ৰচুল (চঃ)-য়ে কৈছেঃ মানুহৰ মাজত আটাইতকৈ নিকৃষ্ট চোৰ হ’ল সেইজন, যিয়ে নিজৰ নামাজত চুৰি কৰে।ছাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনোবাই বাৰু নিজৰ নামাজত কেনেকৈ চুৰি কৰে?তেখেত ﷺ এ ক’লেঃ যিয়ে নামাজৰ ৰুকু আৰু ছিজদা সম্পূৰ্ণভাৱে আদায় নকৰে। – (ইবনে হিব্বান) ব্যাখ্যাঃ ৰুকু সম্পূৰ্ণভাৱে আদায় কৰাৰ অৰ্থ হ’ল খৰধৰ নকৰাকৈ ৰুকুত এনেদৰে পোন হোৱা যে পিঠিত পানীৰ গিলাছ ৰাখিলে যাতে পৰি নাযায় আৰু শান্তিৰে সৈতে তিনিবাৰকৈ “ছুবহা-না ৰব্বিয়াল আ’জী-ম” পাঠ কৰা। আৰু ছিজদা সম্পূৰ্ণভাৱে আদায় কৰাৰ অৰ্থ হ’ল কপাল, নাক, দুই হাত, দুই আঠু আৰু দুই ভৰিৰ আঙুলি সঠিকভাৱে ছিজদাৰ স্হানত ৰখা আৰু তিনিবাৰকৈ শান্তিৰে “ছুবহা-না ৰব্বিয়াল আঅ’লা-” পাঠ কৰা। আৰু দুই বাহু মাটিত পাৰি নিদিয়া আৰু পেটৰ লগত হাত মিলাই নিদিয়া।
সংগ্রহঃ দেলুৱাৰ খান বিন আব্বাছ খান ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা
