
✅ হজৰত আদম (আঃ) ৰ তৌবাহ কবুল হয়।
✅ হজৰত নুহ (আঃ) ধুমুহাৰ পৰা পৰিত্ৰাণ পায়।
✅ ফিৰাউনৰ জাদুকৰসকলৰ তৌবাহ কবুল হয়।
✅ হজৰত মুছা (আঃ) ফিৰাউনৰ পৰা পৰিত্ৰাণ পায়।
✅ হজৰত ঈছা (আঃ) ৰ জন্ম হয়।
✅ আব্ৰাহাৰ বাহিনী (আছহাবে ফিল অৰ্থাৎ হস্তী বাহিনী) ৰ ওপৰত আজাব অৱতীৰ্ণ হয়।
✅ শ্বুআ’বে আবি তালিবত মুছলমানসকলক ঘেৰাও কাৰ্যৰ আৰম্ভণি হয়।
✅ গযৱায়ে জাতুৰ ৰিক্বা’ (৫ হিজৰী)।
✅ গযৱায়ে খাইবাৰ (৭ হিজৰী)।
✅ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে বিভিন্ন বাদশ্বাহ আৰু বিভিন্ন গোত্ৰৰ মুখিয়ালসকললৈ ইছলামৰ দাৱাতনামা প্ৰেৰণ কৰে।
✅ কাদিছীয়াৰ যুদ্ধ (১৪ হিজৰী)।
✅ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ বান্দী (দাসী), হুজুৰ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ পুত্ৰ হজৰত ইব্ৰাহীমৰ মাতৃ হজৰত মাৰিয়াহ কিবতীয়াহ (ৰাঃ) ৰ মৃত্যু (১৬ হিজৰী)।
✅হজৰত ওমৰ (ৰাঃ) ৰ শ্বহিদীবৰণ (১ মুহাৰৰম, ২৪ হিজৰী)।
✅ হজৰত উছমান (ৰাঃ) ৰ খিলাফতৰ আৰম্ভণি (১ মুহাৰৰম, ২৪ হিজৰী)।
✅কাৰবালাৰ দুঃখজনক ঘটনা আৰু হজৰত হুছাইন (ৰাঃ) ৰ শ্বহিদীবৰণ (১০ মুহাৰৰম, ৬১ হিজৰী)।
প্ৰস্তুতকৰণঃ মৰ্কজ আহলুছ ছুন্নাহ ৱাল জামাআ’হ, খানকাহে হানাফিয়্যাহ, ছৰগোধা।
সংগ্রহ আৰু অনুবাদঃ দেলুৱাৰ খান বিন আব্বাছ খান খৰুৱাপাৰা, বৰপেটা ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা