শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

🛠️ শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

ইছলামী জীৱন ব্যৱস্থাই সদায় খাটি খোৱা লোকক উৎসাহিত কৰি আহিছে। নিজ হাতে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিক ইছলামে বিশেষভাৱে সন্মান কৰে। 

এই দৃষ্টিভংগীৰ এটা গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে—সৃষ্টিকৰ্তা মহান আল্লাহে যুগে যুগে প্ৰেৰণ কৰা নবীসকলকো কৰ্ম কৰি জীৱন যাপন কৰাৰ পথ দেখুৱাইছিল। যদিও তেওঁলোক আল্লাহৰ বিশেষ বান্দা আৰু নবী হিচাপে ইয়াৰ কোনো প্ৰয়োজন নাছিল, তথাপিও তেওঁলোকক কৰ্মৰ সৈতে সংলগ্ন কৰা হৈছিল—মানৱ সমাজৰ বাবে এক জীয়াই থকা দৃষ্টান্ত হিচাপে।

কিন্তু বৰ্তমান সমাজত দেখা যায় যে বহুতে সৰু কৰ্ম বা সাধাৰণ পেছাক তুচ্ছ জ্ঞান কৰি সহজে উপাৰ্জন কৰিব পৰা পথ বিচাৰে, লাগিলে সেই পথ অবৈধভাৱে হওক, বা আনৰ অধিকাৰ হানি কৰি হওক — এই ধৰণৰ মনোভাৱ সমাজত ক্রমে বৃদ্ধি পাইছে।

ইছলামে এই ধৰণৰ প্ৰৱণতাৰ কঠোৰ বিৰোধিতা কৰে। ইছলামী দৃষ্টিভংগীত কোনো বৈধ পেছা বা জীৱিকা দোষণীয় নহয়; বৰং প্ৰতিটো হালাল কৰ্মই সন্মানজনক। তাৰ বিপৰীতে হাৰাম আৰু অবৈধ পন্থা অৱলম্বন কৰি উপাৰ্জন ব্যৱস্থাহে দোষণীয় তথা ঘৃণণীয়। 

উল্লেখযোগ্য যে আজিৰ দিনত প্ৰায়সংখ্যক আলিমকো নবীসকলৰ ছুন্নতৰ বিপৰীতে গৈ কেৱল মছজিদ, মাদ্ৰাছাত ব্যস্ত থকা দেখা যায়। 

📜 নবীসকলৰ জীৱনত শ্ৰমৰ দৃষ্টান্ত  :

হাদীছ-বিজ্ঞানৰ বিশিষ্ট পণ্ডিত ইমাম ইবনে জাউজীয়ে তেওঁৰ গ্ৰন্থত নবীসকলৰ জীৱনৰ বিভিন্ন কৰ্মধাৰাৰ উল্লেখ কৰিছে। তাত দেখা যায়—

   • হজৰত আদম (আঃ) — কৃষিকাৰ্য কৰিছিল। 

   • হজৰত দাউদ (আঃ) — লোহাৰ কৱচ আৰু অস্ত্ৰ তৈয়াৰ কৰিছিল। 

   • হজৰত চুলাইমান (আঃ) — খেজুৰ গছৰ পাতৰ পৰা সামগ্ৰী বনাইছিল। 

   • হজৰত নূহ (আঃ) — কাঠমিস্ত্ৰীৰ কাম কৰিছিল।

   •  হজৰত ইদ্ৰীছ (আঃ) — কাপোৰ চিলাই কৰিছিল। 

   •  হজৰত ছালিহ (আঃ) — ব্যৱসায় কৰিছিল। 

   •  হজৰত ইব্ৰাহীম (আঃ) — খেতি কৰিছিল। 

   •  হজৰত লূত্ব (আঃ) — কৃষিকাৰ্য কৰিছিল। 

   •  হজৰত হূদ (আঃ) — ব্যৱসায় কৰিছিল। 

   •  নবী মুহাম্মদ (ছাঃ) — ছাগলী পোহাৰ লগতে ব্যৱসায় কৰিছিল। 

   •  মা হাৱা আঃ — নিজ হাতে কাপোৰ তৈয়াৰ কৰিছিল। 

   •  হজৰত শ্বুয়াইব (আঃ) — জীৱ-জন্তু পালন কৰিছিল। 

   •  হজৰত মুছা (আঃ) — ছাগলী পোহিছিল

এই উদাহৰণসমূহে স্পষ্টকৈ দেখুৱায় যে, কৰ্ম আৰু শ্ৰম মানুহৰ বাবে কেৱল জীৱিকাৰ মাধ্যম নহয়—ই সন্মান আৰু ইবাদতৰো অংশ।

🌾 শ্ৰমৰ মৰ্যাদা আৰু আত্মসন্মান : 

নিজ হাতে উপাৰ্জন কৰা, দক্ষতা আৰু উদ্যোগৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা কেতিয়াও লজ্জাৰ বিষয় নহয়। বৰং ভিক্ষা কৰা, আনৰ ওপৰত নিৰ্ভৰ কৰা বা অসৎ পথ বাচি লোৱাতকৈ নিজৰ পৰিশ্ৰমে উপাৰ্জন কৰা ব্যক্তিয়ে নিজৰ আত্মসন্মান অক্ষুণ্ণ ৰাখে।

হালাল উপাৰ্জনৰ বাবে এটা পেছা গ্ৰহণ কৰা মানে কেৱল জীৱিকা উপাৰ্জন নহয়— ই হৈছে এক সততা, আত্মনির্ভৰতা আৰু নৈতিক শক্তিৰ পৰিচয়।

⚖️ শ্ৰমিকৰ অধিকাৰ আৰু গুৰুত্ব :

হাদীছত শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব স্পষ্টকৈ উল্লেখ কৰা হৈছে— 

১। আবূ হুৰাইৰাহ (ৰাঃ) ৰ পৰা বৰ্ণিত, নবী মুহাম্মদ (ছাঃ) কৈছে—

 “তোমালোকৰ মাজৰ কোনোবাই ৰচি লৈ বনলৈ গৈ কাঠ কাটি আনি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰাটো কাৰোবাৰ ওচৰত গৈ খুজি মাগি থাকাতকৈ উত্তম।”

(সহীহ বুখাৰী: ১৪৭০)

২। আন এটা হাদীছত নবী (ছাঃ) কৈছে—

“কিয়ামতৰ দিনা মই তিনিজন ব্যক্তিৰ বিৰুদ্ধে নিজে বাদী হ’ম (বিৰুদ্ধে থিয় হম) … তাত এজন হৈছে সেই ব্যক্তি, যিয়ে শ্ৰমিকক নিয়োগ কৰি সম্পূৰ্ণ কাম আদায় লয়, কিন্তু তাৰ প্ৰাপ্য মজুৰি প্ৰদান নকৰে।” (চহীহ বুখাৰী: ২২২৭)

এই হাদীছসমূহে দেখুৱায় যে শ্ৰমিকৰ অধিকাৰ সংৰক্ষণ কৰা ইছলামে কিমান গুৰুত্ব দিয়ে।

📌 শিক্ষা/ কৰণীয় :

সমাজত যিসকল পেছাক “সৰু” বুলি গণ্য কৰা হয়, সেয়া কেৱল মনোভাৱৰ সমস্যা—বাস্তৱত নহয়। শ্বৰীয়ত অনুসৰি যিকোনো হালাল আৰু বৈধ পেছা সন্মানজনক আৰু বৰ্কতময়।

গতিকে, শ্ৰমক সন্মান কৰা, শ্ৰমিকৰ অধিকাৰ ৰক্ষা কৰা আৰু নিজে আত্মনির্ভৰ জীৱন যাপন কৰা—এইবোৰেই হৈছে এখন সুস্থ, ন্যায়ভিত্তিক আৰু নৈতিক সমাজ গঢ়াৰ মূল ভিত্তি।

✍️ এম ইউছুফ কাছিমী। সম্পাদক, NE PEACE