আজি শিল্পী দিৱস

Share :

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ – ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা।

অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস” ৰূপে পালন কৰা হয়।

◼️ থোৰতে ৰূপকোঁৱৰ:

▪️ নাম- জ্যোতিপ্ৰসাদ আগৰৱালা

▪️ জন্ম- ১৭ জুন, ১৯০৩
তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম।

▪️ মৃত্যু– ১৭ জানুৱাৰী, ১৯৫১, জ্যোতি ভাৰতী, তেজপুৰ, অসম।

▪️কৰ্মজীৱন –  গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা।

▪️ সক্ৰিয় কৰ্মজীৱন- ১৯৩২-১৯৫১ চন।

▪️ পৰিয়ালবৰ্গ:
    ১। দাম্পত্যসঙ্গী-
       দেৱযানী ভূঞা
    ২। পিতৃ-মাতৃ-
       পৰমানন্দ আগৰৱালা
       কিৰণময়ী আগৰৱালা
   ৩। সন্তান-
       চিন্ময় আগৰৱালা
       বিশ্বেন্দু আগৰৱালা
       জয়শ্ৰী
       জ্ঞানশ্ৰী
       সত্যশ্ৰী
       হেমাশ্ৰী
       মনশ্ৰী

     
◼️ জীৱনৰ কিছু সোণালী দিশ :
   
  ✴️ ১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।

✴️ শিক্ষাজীৱন :
         চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয়।

✴️ স্বাধীনতা আন্দোলন:

ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জেইলত টাইফইড ৰোগত ভুগা সত্ত্বেও তেখেতে কৰাবাস সম্পূৰ্ণ কৰে।

✴️ ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে।

✴️  লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।

✴️ জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে।

✴️ ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে।

◼️ শিল্পী দিৱস :

      প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল।

         পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে।
        ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। প্ৰথম বছৰৰ সেই অনুষ্ঠানত গুৱাহাটীত ৪০ জনমান লোক উপস্থিত আছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা (চলিহা), ড° মহেশ্বৰ নেওগ, অধ্যাপক ভৱানন্দ দত্ত ইত্যাদি। একেদিনাই বৰপেটাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই।

◼️ জ্যোতি সঙ্গীত :
জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়।

জ্যোতিপ্ৰসাদৰ গীতবোৰত ৰোমাণ্টিক চেতনা, সুন্দৰ চেতনা, বিজ্ঞান চেতনা, স্বদেশপ্ৰেম, গাওঁপ্ৰীতি, সমাজবীক্ষা আদি বিভিন্ন দিশ ফুটি উঠিছে। এই গীতসমূহৰ কিছুসংখ্যক নাটক, গল্প, উপন্যাস, প্ৰবন্ধ তথা চিত্ৰনাট্যত অন্তৰ্ভুক্ত আৰু বাকীবোৰ স্বতন্ত্ৰ গীত।

তলৰ লিংকত বহুকেইটা গীত সংগ্ৰহ পাব:

https://akansya.blogspot.com/p/blog-page_2806.html