ৰমজানৰ ৰোজা আৰু বাস্তৱমূলক শিক্ষা

Share :

কলিমা, নামাজ, যাকাত, ৰোজা আৰু হজ্জক ইছলামে বূনিয়াদ বা ভেটি বুলি ঘোষণা কৰিছে। ইছলামে এনে এক সমাজ আৰু সাংস্কৃতিক সৌধ নিৰ্মাণ কৰিব বিচাৰে য’ত ধনী আৰু দূখিয়াৰ মাজত কোনো ভেদাভেদ নাথাকে, য’ত সকলোৱে ন্যায় লাভ কৰে আৰু ন্যায় সহজলভ্য হয়। এনে এক সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰে য’ত সমাজৰ নিপীড়িত জনতাৰ অধিকাৰ ঘূৰাই দিয়া হ’ব, এতিম সকলৰ খা-খবৰ লোৱা হ’ব, তেওঁলোকৰ সকলো প্ৰকাৰৰ ব্যৱস্থা লোৱা হ’ব| সেইবাবেই ইছলামে এই পাঁচটা বিষয় ভেটি হিচাপে ঘোষণা কৰিছ। তাৰে ভিতৰত ৰমজানৰ ৰোজাৰ ভূমিকা বিশেষ ভাৱে উল্লেখনীয়।

আল্লাহ ছূবহানাহু ৱাতালাই ৰমজানৰ ৰোজা ফৰজ কৰি কৈছে, ‘হে ঈমানদাৰসকল! তোমালোকৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰা হ’ল যিদৰে তোমালোকৰ পূৰ্বৱৰ্তী নবীসকলৰ উমমতৰ ওপৰত ফৰজ কৰা হৈছিল। যাতে তোমালোকে সংযমী আৰু (খোদাভিতি) বিশুদ্ধতা হাচিল কৰিব পাৰা।’ 

(আল কোৰআন, ছূৰা আল-বাকাৰা : ২, আয়াত  : ১৮৩)

ৰমজানৰ ৰোজাৰ উপকাৰিতা লাভ কৰিবলৈ আমি  ৰমজানৰ প্ৰতিটো বিধি-বিধান ন্যায়-নিষ্ঠাৰে পালন কৰিব লাগিব। ৰমজানৰ ৰোজাই আমাক কি গুণেৰে গঢ়ি তুলিব বিচাৰে সেই সম্পর্কে আমি জানিব লাগিব। ৰমজানৰ শেষত সেই গুণ বা বৈশিষ্ট্য আমাৰ মাজত প্ৰতিফলিত হ’ব লাগিব তেতিয়াহে ৰমজানৰ ৰোজা ৰখাৰ স্বাৰ্থকতা পূৰ্ণ হ’ব। অন্যথাই আমি কেৱল এমাহ নোখোৱাকৈ থকাৰ বাহিৰে অ‌ইন একো নহ’ব। ৰমজানৰ ৰোজা ৰখাৰ ফলস্বৰূপে নিম্নোক্ত গুণ সমূহ ৰোজাদাৰৰ মাজত প্ৰতিফলিত হ’ব‌ লাগিব–

১.খ‌ওফে খোদা’ বা আল্লাহৰ প্ৰতি ভয় :

 মূমিনৰ এক বিশেষ গুণ। ৰোজাই আল্লাহৰ প্ৰতি ভয় সৃষ্টিত অৰিহণা যোগায়। এজন ৰোজাদাৰে আল্লাহৰ ঘোষিত নিৰ্দেশনাত ৰোজা পালন কৰি তাৰ পূণ্য লাভ কৰিবলৈ কোনো প্ৰকাৰৰে ছাল-চাতুৰিৰ আশ্ৰয় নলয়। কিয়নো তেওঁ বিশ্বাস কৰে যে আল্লাহে সকলো দেখি আছে। এই ভয় থকাৰ বাবেই ৰোজাদাৰে দৰ্জা বন্ধ কৰি কোঠাৰ ভিতৰতো আহাৰ কৰিব নোৱাৰে বা পুখুৰীত ডুব মাৰি পানী খাব নোৱাৰে নাইবা হোটেলৰ পৰ্দা লগোৱা কেবিনত চাহ-জলপান কৰিব নোৱাৰে। এইয়া মানুহৰ প্ৰতি ভয় কৰি বিৰত নাথাকে, একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ অসন্তুষ্টিৰ পৰা ৰেহাই পাবলৈ ৰোজাদাৰে সমূহ পানাহাৰৰ পৰা বিৰত থাকে। 

সেই বাবেই হদীছে কুদছীত ৰোজাৰ ফজিলত এনেদৰে বৰ্ণনা কৰা হৈছে-

হজৰত আবূ হুৰাইৰা (ৰা) পৰা বৰ্ণিত। আল্লাহৰ ৰচূল (ছ) এ কৈছে: আল্লাহতায়ালাই কৈছে, ‘ছওম (ৰোজা) ব্যতীত আদম সন্তানৰ প্ৰতিটো কামেই তাৰ নিজৰ বাবে, কিন্তু ৰোজা মোৰ বাবেই। সেয়ে ময়েই ইয়াৰ প্ৰতিদান দিম।’ (ছহীহুল বূখাৰী, অধ্যায়/৭৭ : কিতাবুছ ছওম, অনুচ্ছেদ/৭৮ :  মিছকৰ বৰ্ণনা, হদীছ-৫৯২৭)

২. দৃঢ়তা অজৰ্ন আৰু নিয়মানুবৰ্তিতা:

দৃঢ়তা অৰ্জন ৰোজাৰ আন এক অৱদান। মানুহে জীৱনত দৃঢ়তা বা কোনো মত বা সিদ্ধান্তত অটল হৈ থাকিব পাৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰে, এবাৰ এটা মত পিছ মূহৰ্ততে আন এক মত অবলম্বন কৰিলে সেই মানুহৰ কেতিয়াও উন্নতি নহয় তথা সেই মানুহে কেতিয়াও মহৎ কাম সাধন কৰিব নোৱাৰে। হদীছত মোমিন সকলক খেজূৰ গছৰ লগত সৈতে তূলনা কৰা হৈছে। তাৰ অৰ্থ খেজুৰ গছ যেনে পোন হৈ থাকে ঠিক তেনেকৈ মোমিন সকলো সৰ্বপ্ৰকাৰৰ বিপদৰ সময়ত ধৈৰ্য্যৰে সৈতে তাৰ সন্মুখীন হয়। ৰোজাৰ জৰিয়তে মূমিন সকলৰ এই গুণ সৃষ্টি হয়। শেষ ৰাতি চেহেৰীৰ পৰা সন্ধিয়া বেলি ডূবালৈকে প্ৰায় ১৪/১৫ ঘন্টা সময় নোখোৱাকৈ থাকি ৰোজা আদায় কৰা হয়।

          এই সময়ত ভোক-পিয়াহ লাগিলেও ৰোজাৰ পূণ্যৰ পৰা বঞ্চিত আৰু গুনাহৰ পৰা বাচি থকাৰ বাবে ৰোজা পূৰ্ণ কৰি নিৰ্দিষ্ট সময়ত ইফতাৰ কৰে। এনেদৰে ৰোজাই ব্যক্তিক নিয়মানুবর্তিতা আৰু দৃঢ়তা অৰ্জনত সহায় কৰে।

৩. ভ্ৰাতৃত্ববোধৰ সৃষ্টি:

 সামষ্টিক বা সন্মিলিত কাম ইছলামত পছন্দনীয়। ৰোজা যদিও ব্যক্তি কেন্দ্ৰিক ইবাদত তথাপি ৰোজাৰ আনুষঙ্গিক বহুত কাৰ্য সন্মিলিতভাবে কৰিব লাগে। ৰমজানৰ ৰাতিত তাৰাৱীহ নামাজ জামাত সহকাৰে আদায় কৰা হয়। ছেহেৰী আৰু ইফতাৰ একেই মূৱাজ্জিনৰ আজানত সকলোৱে আদায় কৰে। তাৰোপৰি ৰচূল (ছঃ) এ কৈছে, ‘যিজন ব্যক্তিয়ে কোনো এজন ৰোজাদাৰক ইফতাৰ কৰায় তাৰ বাবেও ৰোজাদাৰৰ সম পৰিমাণ ছ’ৱাব আছে। কিন্তু ইয়াত ৰোজাদাৰৰ পূণ্যৰ কোনো কম নহয়।’ (জামে- তিৰমিজী, অধ্যায়/৬ : আবওৱাবূছ ছওম, অনুচ্ছেদ/৮১  হদীছ-৭৫৪)

সেইবাবেই দেখা যায় যে প্ৰত্যেকেই ৰোজাদাৰক ইফতাৰ কৰোৱাৰ চেষ্টা কৰে। ৰোজাদাৰে ইফতাৰ কৰাৰ সময়ত দুই এজন ৰোজাদাৰক লগতলৈ ইফতাৰ কৰে কিছূমানে মছজিদত সন্মিলিত ভাৱে ইফতাৰ কৰাৰ বাবে ইফতাৰৰ সামগ্রী ক্ৰয় কৰিও দিয়ে। কিছুমানে ৰোজাদাৰ সকলক ইফতাৰ কৰোৱাৰ উদ্দেশ্যে নিমন্ত্ৰণ কৰাও দেখা যায়। এনে তৎপৰতাৰ বাবে মুছলমান সকলৰ মাজত ভ্ৰাতৃত্ববোধ আৰু দলবদ্ধ কৰ্ম স্পৃহা সৃষ্টি হয়। হিংসা, শত্ৰুতা পাহৰি সকলোৱে মিলা প্ৰীতি আৰু ভ্ৰাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰাৰ বাবে ৰোজাই অন্যতম ভূমিকা পালন কৰে ।

এই ক্ষেত্ৰত দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ) ৰ এটা বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে- ‘জামাত বিহীন ইছলাম নহয়, আমীৰ নোহোৱাকৈ জামাত নহয় আৰু আনুগত্য নোহোৱাকৈ আমীৰ নহয়।’ 

(চূনান আদ-দাৰিমী, মুকাদ্দিমা, অনুচ্ছেদ/২৬: ইলমৰ প্ৰস্থান, নম্বৰ-২৫৭ ; জামি বয়ানূল ইলম, নম্বৰ- ৩২৬)

৪.সকলো পাপ-পঙ্কিলতাৰ পৰা বাচি থকাৰ প্ৰশিক্ষণ:

 মানুহে পাপ আৰু অপৰাধত আসক্ত হৈ পৰাৰ অন্যতম কাৰক হৈছে দুই উৰুৰ মধ্যবর্তীস্থল আৰু জিভা। ৰোজাই এই দুয়োটা বিষয়কে নিয়ন্ত্ৰনত ৰাখে। কিয়নো ৰোজা ৰাখি এজন ৰোজাদাৰে অহেতুক কথা বতৰা, গালি-গালাজ, কুৎসা, পৰনিন্দা আদি কৰিব নোৱাৰে। আৰু এইবোৰ পৰিত্যাগ কৰিব নোৱাৰিলে তেওঁৰ ৰোজা ৰখাৰ কোনো মূল্য নাই। এই বিষয়েই নিম্নোক্ত হদীছটোত কোৱা হৈছে-

আবূ হুৰাইৰা (ৰা) ৰ পৰা বৰ্ণিত। তেওঁ কৈছে, ৰচূল (ছাঃ) এ কৈছিল, ‘যি ব্যক্তিয়ে মিছা কথা কোৱা আৰু সেই অনূযায়ী কৰ্ম পৰিত্যাগ নকৰে তেওঁৰ এই পানাহাৰ পৰিত্যাগ কৰাটোত আল্লাহৰ কোনো প্ৰয়োজন নাই।’

 (ছহীহুল বূখাৰী, অধ্যায়/৩০ : হদীছ-১৯০৩)

ৰোজাই যৌন স্পৃহাও দমন কৰি ৰাখে। যিয়ে যুৱক সকলক পাপাচাৰ আৰু ব্যভিচাৰৰ পৰা দূৰত ৰাখে। সেইবাবে ৰোজা যুৱক সকলৰ বাবে বহুত উপকাৰী। আব্দুল্লাহ ইবনে মাছউদ (ৰাঃ) এ বৰ্ণনা কৰিছে, ‘হে যুৱ সমাজ! তোমালোকৰ মাজত যি সকলৰ বিবাহ কৰাৰ সামৰ্থ আছে তেওঁলোকে যেন বিবাহ কৰে। কিয়নো বিবাহে দৃষ্টি শক্তিক সংযত ৰাখে আৰু লজ্জাস্থানৰ সংৰক্ষণ কৰে। আৰু যাৰ বিবাহ কৰাৰ সামৰ্থ নাই তেওঁ যেন ৰোজা ৰাখে। কিয়নো ৰোজাই তেওঁৰ যৌন স্পৃহাক দমন কৰি ৰাখিব। 

(ছহীহুল বূখাৰী, অধ্যায়/৬৭ হদীছ-৫৫৬৬) 

গতিকে ৰোজা পাপাচাৰ আৰু অপৰাধ প্ৰতিৰোধৰ আমোঘ অস্ত্র হিচাপে প্ৰমাণিত। ইয়াৰ অনুশীলনে সমাজক শান্তিৰ আলয়লৈ পৰিবৰ্তীত কৰি দিয়ে।

৫. দুখিয়াৰ প্ৰতি সহানূভূতিশীল : 

সমাজৰ অভাৱী আৰু দূখিয়াৰ প্ৰতি সহায়-সহযোগিতা আগবঢ়োৱাৰ মনোভাৱ সৃষ্টিত ৰোজাৰ অৰিহণা বহুত। দুখিয়াসকলৰ প্রতি যাতে সমাজৰ প্ৰতিজন স্বাৱলম্বী মানুহে খবৰ ৰাখে। তেওঁলোকৰ খোৱা-বোৱাৰ ব্যবস্থা কৰে সেইবাবে ইছলামে ৰমজানত জনপ্ৰতি ফিতৰা আদায়ৰ নিৰ্দেশ দিছে৷ ইয়াৰ আন এটা কাৰণ হৈছে ৰমজানৰ শেষত ঈদুল ফিতৰত যাতে দূখিয়াসকলেও  ঈদৰ আনন্দত অংশগ্রহণ কৰিব পাৰে। 

ইবনে ওমৰ (ৰাঃ) এ কৈছে, ‘ৰচুলুল্লাহ (ছঃ)এ ঈদৰ দিনা ৰাতিপুৱা ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই ছাদকা আদায় কৰাৰ নিৰ্দেশ দিছিল।’ 

(ছহীহুল বূখাৰী, অধ্যায়/২৪, হদীছ-১৫০৯) অফুৰন্ত কল্যাণ আৰু উপকাৰিতা লৈ এই পৱিত্ৰ ৰমজান প্ৰতি বছৰে আমাৰ মাজত আহি উপস্থিত হয়।

 সাৰকথা হ’লঃ

 এই মাহত আল্লাহে ৰোজাৰ জৰিয়তে পৰৱৰ্তী এঘাৰ মাহত কিদৰে চলিব লাগে তাৰেই প্ৰশিক্ষণ দিয়ে। বছৰৰ শেষত যেতিয়া ৰোজাৰ শিক্ষা আমি পাহৰি পেলাও ঠিক সেই সময়তে আকৌ ৰমজানৰ কাঁচি জোন আহি আমাৰ চোতালত পোহৰ মেলে।