“গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচন হৈছে জনসাধাৰণৰ মতামত প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। নিৰ্বাচনৰ সময়ত ভোটদানৰ গুৰুত্ব, নৈতিকতা আৰু দায়িত্ববোধৰ বিষয়টো বিশেষভাৱে আলোচনালৈ আহে। ইছলামী দৃষ্টিকোণৰ পৰা ভোটদানৰ এই দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে হাফিজ মৌলানা নুৰ আলম শইকীয়াই ক্বুৰআন আৰু হাদীছৰ পোহৰত এক বিশ্লেষণ আগবঢ়াইছে।
গণতন্ত্ৰৰ নেতিবাচক দিশ আৰু নাগৰিকৰ দায়িত্ব।
শইকীয়াৰ মতে, ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত প্ৰত্যেকজন প্রাপ্তবয়স্ক নাগৰিকৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাটো এক অপৰিহাৰ্য কৰ্তব্য। যদিও গণতান্ত্ৰিক ব্যৱস্থাত অত্যাধিক নিৰ্বাচনী খৰচ, অৰ্থনৈতিক প্ৰভাৱ আৰু সাম্প্ৰদায়িক মেৰুবিভাজনৰ দৰে কেতবোৰ নেতিবাচক দিশ আছে, তথাপিও সাংবিধানিক দায়বদ্ধতা ৰক্ষাৰ্থে ভোটদান অপৰিহাৰ্য।
ইছলামী শৰীয়তত ভোটৰ চাৰিটা অৱস্থান সম্পৰ্কে
লিখনীটোত ইছলামী দৃষ্টিকোণেৰে ভোটদানক চাৰিটা গুৰুত্বপূৰ্ণ ভাগত বিভক্ত কৰা হৈছেঃ
১/ সাক্ষ্য দানঃ
ভোট দিয়াৰ অৰ্থ হ’ল প্ৰাৰ্থীজনৰ যোগ্যতাৰ সাক্ষী দিয়া। অনুপযুক্ত প্ৰাৰ্থীক ভোট দিয়াৰ অৰ্থ হ’ল মিছা সাক্ষী দিয়া, যিটো ইছলামত এক গুৰুতৰ অপৰাধ (গুনাহ) বুলি বিবেচিত।
২/ উকীল নিযুক্তকৰণ বা দায়িত্ব পালনঃ
এজন ভোটাৰে সমগ্ৰ জাতিৰ প্ৰতিনিধি হিচাপে জিম্মাদাৰী পালন কৰে। দলীয় সংকীৰ্ণতা বা স্বজনপ্ৰীতিৰ বশৱৰ্তী হৈ অযোগ্যক বাছনি কৰিলে সেয়া ‘খিয়ানত’ (বিশ্বাসঘাটকতা) হিচাপে গণ্য কৰা হয়।
৩/ ছুফাৰিশ্বকৰণঃ
ভোটৰ জৰিয়তে প্ৰাৰ্থী এজনৰ বাবে কৰা ছুফাৰিশ্বৰ ফলত নিৰ্বাচিত প্ৰতিনিধিয়ে কৰা ভাল বা বেয়া কামৰ অংশীদাৰ ভোটাৰ গৰাকীও হ’ব লাগিব।
৪/ আমানতঃ
ভোট এজ পৱিত্ৰ আমানত। ইয়াক সঠিক স্থানত প্ৰয়োগ নকৰাটো আমানতৰ খিয়ানত কৰা সদৃশ।
”যি ব্যক্তিয়ে ভাল কামৰ বাবে কোনো ছুফাৰিশ্ব কৰিব তাৰ পৰা তেৱোঁ এটা অংশ পাব, আৰু যি ব্যক্তিয়ে বেয়া কামৰ বাবে ছুফাৰিশ্ব কৰিব তেওঁ তাৰ সমান অংশিদাৰ হ’ব।” — ছূৰা নিছাঃ- আয়াত, ৮৫
✅প্ৰাৰ্থী কেনে হোৱা উচিত?
সাম্প্ৰতিক সময়ত সকলো প্ৰাৰ্থী বা দল সম্পূৰ্ণ ত্ৰুটিমুক্ত হোৱাটো কঠিন যদিও, শইকীয়াৰ মতে নিৰ্বাচনৰ মূলনীতি হ’ব লাগে— “তুলনামূলকভাৱে অধিক যোগ্যজনক বাছনি কৰা”। ইছলামী ফিক্বহৰ মূলনীতি উদ্ধৃত কৰি তেওঁ কয় যে, যেতিয়া দুটা ক্ষতিকৰ বস্তু মুখামুখি হয়, তেতিয়া ডাঙৰ ক্ষতিটোক ৰোধ কৰিবলৈ সৰু ক্ষতিটোক গ্ৰহণ কৰাটোৱেই হৈছে বিচক্ষণতা। অৰ্থাৎ, যিজন প্ৰাৰ্থী আনতকৈ অধিক দেশহিতৈষী আৰু উদাৰ, তেওঁকেই সমৰ্থন কৰা উচিত।
✅নিষ্কৰ্ষঃ বিবেকৰ আহ্বান।
প্ৰতিবেদনখনৰ শেষত প্ৰৱন্ধটিৰ লেখক শইকীয়াই সকীয়াই দিয়ে যে ধন-সম্পত্তি বা কোনো প্ৰলোভনৰ বশৱৰ্তী হৈ ভোট বিক্ৰী কৰাটো ইছলাম ধৰ্মমতে এক ভয়ানক গুনাহ। এজন প্ৰকৃত ভাৰতীয় আৰু এজন খাটি মুছলমান হিচাপে বিবেকৰ তুলাচনীত জুখি অধিক যোগ্যজনক ভোট দিয়াটোৱেই হ’ব প্ৰধান দায়িত্ব।
লেখকঃ হাফিজ, মৌলানা নুৰ আলম শইকীয়া।
