মুৰতাজা ইউছুফ কাছিমী (Mufti, PhD Scholar, B.Ed.)
“চৰিত্ৰ গঠন আৰু ইছলাম” শীৰ্ষক এই ধাৰাবাহিক আলোচনাত ইছলামৰ দৃষ্টিত উত্তম চৰিত্ৰ, সৎ আচৰণ আৰু মানৱীয় মূল্যবোধৰ মৌলিক শিক্ষা উপস্থাপন কৰা হৈছে। এই পৰ্বৰ আলোচনাত ভাল চৰিত্ৰৰ প্ৰয়োজনীয়তা, ইয়াৰ প্ৰকৃত অৰ্থ আৰু কুৰআনৰ দৃষ্টিত ইয়াৰ মৰ্যাদা বৰ্ণনা কৰা হৈছে। প্ৰয়োজন সাপেক্ষে বৈজ্ঞানিক দৃষ্টিভংগী (সংক্ষিপ্ত) সংযোগ কৰা হৈছে ”।
এই পৰ্ব (পৰ্ব-১) ৰ মূল আলোচনাসমূহ:
- ভাল চৰিত্ৰ (সৎ আচৰণ) বহুত কঠিন।
- চৰিত্ৰৰ গঠনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা।
- ভাল চৰিত্ৰৰ অৰ্থ আৰু ইয়াৰ প্ৰকৃতি।
- পৱিত্ৰ কুৰআনৰ দৃষ্টিত চৰিত্ৰ গঠন।
- আধুনিক যুগত উত্তম চৰিত্ৰ কেনেকৈ?
- ৫। মহানবী ছাঃ ৰ আদৰ্শ চৰিত্ৰৰ ৬৩ টা আদৰ্শ নীতি।
- ৬। হাদীছৰ দৃষ্টিত সৎ আচৰণ আৰু উত্তম চৰিত্ৰৰ কিছু আৰ্হি ।
- ৭। ইছলামৰ দৃষ্টিত চৰিত্ৰৰ মৌলিক দিশসমূহ (বিতং)।
- ৮। কঠিন পৰিস্থিতি কেনেকৈ মুকাবিলা কৰিব?
- ৯। আধুনিক যুগত উত্তম চৰিত্ৰ প্ৰদৰ্শনৰ দিশসমূহ।
পৰ্ব-১
ভাল চৰিত্ৰ (সৎ আচৰণ) বহুত কঠিন নে?
আজিৰ এই যান্ত্ৰিক যুগত সৎ আচৰণ তথা উত্তম চৰিত্ৰৰ প্ৰদৰ্শন সচাকৈয়ে বহুত টান হৈ পৰিছে। সাধাৰণতে মানুহ নিজৰ ফালৰ পৰা বেয়া ব্যৱহাৰ আৰু অসৎ চৰিত্ৰৰ প্ৰদৰ্শন নকৰে, সামৰ্থ্য অনুসৰি ভাল আচৰণেই কৰিব বিচাৰে। কিন্তু যেতিয়া সমুখৰ পৰা বেয়া আচৰণ কৰা হয়, তেতিয়াহে সেই মানুহজনৰ প্ৰকৃত চৰিত্ৰ ওলাই আহে, তেতিয়াহে অগ্নি পৰীক্ষাৰ সন্মুখীন হোৱা দেখা যায়। আৰু বাস্তৱত এনে অৱস্থাত প্ৰায়সংখ্যক মানুহেই নিজৰ ধৈৰ্যশক্তী, ভাল ব্যৱহাৰ আৰু সকলো গুণাৱলী পাহৰি চৰম ভাৱে প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে।
কিন্তু আপুনি যদি সচাকৈয়ে উত্তম চৰিত্ৰৰ অধিকাৰী, যদি আপুনি যদি প্ৰকৃততে মানৱীয় গুণৰ গৰাকী, আপুনি যদি সঁচাকৈয়ে মানুহ হিচাপে পৰিচয় দিব বিচাৰে, আপুনি যদি নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহানবী মুহাম্মদ ছাঃ ৰ উম্মত বা নবী প্ৰেমী বুলি কব বিচাৰে — তেন্তে এনে কঠিন পৰিস্থিতিতো আপুনি উত্তম চৰিত্ৰৰ প্ৰদৰ্শন কৰিব লাগিব। সেয়া এক উদাহৰণৰ সৈতে বুজো আহক :
আপুনি কৰবালৈ গৈ আছে আৰু বাটত দেখিলে যে গাহৰি কেইটামানে বোকাত বোকাৰে খেলি আছে, তেতিয়া কাষেদি পাৰ হৈ যাওঁতেই আপোনাৰ বগা কাপোৰত হঠাত বোকা লাগি লেতেৰা হল। এতিয়া আপুনি কি কৰিব? এতিয়া আপুনি লবলগীয়া পদক্ষেপ দুটা হব পাৰে —
১। খঙত জ্বলি পকি আপুনিও গাহৰিৰ দৰে বোকাত নামি গাহৰিক গুৰুলা গুৰুলকৈ পিটিব। যত আপোনাৰ কাপোৰ অধিক লেতেৰা হব। ফলত যলৈ যাবলৈ ওলাইছিল তাত যাব নোৱাৰিব। অৰ্থাৎ আপুনি নিজৰ গন্তব্যস্থানৰ পৰা দূৰত থাকি যাব।
২। আপুনি নিজৰ বিবেকৰ সঠিক ব্যৱহাৰ কৰি ধৈৰ্যচ্যুত নহৈ উত্তম চৰিত্ৰৰ সৈতে নিজক সংযত কৰি সেই লেতেৰা ঠাইডোখৰ বৰ্জন কৰি তাৰ পৰা আতৰি যাব। যত যদিও আপুনি ক্ষন্তেকীয়াকৈ অলপ অস্থিৰ অনুভৱ কৰিব কিন্তু আপোনাৰ কাপোৰো লেতেৰা নহব। ফলত যলৈকে যাবলৈ ওলাইছিল, তালৈ কোনো বাধাগ্ৰস্ত নহৈ যাব পাৰিব। অৰ্থাৎ আপুনি নিজৰ গন্তব্যস্থানৰ পথত অনাকাংক্ষিত বাধা এটা, সৎ আচৰণৰ সৈতে দূৰ কৰি নিজৰ লক্ষ্যৰ ফালে এখোজ আগুৱাই যাবলৈ সক্ষম হল।।
“আধুনিক মনোবিজ্ঞানৰ মতে, আত্মসংযম (Self-Control) আৰু আৱেগ নিয়ন্ত্ৰণ (Emotional Regulation) হৈছে সফল ব্যক্তিত্বৰ অন্যতম বৈশিষ্ট্য। কঠিন পৰিস্থিতিতো সংযত আচৰণ কৰিব পৰা ব্যক্তিসকলৰ সামাজিক সম্পৰ্ক অধিক স্থায়ী আৰু ইতিবাচক হয়”।
চৰিত্ৰ গঠনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা
মানৱ জীৱনত সৎ ব্যৱহাৰৰ কিমান যে গুৰুত্ব আৰু মহত্ত্ব, সেই কথা সকলোৱে জ্ঞাত। প্ৰতিটো ধৰ্মৰ আৰু প্ৰতিটো ধৰ্মৰ মানুহৰ বাবে; বৰঞ্চ মানৱ পৃথিৱীত বাস কৰা প্ৰতিজন ব্যক্তিয়ে উত্তম ব্যক্তিত্ব আৰু সৎ আচৰণৰ পক্ষপাতী, যত নিশ্চিতভাৱে কোনেও অস্বীকাৰ কৰিব নোৱাৰে; কাৰণ নৈতিক তথা চাৰিত্ৰিক গুণাৱলী আহৰণ মানৱ প্ৰকৃতিৰ মূল প্ৰয়োজনীয়তা; বৰঞ্চ ই অন্যতম মৌলিক প্ৰয়োজন। ইয়াৰ অবিহনে মানৱ সমাজত মানৱতা আৰু প্ৰকৃত সৌন্দৰ্য্য সঠিকভাৱে হবই নোৱাৰে । এয়া হৈছে এক মহান আৰু মূল্যৱান শক্তি যাৰ জৰিয়তে সৃষ্টি কৰিব পাৰি —
- পাৰস্পৰিক ভাতৃত্ববোধ,
- ঐক্য আৰু সহমত,
- প্ৰেম আৰু ক্ষমা,
- বন্ধুত্ব আৰু পাৰস্পৰিক সন্মান,
- নম্ৰতা আৰু সহানুভূতি,
- সম্প্ৰীতি আৰু সমন্বয়।
এই মূল্যবান সম্পদৰ জৰিয়তে অৱশ্যে দূৰ কৰিব পাৰি —
– পাৰস্পৰিক মতানৈক্য আৰু বিশৃংখলতা,
– পাৰস্পৰিক বিবাদ আৰু ক্ষোভ,
– ঘৃণা আৰু ঈৰ্ষা,
– বৃহৎ শত্ৰুতা আৰু কু-অভিপ্ৰায়,
– সকলো ধৰণৰ বৈপৰীত্য।
সৎ ব্যৱহাৰ হল মনুষ্যৰ সৌন্দৰ্য্যৰ মূল অলংকাৰ, যাৰ জৰিয়তে ৰাজহুৱা আৰু ব্যক্তিগত জীৱনত ভাৰসাম্যতা আৰু সমন্বয়ৰ সৃষ্টি হয়। আৰু ইয়াৰ মাধ্যমত মানুহৰ হৃদয় জিনিব পাৰি; আনহাতে বেয়া চৰিত্ৰ আৰু অসৎ আচৰণে সকলো কু-কৰ্মৰ জন্ম দিয়ে।
সৎ চৰিত্ৰ আৰু নৈতিকতাৰ পৰা বঞ্চিত হোৱাৰ পিছত এজন আনজনৰ দৃষ্টিত দোষী হৈ পৰে, তেওঁৰ ওচৰত কোনো মূল্যবান বস্তু আৰু কোনো সুকীয়া বৈশিষ্ট্য নোহোৱা হৈ যায় যিয়ে তাক আন মানুহৰ পৰা আনকি জীৱৰ পৰা পৃথক কৰিব পাৰে।
“পৃথিৱীৰ আটাইতকৈ মূল্যবান সম্পদ ‘মানৱ সম্পদ’ৰ মূল ভিত্তি হৈছে উত্তম চৰিত্ৰ আৰু সৎ আচৰণ।”
গতিকে আমি নিসন্দেহে কব পাৰো যে পৃথিৱীৰ আটাইতকৈ মূল্যবান সম্পদ, ‘মানৱ সম্পদ’ ৰ আটাইতকৈ মূল্যবান তথা গুৰুত্বপূৰ্ণ মূল সম্পদটি হল ‘উত্তম চৰিত্ৰ আৰু সৎ আচৰণ’।
বৈজ্ঞানিক দৃষ্টিভংগী:
সামাজিক মনোবিজ্ঞানৰ বহু গৱেষণাত দেখা যায় যে trust, cooperation, আৰু Prosaically Behavior (অন্যৰ মঙ্গলমূলক আচৰণ) বৃদ্ধি পালে গোট বা সমাজৰ স্থিতি, সহযোগিতা আৰু দ্বন্দ্ব-নিয়ন্ত্ৰণ ক্ষমতা উন্নত হয়। অর্থাৎ উত্তম চৰিত্ৰ কেৱল ব্যক্তিগত গুণ নহয়; ই সামাজিক পুঁজি (social capital) গঠনতো মূল ভূমিকা পালন কৰে।
মূল শিক্ষা:
পৃথিৱীৰ আটাইতকৈ মূল্যবান সম্পদ “মানৱ সম্পদ”; আৰু মানৱ সম্পদৰ আটাইতকৈ মূল্যবান উপাদান হৈছে উত্তম চৰিত্ৰ তথা সৎ আচৰণ।
উত্তম চৰিত্ৰৰ অৰ্থ আৰু ইয়াৰ প্ৰকৃতি
আজিকালি মানুহে ভাল চৰিত্ৰ বা সৎ আচাৰ-ব্যৱহাৰ বুলি কলে, তাৰ অতি সীমিত আৰু সংকীৰ্ণ অৰ্থহে বুজোৱা দেখা যায়। আৰু সেই সকলো এক ডাঙৰ ভুল ধাৰণা লৈ বাস কৰি আছে যে ভাল চৰিত্ৰ বা সৎ ব্যৱহাৰৰ বুলি কলে কেৱল চেহেৰাত অলপ হাঁহি লৈ, ভদ্ৰতাৰে মানুহক লগ পোৱা, নম্ৰতাৰ সৈতে কেইটামান কথা পাতি লোৱা আৰু কেইটামান সহানুভূতিৰ শব্দ কৈ দিয়া (যেনে – উফ, বেয়া লাগিল, দুখিত ইত্যাদি )।
আচলতে ভাল চৰিত্ৰ আৰু সৎ আচৰণৰ মতলব অতি বহল আৰু ই সমগ্ৰ মানৱ জীৱনকে সামৰি লৈছে। ইয়াত কেৱল ওপৰত উল্লেখ কৰা কথাবোৰেই অন্তৰ্ভুক্ত নহয়; বৰঞ্চ ইয়াৰ বহুতো দিশ আছে, ইয়াৰ বহুতো স্তৰ আছে। যেনে —
- • নম্ৰ আৰু মধুৰ কথা বতৰা,
• ক্ষমাদান আৰু কৰুণা,
• বন্ধুত্ব আৰু ভদ্রতা,
• সহানুভূতি আৰু নম্ৰতা,
• ভাতৃত্ববোধ আৰু ভালপোৱা ,
• ত্যাগ আৰু সন্মান,
• বিনয় আৰু সহনশীলতা,
• সংকোচ আৰু আৰু লজ্জা,
• উদাৰতা আৰু দানশীলতা,
• আত্মীয় ৰক্ষা আৰু প্ৰয়োজন পূৰণ,
• পৰস্পৰ সহায় আৰু সহযোগিতা,
• ধৈৰ্য্য আৰু কৃতজ্ঞতা,
• দৃঢ়তা আৰু স্থিৰতা,
• ন্যায় আৰু নৈতিকতা,
• বিশ্বাস আৰু বিশ্বাসঘাটকতা ,
• সত্য আৰু সততা,
• ইতিবাচক আৰু নেতিবাচক চিন্তা।
এই সকলোবোৰ হল উত্তম চৰিত্ৰ আৰু সৎ আচৰণৰ ভিন্ন প্ৰকাৰ আৰু বিভিন্ন দিশ। আৰু ইছলামৰ দৃষ্টিত এই সকলোবোৰ সৎ ব্যৱহাৰৰ পাত্ৰ হল—
– পিতৃ-মাতৃ আৰু ভাই-ভনী,
– আপোনজন আৰু আত্মীয় স্বজন,
– পত্নী, পৰিয়াল আৰু সন্তান,
– অনাথ শিশু আৰু দুখীয়া,
– ওচৰ-চুবুৰীয়া আৰু সমাজৰ লোক,
– মুছলিম আৰু অমুছলিম,
– জীৱ-জন্তু আৰু চৰাই চিৰিকটি,
– (আনকি) নদ নদী আৰু গছ-গছনি
– আৰু সকলো জীৱ জড়।
অৰ্থাত সকলোৰে লগত এই চৰিত্ৰসমূহ প্ৰদৰ্শন কৰিব লাগিব।
অৰ্থাৎ এজন প্ৰকৃত মুছলমান হবলৈ হলে জাত- পাত, বৰ্ণ- ধৰ্ম, নিজ-পৰ, মানৱ-জন্তু নিৰ্বিশেষে…. এই ধৰিত্ৰীৰ সকলো জীৱৰ লগত আনকি বিভিন্ন বস্তু-সামগ্ৰীৰ লগতো ভাল ব্যৱহাৰ প্ৰদৰ্শন কৰিব লাগিব।
মনোবৈজ্ঞানিক সমাধান :
আধুনিক ব্যক্তিত্ব-মনোবিজ্ঞানত (personality psychology) দীৰ্ঘমেয়াদি আচৰণগত ধৰণ (trait) আৰু অভ্যাস (habit) দুয়োটাক গুৰুত্ব দিয়া হয়। ভাল চৰিত্ৰ একদিনে গঢ়ি নুঠে; পুনৰাবৃত্ত সিদ্ধান্ত, আত্মসংযম, সামাজিক দায়িত্ববোধ আৰু নিয়মিত আত্মসমালোচনাৰ মাধ্যমত লাহে লাহে গঠন হয়।
ভাল চৰিত্ৰৰ সংজ্ঞা:
ভাল চৰিত্ৰ আৰু সৎ আচৰণৰ বিস্তৃতি বৰ্ণনা কৰি হজৰত মুফতি মহম্মদ তকী উছমানী চাহাবে কয় যে –
” আজিকালি সাধাৰণতে “ভাল চৰিত্ৰ” ৰ বুলি কলে মানুহে বুজি পায় – এজন আনজনৰ লগত হাঁহিমুখী ব্যৱহাৰ কৰিব লাগে, হাঁহি এটা মাৰি লগ কৰিব লাগে, নম্ৰভাৱে প্ৰদৰ্শন কৰিব লাগে, আৰু সহানুভূতিৰ কথা ক’ব লাগে। মাথোঁ ইয়াকেই ভাল চৰিত্ৰ বুলি গণ্য কৰা হয় ৷
ভালদৰে বুজিব লাগে যে শ্বৰিয়তৰ দৃষ্টিত “ভাল চৰিত্ৰ (আখলাকে হাচানাহ)” ৰ অৰ্থ অতি বহল আৰু সাধাৰণ। এই বহল অৰ্থত নিশ্চয় উক্ত গুণাৱলী ভাল চৰিত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে,
কিন্তু “সৎ আচৰণ/ ভাল চৰিত্ৰ ” কেৱল উক্ত কেইটামান গুণাৱলীৰ মাজত সীমিত নহয়। বৰঞ্চ “ভাল চৰিত্ৰ” আচলতে ‘হৃদয়ৰ অৱস্থা’ ক বুজায়। হৃদয়ত উদ্ভৱ হোৱা আৱেগ আৰু হৃদয়ত উদ্ভৱ হোৱা কামনাক ভাল ব্যৱহাৰ বোলা হয়।
এতেকে ভাল চৰিত্ৰ বা সৎ আচৰণৰ অৰ্থ হ’ল-
মানুহৰ মন আৰু আৱেগত ভাল আৰু সুখদায়ক কথা বা গুণৰ সৃষ্টি হোৱা, আৰু অসৎ তথা বেয়া আচৰণৰ অৰ্থ হ’ল হৃদয়ত বেয়া আৱেগ আৰু অসৎ কামনাৰ সৃষ্টি হোৱা”। (ইছলাহে খুতবাত- ১৫/৮৫, মেমন ইছলামিক প্ৰকাশক, কৰাচী)
কুৰআনৰ দৃষ্টিত উত্তম চৰিত্ৰ (আখলাকে হাচানাহ) :
এই সৎ আচৰণ বা উত্তম চৰিত্ৰৰ মূল্য দুগুণ হৈ পৰে যেতিয়া আমি ইয়াক ইছলাম আৰু শ্বৰীয়তৰ দৃষ্টিকোণৰ পৰা চাওঁ; কাৰণ ইয়াক পৱিত্ৰ কুৰআন আৰু ছুন্নতে ৰাছূলত অতি গুৰুত্ব প্ৰদান কৰা হৈছে। আল্লাহ পাকে ৰাছূল ছাঃ ৰ এটি গুৰুত্বপূৰ্ণ গুণৰ বৰ্ণনা কৰি পৱিত্ৰ কুৰআনত ঘোষণা কৰিছে :
- ঘোষণা -১
<وإِنَّکَ لَعَلٰی خُلُقٍ عَظِیْم>
” আৰু আপুনি (ছাঃ) উচ্চ পৰ্যায়ৰ চৰিত্ৰৰ অধিকাৰী হৈ আছে। (ছূৰা কলম-৪ | বাখ্যা, বয়ানুল কুৰআন)
এই আয়াতত আল্লাহ তা‘আলাই ইছলাম ধৰ্ম (ইছলামী জীৱন ব্যৱস্থা) , বিশুদ্ধ শ্বৰীয়ত আৰু কুৰআনৰ শিক্ষাক “খুলকে আজীম” (মহান চৰিত্ৰ) বুলি অভিহিত কৰিছে, যেন মহানবী (ছাঃ) পৱিত্ৰ কুৰআনৰ প্ৰতিটো আয়াতৰ ব্যৱহাৰিক উদাহৰণ।
এই আয়াতৰ কেইটামান মূল কেইটামান ব্যাখ্যা-
ক) বিখ্যাত ইছলামী চিন্তাবিদ হজৰত মৌলানা মুফতি মহম্মদ শ্বাহী চাহেবে লিখিছে, হজৰত ইবনে আব্বাছ (ৰাঃ) এ কৈছে:
“খালক” ৰ অৰ্থ হল মহান দ্বীন (দ্বীনে ইছলাম)।অৰ্থাৎ যি দ্বীন, যি জীৱন ব্যৱস্থা বিশ্বৰ সকলো জীৱন ব্যৱস্থাতকৈ উত্তম।
খ) হজৰত আইশ্বা (ৰাঃ) এ কৈছে: “নবী ছাঃ ৰ চৰিত্ৰ হল- পবিত্ৰ কুৰআন। অৰ্থাৎ পৱিত্ৰ কুৰআনে যি উচ্চ কৰ্ম আৰু উত্তম চৰিত্ৰৰ শিক্ষা দিয়ে, নবী ছাঃ সেই সকলোবোৰৰ বাস্তৱ উদাহৰণ।
গ) হজৰত আলী কাৰাঃ কৈছে: “মহান চৰিত্ৰ” ৰ অৰ্থ হল, কুৰআনৰ আচাৰ-ব্যৱহাৰ। অৰ্থাৎ কুৰআনে শিকোৱা আচাৰ-ব্যৱহাৰ।
এই সকলো ব্যাখ্যাৰ লক্ষ্য আৰু শিক্ষা প্ৰায় একেই। মহান সৃষ্টিকৰ্তাই মহানবী (ছাঃ)ৰ পৱিত্ৰ ব্যক্তিত উত্তম চৰিত্ৰৰ সকলো গুণাৱলী একত্ৰিত কৰি দিছে (অৰ্থাৎ তেৱেঁই মানৱ জাতিৰ উচ্চতম তথা উত্তম চৰিত্ৰৰ অধিকাৰী) । (মাআৰিফুল কুৰআন , ৮/৫৩২)
- ঘোষণা- ২
<خُذِ الْعَفْوَ وَأْمُرْ بِالْعُرْفِ وَأَعْرِضْ عَنِ الْجَاہِلِیْنَ>
আল্লাহ তাআলাই মহানবী ছাঃ ক সম্বোধন কৰি কৈছে: ” ক্ষমাদানক নিৰ্বাচন কৰক, আৰু অজ্ঞ লোকৰ পৰা দূৰত থাকক” (আৰাফ: ১৯৯)
- ঘোষণা- ৩.
<فَاعْفُ عَنْہُمْ وَاصْفَحْ إنَّ اللّٰہَ یُحِبُّ الْمُحْسِنِیْنَ>
আল্লাহ তা’আলাই কৈছে: “সিহঁতক ক্ষমা কৰা আৰু তেওঁলোকক ক্ষমাদানৰ সৈতে কাম লোৱা” (ছূৰা মাঈদাহ- ১৩)
- ঘোষণা-৪
<وَلْیَعْفُوْا وَلْیَصْفَحُوْا أَلاَ تُحِبُّوْنَ أَنْ یَغْفِرَ اللّٰہُ لَکُمْ>
মহান আল্লাহে কৈছে: “আৰু সিহঁতে ক্ষমা কৰিব লাগে আৰু ক্ষমাদানৰ সৈতে আচৰণ কৰিব লাগে। আল্লাহে তোমালোকক ক্ষমা কৰাটো ভাল নোপোৱা নেকি? ” (ছূৰা নুৰ: ২১)।
- ঘোষণা- ৫
<وَاصْبِرْعَلیٰ مَا أَصَابَکَ إِنَّ ذٰلِکَ مِنْ عَزْمِ الأُمُوْرِ>
আল্লাহ তাআলাই কৈছে: ” আৰু সেই (কষ্ট)বোৰ সহ্য কৰক যিবোৰ আপোনাৰ লগত হৈ থাকে। নিশ্চয় এয়া সাহসৰ অন্যতম পৰ্যায়। (ছূৰা লুকমান: ১৭)
- ঘোষণা- ৬
<وَالْکَاظِمِیْنَ الْغَیْظَ وَالْعَافِیْنَ عَنِ الْنَّاسِ وَ اللّٰہُ یُحِبُّ الْمِحْسِنِیْنَ>
আল্লাহ তা’আলাই কৈছে: “আৰু যিসকলে ক্ৰোধ পান কৰে, আৰু মানুহক ক্ষমা কৰে। আৰু আল্লাহে ভাল কাম কৰাসকলক পছন্দ কৰে। (ছূৰা ইমৰাণ: ১৩৪)
ওপৰত উল্লেখ কৰা আয়াত আৰু এনেধৰণৰ অন্যান্য আয়াততো আল্লাহ তাআলাই মহানবী মুহাম্মদ ছাঃ ক উচ্চ চৰিত্ৰৰ অধিকাৰী হবলৈ নিৰ্দেশ দিছে। আৰু এই সকলোবোৰেই হৈছে ভাল চৰিত্ৰৰ বিভিন্ন দিশ।
এই পৰ্বৰ মূল শিক্ষা
- উত্তম চৰিত্ৰৰ প্ৰকৃত পৰীক্ষা কঠিন পৰিস্থিতিত হয়।
- ইছলামে সকলো সৃষ্টিৰ সৈতে উত্তম আচৰণৰ শিক্ষা দিয়ে।
- মহানবী ﷺ উত্তম চৰিত্ৰৰ সৰ্বোত্তম আদৰ্শ।
- ধৈৰ্য, ক্ষমা, ক্ৰোধ-সংযম, সত্যবাদিতা আৰু ন্যায়পৰায়ণতা উত্তম আখলাকৰ মূল স্তম্ভ।
- কুৰআনে ক্ষমা, সহনশীলতা, উদাৰতা আৰু উত্তম আচৰণক উচ্চ নৈতিক আদৰ্শ হিচাপে উপস্থাপন কৰিছে।
- আধুনিক আচৰণবিজ্ঞানেও আত্মসংযম, পুনর্বিবেচিত চিন্তা (reappraisal), বিশ্বাসভিত্তিক সহযোগিতা আৰু নিয়মিত আত্মসমালোচনাৰ উপকাৰিতা সমর্থন কৰে।
- প্ৰকৃত উত্তম চৰিত্ৰ অফলাইন আৰু অনলাইন—উভয় ক্ষেত্ৰতে প্ৰকাশ পায়।
আধুনিক যুগত উত্তম চৰিত্ৰ কেনেকৈ?
1. ডিজিটেল যুগত উত্তম চৰিত্ৰ: নতুন প্ৰত্যাহ্বান
সামাজিক মাধ্যম, অনলাইন মন্তব্য, মেছেজিং প্লাটফর্ম আৰু ডিজিটেল বিতৰ্কই আমাৰ নৈতিক আচৰণক নতুন পৰিসৰত পৰীক্ষা কৰে। মুখামুখি নোহোৱাকৈ বহু কটু কথা মানুহে অনলাইনে সহজে লিখি দিয়ে। এজন মুমিনৰ উত্তম চৰিত্ৰ অফলাইন আৰু অনলাইন— দুয়ো জগততে প্ৰতিফলিত হ’ব লাগিব।
ডিজিটেল আখলাক (সংক্ষিপ্ত চেকলিস্ট)-
• তথ্য শ্বেয়াৰ কৰাৰ আগতে সত্যতা যাচাই কৰা
• গালি, অপমান, ব্যঙ্গ আৰু ব্যক্তিগত আক্রমণ পৰিহাৰ কৰা
• খঙৰ সময়ত তাৎক্ষণিক পোস্ট/কমেন্ট নকৰা
• অন্যৰ গোপনীয়তা, মান-মৰ্যাদা আৰু অধিকার সম্মান কৰা
• ভুল তথ্য দিলে সংশোধন আৰু ক্ষমা চাই লোৱা
বৈজ্ঞানিক দৃষ্টিভংগী (সংক্ষিপ্ত)
ডিজিটেল প্লাটফর্মত ONLINE DISINHIBITION নামৰ এটা আচৰণগত প্ৰৱণতা বৰ্ণনা কৰা হয়— মানুহে অনলাইনত, মুখামুখিৰ তুলনাত অধিক তীব্র ভাষা ব্যৱহাৰ কৰিব পাৰে। সেইবাবে সচেতন PAUSE BEFORE POSTING অভ্যাস উত্তম। ই ডিজিটেল আখলাক গঠনত বৰ সহায়ক।
2. আত্মসমালোচনা: উত্তম চৰিত্ৰ গঠনৰ প্ৰথম পদক্ষেপ- মানুহে সাধাৰণতে আনৰ দোষ সহজে দেখে; নিজৰ দোষ দেখা কঠিন। অথচ নৈতিক উন্নতিৰ আৰম্ভণি আত্মসমালোচনাৰ পৰা।
দৈনিক আত্মমূল্যায়নৰ ৫টা প্ৰশ্ন–
- মই আজিৰ দিনটোত কাৰো লগত অন্যায় কৰিলোঁ নেকি?
- মোৰ কথাত কানোবা কষ্ট পাইছে নেকি?
- খঙৰ সময়ত মই নিজকে সংযত ৰাখিলোঁ নেকি?
- মই কোনো মিছা, অতিৰঞ্জন বা অপবাদ প্রচাৰ কৰিলোঁ নেকি?
- মই আজিৰ দিনটোত কাকো সহায়, সান্ত্বনা বা ন্যায় দিলোঁ নেকি?
এই ধৰণৰ আত্মমূল্যায়নে লাহে লাহে মানুহৰ অভ্যাস, ভাষা আৰু আচৰণক পৰিশুদ্ধ কৰে।
REFERENCES
- পৱিত্ৰ কুৰআন • মাআৰিফুল কুৰআন
- ইছলাহে খুতবাত • বয়ানুল কুৰআন
- আধুনিক মনোবিজ্ঞান আৰু Positive Psychology গৱেষণা
- ইন্টাৰনেট
(কিবা ভুল-ক্ৰটি দৃষ্টিগোচৰ হলে আঙুলিয়াই দিব।)