“মুমিনৰ থু ঔষধ” বুলি কোনো ছহীহ হাদীছ নাই

এইবোৰ হাদীছ নহয়ঃ পৰ্ব ১

কিছু সংখ্যক মানুহৰ পৰা শুনা যায় যে- মুখৰ থু ঔষধ আৰু তেওঁলোকে এইটোক মহানবী ﷺ-ৰ হাদীছ বুলি ভাৱে। প্ৰকৃততে ‘মুমিনৰ থু ঔষধ’ কথাটো হাদীছ নহয়। মোল্লা আলী কাৰী (ৰহঃ)য়ে এই সম্পর্কে কয়ঃ

ليس له أصل مرفوع

অর্থাৎ ৰাছুলুল্লাহ ﷺ-ৰ হাদীছৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই । -আল মাছনু : ১০৬

আল্লামা আজলূনী (ৰহঃ)য়েও কৈছে যে, এইটো হাদীছ নহয়। -কাশ্বফুল খাফা : ১/৪৩৬

থু সম্পর্কে নির্ভৰযোগ্য সূত্রে বর্ণিত যি পোৱা যায় সেয়া নিম্নৰূপঃ

عن عائشة رضي الله عنها أن رسول الله صلى الله عليه وسلم كان إذا اشتكى الانسان الشيء منه، أو كانت به قرحة أو جرح، قال النبي صلى الله عليه وسلم بإصبعه هكذا . ـ ووضع سفيان سبابته
بالأرض ثم رفعها – {باسم الله، تربة أرضنا، بريق بعضنا، ليشفى به سقيمنا، بإذن ربنا}

অর্থাৎ, ৰাছুলুল্লাহ ﷺ-ৰ ওচৰত কোনোবাই কোনো আঘাত বা ৰোগৰ অভিযোগ কৰিলে তেওঁ বৃদ্ধাঙ্গুলিত থু দি মাটিত ৰাখিছিল। তাৰ পাছত উক্ত স্থানত থু ও ধূলিবিশিষ্ট আঙুলি বুলাই বুলাই কৈছিলঃ

باسم الله، تربة أرضنا، بريق بعضنا، ليشفى به سقيمنا، بإذن ربنا
(আল্লাহৰ নামত আল্লাহৰ ইচ্ছাত আমাৰ মাটি ও থুৰ দ্বাৰা আমাৰ ৰোগীসকল আৰোগ্য লাভ কৰি থাকে।) -ছহীহ মুছলিমঃ ২/২২৩, হাদীছ ২১৯৪, ২১৯৪, ছহীহ বুখাৰীঃ২/৮৫৫, হাদীছ ৫৭৪৫

কিতাপঃ এসব হাদিস নয়
লেখকঃ মৌলানা মুতীউৰ ৰহমান হাফিজাহুল্লাহ
তত্ত্বাবধান ও নির্দেশনাঃ মৌলানা আব্দুল মালিক হাফিজাহুল্লাহ
ভাষান্তৰঃ দেলুৱাৰ খান বিন আব্বাছ খান
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা

Leave a Comment