তালাক সম্পর্কিত কিছুমান ভুল-ত্রুটি
— মাওলানা মুহাম্মাদ আব্দুল মালিক হাফিজাহুল্লাহ
এই সংখ্যাত কেৱল এই বিষয়ত আলোচনা কৰাই উচিত হ’ব বুলি ভাবিলো। এটা কথা তো বাৰম্বাৰ লিখা হৈছে, উলামা-মাশ্বায়েখেও আলোচনা কৰি থাকে যে, অতীৱ প্রয়োজন (যাক শ্বৰীয়তে ওজৰ বুলি গণ্য কৰে) ব্যতিৰেকে স্বামীৰ বাবে যেনেকৈ তালাক দিয়া জাইজ নহয় ঠিক তেনেকৈ স্ত্রীৰ বাবেও তালাক বিচৰা দুৰুস্ত নহয়। তালাকৰ পথ খোলা ৰখা হৈছে কেৱল অতীৱ প্রয়োজনৰ ক্ষেত্রত ব্যৱহাৰৰ বাবে। বর্তমান সমাজত, বিশেষকৈ আমাৰ অঞ্চলত কোনো পৰিয়ালত তালাকৰ ঘটনাই যে কিমান ফাছাদ-বিশৃঙ্খলা, জুলুম-অত্যাচাৰ আৰু কাজিয়া-বিবাদৰ কাৰণ হয় তাক আৰু বুজাই কোৱাৰ প্রয়োজন নপৰে। তালাক প্রদানৰ ক্ষমতাক শ্বৰীয়তৰ নির্ধাৰিত নীতিমালাৰ বাহিৰত ব্যৱহাৰ কৰা নিঃসন্দেহে আল্লাহৰ বিধানৰ সৈতে ঠাট্টা কৰাৰ লেখীয়া।
সেয়ে কোনোবাই দাম্পত্য জীৱনত ভৰি ৰখাৰ চেষ্টা কৰিলে তাৰ বাবে অপৰিহার্য কর্তব্য হ’ব, বিয়াৰ পূৰ্বেই দাম্পত্য জীৱনৰ নিত্য প্রয়োজনীয় মাছআলাসমূহৰ সৈতে তালাকৰ বিধানসমূহো জানি লোৱা।
তালাক অত্যন্ত স্পর্শকাতৰ এটি বিষয়। কোনোবাই এই ক্ষমতাৰ অপব্যৱহাৰ কৰিলে অথবা ভুল পন্থাত তাক প্রয়োগ কৰিলে তেওঁ এফালে যেনেদৰে গুনাহগাৰ হ’ব, আনফালে তেনেকৈ তালাকো কার্যকৰী হৈ যাব। সেয়ে প্রতিজন বিবেচক স্বামীৰ দায়িত্ব হ’ল, ‘তালাক’ শব্দ অথবা ইয়াৰ সমার্থক কোনো শব্দও মুখেৰে উচ্চাৰণ কৰাৰ পৰা সতর্কতাৰে সৈতে বিৰত থকা।
অৱশ্যে অতীৱ প্রয়োজনত তালাক প্রদানত বাধ্য হ’লে স্ত্রীৰ পৱিত্র অৱস্থাত কেৱল এক তালাক দি ক্ষান্ত হোৱা উচিত। এনেদৰে ক’ব যে, “তোমাক তালাক দিলো।” তালাকৰ সৈতে ‘বায়েন’ শব্দ অথবা ‘৩’ সংখ্যা ব্যৱহাৰ নকৰিব। কোনোবাই ‘বায়েন’ শব্দ কৈ পেলালে (যদিওবা সেয়া এক বা দুই তালাক নহওঁক লাগে) নতুনকৈ শ্বৰীয়তসন্মত পন্থাত দ্বিতীয়বাৰ বিয়া নপঢ়োৱাকৈ স্ত্রীৰ সৈতে পুনৰ মিলনৰ পথ বন্ধ হৈ যাব।
অনুৰূপভাৱে তিনি তালাক দি পেলালে – একেটা মজলিছ (বৈঠক) ত পৃথক পৃথকভাৱে তিনি তালাক দিয়া হওঁক অথবা এটা শব্দতে তিনি তালাক দিয়া হওঁক – যেনে ক’লে, তোমাক তিনি তালাক দিলো। অথবা আগতে কেতিয়াবা দুই তালাক দিছিল আৰু এতিয়া কেৱল এক তালাক দিলে। সর্বমুঠ তিনি তালাক দিয়া হ’ল। যিকোনো উপায়েৰে তিনি তালাক দিয়া হ’লে বৈবাহিক সম্পর্ক সম্পূর্ণৰূপে শেষ হৈ যায়। এনে অৱস্থাত কেৱল মৌখিকভাৱে স্ত্রীক বিয়াত উভতাই আনাৰ যেনেদৰে কোনো সুযোগ নাথাকে তেনেদৰে নতুনকৈ বিয়া পঢ়োৱাৰ মাধ্যমতো উভতাই লোৱাৰ পথ খোলা নাথাকে।
একেলগে তিনি তালাক দিয়া অথবা বিভিন্ন সময়ত তালাক দি দি তিনি পর্যন্ত পৌঁছি যোৱা এটি জঘণ্য অপৰাধ তথা ঘৃণিত কাম। আল্লাহ তাআ’লাই ইয়াৰ শাস্তি হিচাপে এই বিধান দিছে যে, তেওঁলোকে স্বামী-স্ত্রী হিচাপে পুনৰ একেলগে বসবাস কৰিব বিচাৰিলে স্ত্রীৰ ইদ্দত অতিবাহিত হোৱাৰ পাছত আন ঠাইত তাইৰ বিয়া হোৱা আৰু উক্ত স্বামীৰ সৈতে তাইৰ মিলন হোৱা অপৰিহার্য। তাৰ পাছত কোনো কাৰণত তাই তালাকপ্রাপ্তা হ’লে অথবা স্বামীৰ মৃত্যু হ’লে ইদ্দত পালনৰ পিছত এওঁলোক দুজন পৰস্পৰ সন্মত হ’লে নতুনকৈ বিবাহ বন্ধনত আবদ্ধ হ’ব পাৰিব।
সেয়েহে শ্বৰীয়তে আগতেই সাৱধান কৰি দিছে যে, প্রথমতঃ তালাকৰ কথা
চিন্তাও নকৰিব। অৱশ্যে অতীৱ প্রয়োজনত কেতিয়াবা তালাক প্রদানৰ প্রয়োজন হ’লে সাধাৰণভাৱে তালাক দিব, কেৱল এক তালাক। যাতে উভয়ৰ বাবেই নতুনকৈ চিন্তা-ভাবনাৰ সুযোগ থাকে আৰু দ্বিতীয়বাৰ উভতি অহাৰ পথ খোলা থাকে। পিছত আকৌ কোনো সমস্যাই দেখা দিলে এনেকৈয়ে কেৱল এক তালাক দিব। এতিয়াও উভতি অহাৰ পথ খোলা থাকিব।
কিন্তু তাৰ পাছত যদি আকৌ কেতিয়াবা কেৱল এক তালাকো দিয়া হয় আৰু সকলো মিলি তিনি তালাক হৈ যায় তেনে অৱস্থাত দ্বিতীয়বাৰ ঘৈণীয়েকক উভতাই আনাৰো সুযোগ নাথাকিব, নতুনকৈ বিয়া কৰাৰ বৈধতাও বাকী নাথাকিব।
আজিকালি স্বামী-স্ত্রীয়ে তালাকৰ বিধান জনা আৰু সেই অনুযায়ী আমল কৰাৰ পৰিৱর্তে নিজৰ মনত এনেবোৰ ভুল আৰু মনেসজা মাছআলা স্থিৰ কৰি ৰাখে যে, আল্লাহে মাফ কৰক।
১. তিনি তালাক নিদিয়াকৈ তালাক নহয় –
যেনেঃ বহুতে ধাৰণা কৰে যে, কেৱল এক বা দুই তালাক দিয়াৰ দ্বাৰা তো তালাকেই নহয়। তালাকৰ বাবে একেলগে তিনি তালাক দিয়াক তেওঁলোকে অপৰিহার্য বুলি ভাবে।
মনত ৰাখিব, এই ধাৰণা সম্পূর্ণ ভুল। তালাক দিয়াৰ সঠিক পদ্ধতি হ’ল, কেৱল এক তালাক দিয়া। পৰৱর্তী কালত আকৌ প্রয়োজন হ’লে কেৱল এক তালাকেই দিব। তাতকৈ বেছি নিদিব। কিন্তু তিনি তালাক দি পেলালে তেওঁলোকৰ দাম্পত্য সম্পর্ক বাহাল ৰখাৰ সকলো পথ বন্ধ হৈ যাব।
একে মজলিছতে অথবা একেটা শব্দতে তিনি তালাক দিয়া হাৰাম তথা কবিৰা গুনাহ। কিন্তু কোনোবাই এনে কৰিলে তালাক কার্যকৰী হৈ যাব আৰু তেওঁলোকৰ বৈবাহিক সম্পর্ক সম্পূর্ণভাৱে শেষ হৈ যাব।
২. তালাক শব্দৰ লগত বায়েন শব্দ ব্যৱহাৰ কৰা জৰুৰী –
বহুতে ধাৰণা কৰে, কেৱল তালাক বুলি ক’লে তালাক নহয়; বৰং তালাকৰ লগত ‘বায়েন’ শব্দও যোগ কৰা অত্যাৱশ্যক।এইটোও ভুল ধাৰণা। কেৱল তালাক শব্দৰ দ্বাৰাই তালাক হৈ যায়। ইয়াৰ লগত ‘বায়েন’ শব্দ যোগ কৰাৰ কোনো প্রয়োজন নাই। উপৰন্তু এই শব্দৰ সংযোজন নাজাইজ। অৱশ্যে কোনোবাই যদি এক তালাক বায়েন বা দুই তালাক বায়েন দিয়ে তেনেহ’লে তেওঁ মৌখিকভাৱে ৰুজু কৰাৰ (পুনৰ স্ত্রী হিচাপে গ্রহণ কৰাৰ) পথ বন্ধ কৰি দিলে। এতিয়া কেৱল এটি পথেই খোলা আছে। আৰু সেইটো হ’ল, নতুনভাৱে শ্বৰীয়তসন্মত পন্থাত দ্বিতীয়বাৰ বিয়া পঢ়োৱা। অথচ কেৱল তালাক বুলি ক’লে এক তালাক বা দুই তালাক পর্যন্ত মৌখিক ৰুজু (প্ৰত্যাৱৰ্তন) ৰ পথ খোলা থাকে। সেই কাৰণে স্বামীৰ উচিত, যিমানেই উত্তেজিত নহওঁক লাগে, কোনো অৱস্থাতেই যাতে তিনি তালাক নিদিয়ে। এনেকি তাক কেতিয়াও মুখেৰেও নকয়। অথচ বহুতে তো তিনি তালাক দিয়াৰ পিছতো পৃথকভাৱে ‘বায়েন’ শব্দ যোগ কৰে। যেন গোটেই কেইটা তালাক দিয়াৰ পিছতো তাৰ মন নভৰিল। নহ’লে তিনি তালাক দিয়াৰ পিছত আৰু কি বা বাকী থাকে যে, ‘বায়েন’ শব্দ ক’ব লাগিব?!
মনত ৰাখিব, তিনি তালাক দিয়াটোৱেই এক গুনাহ, তাৰ পাছত ‘বায়েন’ শব্দ যোগ কৰি তেওঁ আৰু বেছি গুনাহগাৰ হ’ব।
৩. একেলগে তিনি তালাক দিলে তালাক নহয় –
বহুতে এই ভুল ধাৰণাও প্রচাৰ কৰি থাকে যে, একেলগে তিনি তালাক দিয়া হ’লে তালাক নহয় অথবা কেৱল এক তালাক হয়।
এয়াও এটি মাৰাত্মক ভুল। একেলগে তিনি তালাক দিয়া জাইজ নহ’লেও কোনোবাই যদি এই নাজাইজ কাম কৰে তেনেহ’লে তাৰ স্ত্রীৰ ওপৰত তিনি তালাক ঠিকেই পতিত হয়। এই ক্ষেত্রত তাৰ মৌখিকভাৱে ৰুজু কৰাৰ অধিকাৰ অৱশিষ্ট নাথাকে। এনেকি নতুনকৈ বিয়া পঢ়োৱাৰ দ্বাৰাও তেওঁলোকে পৰস্পৰৰ বাবে হালাল হ’ব নোৱাৰে। গতিকে সকলো স্বামীৰেই কর্তব্য, প্রথমৰ পৰা সর্বোচ্চ সতর্ক থকা। মুখেৰে কেতিয়াও তিনি তালাক অথবা তালাক, তালাক, তালাক শব্দ উচ্চাৰণ নকৰা। আৰু আগতেই দুই তালাক দি থ’লে এতিয়া আৰু তৃতীয় তালাকৰ চিন্তাও নকৰা।
৪. গর্ভাৱস্থাত তালাক দিলে তালাক পতিত নহয় –
বহুতে এই মাছআলা বনাই ৰাখিছে যে, গর্ভাৱস্থাত স্ত্রীক তালাক দিলে সেয়া কার্যকৰী নহয়। এইটোও সম্পূর্ণ অবাস্তৱ কথা। গর্ভাৱস্থাত হওঁক অথবা আন যিকোনো অৱস্থাতেই হওঁক তালাক দিলে সেয়া পতিত হৈ যাবই। সেই কাৰণে সঠিক মাছআলা শিকা সকলোৰে দায়িত্ব। অজ্ঞতাৰ ধোকাত থকাৰ কাৰণে হাৰাম কেতিয়াও হালাল হ’ব নোৱাৰে।
৫. তালাক পতিত হোৱাৰ বাবে সাক্ষীৰ উপস্থিতি জৰুৰী –
বহুতৰে ধাৰণা, স্বামীয়ে তালাকৰ সময়ত কোনো সাক্ষী নাৰাখিলে তালাক পতিত নহয়। পূৰ্বৰটোৰ দৰে এইটোও মানুহৰ মনেসজা মাছআলা। কোন মূর্খই এই কথা কৈছে আমি নাজানো। সাক্ষীৰ প্রয়োজন তো হয় বিয়াৰ সময়ত। তালাক পতিত হোৱাৰ বাবে এক বা একাধিক কোনো সাক্ষীৰেই প্রয়োজন নাই। স্বামীয়ে যদি ৰাতিৰ অন্ধকাৰত অকলে অকলে বহি তালাক দিয়ে তেনেহ’লেও তালাক হৈ যাব।
৬. খঙৰ সময়ত তালাক দিলে তালাক নহয় –
তালাক তো দিয়াই হয় খং কৰি। কেইজনেই বা আছে, যিয়ে শান্তভাৱে তালাক দিয়ে? আচলতে এনেকুৱা হোৱাই তো উচিত আছিল যে, যদি বাস্তৱসন্মত আৰু অনিবার্য প্রয়োজনত বৈবাহিক সম্পর্ক ছিন্ন কৰিবলগীয়া হয় তেনেহ’লে মুৰব্বীসকলৰ সৈতে পরৰামর্শ কৰি পৰস্পৰৰ কল্যাণকামী হৈ বুজি-শুনি, সঠিক মাছআলা জানি লৈ মাছআলা অনুযায়ী তালাক প্রদানৰ মাধ্যমত বৈবাহিক সম্পর্ক ছিন্ন কৰিব।
কিন্তু আফচোচ! অধিকাংশ মানুহে মাছআলা জনাৰ চেষ্টাও নকৰে, আৰু না তেওঁলোকৰ মাজত এই সুবুদ্ধি আছে যে, মুৰব্বীসকলৰ সৈতে পৰামর্শ কৰিব, চিন্তা-ভাবনা কৰিব। নিজৰ ইচ্ছাবিৰোধী কিবা পালেই খঙৰ ভমকত তালাক দি পেলায়। আৰু তাকো এটা বা দুটা নহয়; একে নিশ্বাসতে তিনি তালাক।
যেতিয়া খং প্রশমিত হয় তেতিয়া অনুতপ্ত হয় আৰু বিভিন্ন ধৰণৰ কথা বনাই থাকে। কয়, মই খঙৰ ভমকত কৈ পেলাইছো, তালাক দিয়াৰ ইচ্ছা নাছিল। এনে ধৰণৰ মানুহৰ জানি ৰখা উচিত যে, তালাক পতিত হোৱাৰ বাবে নিয়তৰ কোনো প্রয়োজন নাই। ই কোনো ঈবাদত নহয় যে, ইয়াৰ বাবে নিয়ত কৰিব লাগিব। নিয়ত থাকক বা নাথাকক সর্বাৱস্থাত তালাক শব্দ কৈ পেলালে বা কাগজত লিখি দিলেই তালাক হৈ যায়। তেনেদৰে খঙৰ অৱস্থাত তালাক দিলেও তালাক হৈ যায়, এনেকি হাস্যৰস বা ঠাট্টাৰ ছলত তালাক দিলেও সেয়া পতিত হৈ যায়।
অৱশ্যে কোনোবাই যদি প্রচণ্ড খং কৰে আৰু অতিপাত খঙৰ ফলত অজ্ঞান হৈ পৰে আৰু তেনে অৱস্থাত তেওঁ কি কৈছে তাৰ একোৱেই মনত নাথাকে তেনেহ’লে উক্ত অৱস্থাৰ তালাক কার্যকৰী নহ’ব।
শেষ কথা এই যে, দাম্পত্য জীৱন আল্লাহ তাআ’লাৰ পক্ষৰ পৰা বিৰাট ডাঙৰ আৰু বিশেষ এটি নিয়ামত। স্বামী-স্ত্রী সকলোৰে কর্তব্য, এই নিয়ামতৰ যথাযথ মূল্যায়ন কৰা আৰু এজনে আনজনৰ সকলো অধিকাৰ আদায় কৰা। স্ত্রীৰ বাবে উচিত নহয়, কথায় প্ৰতি স্বামীৰ ওচৰত তালাক বিচৰা। আকৌ স্বামীৰ বাবেও জাইজ নহয় আল্লাহ তাআ’লাৰ দিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰা।
বিয়া, তালাক আৰু দাম্পত্য জীৱনৰ সকলো বিধান ও মাছআলা শিক্ষা কৰা স্বামী-স্ত্রী উভয়ৰ বাবে জৰুৰী। বিশেষকৈ স্বামীৰ কর্তব্য হ’ল, তালাকৰ মাছআলা আৰু তাৰ পৰিণতি সম্পর্কে অৱগত নোহোৱাকৈ মুখত কেতিয়াও তালাক শব্দ উচ্চাৰণ নকৰা। আৰু যদি কোনো কাৰণত তালাক দিয়ে আৰু এনেদৰে দিয়ে যে, এতিয়া আৰু তেওঁলোকৰ একেলগে থকা শ্বৰীয়তত বৈধ নহয় তেনেহ’লে তেওঁলোকে আল্লাহক ভয় কৰা উচিত। বিভিন্ন টাল-বাহানা, অজুহাতৰ আশ্রয় লৈ অথবা ভুল কথাৰ ওপৰত ভিত্তি কৰি অথবা মূল ঘটনা গোপন ৰাখি একেলগে বাস নকৰা উচিত। বিয়া কেৱল এটা নিৰ্দিষ্ট সময়ৰ বিষয় নহয়, সমগ্ৰ জীৱনৰ বিষয়।
বাস্তৱতেই যদি তালাক হৈ যায় আৰু শ্বৰীয়তৰ দৃষ্টিত বৈবাহিক সম্পর্ক শেষ হৈ যায় তাৰ পিছতো স্বামী-স্ত্রী হিচাপে একেলগে বাস কৰে তেনেহ’লে সেয়া হ’ব কবিৰা গুনাহ আৰু উভয়েই যেন ব্যভিচাৰৰ গুনাহত লিপ্ত।
আল্লাহ তাআ’লাই সকলোকে হিফাজত কৰক আৰু তাক্বৱা ও পৱিত্রতা দান কৰক। আমীন।
[ মাসিক আলকাউসার » ৰজব-১৪৩৩ . জুন-২০১২ ]
মাসিক_আলকাউসার
ভাষান্তৰঃ দেলুৱাৰ খান বিন আব্বাছ খান
খৰুৱাপাৰা, বৰপেটা
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা
যোগাযোগঃ 9101318838