মছজিদৰ খাদিমৰ পৰা কৌটিপতিলৈ।

এটা শিক্ষণীয় কাহিনী

🟥⬛🟥 এটা সৰু চহৰৰ এখন মছজিদত এজন অতি সৰল, নম্ৰ আৰু ইমানদাৰ খাদিম আছিল। সকলোৱে তেওঁক “খাদিম চাহাব” বুলি মাতিছিল। পুৱা আজানৰ আগতেই তেওঁ মছজিদত উপস্থিত হৈছিল। মছজিদ চাফা কৰা, অজুখানা পৰিষ্কাৰ কৰা, মুছল্লীসকলৰ জোতা-চেণ্ডেল পৰিপাটিকৈ ৰখা—এইবোৰেই আছিল তেওঁৰ নিত্যদিনৰ কাম।

এদিন… দুদিন… এমাহ… এবছৰ নহয়, বহু বছৰ ধৰি তেওঁ একেটা মছজিদত নিষ্ঠাৰে খিদমত কৰি আহিছিল। কেতিয়াও কোনো অভিযোগ নাছিল, বিচৰা নাছিল কেতিয়াও নিজৰ প্ৰশংসা।

এদিন হঠাতে মছজিদৰ ইমাম চাহাবক বিদায় দিয়া হ’ল। নতুন ইমাম নিয়োগ কৰাৰ কথা উঠিল।

খাদিম চাহাবৰ বুকুত এটি সৰু আশা জাগিল।

মনে মনে ভাৱিলে,
“ইমান বছৰ এইখন মছজিদৰ খিদমত কৰিলোঁ। হয়তো ইমামৰ দায়িত্ব মোকেই দিব।”

কিন্তু ফলাফল শূণ্য।

মছজিদ কৰ্তৃপক্ষই আন এজনক ইমাম হিচাপে নিযুক্তি দিলে।

সেই মুহূৰ্তত খাদিম চাহাবৰ বুকুখন যেন ভাঙি গ’ল। তেওঁ কাৰো লগত তৰ্ক নকৰিলে, অভিযোগো নকৰিলে। কেৱল মনে মনে ক’লে,

“হয়তো আল্লাহে মোৰ বাবে আন কিবা ভাল লেখি ৰাখিছে।”

চকুত পানী লৈ তেওঁ মছজিদখন এৰি ওলাই গ’ল।

খাদিম চাহাবৰ এটা সৰু অভ্যাস আছিল—তেওঁ চাহ বৰ ভাল পাইছিল।

এদিন চহৰৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে হঠাতে তেওঁৰ চাহ খাবলৈ মন গ’ল।

এখন দোকান বিচাৰিলে।

নাপালে।

আন এখন বিচাৰিলে।

তাতো নাপালে।

দীৰ্ঘ সময় খোজ কাঢ়ি অৱশেষত এখন দোকান পালে।

চাহ খাই থাকোঁতেই তেওঁৰ মনলৈ এটা চিন্তা আহিল।

“মোৰ দৰে যদি আন লোকৰো হঠাতে চাহ খাবলৈ মন যায়, তেন্তে তেওঁলোকেও নিশ্চয় অসুবিধা পায়।”

এই ক্ষুদ্ৰ চিন্তাটিৱেই তেওঁৰ জীৱন সলনি কৰি দিলে।

তেওঁ নিজৰ সঞ্চয়ৰ টকাৰে প্ৰথমখন চাহৰ দোকান খুলিলে।

দোকানখন চলিবলৈ আৰম্ভ কৰিলে।

তাৰ পিছত দ্বিতীয়খন…

তাৰ পিছত তৃতীয়খন…

এনেদৰে দহখন…

তাৰ পিছত বিশখন…

পঞ্চাশখন…

এশখন…

চহৰৰ প্ৰতিটো ব্যস্ত স্থানত এতিয়া তেওঁৰ চাহৰ দোকান।

কেইবছৰমানৰ ভিতৰতে তেওঁৰ ব্যৱসায়ে দেশজুৰি নাম কৰিলে।

যিজন মানুহ এদিন চাকৰি হেৰুৱাই মনৰ দুখত মছজিদ এৰি ওলাই গৈছিল, সেইজনেই এদিন শূন্যৰ পৰা হাজাৰ কোটি টকাৰ মালিক হৈ পৰিল।

এই সফলতাৰ কথা শুনি বিশ্ববিখ্যাত সংবাদমাধ্যম BBC-ৰ এজন সাংবাদিকে তেওঁৰ সাক্ষাৎকাৰ ল’বলৈ আহিল।

সাংবাদিকে সুধিলে,

“চাহাব! শুনিছোঁ আপুনি বেছি লেখা-পঢ়া নাজানে। তথাপিও আপুনি আজি হাজাৰ কোটি টকাৰ মালিক, কেনেকৈ? যদি আপুনি উচ্চ শিক্ষা লাভ কৰিলেহেঁতেন, তেন্তে আজি কি হ’লেহেঁতেন?”

খাদিম চাহাবে হাঁহি এটা মাৰি শান্ত স্বৰে উত্তৰ দিলে,

“যদি মই বেছি লেখা-পঢ়া কৰা মানুহ হ’লোঁহেঁতেন… তেন্তে আজি হয়তো এতিয়াও সেইখন মছজিদৰেই খাদিম হৈয়েই থাকিলোঁহেঁতেন।”

সাংবাদিক কিছু সময় নীৰৱ হৈ ৰ’ল।

জীৱনৰ প্ৰতিটো দুৱাৰ বন্ধ হোৱা মানেই যে সকলো শেষ—সেয়া নহয়।

কেতিয়াবা আল্লাহ তাআলা এটা সৰু দুৱাৰ বন্ধ কৰি আপোনাৰ বাবে এখন বহুত ডাঙৰ দুৱাৰ খুলিবলৈ সাজু কৰি ৰাখে।

✅ সেইবাবে বিপদত হতাশা হ’ব নালাগে। কেতিয়াবা আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ নিয়ামতটো লুকাই থাকে। আপুনি যিটোক আজিৰ ক্ষতি বুলি ভাবি আছে, তাৰ মাজতেই।

সংগ্ৰাহকঃ বায়েজীদ বোস্তামী (আঠগাওঁ)

Leave a Comment