ্ণ সময়ছোৱাত যিমান পাৰি নফল আদি বেছিকৈ নামাজ আদায় কৰিব লাগে। জুমআৰ ফৰজ ২ ৰাকাতৰ আগত আৰু পিছত ৪ ৰাকাত আৰু ২ ৰাকাত নামাজৰ বিভিন্ন হাদীছ আৰু আমল হাদীছৰ গ্ৰন্থত পোৱা যায়।

হাদীছ-১

“عن ابن عباس – رضي الله عنه- قال: كان رسول الله صلى الله عليه وسلم يركع قبل الجمعة أربعًا، وبعدها أربعًا، لايفصل بينهن”. (باب ما جاء في الصلوة قبل الجمعة، ص: 117، ط: قديمي)

অৰ্থ — “ইবনে আব্বাছৰ ৰাঃ ৰ পৰা বৰ্ণিত – তেওঁ কৈছে : ৰাছুল কাৰিম চাল্লাল্লাহু আলাইহি ৱাছাল্লামে, কৈছে: শুকুৰবাৰৰ আগতে চাৰিবাৰ, আৰু তাৰ পিছত চাৰিবাৰ, তেওঁলোকক পৃথক নকৰাকৈ আঁঠু লৈছিল।” (মুজামুল কাবীৰ, শুকুৰবাৰৰ আগতে নামাজৰ বিষয়ে অধ্যায়, পৃষ্ঠা ১১৭, সংস্কৰণ: পুৰণি)

হাদীছ – ২

“عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم: من كان منكم مصليا بعد الجمعة فليصل أربعًا”. (باب ما جاء في الصلوة قبل الجمعة ص: 117، قديمي)

অৰ্থ — “আবু হুৰাইৰাৰ কৰ্তৃত্বত ভগৱান তেওঁৰ ওপৰত সন্তুষ্ট হওক, তেওঁ ক’লে: ঈশ্বৰৰ ৰাছুল, ঈশ্বৰৰ প্ৰাৰ্থনা আৰু শান্তি তেওঁৰ ওপৰত হওক, তেওঁ ক’লে, তোমালোকৰ মাজৰ যিয়েই শুকুৰবাৰৰ পিছত নামাজ কৰে, তেওঁ চাৰিবাৰ নামাজ আদায় কৰক।” (তিৰমিজী, শুকুৰবাৰৰ আগৰ নামাজৰ বিষয়ে অধ্যায় , পৃষ্ঠা ১১৭, পুৰণি)

হাদীছ-৩
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তোমালোকৰ মাজৰ এজনে যেতিয়া জুমআৰ নামাজ আদায় কৰে তেতিয়া তাৰ পিছত চাৰি ৰাকাত নামাজ আদায় কৰিব লাগে। (ছহী মুছলিম)

হাদীছ- ৪
হজৰত ছালিম ৰাঃ এ তেওঁৰ পিতৃৰ পৰা বর্ণনা কৰিছে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে শুকুৰবাৰ ফৰজৰ পিছত দুটা ৰাক‘আত নামাজ পঢ়িছিল। (ছহী মুছলিম)

আছৰ (চাহাবাৰ বক্তব্য) – ১
হজৰত আতা ৰাঃ এ কৈছে যে তেওঁ হজৰত উমৰ বিন আব্দুল্লাহক জুমআৰ পিছত নামাজ পঢ়ি থকা দেখিছিল, তেওঁ জুমআৰ নামাজ পঢ়া মছজিদৰ পৰা অলপ আঁতৰি গৈছিল, তাৰ পিছত তেওঁ দুটা ৰাকাআত নামাজ কৰিছিল, তাৰ পিছত তেওঁ নামাজ পঢ়িছিল চাৰি ৰাকাআত। মই হজৰত আতাক সুধিলোঁ হজৰত আব্দুল্লা বিন উমৰক এই কাম কৰা কিমানবাৰ দেখিছিল ? তেওঁ কৈছিল, বহুবাৰ দেখিছিলোঁ। (আবু দাউদ)।

আছৰ (চাহাবাৰ বক্তব্য) – ২
বিখ্যাত তাবী হজৰত ইব্ৰাহিমে কৈছে যে ছাহাবাসকলে জুমআৰ আগতে চাৰি ৰাকাআত নামাজ পঢ়িছিল। (নামাজ পেম্বৰ পৃষ্ঠা ২৭৯)

  • সাৰাংশ —

মন কৰিবলগীয়া যে শুকুৰবাৰে নামাজ মুঠ ১২ ৰাকাআত। খুত্ববাহৰ পূৰ্বে ৪ ৰাকাত চুন্নতে মুৱাক্কাদাহ, তাৰ পিছত ২ ৰাকাত জুমআৰ ফৰজ। ফৰজৰ পিছত মুঠ ৬ ৰাকাত হোৱাৰ দলীল পোৱা যায় (১ চালামৰ সৈতে ৪ ৰাকাআত, আৰু ১ চালামৰ সৈতে ২ ৰাকাত) চুন্নত। তাৰে ৪ ৰাকাত চুন্নতে মুৱাক্কাদাহ আৰু ২ ৰাকাত অতিৰিক্ত অৰ্থাৎ চুন্নতে গায়েৰ মুৱাক্কাদাহ। হাদীছ আৰু চাহাবাসকলৰ আমলৰ দ্বাৰা এনেকৈয়ে প্ৰমাণিত।

কিন্তু সকলো ধৰণৰ হাদীছৰ ওপৰত আমল কৰাৰ উত্তম পন্থা হল জুমআৰ ফৰজৰ পূৰ্বে আৰু পিছত ৬ ৰাকাতকৈ চুন্নত আদায় কৰা। যাতে ৬ ৰাকাত চুন্নতৰ ছৱাব পুৱা যায়।

◼️ জুম্মাৰ নামাজ এৰি দিয়াৰ ভয়ংকৰ পৰিণিতি :

হাদীছ-১
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে জুমআৰ নামাজ আদায় নকৰাসকলৰ বিষয়ে কৈছে: মই কাৰোবাক নামাজৰ ইমামতি কৰিবলৈ (মোৰ ঠাইত ) নিৰ্দেশ দিব বিচাৰো, তাৰ পিছত যিসকলে জুমআৰ নামাজ আদায় নকৰাসকলক সিহঁতৰ ঘৰৰ সৈতে জ্বলাই দিব বিচাৰো। (ছহী মুছলিম)।

হাদীছ-২
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: সাৱধান! মানুহে জুমআহ (শুকুৰবাৰৰ নামাজ) এৰি দিয়া বন্ধ কৰক নহলে আল্লাহে তেওঁলোকৰ হৃদয়ত মোহৰ মাৰিব (অন্তৰ পাথৰ হৈ নুবুজা হৈ যাব) , তেতিয়া এই মানুহবোৰ অসাৱধান (অৱহেলিত লোকৰ) মাজত থাকিব। (ছহী মুছলিম)।

হাদীছ-৩
আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যিজনে অৱহেলা কৰি তিনিটা জুমআ এৰিব, আল্লাহে তেওঁৰ হৃদয়ত ছীল মাৰিব (নাছাই, ইবনে মাজাহ, তিৰমিজী, আবু দাউদ)।

ক্ৰমশঃ…….

কলম – মুফতীএম ইউছুফ কাছিমী (সম্পাদক, NE PEACE )