⬛🟥⬛ এদিন আল্লাহৰ নবী হজৰত মুছা (আঃ)-য়ে নিজৰ ৰবৰ ওচৰত বিনম্ৰভাৱে প্ৰশ্ন কৰিলে।
“হে মোৰ পালনকর্তা! জান্নাতত মোৰ সংঙ্গী কোন হ’ব?”
আল্লাহে উত্তৰ দিলে,
“মই অমুক চহৰৰ এজন সাধাৰণ কচাই।”
উত্তৰ শুনি হজৰত মুছা (আঃ)-য়ে আচৰিত হৈ গ’ল। তেওঁ ভাবিলে, “মাত্ৰ এজন কচাই! নিশ্চয় এই মানুহজনৰ মাজত এনেকুৱা কোনো গোপন নেক আমল আছে, যিটো পৃথিৱীৰ মানুহে নাজানে।”
সত্যটো জানিবলৈ তেওঁ সেই চহৰলৈ যাত্ৰা কৰিলে।
চহৰত উপস্থিত হৈ তেওঁ দেখিলে, এজন মানুহে দিনটো কষ্ট কৰি মাংস বিক্ৰী কৰি আছে। তেওঁৰ মুখত কোনো অহংকাৰ নাই, বিলাসিতা নাই। তেওঁ নীৰৱে নিজৰ কাম কৰি আছে।
মুছা (আঃ)-য়ে দূৰৈৰ পৰা তেওঁক লক্ষ্য কৰি আছিল।
দিনৰ শেষত কচাইজনে দোকান বন্ধ কৰিলে। অলপ মাংস লৈ ধীৰে ধীৰে ঘৰলৈ উভতিল। মুছা (আঃ)-য়ে অলপ আঁতৰি তেওঁৰ পিছ ল’লে।
ঘৰত সোমাই কচাইজনে প্ৰথমে এটা সৰু কোঠালৈ গ’ল। তাত এগৰাকী অতি বৃদ্ধা মহিলা শুই আছিল। বৃদ্ধাৰ দেহ দুৰ্বল, হাত কঁপি আছিল, নিজে বহিবও নোৱাৰিছিল।
কচাইজনে অতি মৰমেৰে মাকক কোলাত তুলি বহুৱালে। মুখখন পৰিষ্কাৰ কৰিলে। পানী খুৱালে। তাৰ পিছত সৰু সৰু টুকুৰা কৰি খাদ্য নিজৰ হাতেৰে মাকৰ মুখত দিবলৈ ধৰিলে।
মাকে প্ৰতিটো লোকমা শান্তিৰে খাই আছিল, আৰু পুত্ৰৰ মুখলৈ চাই হাঁহি আছিল।
খোৱা শেষ হোৱাৰ পিছত কচাইজনে মাকক আকৌ শুৱাই দিলে। তেতিয়া বৃদ্ধা মাতৃয়ে দুয়োখন হাত আকাশলৈ তুলি কঁপা কঁপা কণ্ঠেৰে ক’বলৈ ধৰিলে—
“হে খোদা! মোৰ এই পুত্ৰক আপোনাৰ প্ৰিয় নবী মুছা (আঃ)-ৰ জান্নাতৰ সংগী কৰি দিয়ক।”
এই দোৱা শুনি হজৰত মুছা (আঃ)-ৰ চকু সেমেকি উঠিল।
তেওঁ আৰু লুকাই নাথাকি ঘৰলৈ সোমাই আহিল আৰু কচাইজনক ক’লে,
“তুমি মোক চিনি পাইছানে?”
কচাইজনে উত্তৰ দিলে,
“নাই, আপুনি কোন?”
মুছা (আঃ)-য়ে ক’লে,
“মই আল্লাহৰ নবী মুছা।”
এই কথা শুনি কচাইজন হতবাক হৈ গ’ল। সন্মানৰ সৈতে তেওঁ নবীক বহিবলৈ দিলে।
মুছা (আঃ)-এ মিচিকিয়া হাঁহি মাৰি ক’লে,
“মই আজি তোমাৰ ওচৰলৈ এটা বিশেষ কাৰণত আহিছোঁ। মই আল্লাহক সুধিছিলোঁ, জান্নাতত মোৰ সংগী কোন হ’ব। আল্লাহে তোমাৰ নাম কৈছিল। এতিয়া মই বুজিলোঁ—তোমাৰ মাকৰ সেৱা আৰু তেওঁৰ আন্তৰিক দোৱাই তোমাক এই মহান মৰ্যাদা দিছে।”
কচাইজনৰ চকুত আনন্দৰ অশ্ৰু বৈ আহিল। তেওঁ চেজদাত পৰি আল্লাহৰ শুকৰিয়া আদায় কৰিলে।
✅ শিক্ষণীয় বিষয়
◾মাক-দেউতাকৰ সেৱা ইছলামৰ অন্যতম শ্ৰেষ্ঠ নেক আমল।
◾পিতৃ-মাতৃৰ অন্তৰৰ পৰা ওলোৱা দোৱাৰ মূল্য অপৰিসীম।
◾আল্লাহৰ ওচৰত মানুহৰ মৰ্যাদা ধন-সম্পদ, পদ-মৰ্যাদা বা পেচাৰে নহয়; তাক্বৱা, ইখলাছ আৰু নেক আমলৰ দ্বাৰাহে নিৰ্ধাৰিত হয়।
গুৰুত্বপূৰ্ণ টোকাঃ এই কাহিনীটো নৈতিক শিক্ষা দিবলৈ বহুলভাৱে প্ৰচলিত। কিন্তু ইয়াৰ কোনো চহীহ হাদীছভিত্তিক চনদ নাই। সেয়েহে ইয়াক চহীহ হাদীছ বুলি নহয়, উপদেশমূলক কাহিনী হিচাপে উল্লেখ কৰাটো উচিত।
সংগ্ৰাহকঃ বায়েজীদ বোস্তামী
