বেৰেলী পন্থিৰ বিভ্ৰান্ত আৰু আমাৰ সমাজ লৈ এক বাৰ্তা।

আহলে চুন্নত ৱাল জামাতৰ অন্যতম বৈশিষ্ট্য হ’ল অন্য পন্থা অনুসাৰীক তুচ্ছ- তাচ্ছিল্য কৰা পৰিহাৰ কৰা। আহলে চুন্নত ৱাল জামাতৰ অনুসাৰীয়ে সদায় বিতৰ্কৰ পৰা দূৰৈত থাকে। কিন্তু অতীজৰে পৰা এচাম বিপথগামী লোকে সমাজত জনপ্ৰিয় হোৱাৰ আশাত সত্যৰ বিৰুদ্ধাচৰণ কৰি আহিছে। ই স্বাভাৱিক, কাৰণ জনপ্ৰিয়তা প্ৰেমী মানুহৰ এটা জন্মলগ্ন প্ৰবৃত্তি। কিন্তু মনত ৰখা দৰকাৰ যে, ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ ধৰ্মৰ সাতামপুৰুষীয়া ৰীতি-নীতি, ঐতিহ্য, বিধি-বিধানৰ অপব্যাখ্যা কৰা আৰু পূৰ্ব পুৰুষসকল আৰু মনীষীসকলক অপমানসূচক বাক্যৰে তাচ্ছিল্য কৰা নিজকে সমাজক অহংকাৰী আৰু চৰিত্ৰহীন বুলি পৰিচয় দিয়া নহয় নে ? এছিয়া মহাদেশৰ ভাৰতবৰ্ষৰ অন্তৰ্গত বেৰেলী চহৰৰ মৌলানা আহমদ ৰাজা খান নামেৰে খ্যাত এগৰাকী ব্যক্তিয়ে ১৯ শ শতিকাৰ শেষৰফালে সমস্ত উম্মাহৰ পৰা ফলাৰি কাটি উক্ত নীতি অৱলম্বন কৰা ইতিহাসত পৰিলক্ষিত হৈছে। তেখেতে কেতবোৰ দ্বীনি আক্বিদাহ , মাছাইলত বিতৰ্কৰ সৃষ্টি কৰিছ। তেওঁৰ সুদুত্তৰ সেই সময়ত দিয়া হৈছিল। যুগে-যুগে তেখেতৰ অনুগামী সকলে গুৰুৰ পদাংক অনুকৰণ কৰি সমাজত বিবাদৰ সৃষ্টি কৰি আহিছে। তেওঁলোকৰ মূল উদ্দেশ্য কি আছিল সেয়া শ্ৰষ্টাই ভাল জানে। কিন্তু সাম্প্ৰতিক সময়ত নিজৰ পন্থাগত মতানৈক্য বাদ দি একেখন মঞ্চত থিয় হোৱাটো আৱশ্যক। যদি আমি ক্ষুদ্ৰ ক্ষুদ্ৰ বিবাদত আৱদ্ধ হৈ থাকো, অইন জনসাধাৰণৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? বৰ্তমানৰ পৰিস্থিতি ইয়াৰ সাক্ষী। হয়, যদি কোনো বিষয়ত আলোচনা কৰাৰ প্ৰয়োজন বুলি আপোনালোকে (বেৰেলেভী) গণ্য কৰে, তেন্তে চৰ্ত আৰু বিৰোধী পক্ষৰ সন্মতি মৰ্মে আলোচনাত বহা উচিত। এনে নহয় যে নিজস্ব শত্ৰুতাৰ কাৰণে বিৰোধী কোনো এজন লোকক আগত বহুৱাই লৈ নিজৰ জ্ঞানৰ পাণ্ডিত্যৰ প্ৰদৰ্শন কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি ফুৰা যে আমি শুদ্ধ আৰু আমি জয় লাভ কৰি কৰিছোঁ। এনেকুৱা নজিৰ ইতিহাসত বাৰুকৈ বিৰাজমান। আল্লাহে বুজাৰ তৌফিক দিয়ক (আমিন)

লেখক, মুফতী মফিদুল ইছলাম ক্বাছিমী (ছয়গাঁও)

Leave a Comment