উম্মাহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা— নিজৰ মাজৰ বিভাজন।

ইছলামত মানুহৰ মৰ্যাদা জন্ম, বংশ, জাতি, বৰ্ণ, ভাষা বা গোটৰ ওপৰত নিৰ্ভৰ নকৰে। আল্লাহ তা’আলাই সকলো মানুহকে এজন পিতা আৰু এগৰাকী মাতৃৰ পৰা সৃষ্টি কৰিছে। সেয়ে ইছলামত কোনো জাতি আন জাতিতকৈ স্বাভাৱিকভাৱে শ্ৰেষ্ঠ নহয়।

মহান আল্লাহে কৈছেঃ__
হে মানৱজাতি! নিশ্চয় মই তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্রত, যাতে তোমালোক এজন আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মর্যাদাশীল যিজন তোমালোকৰ মাজত বেছি আল্লাহভীৰু।
📖 ছুৰা আল-হুজুৰাত আয়াত নং ১৩

আজি আমি গভীৰভাৱে আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে।

আল্লাহে আমাক একেটাই পৰিচয় দিছে—
“মুছলিম”। কিন্তু আমি নিজেই গৰিয়া, মৰিয়া, দেশী,জোলহা, ছৈয়দ,ৰাজনৈতিক শব্দ “মিঞা” উজনি,ভাটিয়া,পূৰ্ব বংগীয়, পমুৱা,থলুৱা, মৈমনচিঙীয়া, চিলেটী
আদি বিভিন্ন নামত ইজনে-সিজনক বিভক্ত কৰাত ব্যস্ত!

অথচ মহান আল্লাহে কৈছে—
হে মু’মিনসকল! তোমালোকে আল্লাহ’ক যথার্থভাৱে ভয় কৰা আৰু অৱশ্যেই (পৰিপূৰ্ণ) ‘মুছলিম’ (অনুগত) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।
আৰু তোমালোক আটায়ে মিলি আল্লাহ’ৰ ৰছীডালত দৃঢ়ভাৱে খামুচি ধৰা আৰু পৰস্পৰৰ ভাগ ভাগ নহ’বা

📖 (ছূৰা আলি-ইমৰানঃ ১০২ আৰু ১০৩)

নোটঃ আয়াত নং ১০৩: আল্লাহ’ৰ ৰছীঃ এই আয়াতত বর্ণিত ‘আল্লাহৰ ৰছী’ৰ দ্বাৰা কুআনক বুজোৱা হৈছে। ইয়াৰ অইন এটা অর্থ ইছলাম বা ইছলামী জীৱন-ব্যৱস্থা। কাৰণ, মু’মিনসকলে ক্বুৰ’আন আৰু ইছলামী জীৱন-ব্যৱস্থাৰ মাধ্যমতে আল্লাহ তাআলাৰ লগত দৃঢ় সম্পর্ক স্থাপন কৰে।

আল্লাহ তা’আলাই আৰু কৈছেঃ__
মু’মিনসকল পৰস্পৰ ভাই-ভাই, সেয়ে তোমালোকে তোমালোকৰ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিবা। লগতে আল্লাহক ভয় কৰি চলিবা, যাতে তোমালোক ৰহমত প্ৰাপ্ত হোৱা।

📖 (ছূৰা আল-হুজুৰাতঃ আয়াত নং ১০)

ইছলামত জাতিভেদ প্ৰথা আৰু বৈষম্য নাই।

ৰছূলুল্লহ (ছল্লল্লহু আলাইহি ৱা ছাল্লাম)-এ বংশ, জাতি আৰু গোত্ৰক লৈ অহংকাৰ আৰু বিভেদ’ ও জাতিভেদ প্ৰথাক কঠোৰভাৱে নিন্দা কৰিছে।

আবু হুৰাইৰাহ (ৰজ্বিয়াল্লাহু আনহু)-ৰ পৰা বৰ্ণিত। তেওঁ কৈছে, ৰছূলুল্লহ (ছল্লল্লহু আলাইহি ৱা ছাল্লাম) এ কৈছেঃ
“মহান আল্লাহে তোমালোকৰ পৰা জাহিলিয়্যাত যুগৰ মিছা অহংকাৰ আৰু পূৰ্বপুৰুষক লৈ গৌৰৱ কৰাৰ প্ৰথা বিলুপ্ত কৰি দিছে। মু’মিন হৈছে আল্লাহভীৰু, আৰু পাপী হৈছে দুৰ্ভগীয়া। তোমালোক সকলোৱে আদম (আলাইহিছ ছালাম)-ৰ সন্তান, আৰু আদম (আলাইহিছ ছালাম)-ক মাটিৰে সৃষ্টি কৰা হৈছিল। সেয়ে মানুহে নিজৰ বংশ, গোত্ৰ বা বংশীয় পৰিচয়ক কেন্দ্ৰ কৰি অহংকাৰ কৰা উচিত নহয়। এতিয়া তো সিহঁত জাহান্নামৰ কয়লাত পৰিণত হৈছে।অন্যথা, আল্লাহ’ৰ ওচৰত তেওঁলোক সেই পোকতকৈও অধিক নিকৃষ্ট বিবেচিত হ’ব, যিয়ে নিজৰ নাকেৰে মল গুটিয়াই ফুৰে।”
📚 (ছুনানে আবু দাউদ, হাদীছ নং ৫১১৬)
নোটঃ এই হাদীছৰ মূল শিক্ষা হৈছে—ইছলামত মানুহৰ মৰ্যাদা বংশ, জাতি বা গোত্ৰৰ ওপৰত নিৰ্ভৰ নকৰে; বৰং তাক্বৱা (আল্লাহভীতি) আৰু সৎকৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। মহান আল্লাহে কৈছেঃ

“তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি আল্লাহ ভীৰু।”
📖 (ছুৰা আল-হুজুৰাত: ১৩)

আনহাতে, ৰছূলুল্লহ (ছল্লল্লহু আলাইহি ৱা ছাল্লাম)-এ আইয়্যামে তাশ্বৰীক্বৰ মাজৰ এটা দিনত বিদায় ভাষণ প্ৰদান কৰি কৈছিলঃ
“হে মানুহসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক এজনেই, আৰু তোমালোকৰ পিতাও এজনেই। মনে ৰাখিবা কোনো আৰবৰ ওপৰত অনাৰবৰ, কোনো অনাৰবৰ ওপৰত আৰবৰ, কোনো বগাৰ ওপৰত কলাৰ আৰু কোনো কলাৰ ওপৰত বগাৰ কোনো শ্ৰেষ্ঠত্ব নাই—কেৱল তাক্বৱা (আল্লাহভীতি)ৰ দ্বাৰাহে শ্ৰেষ্ঠত্ব নিৰ্ধাৰিত হয়। নিশ্চয় আল্লাহ’ৰ ওচৰত তোমালোকৰ মাজত সৰ্বাধিক সন্মানীয় সেইজন, যিজন সৰ্বাধিক তাক্বৱাশীল। মই জানো তোমালোকৰ ওচৰত আল্লাহ’ৰ বাণী পৌঁছাই দিলোঁনে?”

লোকসকলে ক’ল, “হয়, হে আল্লাহৰ ৰছূল!”

তেতিয়া তেখেতে ক’লেঃ

“তেন্তে যিসকল উপস্থিত আছে, তেওঁলোকে যেন এই বাণী অনুপস্থিতসকলৰ ওচৰলৈও পৌঁছাই দিয়ে।”

📚 (আহমাদ, হাদীছ নং ২৩৫৩৬; বাইহাক্বী, শুআবুল ঈমান, হাদীছ নং ৫১৩৭; ছিলছিলাতুল আহাদীছিল ছহীহাহ, হাদীছ নং ২৭০০)

যেতিয়া ইছলামে আৰৱ–অনাৰব, বগা–ক’লা সকলো ভেদাভেদ ভাঙি দিছে, তেতিয়া আমি কোন যুক্তিত গৰিয়া মৰিয়া দেশী জোলহা ছৈয়দ মিঞা উজনি ভাটিয়া আদি নামত উম্মাহক বিভক্ত কৰিম?
আজি যদি আমি নিজৰ মাজতে বিভক্ত হৈ থাকোঁ, তেন্তে আমাৰ এই দুৰ্বলতাৰ ৰাজনৈতিক লাভ বিভিন্ন শক্তিয়ে ল’ব পাৰে। কিন্তু ক্ষতি হয় কেৱল উম্মাহৰ।
ইতিহাসে দেখুৱাইছে— বিভক্ত উম্মাহ দুৰ্বল হয়, ঐক্যবদ্ধ উম্মাহ শক্তিশালী হয়।

আজিৰ প্ৰয়োজন—
🤝 ঐক্য,
📖 ক্বুৰআন,
🕌 ছুন্নাহ,
🎓 শিক্ষা,
💚 তাক্বৱা,
আৰু উত্তম চৰিত্ৰ।
অঞ্চল ভেদে আমাৰ ভাষা, বেলেগ হ’ব পাৰে কিন্তু আমাৰ পৰিচয় একেই আমি “ভাৰতীয়” মুছলিম।
🌿 সেয়ে ইছলামৰ মানদণ্ড হৈছে—
✅ তাক্বৱা
✅ নেক আমল
✅ উত্তম চৰিত্ৰ

❌ জাতি
❌ বৰ্ণ
❌ বংশ
❌ ভাষা
❌ ধন-সম্পদ

—এইবোৰৰ দ্বাৰা কোনো মানুহ আল্লাহৰ ওচৰত শ্ৰেষ্ঠ নহয়।
واللہ اعلم بالصواب

আল্লাহ তা’আলাই আমাক জাতিভেদ, অহংকাৰ আৰু বৈষম্যৰ পৰা ৰক্ষা কৰক আৰু তাক্বৱাশীল বান্দাসকলৰ অন্তৰ্ভুক্ত কৰক। ক্বুৰআন-ছুন্নাহৰ ওপৰত ঐক্যবদ্ধ ৰাখক।
আমীন।


সংগ্রাহকঃ আলী আচগৰ আকন্দ

Leave a Comment