আজি বিশ্ব বিদ্যাৰ্থী দিৱস জানক- এ পি জে আব্দুল কালামৰ বিখ্যাত ৩০ বাণী

Share :

আজি বিশ্ব বিদ্যাৰ্থী দিৱস। অৰ্থাত এ পি জে (আবুল পাকিৰ জয়নুল আবেদিন) আব্দুল কালামৰ জন্মদিন। জানক বিদ্যাৰ্থীসকলৰ প্ৰেৰণা তথা আদৰ্শ ব্যক্তিজনৰ ৩০ টা বিখ্যাত মূল্যবান মহত বাণী।

জন্ম- ১৫ অক্টোবৰ ১৯৩১।
ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম।

ব্যক্তিত্ব :
▪️ বিজ্ঞানী।
▪️ মিছাইল-মেন।
▪️ লেখক।
▪️ সমাজচিন্তক।
▪️ একাদশ ৰাষ্ট্রপতি (২০০২ – ২০০৭)।

কৃতিত্ব :
ভাৰতৰ ‘ক্ষেপণাস্ত্র মানৱ’ ।
‘মিচাইল ম্যেন অব ইন্ডিয়া’ ।
ভাৰতৰ সর্বোচ্চ অসামৰিক সম্মান ভাৰতৰত্নসহ একাধিক গুৰুত্বপূর্ণ সম্মান তথা বটা প্ৰাপ্ত কালাম।

চিৰবিদায় :
২৭ জুলাই ২০১৫ চনত অসমৰ শিলচৰ বিশ্ববিদ্যালয়ত ভাষণ প্ৰদানৰ সময়ত হঠাৎ থিয় হোৱাৰ পৰা বাগৰি পৰে, পিছত অধিক অসুস্থ হৈ পৰলোকপ্ৰাপ্তি ঘটে এই ভাৰত দ্ৰষ্টাজনৰ ।

তেওঁৰ জীৱদ্দশাত ৮৪ বছৰৰ দীর্ঘ তথা সফল কর্মজীৱনত অর্জিত অভিজ্ঞতা আৰু দর্শনৰ পৰা আমি শিক্ষা অৰ্জন কৰিবলৈ ৰাখি থৈ গৈছে অসংখ্য মহামূল্যবান বাণী। তাৰ পৰা নিৰ্বাচিত কিছু সংগ্ৰহ কৰা হ’ল :

নিৰ্বাচিত ৩০ জিৱন পৰিৱৰ্তৱকাৰী বাণী-

১. এটি ভাল কিতাপ এশ ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটি লাইব্ৰেৰীৰ সমান।

২. সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাৰ পৰা তুমি শুধু গল্পটোহে জানিবা ব্যর্থতাৰ গল্প পঢ়া, তেন্তে সফল হোৱাৰ কিছু উপায় পাবা।

৩. সপোন পূৰণ নোহাৱা লৈকে সপোনদেখি যোৱা ।
সপোন সেয়া নহয়, যি মানুহে নিদ্ৰাত দেখে ;
সপোন সেয়া হয়, যিয়ে নেকি তাক পূৰণৰ প্রত্যাশাই, সপোনৰ গৰাকীক নিদ্ৰা যাবলৈ নিদিয়ে। ”

৪. মানুহে নিজৰ ভবিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে , কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভবিষ্যত পৰিৱৰ্তন কৰি দিয়ে।

৬. উদাৰ ব্যক্তিসকলে ধর্মক ব্যবহাৰ কৰি বন্ধুত্বৰ হাত শক্তিশালী কৰে । কিন্তু সংকীর্ণ মনস্কসকলে ধর্মক যুদ্ধৰ অস্ত্র হিচাপে ব্যবহাৰ কৰে।

৭. প্ৰকৃত নেতাই সমস্যাক ভয় নকৰে । বৰঞ্চ সমস্যাৰ লগত যুজিব জানিব। সি কাম কৰিব লাগিব সততাৰ সৈতে ।

৮. জাতিৰ আটাইতকৈ ভাল মেধা, ক্লাচৰুমৰ শেষ বেঞ্চৰ পৰা পোৱা যাব পাৰে ।

৯. ছাত্রজীৱনত মই বিমানৰ পাইলট বিচাৰিছিলো। কিন্তু সেই স্বপ্ন পূৰণত ব্যর্থ হৈ, হৈ গলো ৰকেট বিজ্ঞানী।

১০. জীৱন আৰু সময় পৃথিবীৰ শ্রেষ্ঠ শিক্ষক। জীৱনে সময়ৰ সৎ ব্যবহাৰ শিকায়, আৰু সময়ে শিকায় জীৱনৰ মূল্য।

১১. কঠিন কামত আনন্দ বেচি পোৱা যায়। সেয়ে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কামবোৰ কঠিন হোৱা উচিত।

১২. প্রথম সাফল্যৰ পিছত বহি নাথাকিবা। কাৰণ দ্বিতীয়বাৰ যেতিয়া তুমি ব্যর্থ হবা, তেতিয়া অনেকেই কব যে, প্রথমত কেৱল ভাগ্যৰ বলতহে সফল হৈছিলা ।

১৩. যিসকলে মন দি কাম নকৰে, সেইসকলে আচলতে একোৱেই নাপায়। আৰু পালেও সেয়া হয় অর্ধ হৃদয়ৰ সফলতা। তাত সদায় একধৰণৰ তিক্ততা থাকি যায়।

১৪. তৰুণ প্রজন্মলৈ মোৰ বার্তা হ’ল- সিহঁত ভিন্নভাৱে চিন্তা কৰাৰ সাহস গোটোৱাৰ অধিকাৰী হব লাগিব । মনৰ ভিতৰত আবিষ্কাৰৰ উদ্দীপনা থাকিব লাগিব । নিজৰ সমস্যা নিজেই দূৰ কৰাৰ মানসিকতা থাকিব লাগিব ।

১৫. বৰষুণ আৰম্ভ হলেই সকলো চৰাই কৰবাত না কৰবাত আশ্রয় খোঁজে। কিন্তু ঈগল মেঘৰ ওপৰেদি উৰি বৰষুণক পাৰ কৰি যায়।

১৬. কাৰোবাক পৰাজয় কৰাটো অতি সহজ, কিন্তু কঠিন হ’ল কাৰোবাৰ মন জয় কৰা।

১৭. তুমি যদি তোমাৰ কামক চ্যেলুট কৰা, চাবা তুমি আন কাৰোবাক চ্যেলুট কৰাৰ প্ৰয়োজন নহব। কিন্তু তুমি যদি তোমাৰ কামক অসম্মান কৰা, গুৰুত নিদিয়া, ফাঁকি দিয়া, তেনেহলে তুমি সকলোক চ্যেলুট জীৱন কটাব লাগিব ।

১৮. প্রতি পুৱাই এই পাঁচটা শাৰী জপ কৰিবা :

১) মই শ্ৰেষ্ঠ। (I’m the best)
২) মই কৰিব পাৰোঁ। (I can do it)
৩) সৃষ্টিকর্তা সৰ্বদায় মোৰ লগত আছে।
৪) মই বিজয়ী।
৫) আজিৰ দিনটো মোৰ।

১৯. তিনিজন ব্যক্তিয়ে পাৰে এটি দেশ বা জাতিক পৰৱৰ্তন কৰিবলৈ : পিতৃ, মাতৃ আৰু শিক্ষক।

২০. জীবনত সমস্যাৰ প্রয়োজন আছে। সমস্যা আছে বাবেই সাফল্যত ইমান আনন্দ।

২১. যিজনে হৃদয়ৰে কাম নকৰে , শূন্যতা অবিহনে সি একোৱেই অর্জন কৰিব নোৱাৰে।

২২. বিফল হৈ হতাশ নহবা। ইংৰাজী শব্দ ফেল ‘Fail’ মানে ‘First Attempt in Learning’ অর্থাৎ ‘শিকাৰ প্রথম ধাপ’। গতিকে বিফলতাই তোমাক সফল হোৱাৰ পথ প্ৰদৰ্শক কৰি দিব।

২৩. সেই জনেই ভাল শিক্ষার্থী যিজনে প্রশ্ন কৰে। প্রশ্ন নকৰিলে কোনেও শিকিব নোৱাৰিব। আৰু শিক্ষার্থীক প্রশ্ন কৰিবলৈ সুযোগ দিব লাগিব ।

২৪. সমাপ্তি মানেই শেষ নহয়। ‘END’ শব্দটোৰ অৰ্থ হ’ল ‘Effort Never Dies’ । অর্থাৎ ‘প্রচেষ্টাৰ মৃত্যু নাই’।

২৫. আমি কেৱল সাফল্যৰ দ্বাৰাই গঠন নহও, বৰঞ্চ , ব্যর্থতাৰেও গঠন হওঁ।

২৬. এজন বেয়া ছাত্র এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতকৈ অনেক বেছি এজন ভাল ছাত্র এজন বেয়া শিক্ষকৰ পৰা শিকিব পাৰে।

২৭. ওপৰলৈ মূৰ দাঙি চোৱা এবাৰ! গগনটোক এবাৰ চোৱা! তুমি অকলশৰীয়া নহয়, এই মহাবিশ্ব তোমাৰ বন্ধুৰ দৰেই।

২৮. কোনো প্রশ্নৰ উত্তৰ বিচাৰি পোৱা নাই? ঠিক আছে চিন্তিত নহবা – কাৰণ ‘NO’ শব্দৰ অৰ্থ হ’ল, ‘Next Opportunity’ অর্থাৎ ‘পৰৱৰ্তী সুযোগ’।

২৯. সপোন, সপোন, সপোন । সপোন দেখিব লাগিব। সপোন নেদেখিলে, নাথাকিলে কাম কৰা অসম্ভৱ।

৩০. সূর্যৰ দৰে দীপ্তিমান হবলৈ হলে, প্রথমে তুমি নিজক সূৰ্যৰ দৰে জ্বলিব লাগিব । ”

সংগ্ৰহ- সম্পাদক, এন ই পিছ।