যিসকলে সদায় ইছলামৰ ওপৰত এই অভিযোগ কৰি আহিছে যে ই তৰোৱালৰ দ্বাৰা বিশ্বব্যাপী প্ৰসাৰিত হৈছে তেওঁলোকে তলত দিয়া যুদ্ধসমূহৰ বিৱৰণৰ পৰা থূলমূল ধাৰণা ল’ব পাৰিব।
যুদ্ধৰ নাম-মুছলিম সৈন্যৰ সংখ্যা-বিৰোধী সেনাৰ সংখ্যা-সেনাধ্যক্ষসকল।
১) বদৰ (৬২৪ খ্ৰীঃ)
৩১৩ বনাম ৯০০/১০০০
সেনাধ্যক্ষঃ হজৰত মোহাম্মদ ﷺ
২) উহুদ (৬২৫ খ্ৰীঃ)
৭০০ বনাম ৩০০০
সেনাধ্যক্ষ: হজৰত মুহাম্মদ ﷺ
৩) খন্দক (৬২৭ খ্ৰীঃ)
৩০০০ বনাম ১০০০০
সেনাধ্যক্ষ: হজৰত মুহাম্মদ ﷺ
৪) খাইবাৰ (৬২৮ খ্ৰীঃ)
১৬০০ বনাম ১০০০০
সেনাধ্যক্ষ: হজৰত মুহাম্মদ ﷺ
৫) মুতা (৬২৯ খ্ৰীঃ)
৩০০০ বনাম ২০০০০/৪০০০০
সেনাধ্যক্ষ: জায়দ বিন হাৰিছা, জাফৰ বিন আবু তালিব, আব্দুল্লাহ বিন ৰৱাহা
৬) হুনাইন (৬৩০ খ্ৰীঃ)
২৫০০০/৪০০০০ বনাম ৮০০০০/১০০০০০
সেনাধ্যক্ষ: হজৰত মুহাম্মদ ﷺ
৭) য়াৰমুক (৬৩৬ খ্ৰীঃ)
১৫০০০ বনাম ২০০০০
সেনাধ্যক্ষ: খালিদ বিন ৱালিদ
৮) ৱালজাহ (৬৩৩ খ্ৰীঃ)
১৫০০০ বনাম ৩০০০০
সেনাধ্যক্ষ: খালিদ বিন ৱালিদ
৯) ছালাছিল
১৫০০০ বনাম ২০০০০
সেনাধ্যক্ষ: খালিদ বিন ৱালিদ
১০) তাবুক (৬৩০ খ্ৰীঃ)-
৩০০০০ বনাম ২০০০০/৪০০০০
সেনাধ্যক্ষ: হজৰত মুহাম্মদ ﷺ
সংখ্যাবোৰ বিভিন্ন ঐতিহাসিক সূত্ৰৰ পৰা লোৱা।
ইছলাম কেনেকৈ বিয়পিছে?
ক) ন্যায়: মুছলিম সকলে কেৱল ভূখণ্ড জয় কৰা নাই বৰং সমাজত ন্যায় প্ৰতিষ্ঠা কৰিছিল।
খ) সমতা: সমাজৰ পৰা উচ্চ নিচ প্ৰথা দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
গ) অপৰাধ নিৰ্মূল: অপৰাধী সকলৰ কঠোৰ শাস্তি প্ৰনয়ন ইত্যাদি
ইতিহাস কেতিয়াও সংখ্যাগৰিষ্ঠতাই লিখা নাই, যিসকলে দৃঢ়তা দেখুৱাইছে, তেওঁলোকেহে লিখিছে।
ইতিহাসৰ পৰা এটা শিক্ষাঃ
ইছলামৰ প্ৰাৰম্ভিক যুগৰ যুদ্ধবোৰ কঠিন পৰীক্ষা আৰু প্ৰত্যাহ্বানৰ সময় আছিল। ঈমানদাৰসকল সংখ্যাত কম আছিল, কিন্তু তেওঁলোকৰ ঈমান, ঐক্য আৰু আল্লাহৰ ওপৰত তাৱাক্কুলে তেওঁলোকক বিজয় দিছিল।
দেলুৱাৰ খান বিন আব্বাছ খান
খৰুৱাপাৰা, বৰপেটা ।
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা
