____ মৌলানা নুৰুল আমিন কাছিমী
ইছলাম হৈছে সৃষ্টিকৰ্তা মহান আল্লাহৰ দ্বাৰা প্ৰেৰিত ধৰ্ম আৰু এক সম্পূৰ্ণ জীৱন ব্যৱস্থা। এই ধৰ্মৰ মূলভেটি পাঁচটা। তাৰে প্ৰথম আৰু মৌলিক ভেটি হৈছে — ঈমান বা তৌহীদ (একত্ববাদ)।
ঈমানৰ অৰ্থ হৈছে বিশ্বাস। সৃষ্টিকৰ্তা আল্লাহক এক বুলি বিশ্বাস কৰা, তেওঁৰ সত্তা, গুণাৱলী আৰু ক্ষমতাত কাৰো অংশীদাৰিত্ব স্থাপন নকৰা। আৰু আল্লাহৰ একত্ব, অদ্বিতীয়তা, গুণ আৰু ক্ষমতাক অকপটে স্বীকাৰ কৰাকে তৌহিদ বুলি কোৱা হয়।
◼️ তৌহীদ কি?
তৌহীদ বা একত্ববাদক স্বীকাৰ নকৰাকৈ এজন ব্যক্তি মুছলমান হ’বই নোৱাৰে। মহান আল্লাহক এক বুলি বিশ্বাস আৰু স্বীকাৰ কৰাটো এজন মুছলমানৰ মৌলিক কৰ্তব্য। ইছলামৰ কলিমা বা মূলমন্ত্ৰ “লা – ইলাহা ইল্লাল্লাহু মুহম্মাদুৰ ৰাছুলুল্লাহ” ৰ অৰ্থ হল এক আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই আৰু হজৰত মহম্মদ ছঃ আল্লাহৰ দাস (বান্দা) আৰু তেওঁৰ প্ৰেৰিত দূত (ৰছুল)।
আল্লাহ এক আৰু অদ্বিতীয়। তেওঁৰ সমতুল্য আৰু সমকক্ষ কোনো নাই। মানুহৰ ভাগ্যত হোৱা সকলো ভাল বেয়া তেওঁৰ ইচ্ছাতে হয়। সকলো তেওঁৰ ইচ্ছাধীন। তেওঁ অনাদি, অনন্ত। তেওঁক কোনো জন্ম দিয়া নাই। তেৱোঁ কাকো জন্ম দিয়া নাই। তেওঁ সকলোকে সৃষ্টি কৰিছে।
পৱিত্ৰ কুৰআন ছুৰা এখলাচত আল্লাহ পাকে কয় :
قُلْ هُوَ اللَّهُ أَحَدٌ اللَّهُ الصَّمَدُ لَمْ يَلِدْ وَلَمْ يُولَدْ
وَلَمْ يَكُن لَّهُ كُفُوًا أَحَدٌ
অৰ্থ : “তুমি কোৱা, তেওঁ (আল্লাহ) এজন। তেওঁ কাৰো মুখাপেক্ষী নহয়। তেওঁ কোনো সন্তান জন্ম দিয়া নাই আৰু তেওঁকো কোনো জন্ম দিয়া নাই। আৰু তেওঁৰ সমতুল্য কোনো নহয়।”
এই ছুৰাটোত কেবাটাও বিষয় মন কৰিবলগীয়া:
◾১. “قُلْ هُوَ اللَّهُ أَحَدٌ” — আল্লাহ সত্তাত একত্ব— এই আয়াতটোত বুজোৱা হৈছে যে —
• আল্লাহ একমাত্ৰ সৃষ্টিকৰ্তা আৰু উপাস্য। তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই।
• ইয়াত أحد শব্দৰ অৰ্থ “অদ্বিতীয়” — অৰ্থাৎ তেওঁৰ দৰে কোনো দ্বিতীয় সত্তা নাই।
• আল্লাহৰ সত্তা ভাগ কৰিব পৰা, তুলনা কৰিব পৰা বা অন্য কোনো শক্তিৰ সৈতে মিলাব পৰা নহয়।
• ইয়াত তৌহীদৰ প্ৰথম স্তৰ (তৌহীদ ফিজ-জাত ) স্পষ্টকৈ প্ৰকাশ পাইছে।
◾২. “اللَّهُ الصَّمَدُ” — আল্লাহ গুণাৱলীত একত্ব— এই আয়াতৰ জৰিয়তে ষ্পষ্ট হৈছে যে —
• আল্লাহৰ স্বয়ংসম্পূর্ণতা আৰু নিঃস্বাৰ্থতা প্ৰকাশ পাইছে।
• ইয়াত “الصمد” ৰ অৰ্থ হল— যিজনে সকলোৰে প্ৰয়োজন পূৰণ কৰে, কিন্তু নিজে কাৰো মুখাপেক্ষী বা কাৰো ওপৰত নিৰ্ভৰশীল নহয়। তেওঁ সম্পূৰ্ণ, নিঃস্বাৰ্থ আৰু চিৰস্থায়ী।
• এই আয়াতত তৌহীদৰ দ্বিতীয় দিশ (তৌহীদ ফিচ-ছিফাত) প্ৰকাশ পাইছে।
◾ ৩. “لَمْ يَلِدْ وَلَمْ يُولَدْ” — আল্লাহৰ অতুলনীয়তা— ইয়াত বৰ্ণনা কৰা হৈছে যে –
• আল্লাহৰ কোনো সন্তান নাই আৰু তেৱোঁ কাৰো সন্তান নহয়।
• ইয়াৰ দ্বাৰা আল্লাহৰ ওপৰত যিসকল, মানৱীয় গুণৰ সংমিশ্ৰণ বা মিথ্যা ধাৰণা সৃষ্টি কৰা হয়, সেয়া অস্বীকাৰ কৰা হৈছে। যেনে—
– “আমি সকলো আল্লাহৰ সন্তান”! ইছলামী দৰ্শনমতে এই বাক্যটো একেবাৰে ভুল। আল্লাহৰ কোনো সন্তান নাই। আমি আল্লাহৰ সন্তান নহয়, বৰঞ্চ আল্লাহৰ সৃষ্টি। যদি কোনোবাই আল্লাহৰ সন্তান বুলি কয় তেন্তে আল্লাহক মানুহৰ গুণ আৰু ক্ষমতাৰ সমতুল্য কৰা হয় যিটো গ্ৰহণযোগ্য নহয় অৰ্থাৎ ইয়াক ” শ্বিৰ্ক” (সৃষ্টিকৰ্তাৰ গুণাৱলী আৰু ক্ষমতাত অংশীদাৰিত্ব স্থাপন কৰা) বুলি গণ্য কৰা হয়।
৪. “وَلَمْ يَكُن لَّهُ كُفُوًا أَحَدٌ” — আল্লাহৰ তুলনা কাৰো সৈতে নহয়— ইয়াত স্পষ্টকৈ কোৱা হৈছে যে-
• আল্লাহৰ সমান, সাদৃশ্য বা প্ৰতিদ্বন্দ্বী কোনো নাই।
• তেওঁ একমাত্ৰ মহান সত্তা, যাৰ দৰে কোনো শক্তি, দেবতা বা উপাস্য হ’বই নোৱাৰে।
• ইয়াত তৌহীদৰ পূৰ্ণ ৰূপ (তৌহীদ ফিল-ইবাদাহ) প্ৰকাশ পাইছে।
• ষ্পষ্ট কৰিছে যে উপাসনা কেৱল আল্লাহৰ বাবে হ’ব লাগে।
• ষ্পষ্ট কৰিছে যে ইবাদত বা উপাসনাৰ ক্ষেত্ৰত আল্লাহৰ কোনো অংশীদাৰ নাই।
• ষ্পষ্ট কৰিছে যে আল্লাহৰ ওপৰত বিশ্বাস কৰা এজন ব্যক্তিয়ে তেওঁৰ বাহিৰে আন কাৰো উপাসনা বা আৰাধনা কৰিব নোৱাৰে।
(পৰ্ব-২)
◼️ শ্বিৰ্ক কাক আৰু তাৰ ভয়াবহতা কিমান :
ইয়াত আমি আলোচনা কৰোঁ আহক শ্বিৰ্কৰ বিষয়ে। হাদীছৰ বাক্য وحدہ لاشریک لہ (ৱাহদাহু লা শ্বৰীকা লাহু) ৰ অৰ্থ হল— তেওঁ এক, অদ্বিতীয়, তেওঁৰ সত্তা আৰু গুণাৱলীত কোনো অংশীদাৰ নাই।
এতেকে যদি তেওঁৰ সত্তা, গুণাৱলী আৰু উপাসনাত কোনোবাই কাৰোবাক তেওঁৰ শ্বৰীক (অংশীদাৰ) বা সমতুল্য জ্ঞান কৰে বা নিজৰ কাম কাজত এনে বস্তুৰ সংমিশ্ৰণ ঘটায় য’ত আল্লাহক কাৰোবাৰ সৈতে সমতুল্য কৰা দেখুৱায় তেতিয়া ইছলামী পৰিভাষাত তেওঁৰ এই কৰ্মক شرک”শ্বিৰ্ক” বুলি গণ্য কৰা হ’ব। যিটো সকলোতকৈ ডাঙৰ গুণাহ আৰু মহাপাপ ।
শ্বিৰ্ক হৈছে ঈমানৰ পৰিপন্থী। যাৰ ঈমান আছে তেওঁ শ্বিৰ্ক কৰিব নোৱাৰে। সামান্যতম শ্বিৰ্ক কৰিলেও মানুহ ঈমানৰ পৰা খাৰিজ (বাহিৰ) হৈ যায়।
শ্বিৰ্কৰ পৰা বাচি থাকিবলৈ আল্লাহ পাকে পৱিত্ৰ কুৰআনত বাৰম্বাৰ ঘোষণা কৰিছে :
১। ছূৰা লুকমানৰ আয়াত নং ১৩ ত সৃষ্টিকৰ্তাই হজৰত লুকমানৰ জৰিয়তে ঘোষণা কৰি কৈছে __
و إذ قال لقمان لإبنه يَا بُنَيَّ لَا تُشْرِكْ بِاللَّهِ ۖ إِنَّ الشِّرْكَ لَظُلْمٌ عَظِيمٌ-
অৰ্থ : “আৰু যেতিয়া লুকমানে তেওঁৰ পুত্ৰক কৈছিল, হে মোৰ পুত্ৰ! আল্লাহৰ সৈতে শ্বিৰ্ক নকৰিবা; নিশ্চয় শ্বিৰ্ক হৈছে এক মহা অন্যায়।”
২। ছূৰা যুমুৰৰ আয়াত নং ৬৫ ত কৈছে :
لَئِنْ أَشْرَكْتَ لَيَحْبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ الْخَاسِرِينَ-
“যদি তুমি (হে মুহাম্মদ) শ্বিৰ্ক কৰা, তেন্তে নিশ্চয় তোমাৰ সকলো আমল বিনষ্ট হৈ যাব আৰু তুমি ক্ষতিগ্ৰস্ত হ’বা।”
৩। ছূৰা নিচাৰ আয়াত নং ৪৮ ত কৈছে :
إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَنْ يَشَاءُ-
“নিশ্চয়ই আল্লাহ তেওঁৰ সৈতে শ্বিৰ্ক কৰা গুণাহ ক্ষমা নকৰে, কিন্তু ইয়াৰ তলৰ যিকোনো গুণাহৰ ক্ষেত্ৰত যাক ইচ্ছা ক্ষমা কৰি দিয়ে ।”
৪। ছুৰা মায়িদাহৰ ৭২ নং আয়াতত কৈছে :
إِنَّهُ مَن يُشْرِكْ بِاللَّهِ فَقَدْ حَرَّمَ اللَّهُ عَلَيْهِ الْجَنَّةَ وَمَأْوَاهُ النَّارُ
” যিজনে আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰে, আল্লাহে তেওঁৰ ওপৰত জান্নাত নিষিদ্ধ কৰিছে আৰু তেওঁৰ ঠিকনা হ’ল দোজখ।”
৫। ছুৰা বাক্বাৰাহ ৰ আয়াত নং ২২ সৃষ্টিকৰ্তাই ঘোষণা কৰিছে :
فَلَا تَجْعَلُوا لِلَّهِ أَندَادًا وَأَنتُمْ تَعْلَمُونَ-
” সেয়ে আল্লাহৰ সৈতে কাকো সমজ্ঞান নকৰিবা , যিহেতু তোমালোকে এয়া জানা ।”
এইসমূহ আয়াতৰ দ্বাৰা স্পষ্টভাৱে বুজা যায় যে শ্বিৰ্কৰ পৰা বাচি থাকিবলৈ সৃষ্টিকৰ্তা আল্লাহ পাকে কিমান তাকিদ কৰিছে ।
(পৰ্ব-৩)
◼️ শ্বিৰ্কৰ প্ৰকাৰ:
শ্বিৰ্কৰ অৰ্থ হল অংশীদাৰিত্ব স্থাপন কৰা। অৰ্থ মহান সৃষ্টিকৰ্তা আল্লাহৰ এক সত্ত্বাৰ লগত বা, সেই সত্ত্বাৰ গুণাৱলীৰ লগত কোনো মানুহ বা আন কোনো বস্তু আদিক অংশীদাৰিত্ব স্থাপন কৰা।
শ্বিৰ্কৰ প্ৰকাৰ :
১। শ্বিৰ্ক ফিল-আকীদাহ (বুনিয়াদী বিশ্বাসত শিৰ্ক কৰা):
অৰ্থাৎ এনে বিশ্বাস কৰা যে, আল্লাহৰ বাহিৰেও আন কাৰোবাৰ এনে শক্তি আছে যিয়ে সকলো কৰে বা কৰিব পাৰে। যেনে—
• এই ধাৰণা বা বিশ্বাস কৰা যে কোনো সাধু, পীৰ ফকীৰে জীৱন-মৃত্যু নিয়ন্ত্ৰণ কৰিব পাৰে, ভাগ্য সলনি কৰিব পাৰে, সন্তান আদি দিব পাৰে।
• আৰু এই সকলৰ পৰা এনে ধৰণৰ বস্তু বিচৰা তথা কামনা কৰা । লাগিলে তেওঁলোক জীৱিত হওঁক বা মৃত হওঁক। জীৱিত হলে সোঁশৰীৰে এনেবোৰ বস্তু বিচৰা আৰু মৃত হলে তেওঁলোকৰ কবৰ বা মাজাৰত গৈ এইবোৰ বিচৰা। বা এনেধৰণৰ বস্তু দিব পাৰে বুলি ধৰণ কৰা।
২। শ্বিৰ্ক ফিল-আচমা ৱাছ-ছিফাত (আল্লাহৰ গুণাৱলীত শ্বিৰ্ক):
অৰ্থাৎ আল্লাহৰ গুণাৱলীত অন্য কাকো ঐশ্বৰিক কৰা বা তুলনা কৰা। উদাহৰণ স্বৰূপে —
• এনে ধাৰণা কৰা যে কোনো বিশেষ মানুহ “সৰ্বশক্তিমান” বা “সৰ্বজ্ঞ”।
• কোনো মানুহে বেমাৰ আদি দিব পাৰে বা বেমাৰ ভাল কৰিব পাৰে।
• “অমুক চিকিৎসকে মোৰ বেমাৰটো ভাল কৰি দিলে”।
(এনে বাক্য মুখেৰে উচ্চাৰণ কৰিলে ষ্পষ্ট শ্বিৰ্ক। কাৰণ বেমাৰ দিয়া আৰু বেমাৰ ভাল কৰা (শ্বিফা) দুয়োটাৰে মালিক একমাত্ৰ সৰ্বশক্তিমান আল্লাহ।)
৩। শ্বিৰ্ক ফিল ইবাদাহ ( আৰাধনাত অংশীদাৰ বনোৱা) :
শ্বিৰ্ক ফিল ইবাদাহ (شِرْكٌ فِي الْعِبَادَةِ) ৰ অৰ্থ হৈছে — আল্লাহৰ ইবাদতত শিৰ্ক কৰা বা ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ সৈতে আনক অংশীদাৰ কৰা।
“ইবাদাহ” মানে হৈছে আল্লাহৰ আদেশ অনুসৰি তেওঁৰ হুকুম পালন কৰা আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণ ভক্তি আৰু আনুগত্য প্ৰকাশ কৰা। কিন্তু যদি কোনো ব্যক্তিয়ে আল্লাহৰ উপাসনাত, দোআত, কুৰবানীত, মান্নত, বা সহায় বিচৰাত আন কোনো সত্তাক অংশীদাৰ কৰে — তেতিয়া তাক “শিৰ্ক ফিল ইবাদাহ” বুলি কোৱা হয়। যেনে—
➖ ক) আল্লাহৰ বাহিৰে আন কাৰোবাৰ ওচৰত –
• চিজদাহ কৰা,
• শিৰণত কৰা,
• ৰুকু কৰা বা মূৰ দোঁওৱা। (এইবোৰ ইবাদত বা আৰাধনাৰ নামান্তৰ।)
হয়, এজন মুছলমান ব্যক্তিয়ে আল্লাহৰ বাহিৰে আন কোনো লোকৰ ওচৰত উপাসনাৰ উদ্দেশ্যৰে মূৰ দোঁৱাব নোৱাৰে—
• লাগিলে তেওঁ জীৱিত হওঁক বা মৃত।
• লাগিলে কোনো পীৰ-বুজুৰ্গ হওঁক,
• মহাপুৰুষ হওঁক,
• ৰজা মহাৰজা হওঁক,
• ৰাজনৈতিক নেতা হওঁক,
• মন্ত্ৰী হওঁক অথবা আন কিবা হওঁক।
মুমিন বা মুছলমানৰ মূৰ কেৱলমাত্ৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত দোঁ খাব বা নত হব।
➖ খ) আল্লাহৰ বাদে আনৰ নামত কুৰবানী কৰা। যেনে—পীৰ বা মাজাৰৰ নামত উৎসৰ্গা কৰা আদি শিৰ্ক ফিল ইবাদতত অন্তৰ্ভুক্ত।
➖ গ) আল্লাহৰ বাদে আন কাৰোবাৰ পৰা সাহায্য বিচৰা, এনে বস্তুৰ যি কেৱল আল্লাহৰ ক্ষমতাৰ অধীনত আছে। যেনে —
• ৰিজিক (জীৱিকা) বিচৰা,
• আৰোগ্য বিচৰা,
• সন্তান বিচৰা আদি।
➖ ঘ) কোনো আউলিয়া, পীৰ বা সাধুৰ ওচৰত দোআ কৰা যে, হে পীৰ চাহেব, মোক আৰোগ্য দিয়া, মোক অমুক দিয়া তমুক দিয়া ইত্যাদি ।
➖ ঙ) নতশিৰ / ছিজদাহ / মূৰ্তি বা ছবিৰ সমুখত মূৰ দোঁওৱা :
• কুৰআনত পাকত আল্লাহ তাআলাৰ নিৰ্দেশ-
“فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا”
অৰ্থ: “আল্লাহৰ সৈতে আন কাকো আহ্বান নকৰিবা।” (ছুৰা জিন: আয়াত-, ১৮)
• আন এটি আয়াত-
“وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ”
অৰ্থ: “তেওঁলোকক কেৱল এইটোৱেই আদেশ দিয়া হৈছিল যে, তেওঁলোকে নিষ্কলুষভাৱে আল্লাহৰ উপাসনা কৰিব।” (ছুৰা বায়্যিনাহ- ৫)
আল্লাহ তাআলাই মানুহক প্ৰদান কৰা মানৱ শৰীৰৰ সকলোতকৈ সন্মানীয় অংগ হৈছে শিৰ বা মূৰ। এই মূৰেৰে কৰা সন্মান বা ইবাদত কেৱল আল্লাহৰ হক। আৰু মূৰ দোওৱা উপাসনা বা ইবাদতৰ ৰূপ।
যিহেতু উপাসনা কেৱল আল্লাহৰ বাবে নিৰ্দিষ্ট, সেয়ে তলৰ সকলোক শ্বিৰ্ক (অর্থাৎ আল্লাহৰ সৈতে অংশীদাৰ কৰা) বুলি গণ্য কৰা হ’ব :
— আল্লাহৰ বাহিৰে মূৰ দোঁওৱা-
– কোনো সাধাৰণ মানুহৰ ওচৰত,
– কোনো সাধু-বাবাৰ ওচৰত,
– কোনো পীৰ-অলীৰ ওচৰত,
– কোনো ৰজা-বাদশাৰ ওচৰত,
– পিতৃ-মাতৃৰ ওচৰত ,
– আনকি নবী, ৰাছূলৰ ওচৰত।
মহানবী ছাঃ এও আনৰ আগত মূৰ দোওৱা নিষেধ কৰিছিল। হাদীছত স্পষ্টকৈ আহিছে:
“যদি মই কোনো মানুহক অন্য মানুহক চিজদাহ (মূৰ দোওৱা) কৰিবলৈ আদেশ কৰিলোঁহেঁতেন, তেন্তে মই স্ত্রীসকলক তেওঁলোকৰ স্বামীৰ ওচৰত চিজদা কৰিবলৈ আদেশ কৰিলোঁহেঁতেন। কিন্তু আল্লাহৰ বাহিৰে কোনো মানুহক চিজদাহ কৰাৰ অনুমতি নাই।(আবু দাউদ, হাদীছ নং ২১৪০)
গতিকে কোনো মানুহৰ আগত চিজদাহ কৰা একেবাৰে নিষিদ্ধ।
✔️ ইছলামৰ বাহিৰত :
ইছলামী দৰ্শনত শিৰ্ক ফিল ইবাদাহ হৈছে আটাইতকৈ গুণাহ, আৰু এই গুণাহত লিপ্ত হোৱাজনে যদি তৌবাহ নকৰে তেন্তে তেওঁ ইছলামৰ পৰা বাহিৰ হৈ যায়। পুনৰ কলিমা পঢ়ি ঈমান নবীকৰণ কৰাটো জৰুৰী।
আজিকালি বহু মুছলমান লোকে কোনো ব্যক্তি, মূৰ্তি বা ছবিৰ সমুখত মূৰ দোঁওৱা বিষয়টো একেবাৰেই সাধাৰণ বুলি গণ্য কৰিবলৈ লৈছে।
আল্লাহ পাকে আমাক সকলোকে ঈমানৰ প্ৰয়োজনীয়তা আৰু শ্বিৰ্কৰ ভয়াবহতা বুজি সেই মতে চলাৰ তৌফিক দান কৰক। আমীন ।
______ কলম : মৌলানা নুৰুল আমিন কাছিমী
সম্পাদনা :এম. ইউছুফ কাছিমী (এডিটৰ, NEPEACE ) ।