কোৰ-আন, হাদীছৰ অপব্যাখ্যাঃ গৱেষণা নে বিকৃতি।

কোৰ-আন আৰু হাদীছৰ ব্যাখ্যা কৰিবলৈ বিশেষ গুণ আৰু যোগ্যতাৰ প্ৰয়োজন হয়। যধে-মধে অপব্যাখ্যা কৰাটো ইছলামীয় দৃষ্টিত হাৰাম। বিশ্ব নবী (চঃ) য়ে এনে শ্ৰেণীৰ লোকৰ পৰিণাম অতি ভয়ংকৰ বুলি কৈছে। নবী (চঃ)-য়ে কৈছে, যিসকলে মোৰ বিষয়ে মিছা অপবাদ আৰোপ কৰিব, তেওঁলোকে যাতে নিজৰ ঠিকনা জাহান্নাম বনাই ল’য়। (বুখাৰী হাদীছ নং১২৯১)
ইয়াৰ পৰা স্পষ্টকৈ বুজা গ’ল মিথ্যাবাদী সকলৰ পৰিণাম অতি ভয়ংকৰ। কিয়ামতৰ দিনা এনে শ্ৰেণীৰ লোকসকলে দোজখৰ জুইত ধপধপাই জ্বলিব। সমাজত এনে এক শ্ৰেণীৰ লোকক তেনে কৰ্মত লিপ্ত হোৱা দেখা যায়। তেওঁলোকে নিজকে কোৰআন আৰু হাদীছৰ পাৰ্গত বুলি প্ৰতিপন্ন কৰিবলৈ গৈ মিথ্যাৰ আশ্ৰয় লোৱাটো অতি আপত্তিজনক বিষয়। বিগত দিনত এগৰাকী ডিগ্ৰীধাৰী বেৰেলি আলিমে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক সমৰ্থন জনাবলৈ গৈ মিথ্যাৰ জালত আৱদ্ধ হোৱা দেখা গৈছে। তেওঁ নিদিষ্ট দলটোক কোৰ-আন আৰু হাদীছৰ পৰা প্ৰতিপন্ন কৰিব বুলি দাবী উত্থাপন কৰিছে। অসমৰ সমস্ত মুছলমানক নিদিষ্ট দলটোক সমৰ্থন জনাবলৈ আহ্বান জনাইছে। মুছলমানে সমৰ্থন কাক কৰিব সেইটো নিজস্ব অধিকাৰ। এনেকৈ দুই-এজনে টেটু ফালি চিঞৰি সামাজিক মাধ্যমত তোলপাৰ লগালে। সমগ্ৰ মুছলমান জাতিক তেওঁক প্ৰতিনিধিত্ব নকৰে। (মহান আল্লাহে তেখেতক বুজাৰ তৌফিক দিয়ক। আমিন…

মুফতী মফিদুল ইছলাম ক্বাছিমী (ছয়গাঁও)

Leave a Comment