শিক্ষক দিৱস উপলক্ষে বক্তব্য-১ : আমাৰ জীৱনত শিক্ষকৰ ভূমিকা

Share :

শিক্ষক দিৱস উপলক্ষে বক্তব্য-১ : আমাৰ জীৱনত শিক্ষকৰ ভূমিকা

শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, আমাৰ বিদ্যালয়ৰ মেৰুদণ্ড স্বৰুপ , শিক্ষাগুৰুসকল আৰু প্ৰিয় বন্ধুসকল!

আজি এই বিশেষ দিনটোত যি মহান ব্যক্তিসকলক স্মৰণৰ নামত আমি ইয়াত একত্ৰিত হৈছোঁ, সেই মহান ব্যক্তিসকলৰ বিষয়ে দুআষাৰ কবলৈ মনস্থ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মনযোগিতাৰে শুনিব।

আমাৰ সকলোৰে জীৱনত এনে শিক্ষকৰ কাহিনী আছে যিসকলৰ মাত্ৰ কেইটামান শব্দৰে আমাৰ জীৱনৰ গতি সলনি কৰিছে। গণিতৰ শিক্ষকে আপোনাক প্ৰশ্ন কৰিব লাগে বুলি শিকাইছিল, আপোনাৰ সৃষ্টিশীল প্ৰতিভা চিনি পোৱা এজন কলা শিক্ষক আছিল, বা আপোনাৰ প্ৰকাশভংগীক সৌন্দৰ্যৰ সৈতে পৰিচয় কৰাই দিয়া এজন ভাষা শিক্ষক আছিল। এনেকৈয়ে আমাৰ জীৱনত তেওঁলোকৰ ভূমিকা যিমান বৈচিত্ৰময়, সিমানেই তেওঁলোকে শিকোৱা বিষয়বোৰো বৈচিত্ৰময়।

শিক্ষক হোৱা মানে কেৱল পাঠ্যক্ৰম অনুসৰণ কৰা নহয়, এয়া জ্ঞান অম্বেষণৰ শিখা জ্বলোৱাৰ নাম, এয়া
বিভিন্ন ক্ষেত্ৰত বাধাসমূহ নেওচি, হীনমন্যতা দূৰ কৰাৰ নাম শিক্ষক। প্ৰত্যাহ্বানৰ সন্মুখীন হ’লে ধৈৰ্য্য ধাৰণ কৰি স্থিতিস্থাপকতা দেখুওৱা, আৰু নিজৰ ক্ষমতাৰ ওপৰত অটল বিশ্বাস দেখুওৱাৰ নাম প্ৰকৃত শিক্ষক। আমাৰ শ্ৰেণীকোঠাৰ দেৱালবোৰে এনে কৰ্মৰাজী, এই নীৰৱ ত্যাগ আৰু অকথিত পাঠৰ সাক্ষ্য বহন কৰি আহিছে।

শিক্ষকসকলে প্ৰায়ে আমাৰ জীৱনত কেৱল সাধাৰণ শিক্ষক হিচাপেহে প্ৰৱেশ কৰে, কিন্তু তেওঁলোকে বন্ধু, পথ প্ৰদৰ্শক আৰু আমাৰ শক্তিশালী সহযোগী হিচাপে আমাৰ পৰা বিদায় লয়। তেওঁলোকে নিজৰ লগত কেৱল বছৰ বছৰ ধৰি কৰা শৈক্ষিক বিশেষজ্ঞতাই নহয়, জীৱনৰ অভিজ্ঞতাৰ সমৃদ্ধি কঢ়িয়াই লৈ , যিবোৰ তেওঁলোকে উদাৰতাৰে বিলাই ফুৰে। যিবোৰে আমাৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঢ় দিয়াত সহায় কৰে।

তেওঁলোকে দিয়া প্ৰতিটো এচাইনমেণ্ট, তেওঁলোকে কোৱা প্ৰতিটো কাহিনী, তেওঁলোকে সোধা প্ৰতিটো প্ৰশ্ন, আৰু আমাৰ লগত কটোৱা প্ৰতিটো অতিৰিক্ত মিনিট আমাক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা স্বৰূপ। কেৱল বিষয়ৰ জটিলতাৰ বিষয়ে নহয়, জীৱনৰ জটিলতাৰ বিষয়েও শিকায়। তেওঁলোকে প্ৰদান কৰা মূল্যবোধ আৰু নৈতিকতা আমাৰ শ্ৰেণীকোঠাৰ চাৰিদেৱালৰ বাহিৰলৈ ওলাই অহাৰ বহুদিনৰ পিছতো আমাক পথ প্ৰদৰ্শন কৰি থাকে।

আমি ছাত্ৰ-ছাত্ৰীসকলে দিনটোৰ শেষত বেল বাজিবলৈ অপেক্ষা কৰি থকাৰ সময়তে আমাৰ শিক্ষাগুৰুসকলে স্কুলৰ বাহিৰত অগণন ঘণ্টা ব্যয় কৰি পাঠ প্ৰস্তুত কৰে, আমাৰ এচাইনমেণ্ট শুধৰাই দিয়ে, কৰ্মশালাত অংশগ্ৰহণ কৰে, আৰু তাৰ পিছতো পিছদিনা তেওঁলোকে মুখত হাঁহি বিৰিঙাই ওলাই আহি আন এটি জীৱন সলনি কৰিবলৈ অপেক্ষা কৰি থাকে।

আজিৰ পৃথিৱীখন সদায় সলনি হৈ আছে। নতুন প্ৰযুক্তিৰ উত্থান ঘটিছে, আৰু বিশ্বৰ পৰিৱেশ সলনি হৈছে। তথাপিও এই পৰিৱৰ্তনৰ মাজত আমাৰ শিক্ষকসকল আমাৰ ধ্ৰুৱক। তেওঁলোকৰ পদ্ধতি তথা শিক্ষাও বিকশিত হৈ থাকে , তেওঁলোকৰ সঁজুলিসমূহ আপডেট হৈ থাকে, কিন্তু তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্য একেই থাকে: সেয়া হল – আমি কেৱল জ্ঞান, শিক্ষাৰে সু-সজ্জিতই নহয়, বৰঞ্চ সুগঠিতও হও।

যদিও আজিৰ স্বাৰ্থপৰ যুগত আত্মবিভোৰ আৰু কেৱল নিজৰ কথা চিন্তা কৰা তথাকথিত শিক্ষকৰ অভাৱ নাই।

সন্মানীয় অতিথিবৃন্দ আৰু প্ৰিয় বন্ধুসকল!

এই উপলক্ষে আহক আমি আমাৰ শিক্ষকসকলক এক বিশেষ উপহাৰৰ শৰাই আগবঢ়াওঁ …
কেৱল ফুল আৰু কাৰ্ডৰ উপহাৰ নহয়,
কেৱল শিক্ষক দিৱস উদযাপনৰ উপহাৰ নহয়,
শিক্ষক দিৱসত কেৱল কলম আদিৰ উপহাৰ নহয়,

বৰঞ্চ এই উপহাৰ হৈছে তেওঁলোকক সন্মান আৰু মূল্য প্ৰদানৰ প্ৰতিশ্ৰুতিৰ,
তেওঁলোকৰ নীতিসমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিৰ,
তেওঁলোকৰ কথা অনুসৰণ কৰি জীৱন আৰু সমাজখন সলনি কৰাৰ প্ৰতিশ্ৰুতিৰ,
আৰু নিজৰ শ্ৰেষ্ঠ সংস্কৰণ হৈ তেওঁলোকক গৌৰৱান্বিত কৰাৰ প্ৰতিশ্ৰুতিৰ।

বৰঞ্চ এই সকলোবোৰ হাদিয়া আৰু উপহাৰৰ বাবে কোনো বিশেষ দিন, কোনো বিশেষ দিৱসৰ প্ৰয়োজন নাই বুলি কোৱাটো অধিক উপযুক্ত বুলি আমি ভাবিব লাগে। যিকোনো সময়ত এই সকলোবোৰ কৰ্মৰ প্ৰতিশ্ৰুতি দিব পাৰে, যিকোনো সময়ত আপুনি নিজৰ শিক্ষকসকলক গৌৰৱ অনুভৱ কৰাব পাৰে।

প্ৰিয় শ্ৰোতা আৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল!
এজন শিক্ষকক সন্মান কৰা মানে তেওঁ কোৱা কথাবোৰ মানি চলা।
শিক্ষকক সন্মান কৰা মানে তেওঁৰ আদেশ পালন কৰা।
এজন শিক্ষকক গুৰুত্ব প্ৰদান কৰা মানে তেওঁলোকৰ ইচ্ছাৰ যত্ন লোৱা,
এজন শিক্ষকক কদৰ কৰা মানে প্ৰতিদিনে তেওঁলোকৰ হোমৱৰ্কবোৰ সম্পূৰ্ণ কৰা।
শিক্ষকক respect কৰা মানে তেওঁৰ নিৰ্দেশনা অনুসৰি নিজৰ জীৱনটো পৰিচালনা কৰা ।

সামৰণিত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জীৱনৰ সফলতাৰ আচল ৰহস্যটো….। আপুনি, আমি সকলোৱে জানো…..আৰু যদি আপুনি নাজানে তেন্তে আপোনালোকে জনা উচিত যে:


প্ৰতিজন সফল ব্যক্তিৰ আঁৰত আছে এজন সফল শিক্ষকৰ ছাঁ থাকে,
প্ৰতিজন সফল ব্যক্তিৰ জীৱনত বিভিন্ন শিক্ষকৰ মাজতো এজন বিশেষ শিক্ষক থাকে,
প্ৰতিজন সফল ছাত্ৰৰ সফল জীৱনৰ ৰহস্য এটি গোপনে থাকি ভালপোৱা চুপা ৰুস্তুমত লুকাই আছে,
আত্মত্যাগী শিক্ষকে প্ৰতিজন বিখ্যাত আৰু ইহজগত আৰু পৰজগত, দুয়োটাৰ বিজয়ী জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে…

সেইদৰে আপোনাৰ জীৱনতো—
নিশ্চয় এনে এক বিশেষ কণ্ঠ থাকিব লাগিব, যিয়ে নিজৰ গভীৰ মাতেৰে আপোনাক সদায় সজাগ কৰি ৰাখিব,
আপোনাক বুজি পোৱা, জীৱনৰ প্ৰতিটো শিক্ষা সহজে বুজাব পৰা বিশেষ কোনোবা এজন থাকিব লাগিব,
প্ৰতিটো বাধা আঁতৰাই, প্ৰতিটো শিলকে মমলৈ ৰূপান্তৰিত কৰা শক্তি থাকিব লাগিব,

আপোনাৰ জীৱনতো—
প্ৰতিটো ক্ষেত্ৰতে পথ প্ৰদৰ্শন কৰা এজন প্ৰদৰ্শকৰ প্ৰয়োজন,
প্ৰতিটো বিষয় সহজেই বুজাব পৰা বা বুজাই দিয়াৰ ব্যৱস্থা কৰিব পৰা এজন দক্ষ ব্যক্তিৰ প্ৰয়োজন,
প্ৰয়োজন সদায় অনুপ্ৰাণিত, প্ৰেৰণা যোগোৱা এজন ইতিবাচক ব্যক্তিত্বৰ,
প্ৰয়োজন এনে এজন নিৰ্ভৰযোগ্য ব্যক্তিত্বৰ, যিয়ে পূৰ্বতে অসম্ভৱ বুলি ভবা উচ্চতালৈ আপোনাক লৈ যাব পাৰে,

         কেতিয়াবা বন্ধু হৈ, কেতিয়াবা ভাতৃ হৈ ...
         কেতিয়াবা পুলিচৰ দৰে , কেতিয়াবা প্ৰশিক্ষকৰ দৰে ,
         কেতিয়াবা মলম হৈ , কেতিয়াবা শীল হৈ,
         কেতিয়াবা পানীৰ দৰে শীতল হৈ , কেতিয়াবা ঢৌৰ দৰে দৃঢ় হৈ...

কেইটামান কবিতাফাকিৰে আজিৰ বক্তব্য সামৰিছোঁ…

পথপ্ৰদৰ্শকো হয়, সঙ্গীও হয়, আৰু হয় জাতিদৰদী আমাৰ,
শিক্ষক হয় সকলো জাতিৰ, হয় নিৰ্মাতা আমাৰ।

পিতৃ-মাতৃ আৰু শিক্ষক সকলো ভগৱানৰ কৃপা
তেওঁলোকৰ সপক্ষে আপোনাৰ আশীৰ্বাদ

শেষত আমি সকলো শিক্ষাগুৰুসকলক আন্তৰিক ধন্যবাদ জনাইছো। আমি তেওঁলোকৰ ক্ষমা, স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰোঁ। আমাৰ সৃষ্টিকৰ্তা মহান গৰাকীয়ে তেওঁলোকক চিৰন্তন জান্নাতত স্থান প্ৰদান কৰক, তেওঁলোকৰ পদমৰ্যদা বৃদ্ধি কৰক, তেওঁলোকক সুস্থ জীৱন প্ৰদান কৰক… তেওঁলোকৰ অধিক সফলতা আৰু বিকাশৰ আশীৰ্বাদ হওক। আৰু পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ জীৱন শান্তি আৰু সুখেৰে পৰিপূৰ্ণ হওক । আমিন।

কলম- এম ইউছুফ কাছিমী (এম এ, বিএড, আদব)

———সম্পাদক NE PEACE