পৰস্পৰ মতভেদ, বিবাদ আৰু সামাজিক দায়বদ্ধতা

Share :

সর্বশক্তিমান সৃষ্টিকৰ্তা আল্লাহ তাআলাই মানুহক জীৱন্ত, হাহিঁব-কান্দিব পৰা, কথা কব পৰা আৰু চলা ফুৰা কৰিব পৰাকৈ অস্তিত্ব প্ৰদান কৰিছে। মানুহক চিন্তাক্ষমতা, বুজশক্তি আৰু সৃজনশীল শক্তি দান কৰিছে। লগতে তাক ইচ্ছাশক্তি আৰু পছন্দ অপছন্দৰ যোগ্যতা প্ৰদান কৰিছে ।
গতিকে মানৱ সমাজত সদায় সকলোৰে ঐক্যমত বা শিলৰ মূৰ্তিৰ দৰে নীৰৱ তথা নিৰ্বিকাৰ হৈ থকাৰ আশা কৰা কেতিয়াও সম্ভৱ নহয়।

কাৰণ সর্বশক্তিমান আল্লাহ পাকে মানৱ জাতিক চিন্তা-ভাৱনাৰ ধৰণ আৰু দৃষ্টিভঙ্গীত কম বেছি পৰিমাণে পার্থক্য কৰিয়েই সৃষ্টি কৰিছে। সমাজত সকলোৰে মতামতো বিভিন্ন ধৰণৰ পোৱা যায় আৰু লক্ষ্য উদ্দেশ্যও ভিন্ন দেখা যায়। আকৌ ভিন্নজনৰ ভিন্ন স্বাৰ্থও দেখিবলৈ পোৱা যায় । গতিকে মানৱ সমাজত মতভেদ, মতানৈক্য আদি হোৱাটো স্বাভাৱিক আৰু প্ৰাকৃতিক।

  এই মতানৈক্য যদি নিস্বাৰ্থ, আন্তৰিকতা আৰু সদ্ভাৱৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ জেদভাৱ, হিংসা, হঠকাৰীতা আৰু স্বাৰ্থপৰতাৰ বাবেই হয়, তেন্তে ই ভদ্ৰ আৰু ভদ্ৰ মতানৈক্য আৰু মানৱীয় গুণাৱলীৰ মতবিৰোধৰ সীমা অতিক্ৰম কৰি পাৰস্পৰিক কাজিয়া, বিতৰ্ক, নিন্দা আৰু অপবাদ-অভিযোগৰ কাৰণ হৈ পৰে। সমাজত এনেধৰণৰ ঘটনা সদায় ঘটি আহিছে আৰু ঘটিয়েই থাকিব।

সাধাৰণতে দুই ধৰণৰ মতভেদ বা কাজিয়া দেখা যায় :
   ১- দুই ফৈদৰ মাজত মতভেদ বা কাজিয়া।
   ২- সামাজিক মতভেদ আৰু দ্বীনী ইখতিলাফ।

এই এপিচডত ১ম ধৰণৰ মতভেদ তাৰ কাৰণ, মতভেদ দূৰ কৰি মিলাপ্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ পদ্ধতি আৰু উপায়সমূহ আলোচনা কৰা হব। আশা কৰোঁ সকলোৱে মনোযোগেৰে পঢ়িব আৰু ভালকৈ বুজি শুনি নিজৰ চৌদিশে দেখি পোৱা বিভিন্ন কাজিয়া, দন্দ আৰু মতভেদ আদি সামৰ্থ অনুসৰি দূৰ কৰি শক্তিশালী সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

◼️বিবাদ আৰু মতভেদ দূৰ কৰাৰ গুৰুত্ব আৰু প্ৰয়োজন —

আমি এনে এখন সমাজত কৰো যত প্ৰায়েই সংঘাতৰ সৃষ্টি হয়, যত কোনেও পাৰস্পৰিক মতভেদ বা কাজিয়া আদিৰ পৰা নিজকে পৃথক কৰিব নোৱাৰে।
      
এয়া অমুকাৰ মতানৈক্য, সেয়া আমুকাৰ দন্দ….. এনে কথা কৈ, আমি ইয়াৰ মাজত কিয় সোমাব লাগে বুলি ভাবা, মুঠেই সঠিক আৰু ইতিবাচক চিন্তা নহয়। বিশেষকৈ প্ৰতিজন মুছলমানৰ কৰ্তব্য যে যেতিয়া তেওঁলোকে দুজন মানুহৰ মাজত সংঘাত আৰু মতানৈক্য অনুভৱ কৰে, তেতিয়া তেওঁলোকৰ মাজত শান্তি স্থাপন আৰু ভগ্ন হৃদয়ক সংযোগ কৰিবলৈ চেষ্টা কৰিব লাগে।

ক) পৱিত্ৰ ক্বুৰআনৰ পৰা —
মহান সৃষ্টিকৰ্তা আল্লাহে কৈছে:
     “সকলো মুছলমান ভাই ভাই। গতিকে আপোনাৰ ভাতৃ দুজনৰ মাজত মিলন সৃষ্টি কৰক।”

খ) পৱিত্ৰ হাদীছৰ পৰা —   
হজৰত আবু দৰ্দাৰ পৰা বর্ণিত হৈছে যে আল্লাহৰ ৰাছুলু চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:

মই তোমালোকক ৰোজা, ছদক্বাহ আৰু জাকাততকৈ ভাল কিবা এটা ক’মনে? আমি কলো, কিয় নহয়? তেওঁ ক’লে: সেয়া হৈছে-
    ক) পাৰস্পৰিক বিবাদ দূৰ কৰা আৰু শান্তি স্থাপন কৰা।
    খ) আৰু আত্মসম্পৰ্কৰ সংস্কাৰ কৰা। (আদাবুল মুফৰাদ- হাদীছ নং ৩৯১)
   
গ) ঘটনা – ১
মুছলমানসকলৰ মাজত শান্তি স্থাপন কৰা আৰু তেওঁলোকৰ পাৰস্পৰিক মতভেদ সমাধান কৰা লৈ আল্লাহৰ ৰাছুলু ছাঃ নিজে কিমান চিন্তিত আছিল, তাৰ অনুমান এই ঘটনাৰ কৰিব পাৰি —

তেওঁ জমাতৰ সৈতে নামাজ অতি সংগঠিতভাৱে গুৰুত্বসহআদায় কৰিছিল। আনকি যুদ্ধক্ষেত্ৰত অস্বাভাৱিক পৰিস্থিতিৰ অবিহনে জামাত ত্যাগ কৰা নাছিল। আনকি মৃত্যুৰ সময়তো তেওঁ এটাও জামাতৰ সৈতে নামাজ এৰা নাছিল, তেতিয়া তেওঁৰ খোজ কাঢ়িবলৈও শক্তি নাছিল, কিন্তু তেওঁ সংগীসকলৰ সহায়ত জামাতৰ সৈতে নামাজআদায় কৰিছিল।

কিন্তু ইয়াৰ পিছতো এবাৰ তেওঁ চাহাবাসকলৰ সৈতে এটা বিবাদ সমাধান আৰু সংশোধন কৰিবলৈ আমৰ ইবনে আওফৰ গোত্ৰত গৈছিল। তাত ইমানপলম হল যে, নামাজৰ জামাতৰ ইমামতি কৰিবলৈ হজৰত বিলাল ৰাঃ এ হজৰত আবু বকৰ ৰাঃ ক আগবঢ়াই দিছিল। আৰু নামাজ আৰম্ভ হোৱাৰ পিছত নবী ছাঃ উপস্থিত হৈছিল। (বুখাৰী শ্বৰীফ: ২৬৯)।
    ইয়াৰ পৰা স্পষ্টকৈ বুজিব পৰা যায় যে হজৰত মুহাম্মদ ছাঃ ৰ বাবে মুছলমানৰ মাজত বিবাদ দূৰ কৰি শান্তি স্থাপনৰ গুৰুত্ব কিমান বেছি।

ঘ) ঘটনা – ২
মদীনাত থকা আনছাৰৰ দুটা বিখ্যাত পৰিয়াল আছিল আউছ আৰু খাজৰাজ। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি নাছাল্লামৰ আগমনৰ আগতে সিহঁতৰ মাজত সদায় বিবাদ চলি থাকিছিল। ইছলাম সিহঁতৰ বাবে ৰহমতৰ ডাৱৰ হিচাপে আহিছিল। শত্ৰুতাৰ যি জুইকোৰা শ শ বছৰ ধৰি নিৰ্বাপিত হোৱা নাছিল, সেই জুই মুহূৰ্ততে ঠাণ্ডা হৈ পৰিল আৰু দুয়োটা জনগোষ্ঠীয়ে ইছলামী ভাতৃত্ববোধৰ সম্পৰ্কৰ সৈতে সুখেৰে জীয়াই থাকিবলৈ ধৰিলে। তাৰ পিছত এই জনগোষ্ঠীসমূহৰ ঐক্য আৰু এনে পাৰস্পৰিক প্ৰেম, আদৰ দেখি ইহুদীসকল নিদ্ৰাহীন হৈ পৰিছিল। এবাৰ এজনী বয়স্ক ইহুদী মহিলা আউছ আৰু খাজৰাজৰ গাৱৰ কাষেৰে পাৰ হৈ গৈ আছিল, তেতিয়া তেওঁলোকৰ পাৰস্পৰিক প্ৰেম দেখি গভীৰভাৱে দুখী হৈছিল।

  গতিকে ইহুদীজনী আৱছ আৰু খাজৰাজৰ যুদ্ধৰ পুৰণি কাহিনীবোৰ জোকাই উলিয়াইছিল আৰু লগতে সেই সময়ত দুয়োটা জনগোষ্ঠীৰ কবিসকলে ইজনে সিজনৰ বিৰুদ্ধে লিখা কবিতাবোৰৰ কথাও উল্লেখ কৰিছিল। এনে প্ৰৰোচনাৰ ফলত দুয়োটা পৰিয়ালৰ ডেকা লৰাবোৰ আকৌ কাজিয়া, দন্দৰবাবে প্ৰস্তুত হৈ গৈছিল।
  শীঘ্ৰে যেতিয়া নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামক এই বিষয়ে অৱগত কৰা হৈছিল, তেতিয়া তেওঁ অতি সোনকালে আহি চয়তানৰ এই ৱাচৱাচা তথা ষড়যন্ত্ৰৰ বিষয়ে মানুহক অৱগত কৰিছিল আৰু বুজাইছিল।
 
তেওঁ কৈছিল : “হে মুমিনসকল! আল্লাহক ভয় কৰা, যেনেকৈ তোমালোক তেওঁক ভয় কৰিব লাগে , আৰু ইছলামৰ অৱস্থাত মৃত্যু তোমালোকৰ ওপৰত আহিব লাগে। আল্লাহৰ ৰছী একেলগে ধৰি ৰাখা, বিভাজন সৃষ্টি নকৰিবা আৰু আল্লাহৰ এই পুৰস্কাৰ স্মৰণ কৰা যে-
        তোমালোক শত্ৰু আছিলা, তেতিয়া আল্লাহে তোমালোকৰ হৃদয় একত্ৰিত কৰিলে আৰু তোমালোক আল্লাহৰ কৃপাত ভাই ভাই হৈছা, আৰু তোমালোকৰ জাহান্নামৰ গাঁতৰ কাষত আছিলা , তেতিয়া আল্লাহে তোমালোকক তাৰ পৰা উলিয়াই আনিলে। আল্লাহ পাকে এনেকৈ নিৰ্দেশনাসমূহ জাৰি কৰি থাকে , যাতে তোমালোকে হিদায়ৰ পথত প্ৰতিষ্ঠিত হৈ থাকা। (ছূৰা আল-ইমৰাণ: ১০২-১০৩)

নবী ছাঃ ৰ পৱিত্ৰ মুখেৰে এই কথাখিনি শুনাৰ লগে লগে সকলোৰে হৃদয়বোৰ পৰিৱৰ্তন হৈ পৰিল। আৰু সকলোৱে অস্ত্ৰ-শস্ত্ৰ পেলাই ইজনে সিজনক সাৱটি ধৰি তিক্তভাৱে কান্দিলে। (তাবাৰণি: ৪/২০)

◼️ মতভেদ বা বিবাদৰ পৰা দূৰত থকাৰ কিছু পদ্ধতি —

একেলগে উঠা বহা কৰিলে, বসবাস কৰিলে মতভেদ হোৱাটো স্বাভাৱিক। কিন্তু সেই মতভেদ আৰু মতানৈক্য যাতে কাজিয়াত পৰিণত নহয় আৰু বৃহৎ এক ফিতনা বা ৰাজহুৱাকৈ ক্ষতিৰ কাৰণ হিচাপে যাতে বিস্তৃতি হৈ নপৰে — তাৰ বাবে এই কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা মানি চলিব। :

     ১। এজনে আনজনৰ কথা মনযোগেৰে শুনি উদ্দেশ্য বুজি পোৱাৰ চেষ্টা কৰা।
     ২। নিজৰ মত ষ্পষ্ট আৰু সঠিকভাৱে উপস্থাপন কৰিব।
     ৩। সমুখৰজনক গুৰুত্বহীন বা তুচ্ছ গণ্য নকৰিব।
     ৪। কথা আৰু মতপোষণত আদব, সন্মান, সমুখৰজনৰ পদ মৰ্যাদা আদি লক্ষ্য ৰাখিব।
     ৫। নিস্বাৰ্থ বা সমান স্বাৰ্থত মতপোষণ কৰিব।  কাৰণ কেৱল নিজস্ব ব্যক্তিগত স্বাৰ্থ হলে কেতিয়াও একমত সৃষ্টি নহব।

আৰু যদি ইমান চেষ্টাৰ পিছতো মতানৈক্য আৰু মতভেদৰ সৃষ্টি হৈ গল। তেন্তেএতিয়া কাজিয়া আদি সৃষ্টি নহবলৈ তলৰ কেইটামান কাম কৰিবলৈ নাপাহৰিব :

১।  মতভেদ আৰু মনোমালিন্য ঠিক নোহোৱালৈকে মিছা অপবাদ, মিছা অভিযোগ, কটুক্তি, তাচ্ছিল্য আদিৰ পৰা বিৰত থাকক।
২। দুয়ো পক্ষৰ মাজত দ্বন্দ্ব দূৰ কৰাৰ নিয়মিত প্ৰচেষ্টা হাতত লোৱা। অৰ্থাৎ কাজিয়াৰ সূত্ৰপাত নহবলৈ শীঘ্ৰেই তৃতীয় পক্ষৰ সহায় গ্ৰহণ কৰক।     

◼️  দুই ফৈদ / দুজন ব্যক্তিৰ ৰ মাজত মতভেদ —


    যদি দুয়োজনৰ মাজত কোনোধৰণৰ সমাধান নোলায়, কোনো উপায় নাথাকে আৰু মতভেদে চৰম সীমা অতিক্ৰম কৰে তেন্তে, দুয়োজনে বিভ্ৰাট, মতভেদ বা কাজিয়া দূৰ কৰিবলৈ আলোচনা মৰ্মে তৃতীয় পক্ষ (বন্ধুবান্ধৱৰ কোনোবা বা বাহিৰৰ কোনোবা- এজন বা দুজন) নিৰ্বাচন কৰি লব। এয়াই পৱিত্ৰ ক্বুৰআন আৰু ইছলামৰ নিৰ্দেশ।

পাৰস্পৰিক মতানৈক্যৰ মিলন আৰু সমাধানৰ এইটোৱেই উত্তম উপায়; বৰঞ্চ ই মতানৈক্যৰ পৰা ওলাই অহাৰ এক সন্মানজনক উপায়ো; কাৰণ কোনো দলৰ জয় বা কোনো দলৰ পৰাজয় নাথাকে, ইয়ে সমাজত এজন ব্যক্তিৰ সন্মান বৃদ্ধি কৰে আৰু মিলাপ্ৰীতিৰ ফলত অৰ্জন কৰা সৰ্বশক্তিমান আল্লাহৰ সন্তুষ্টিৰ গুৰুত্ব নিশ্চয় সকলোতকৈ  বেছি ।

পবিত্ৰ কোৰআনত কৈছে যে যদি বিচাৰকে পক্ষপাতী নহৈ সৎ উদ্দেশ্যে আৰু আন্তৰিকতাৰে শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰে তেন্তে আল্লাহে নিশ্চয় তেওঁলোকক সফলতা প্ৰদান কৰিব।
        
’’ ان یریدا اصلاحا یوفق اﷲ بینہما ‘‘ ( النساء : ۳۵)

ক) উক্ত আয়াতৰ পৰা তৃতীয় পক্ষ (বিচাৰক) ৰ বাবে স্পষ্ট হোৱা চৰ্তকেইটা হল —

         • তৃতীয় পক্ষ এজনো হব পাৰে। এজন সম্ভৱ নহলে দুজনো হব পাৰে।
         • এজন হলে ব্যক্তিজন নিৰপেক্ষ, সৎ আৰু দুয়োজনৰ বাবে নিৰ্ভৰযোগ্য হব লাগিব।
         • এজন ব্যক্তিক লৈ একমত নহলে অৰ্থাৎ দুয়োজনৰ বাবে নিৰ্ভৰযোগ্য তথা নিৰপেক্ষ ব্যক্তি নাথাকিলে   দুয়োজনে নিজৰ পক্ষৰ এজনকৈ দ্বীনদাৰ সুচিন্তক, সচেতন আৰু বিষয়বস্তুৰ ওপৰত জ্ঞান থকা লোকক নিৰ্বাচন কৰি লব।
         • নিৰ্বাচিত দুয়োজন বিচাৰকৰ আন্তৰিকতা – বিচাৰকে আন্তৰিকতাৰে দুজন ব্যক্তি বা দুটা ফৈদৰ মাজৰ মতভেদ দূৰ কৰি কাজিয়া শেষ কৰিব লাগিব ।

খ) কাজিয়া বা মতভেদ দূৰ হোৱাৰ চৰ্তাৱলী –
     কিন্তু উভয় পক্ষৰ মাজত মিলাপ্ৰীতি আৰু একতা সৃষ্টি কৰিবলৈ হলে উভয় পক্ষত তলৰ কেইটামান চৰ্ত পাব লাগিব-

        ক) এজনে আনজনক তুচ্ছ জ্ঞান কৰিব নালাগিব।
        খ) দুয়োজনৰ ভিতৰত সত্য আৰু প্ৰকৃতটো মানি লোৱাৰ ক্ষমতা আৰু সাহস থাকিব লাগিব।
        গ) দুয়োজনে পৰিস্থিতি আৰু বাস্তৱ সময়ৰ আহ্বান উপলব্ধি কৰাৰ গুণ থাকিব লাগিব।

উপৰোক্ত গুণসমূহ নাথাকিলে বিচাৰকে দুয়োজনক ভালকৈ বুজাই মেলি লব। তেতিয়াহে এই নেক প্ৰচেষ্টা ফলপ্ৰসূ হব।

   
◼️ সাৰাংশ –

মুঠতে মানৱ সমাজত সংঘাতৰ উত্থান স্বাভাৱিক কথা, যিটো এৰাই চলিব নোৱাৰি। কিন্তু য’ত জুই জ্বলে তাত পানী ঢালি দিয়া মানুহো থাকে, আৰু য’ত বানপানী হয় তাত পানীৰ নিষ্ঠুৰ ঢৌৰ সন্মুখত মথাউৰি সাজিবলৈ চেষ্টা কৰে, অন্যথা জুইয়ে গোটেই চহৰখন ভস্মীভূত কৰিব আৰু বানে সমগ্ৰ জনসাধাৰণক ডুবাই পেলাব।

গতিকে মুছলমান সমাজত উদ্ভৱ হোৱা ইখতেলাফ, মতভেদৰ কাৰণ আৰু কাৰণসমূহৰ সময়োপযোগী সমাধান ওলিয়াই সেইবোৰ বুজি, প্ৰতিকাৰ কৰিবলৈ চেষ্টা নকৰিলে নিশ্চয়, (আল্লাহৰ শপত) তলৰ লোকসকল ইয়াৰ বাবে দুনিয়াতো দায়ী হ’ব আৰু কিয়ামতৰ দিনাও জবাবদিহি হব লাগিব —
       • সমাজৰ সচেতন লোক।
       •  শিক্ষিত, ক্বৌমদৰদী লোক।
       •  ক্ষমতাশালী লোক।
       •  শিক্ষক আৰু শিক্ষাবিদসকল।
       •  প্ৰভাৱশালী আলিম সমাজ।
       •  উলামা আৰু মুফতি সমাজ।
       •  সৎ নেতাসকল।
       •  সমাজৰ বয়োজেষ্ঠ মুৰব্বী।
       •  গাঁওবুঢ়া বা গাওঁ প্ৰধান।
       •  সংবাদিক সমাজ।
       •  উকিল সমাজ।
       •  বিভিন্ন দল সংগঠন।
       •  বিভিন্ন ক্লাব, সংস্থা।

দুআৰ প্ৰাৰ্থী কলম – এম ইউছুফ কাছিমী

(হজৰত মুফতী খালিদ ছাইফুল্লাহ ৰাহমানী চাহেবৰ লিখনিৰ সহায় লৈ)