◾️ হজ্জৰ প্রথম দিন (৮ ম জিলহজ্জ) :- হজযাত্রী সকলে ৮ ম জিলহজ্জৰ আগদিনা খন ৰাতি গোচল কৰি শৰীৰত আতৰ, তেল আদি লগাই (এহৰামৰ কাপোৰত নলগাব) এহৰামৰ কাপোৰ পিন্ধি মছজিদে হাৰামলৈ যাব। সময়-সুবিধা হলে নফল তাৱাফ কৰিব, ২ ৰাকাত ৱাজিবুত তাৱাফ পঢ়িব। আৰু সময়-সুবিধা নাথাকিলে কেৱল এহৰামৰ বাবে ২ ৰাকাত নফল নামাজ পঢ়িব। তাৰ পিছত হজ্জৰ নিয়ত কৰিব_
اللّهُم إنّي أُرِيْدُ الحَجّ فَيَسِّرْه لِي وَتَقَبَّلْه مِنِّي
উচ্চাৰণ: আল্লাহুম্মা ইন্নি উৰিদুল হাজ্জা, ফায়াচ্চিৰহু লি, ওৱাতাক্বাব্বালহু মিন্নি।
(অৰ্থ: হে আল্লাহ, মই হজ্জ আদায় কৰিবলৈ নিয়ত কৰিলো, তুমি সহজ কৰি দিয়া আৰু কবুল কৰি লোৱা।)
সূৰ্যোদয়ৰ পিছত পৱিত্ৰ মক্কাৰ পৰা মিনালৈ ৰাওনা হ’ব। মিনাত উপস্থিত হোৱাৰ পিছত উক্ত দিনটোৰ জহুৰ, আচৰ, মাগৰিব আৰু ইশ্বাৰ নামাজ পৱিত্ৰ মিনাতেই আদায় কৰিব আৰু তাতেই শ্বব গোজাৰী অৰ্থাৎ ৰাত্ৰিযাপন কৰিব।
◾️ হজ্জৰ দ্বিতীয় দিন (৯ ম জিলহজ্জ) :- ফজৰৰ নামাজ মিনাত আদায় কৰি সূৰ্যোদয়ৰ কিছু সময়ৰ পিছত ‘ওক্বুফে আৰাফা’ (আৰাফাত অৱস্থান) কৰাৰ উদ্দেশ্যে মিনাৰ পৰা আৰাফালৈ ৰাওনা হ’ব। ৰাওনা হোৱাৰ পিছত বেছি বেছিকৈ তালবীয়া (লাব্বাইকা আল্লাহুম্মা লাব্বাইকা… শেষ লৈকে), দুৰুদ শ্বৰীফ, ইস্তিগফাৰ, অন্যান্য দুআ আদি পঢ়ি থাকিব। আৰাফাত হাজিৰ হোৱাৰ পিছত ‘ওৱাদিয়ে উৰনাহ’ৰ বাহিৰে ময়দানে আৰাফাৰ যতেই সুযোগ পাই তাতেই অৱস্থান কৰিব। অৱশ্যে ‘জবলে ৰহমত’ৰ ওচৰত অৱস্থান কৰাটো উত্তম। উক্ত দিনটোৰ জহুৰ আৰু আচৰৰ নামাজ আৰাফাত আদায় কৰিব। বেলি মাৰ নোযোৱা লৈকে আৰাফাতেই অৱস্থান কৰিব, লগতে মনত ৰাখিব যে, আৰাফাৰ এই দিনটো সকলোৰে জীৱনত বাৰে বাৰে নাহে, নিশ্চয় এই দিনটো এজনৰ মুমিনৰ জীৱনৰ বিশেষ উল্লেখযোগ্য দিন। গতিকে উক্ত দিনটোৰ মূল্য উপলব্ধি কৰি অত্যন্ত বিনয়ৰ সৈতে “ছুবহানাল্লাহ, ৱালহামদুলিল্লাহ, ৱালা ইলাহা ইল্লাল্লাহু” এই দুআকেইটা, দুৰুদ শ্বৰীফ, ইস্তিগফাৰ, তালবিয়া আদি বেছি বেছিকৈ পঢ়ি থাকিব। কোৰআন তিলাৱত কৰিব। লগতে নিজৰ বাবে, নিজৰ পৰিয়ালৰ বাবে, আত্মীয়ৰ বাবে, গোটেই বিশ্ববাসীৰ কল্যাণ ও মাগফিৰাতৰ বাবে আল্লাহৰ ওচৰত দীঘলীয়া মোনাজাত কৰিব। কাৰণ, আল্লাহে আৰাফাৰ ময়দানৰ মোনাজাত কবুল কৰে। বেলি মাৰ যোৱাৰ পিছত মাগৰিবৰ নামাজ আদায় নকৰাকৈয়ে আৰাফাৰ পৰা পৱিত্ৰ মুজদালিফাত ৰাত্ৰিযাপন কৰাৰ উদ্দেশ্যে মুজদালিফালৈ ৰাওনা হ’ব। মাগৰিব আৰু ইশ্বাৰ নামাজ মুজদালিফাত ইশ্বাৰ নামাজৰ ওৱাক্ত দাখিল হোৱাৰ পিছত একেলগে আদায় কৰিব অৰ্থাৎ, প্রথমে মাগৰিব আৰু ইশ্বাৰ (৩+৪ ৰাকাত) ফৰজ এক আজান, দুই ইকামতৰ মাধ্যমে আদায় কৰিব, তাৰ পিছত হে দুয়ো নামাজৰ ছুন্নত আৰু নফল ক্ৰমশঃ পঢ়িব আৰু শেষত ৱিতিৰৰ নামাজ আদায় কৰিব। আৰু উক্ত ৰাতিটো মুজদালিফাতেই অতিবাহিত কৰিব। উল্লেখ্য যে, মুজদালিফাৰ ৰাতিটো অত্যন্ত বৰকতৰ ৰাতি হয়। উলামায়ে কেৰামৰ মতে, মুজদালিফাৰ ৰাতিৰ ফজিলত শ্ববে ক্বদৰ আৰু শ্ববে জুম্মাতকৈ বেছি। গতিকে উক্ত ৰাতিটো বিভিন্ন ধৰণৰ নফল ইবাদতৰ মাধ্যমত কটাবলৈ যত্ন কৰিব।
◾️ হজ্জৰ তৃতীয় দিন (১০ ম জিলহজ্জ) :- মুজদালিফাত ফজৰৰ নামাজ আদায় কৰাৰ পিছত সূৰ্যোদয়ৰ কিছু সময় পূর্বেই মিনালৈ বুলি ৰাওনা হ’ব আৰু ৰাওনা হওতে মুজদালিফাৰ পৰা ৭০ টা মান কংকৰ (শিলগুটি) লগত লৈ ল’ব। মিনাত উপস্থিত হোৱাৰ পিছত প্রথমে ডাঙৰ শ্বয়তানক ৭ টি কংকৰ (শিলগুটি) দলিয়াব। (মনত ৰাখিব যে, ১০ জিলহজ্জৰ দিনাখন সূৰ্যোদয়ৰ পিছৰ পৰা জাৱালৰ সময়ৰ আগলৈকে কংকৰ মাৰাটো উত্তম। যদিও ইয়াৰ সময় পিছদিনা ফজৰৰ নামাজ লৈকে থাকে।) তাৰ পিছত ক্বুৰবানী কৰিব, পিছত মূৰৰ চুলি খুৰোৱাব (কিন্তু মহিলা সকলে মূৰৰ চুলিৰ পৰা কেৱল নিজৰ হাতৰ আঙুলিৰ এক তৃতীয়াংশ পৰিমাণ চুলি কাটিব)। চুলি খুৰোৱাৰ পিছত এহৰামৰ কাপোৰ সলাই সাধাৰণ সাজ-পোছাক পিন্ধিব। সাধাৰণ সাজ-পোছাক পিন্ধাৰ পিছত তৱাফে জিয়াৰত কৰাৰ উদ্দেশ্যে মক্কালৈ যাব, আৰু তৱাফে জিয়াৰত কৰিব। এই তৱাফ আদায় কৰোঁতে ‘ৰমল’ আৰু ‘ইজতিবা’ও কৰিব। তাৰ পিছত চাফা ও মাৰৱাৰ চায়ী কৰিব। উল্লেখ্য যে, ১০ জিলহজ্জ দিনাখন তৱাফে জিয়াৰত কৰাটো উত্তম। তৱাফে জিয়াৰত ও চায়ী কৰাৰ পিছত মিনালৈ আহিব আৰু ৰাতিটো মিনাতেই অৱস্থান কৰিব লাগিব।
◾️ হজ্জৰ চতুর্থ দিন (১১ জিলহজ্জ) :- মিনাত অৱস্থান কৰি কৰি জাৱালৰ সময় হৈ যোৱাৰ পিছত ৰমি কৰিব অৰ্থাৎ শ্বয়তানক কংকৰ দলিয়াব, প্রথমে সৰু শ্বয়তানক, তাৰ পিছত মাজু শ্বয়তানক আৰু তাৰ পিছত ডাঙৰ শ্বয়তানক (প্ৰতিটোকে ৭ টিকৈ) শিলগুটি দলিয়াব। আৰু তৱাফে জিয়াৰত যদি কিবা কাৰণবশতঃ যোৱাকালি (১০ জিলহজ্জৰ দিনা) আদায় কৰিব পৰা নাছিল, তেন্তে আজি অৰ্থাৎ ১১ জিলহজ্জ তাৰিখে আদায় কৰিব লগতে চায়ীও কৰিব আৰু এই ৰাতিটোও মিনাতেই কটাব।
◾️ হজ্জৰ পঞ্চম দিন (১২ জিলহজ্জ) :- মিনাত অৱস্থান কৰি কৰি জাৱালৰ সময় হৈ যোৱাৰ পিছত ৰমি কৰিব অৰ্থাৎ শ্বয়তানক কংকৰ দলিয়াব, প্রথমে সৰু শ্বয়তানক, তাৰ পিছত মাজু শ্বয়তানক আৰু তাৰ পিছত ডাঙৰ শ্বয়তানক ৭টিকৈ শিলগুটি দলিয়াব। (যদি কোনো হজযাত্রীয়ে যোৱা দুইদিনতো মক্কালৈ গৈ তৱাফে জিয়াৰত আদায় কৰিব পৰা নাই, তেন্তে আজি অৰ্থাৎ ১২ জিলহজ্জ তাৰিখে মাগৰিবৰ নামাজৰ আগে আগে নিশ্চয়ই আদায় কৰিব। কাৰণ, তৱাফে জিয়াৰত ১২ জিলহজ্জৰ সূৰ্যাস্তৰ পূর্বে আদায় কৰাটো বাধ্যতামূলক।) কংকৰ নিক্ষেপ কৰাৰ পিছত সূৰ্যাস্তৰ পূর্বেই মিনাৰ পৰা মক্কালৈ আহি যাব। সূর্যাস্তৰ পিছত মক্কালৈ অহাটো মাকৰুহ হয়। যদি কোনো হাজী চাহাব কিবা কাৰণত ১৩ জিলহজ্জ তাৰিখতো ৰাতিপুৱা মিনাত উপস্থিত থাকে, তেন্তে তেওঁ আকৌ আগদিনাৰ নিচিনাকৈ তিনিওটা শ্বয়তানক পুনৰায় ৭টাকৈ কংকৰ মাৰিব লাগিব, তাৰ পিছত হে মক্কালৈ আহিব পাৰিব।
মক্কালৈ অহাৰ পিছত মহান আল্লাহৰ দৰবাৰত বেছি বেছিকৈ শ্বুকৰীয়া আদায় কৰিব যে, মহান আল্লাহৰ অশেষ দয়া ও ৰহমতৰ বিনিময়ত আল্লাহৰ এক ডাঙৰ ইবাদত ‘পৱিত্ৰ হজ্জ’ আপুনি আদায় কৰিব পাৰিলে। গতিকে মক্কালৈ অহাৰ পিছত যিমান দিনলৈকে মক্কাত উপস্থিত থাকিব পাচঁ ওৱাক্ত নামাজ জামাতৰ সৈতে আদায় কৰিব, যিমান পাৰে নফল তৱাফ কৰিব, লগতে অন্যান্য ইবাদত বেছিকৈ কৰিবলৈ চেষ্টা কৰিব। অৱশেষত যেতিয়া ঘৰলৈ ৰাওনা হোৱাৰ সময় আহিব, ৰাওনা হোৱাৰ পূৰ্বে আল্লাহৰ পৱিত্ৰ ঘৰৰ এটা বিদায়ী তৱাফ কৰিব আৰু আল্লাহ পাকৰ ওচৰত গভীৰ কৃতজ্ঞতা আদায় কৰি নিজৰ পৰৱৰ্তী জীৱনটো কেৱল আল্লাহৰ হুকুম অনুযায়ী অতিবাহিত কৰিব বুলি দৃঢ় সংকল্প লৈ নিজৰ নিজৰ ঘৰলৈ বুলি ৰাওনা হ’ব ইন শ্বা আল্লাহ।
উদ্ধৃতি: মুআল্লিমুল হুজ্জাজ, পৃষ্ঠা নং: ০১-০৫।
লেখকঃ মুফতী আক্বিব শ্বামিম ক্বাছিমী।
