অসমীয়া মুছলমানৰ চমু ইতিহাস

Share :

অসমীয়া মুছলিম সকলৰ বিষয়ে কিছু কথা
(১) ১৮৮৫ চনত প্রয়াত ওচমান আলী সদাগৰ চাহাবৰ পিতৃ দৌলত উল্লা শ্বেখে পৰিয়ালৰ সৈতে নগাওঁ জিলাৰ আলিটাঙনি গাঁৱত স্থায়ীভাবে বসতিস্থাপন কৰে।
.
(২) ১৯০২ চনত নিজা মাটি দান দি তাত অসমীয়া মাধ্যমৰ এখন বিদ্যালয় স্থাপন কৰে। অসমত এইখনেই পূর্ববংগীয় মুছলিমসকলৰ প্রথম অসমীয়া প্রাথমিক বিদ্যালয়। ইয়াৰ পিছত হে নগাওঁত অসমীয়া মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠা হয়।
.
(৩) ১৯০১ চনত কটন কলেজত আৰু ১৯১৭ চনত প্রথম সাহিত্য সভা অধিবেশন বহোতে সেই অধিবেশনলৈ সেই সময়ত দহ টকা ৰূপদান দিয়ে প্রয়াত ওচমান আলী সদাগৰে।
.
(৪) ১৯২৭ চনত নিজা মাটি দানেৰে আলিটাঙনি ওচমানীয়া হাইস্কুল প্রতিষ্ঠা কৰে।
.
(৫) ১৯৩৭ চনত অসম বিধান পৰিষদৰ নির্বাচন হয়। এই নির্বাচনত অসম উপত্যকাত ১৩টা মুছলিম সমষ্টি আছিল। এই নির্বাচনত নগাওঁ ওচমান আলী সদাগৰ, আমিৰ উদ্দিন, বৰপেটাৰ আব্দুল কুদ্দুছ আৰু গোৱালপাৰাৰ দুজনসহ পাচঁজনীয়া গোটে ছাৰ ছাদুল্লাৰ মুছলিম লীগক সমর্থন নিদি শ্রীযুত গোপীনাথ বৰদলৈক চৰকাৰ গঠনৰ সুবিধা দি অসমক বংগদেশৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা মুছলিমসকলেই কৰিছিল। বিশেষভাবে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাত বংগীয় মুলৰ মুছলিমসকলৰ অৱদান অতুলনীয়।
.
(৬) ১৯২৫ চনত ডিচেম্বৰ মাহৰ ২৭,২৮,২৯ আৰু ৩০ তাৰিখে তেতিয়া নগাওঁ জুবলীফিল্ডত অসমৰ স্বনামখ্যাত সাহিত্যিক শ্রীযুত চন্দ্রধৰ বৰুৱাৰ সভাপতিত্বত চাৰিদিনিয়াকৈ এখন ডাঙৰ সভা বহিছিল। সেই সভাত অসমীয়া আৰু বংগীয়মুলৰ মুছলিমৰ মাজত একতা, বন্ধুত্ব আৰু উমৈহতীয়া উন্নতিৰ বিষয়ে মৌলবী আফাজুদ্দিন আৰু মৰহুম ওচমান আলী সদাগৰ চাহাব দ্বয়ে দীঘলীয়া ভাষণত বংগীয়মুলৰ মানুহৰ ভাষা সংস্কৃতি গ্রহণত অৰিহণাৰ বিষয়ে কয়, তেতিয়াই সভাত উপস্থিত সাহিত্যিক বুদ্ধিজীৱিসকলে অসমৰ দেশীয়লোক বুলি আপোন হিচাপে গ্রহণৰ স্বীকৃতি দিছিল।
.
(৭) ১৯৫৬ চনত ভাষাৰ ভিত্তিত ৰাজ্যপুণৰ গঠনত গোৱালপাৰা আৰু ধুবৰি জিলা বংগদেশৰ লগত চামিল হোৱাৰ পৰা মিঞাঁ মুছলিমসকলেই ৰক্ষা কৰিছিল।
.
(৮) ১৯৬০ চনত অসমৰ ভাষা আন্দোলনত মিঞাঁ মুছলিমসকলে অসমীআই মাওৰাত অসমীয়া ৰক্ষা কৰিবলৈ উঠিপৰি আন্দোলন কৰিছিল আৰু আন্দোলনত ওমৰ আলী, মফিজুদ্দিন এইদুজনৰ মৃত্যু হৈছিল। লগতে কাছাৰ জিলাতো এই আন্দোলনত ১১জন মুছলিমৰ মৃত্যু হৈছিল।
.
(৯) সেই সময়তে অসমৰ বিভিন্ন জিলাৰ পৰা মিঞাঁ মুছলিমসকলে মাতৃভাষাৰ অসমীয়া স্বীকৃতি গ্রহণৰ হকে চকাৰৰ ওচৰত প্রতিনিধিদল গৈছিল। সেই প্রতিনিধিদলত অসমৰ দৰং জিলাৰ পৰা মৰহুম হাজী নাছিমুদ্দিন, হাজী ছুলেমন আলী আৰু গেন্দা চিকাৰী আদি কেইজনমানে তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলংলৈ গৈছিল।
.
(১০) ১৯৬৯ চনত ইন্দিৰা গান্ধী চৰকাৰে বঙাইগাওঁ তেলশোধানাগাৰক বিহাৰৰ বাৰানসীলৈ স্থান্তৰৰ বাবে চেষ্টা চলাইছিল। সেইসময়ত অসমৰ একমাত্র ছাত্র সংগঠন আছুক মিঞাঁ মুছলিমসকলে বিশেষ সহযোগীতা আগবঢ়াই প্রতিবাদ সাব্যস্ত কৰিছিল, উল্লেখ্য যে সেই প্রতিবাদৰ বাবে বহুছাত্রক পুলিচৰ দ্বাৰা বন্দী কৰা (এৰেষ্ট) হৈছিল তাৰ ভিতৰত মোৰ দেউতাও আছিল অন্যতম।