প্ৰকৃত মুছলিম বা মু’মিন কোনসকল?

এক তাত্বিক পৰ্যালোচনা

আমাৰ মুছলিম সমাজত দুখঃজনকভাৱে বহুতে আজিও জাতি, বংশ, গোত্ৰ, ভাষা, অঞ্চল বা বিভিন্ন উপাধিৰ ভিত্তিত “প্ৰকৃত মুছলিম” বা “প্ৰকৃত মুমিন” নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে। অথচ পৱিত্ৰ ক্বুৰআনুল কাৰীম ও ছুন্নাহে স্পষ্টকৈ ঘোষণা কৰিছে যে, আল্লাহ’ৰ ওচৰত মানুহৰ মৰ্যাদা জন্মগত পৰিচয়, বংশ, জাতি বা গোত্ৰৰ ওপৰত নিৰ্ভৰ নকৰে; বৰং বিশুদ্ধ ঈমান, তাক্বৱা (আল্লাহভীতি) আৰু নেক আমলৰ ওপৰতহে নিৰ্ভৰ কৰে। সেয়ে মুছলিমৰ প্ৰকৃত পৰিচয় কোনো জাতিগত বা বংশীয় উপাধি নহয়; তেওঁৰ প্ৰকৃত পৰিচয় হৈছে—আল্লাহ আৰু তেওঁৰ ৰছূল (ছল্লল্লহু আলাইহি ৱা ছাল্লাম)-ৰ আনুগত্য কৰা এজন তাক্বৱাশীল মুছলিম।

📖 ক্বুৰআ’নুল কাৰীমৰ আলোকতঃ__

(১)#আল্লাহৰওচৰতশ্ৰেষ্ঠত্বৰএকমাত্ৰমানদণ্ডঃ

মহান আল্লাহেকৈছেঃ_

তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মর্যাদাশীল যিজন তোমালোকৰ মাজত বেছি আল্লাহভীৰু।

📖 (ছুৰা আল-হুজুৰাত আয়াত নং ১৩)

(২) #প্ৰকৃতমুমিনৰবৈশিষ্ট্যঃ
আল্লাহে কৈছেঃ_
প্রকৃত মু’মিন সেই সকলেই যিসকলৰ সন্মুখত আল্লাহৰ স্মৰণ কৰা হ’লে সিহঁতৰ অন্তৰ কঁপি উঠে আৰু সিহঁতৰ ওচৰত যেতিয়া আল্লাহৰ বাণী পাঠ কৰা হয়, তেতিয়া সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰি দিয়ে, আৰু সিহঁতে সিহঁতৰ প্রতিপালকৰ ওপৰত ভৰসা কৰে। যিসকলে নামাজ প্রতিষ্ঠা কৰে আৰু মই সিহঁতক দান কৰা জীৱিকাৰ পৰা (আল্লাহৰ পথত) খৰচ কৰে। ইহঁতেই হৈছে প্রকৃত মু’মিন, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মর্যাদা, ক্ষমা আৰু সন্মানজনক ৰিজিক।
(ছুৰা আনফালঃআয়াত নং ২–৪)

(৩) মুমিনসকলপৰস্পৰভাইভাই। আল্লাহে কৈছেঃ_
মু’মিনসকল পৰস্পৰ ভাই-ভাই, সেয়ে তোমালোকে তোমালোকৰ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিবা। লগতে আল্লাহক ভয় কৰি চলিবা, যাতে তোমালোক ৰহমত প্ৰাপ্ত হোৱা।

📖 (ছূৰা আল-হুজুৰাতঃ আয়াত নং ১০)

(৪) পূৰ্ণাংগমুছলিমহৈমৃত্যুবৰণকৰাঃ

আল্লাহে কৈছেঃ__

হে মু’মিনসকল! তোমালোকে আল্লাহ’ক যথার্থভাৱে ভয় কৰা আৰু অৱশ্যেই (পৰিপূৰ্ণ) ‘মুছলিম’ (অনুগত) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।

📖 (ছুৰা আলি- ইমৰান আয়াত নং ১০২)

৫) #সফলমুমিনঃ আল্লাহে কৈছেঃ__

নিশ্চয় মু’মিনহঁতে সফলতা লাভ কৰিছে। যিসকলে সিহঁতৰ নামাজত বিনয় অৱলম্বন কৰে। যিসকল অহেতুক কথা-বতৰাৰ পৰা বিৰত থাকে। যিসকলে জাকাত আদায় কৰে। যিসকলে সিহঁতৰ লজ্জাস্থানক সংযত ৰাখে (অর্থাৎ অবৈধ যৌনাচাৰৰ পৰা বিৰত থাকে)। অৱশ্যে নিজৰ স্ত্রী অথবা মালিকানাধীন দাসীসকলৰ কথা বেলেগ। এইক্ষেত্রত নিশ্চয় সিহঁত তিৰষ্কৃত নহ’ব। পিছে, যিসকলে সিহঁতৰ বাহিৰে (অর্থাৎ উক্ত নাৰীসকলৰ বাহিৰে) অইন কাৰোবাক কামনা কৰিব, সিহঁতেই সীমালংঘনকাৰী (হিচাপে গণ্য) হ’ব। আৰু যিসকলে সিহঁতৰ আমানত আৰু প্ৰতিশ্রুতি ৰক্ষা কৰে। আৰু যিসকল সিহঁতৰ নামাজসমূহৰ প্ৰতি পৰিপূৰ্ণ যত্নৱান। সিহঁতেই হৈছে উত্তৰাধিকাৰী; যিসকলে (জান্নাতুল) ফিৰদাউছৰ উত্তৰাধিকাৰ লাভ কৰিব, সিহঁত তাত চিৰকাল থাকিব।

📖 (ছুৰা আল-মুমিনূন : ১–১১)

🌹#ছুন্নাহৰ_আলোকতঃ

(১) প্ৰকৃতমুছলিমৰপৰিচয়ঃ
ৰছূলুল্লহ (ছল্লল্লহু আলাইহি ৱা ছাল্লাম)-এ কৈছেঃ “ প্ৰকৃত মুছলিম সেইজন যাৰ জিভা আৰু হাতৰ অনিষ্টৰ পৰা আন মুছলিমসকল নিৰাপদ থাকে।”

📚 ছহীহুল বুখাৰী : ১০
📚 ছহীহ মুছলিম : ৪০

(২) #পূৰ্ণাংগঈমানৰলক্ষণঃ
নবী (ছল্লল্লহু আলাইহি ৱা ছাল্লাম’)এ কৈছেঃ তোমালোকৰ কোনোবাই প্রকৃত মু‘মিন হ’ব নোৱাৰিব, যেতিয়া লৈকে সি তাৰ ভাইৰ বাবে সেইটোৱেই পছন্দ কৰিব, যিটো তাৰ নিজৰ বাবে পছন্দ কৰে।
📚 ছহীহুল বুখাৰী : ১৩
📚 ছহীহ মুছলিম : ৪৫

(৩)#আল্লাহেঅন্তৰআৰুআমোলচায়!
ৰছূলুল্লহ (ছল্লল্লহু আলাইহি ৱা ছাল্লাম) এ কৈছেঃ_নিশ্চয় আল্লাহ তোমালোকৰ চেহেৰা-আকৃতি ও সম্পদৰ প্ৰতি নাচায়।বৰং তোমালোকৰ অন্তৰ আৰু আমল চায়।
📚 ছহীহ মুছলিম : ২৫৬৪

(৪) #শ্ৰেষ্ঠত্বৰমানদণ্ডঃ ৰছূলুল্লহ ছল্লল্লহু আলাইহি ৱা ছাল্লাম এ কৈছেঃ
“হে মানুহসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক এজনেই, আৰু তোমালোকৰ পিতাও এজনেই। মনে ৰাখিবা কোনো আৰবৰ ওপৰত অনাৰবৰ, কোনো অনাৰবৰ ওপৰত আৰবৰ, কোনো বগাৰ ওপৰত কলাৰ আৰু কোনো কলাৰ ওপৰত বগাৰ কোনো শ্ৰেষ্ঠত্ব নাই—কেৱল তাক্বৱা (আল্লাহভীতি)ৰ দ্বাৰাহে শ্ৰেষ্ঠত্ব নিৰ্ধাৰিত হয়। নিশ্চয় আল্লাহ’ৰ ওচৰত তোমালোকৰ মাজত সৰ্বাধিক সন্মানীয় সেইজন, যিজন সৰ্বাধিক তাক্বৱাশীল।
📚 মুছনাদ আহমাদ : ২৩৪৮৯
📚 শুআবুল ঈমান (বাইহাক্বী) : ৫১৩৭

🌿 ক্বুৰআন আৰু ছুন্নাহৰ চূড়ান্ত সিদ্ধান্ত

প্ৰকৃত মুছলিম বা প্ৰকৃত মুমিনৰ মানদণ্ড হৈছে—

✅ বিশুদ্ধ ঈমান

✅ তাক্বৱা (আল্লাহভীতি)

✅ ক্বুৰআন আৰু ছুন্নাহৰ অনুসৰণ

✅ পাঁচ ওৱাক্ত নামাজ, ৰোজা হজ্ব, আৰু যাকাত আদায় কৰা।

✅ আল্লাহৰ ওপৰত ভৰষা।

✅ নেক আমল

✅ উত্তম চৰিত্ৰ

✅ আন মুছলিমৰ অধিকাৰ ৰক্ষা কৰা

❌ জাতি নহয়

❌ বংশ নহয়

❌ গোত্ৰ নহয়

❌ ভাষা নহয়

❌ অঞ্চল নহয়

❌ উপাধি নহয়

📌 মনত ৰাখিব—

আল্লাহ আৰু তেওঁৰ ৰছূলৰ ওচৰত আমাৰ পৰিচয় “গৰিয়া”, “মৰিয়া”, “দেশী”, “জোলহা”,”ছৈয়দ” মৈমনচিঙীয়া, চিলেটী, বা আন কোনো সামাজিক উপাধি নহয়।
আল্লাহৰ ওচৰত আমাৰ পৰিচয় এটাই—”মুছলিম”।

আৰু আমাৰ মৰ্যাদাৰ মানদণ্ড হৈছে—তাক্বৱা।
واللہ أعلم بالصواب

আল্লাহ তা’আলাই আমাক প্ৰকৃত মুছলিম/ মুমিন আৰু তাক্বৱাশীল বান্দাসকলৰ অন্তৰ্ভুক্ত কৰক। আৰু ক্বুৰআন আৰু ছুন্নাহৰ ওপৰত অটল ৰাখক।আমীন।🤲

সংগ্ৰাাাহকঃ আলী আছগৰ আকন্দ

Leave a Comment