ইছলামত বিবাহ (নিকাহ) কেৱল এটি সামাজিক অনুষ্ঠানেই নহয়; ই এক পৱিত্ৰ ইবাদত আৰু দাম্পত্য জীৱনৰ এক বৈধ চুক্তি। এই সম্পৰ্কৰ ভিত্তি হৈছে তাকৱা, লজ্জাশীলতা, পৰ্দা, চৰিত্ৰৰ পৱিত্ৰতা আৰু বৈধভাৱে বংশবৃদ্ধি। ইয়াত সৰলতা আৰু সংযমৰ এক বিশেষ গুৰুত্ব আছে।
কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজৰ বহু বিবাহ অনুষ্ঠানত এনে বহু প্ৰথা আৰু পৰম্পৰা সংযোজিত হৈছে, যিবোৰৰ অধিকাংশৰেই কোৰআন-ছুন্নাহৰ সৈতে কোনো সম্পৰ্ক নাই। বৰং কিছুমান প্ৰথা পোনপটীয়াকৈ শ্বৰীয়তৰ মৌলিক নীতিৰ পৰিপন্থী।
আজিৰ বিবাহ অনুষ্ঠানসমূহ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে নিকাহৰ দৰে এটা পৱিত্ৰ ইবাদত বহু ক্ষেত্ৰত সামাজিক প্ৰতিযোগিতা, লোকদেখুৱা আড়ম্বৰ আৰু অনৈছলামী সংস্কৃতিৰ সমষ্টিত পৰিণত হৈছে।
কইনা দেখাৰ নামত অপ্ৰয়োজনীয় সমাবেশ।
ইছলামে বিবাহৰ পূৰ্বে দৰাক সম্ভাৱ্য পত্নীক দেখা অথবা তেওঁৰ বিষয়ে খবৰ লোৱাৰ অনুমতি দিছে। কিন্তু আমাৰ সমাজত কইনা দেখাৰ নামত দৰাৰ লগত আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু বংশৰ এক বৃহৎ দল উপস্থিত হোৱাটো এক সাধাৰণ পৰম্পৰা হৈ পৰিছে।
ফলস্বৰূপে কইনাক বহু গয়েৰ মাহৰুম পুৰুষৰ সন্মুখত উপস্থিত হ’ব লগা হয়, যি এগৰাকী মুছলিম নাৰীৰ পৰ্দা আৰু মৰ্যাদাৰ পৰিপন্থী। বিবাহৰ সিদ্ধান্ত যিহেতু দৰা আৰু তেওঁৰ অভিভাৱকৰ সৈতে সম্পৰ্কিত, সেয়েহে ইয়াক সামাজিক প্ৰদৰ্শনীত পৰিণত কৰাৰ কোনো যুক্তিসংগত প্ৰয়োজন নাই।
শৰীৰত-হালধী আৰু অনুকৰণমূলক সংস্কৃতি
শৰীৰত-হালধিৰ দৰে অনুষ্ঠানসমূহো বহু ক্ষেত্ৰত হিন্দু সংস্কৃতিৰ প্ৰভাৱত আমাৰ সমাজত প্ৰচলিত হৈছে। এই অনুষ্ঠানসমূহক অনেকে কেৱল সাংস্কৃতিক পৰম্পৰা বুলি অভিহিত কৰিলেও, যেতিয়া এইবোৰক বিবাহৰ অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হয় আৰু য’ত অপচয়, অশ্লীলতা অথবা শ্বৰীয়তবিৰোধী কাৰ্য সংঘটিত হয়, তেতিয়া বিষয়টো গুৰুতৰ হৈ পৰে।
বিশেষকৈ “কোলধাৰি” আদি নামত কইনাৰ সৈতে বিভিন্ন গয়েৰ-মাহৰুম পুৰুষৰ ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা হয়। অথচ ইছলামে নন-মাহৰাম পুৰুষ আৰু নাৰীৰ মাজত প্ৰয়োজনবিহীন মিলা-মিছা বা ঘনিষ্ঠতাক কেতিয়াও সমৰ্থন নকৰে।
ৱালিমাৰ গুৰুত্ব হ্ৰাস, বৰযাত্ৰীৰ প্ৰাধান্য
শ্বৰীয়তে নিকাহৰ পিছত দৰাৰ পক্ষৰ পৰা অনুষ্ঠিত হোৱা “ৱালিমা”ক ছুন্নত হিচাপে স্বীকৃতি দিছে। অথচ আমাৰ সমাজত ৱালিমাতকৈ বহু গুণ অধিক গুৰুত্ব দিয়া হয় বৰযাত্ৰীক।
বৰযাত্ৰীৰ আড়ম্বৰ, আপ্যায়ন, বিশেষ সন্মান, গেইট ধৰা, ধেমালি-মস্কৰা আদিয়েই যেন বিবাহৰ মুখ্য অংশ হৈ পৰিছে। অথচ ইছলামে বৰযাত্ৰীত দৰাৰ লগত একেবাৰে কম আৰু প্ৰয়োজনীয় সংখ্যক লোক যোৱাৰ ইংগিত দিয়ে।
আনহাতে, ৱালিমা—যিটো নবী ﷺ-ৰ এটা গুৰুত্বপূৰ্ণ ছুন্নত—সেয়া বহু সময়ত কেৱল নামমাত্ৰ সম্পন্ন কৰা হয়।
নবী ﷺ এ ইৰশাদ কৰিছে—
“أَوْلِمْ وَلَوْ بِشَاةٍ”
“এটা ছাগলী জবেহ কৰি হ’লেও ৱালিমা কৰা।”
পুৰুষ-মহিলাৰ মিশ্ৰ ভোজসভা
বিবাহ অনুষ্ঠানৰ ভোজসভাত পুৰুষ আৰু মহিলাক একেলগে বহুৱাই খাদ্য পৰিবেশন কৰাটো এতিয়া প্ৰায় স্বাভাৱিক দৃশ্য হৈ পৰিছে। বহু ক্ষেত্ৰত তাত পৰ্দাৰ কোনো ব্যৱস্থাই নাথাকে।
ইছলামৰ শিক্ষা হৈছে শালীনতা, দৃষ্টি সংযম আৰু পৰ্দা। সেয়েহে এনে মিশ্ৰ সমাবেশে সমাজত বেপৰ্দা সংস্কৃতিক স্বাভাৱিক কৰি তোলে আৰু শ্বৰীয়তৰ উদ্দেশ্যৰ সৈতে সাংঘর্ষিক পৰিস্থিতিৰ সৃষ্টি কৰে।
ষ্টেজ সংস্কৃতি আৰু পৰ্দাৰ সমস্যা
বৰ্তমান সময়ত দৰা-কইনাক ষ্টেজত বহুৱাই শতাধিক অতিথিৰ সন্মুখত উপস্থাপন কৰাৰ এটা নতুন সংস্কৃতি গঢ় লৈ উঠিছে।
ফলত কইনাক দীঘলীয়া সময় ধৰি নন-মাহৰাম পুৰুষৰ সন্মুখত বহি থাকিব লগা হয়। অতিথিসকলে আহি ফটো তোলে, শুভেচ্ছা জনায় আৰু কেতিয়াবা অতি ঘনিষ্ঠ আচৰণো কৰে।
অথচ ইছলামে মুছলিম নাৰীৰ পৰ্দা আৰু সন্মান ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেয়েহে এই ধৰণৰ আয়োজন পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে।
“উকিল দেউতা” নামৰ ভুল পৰম্পৰা
আমাৰ সমাজত প্ৰচলিত আন এটা চিন্তনীয় বিষয় হৈছে “উকিল দেউতা” নামৰ প্ৰথা।
নিকাহৰ সময়ত যদি কইনাৰ দেউতাক, ভাই, ককাই, খুৰা অথবা আন মাহৰম আত্মীয় উপস্থিত থাকে, তেন্তে তেওঁলোকৰ উপস্থিতিত আকৌ এজন বিশেষ ব্যক্তিক “উকিল দেউতা” হিচাপে নিৰ্ধাৰণ কৰি এক বিশেষ সামাজিক মৰ্যাদা দিয়াৰ কোনো শ্বৰীয়তসম্মত ভিত্তি নাই।
আৰু অধিক উদ্বেগজনক বিষয় হৈছে—বহু ক্ষেত্ৰত এই তথাকথিত “উকিল দেউতা”ক পৰৱৰ্তী জীৱনতো প্ৰায় মাহৰম আত্মীয়ৰ দৰে গণ্য কৰা হয়। কইনাই তেওঁৰ লগত অবাধে কথা পাতে, সাক্ষাৎ কৰে আৰু কেতিয়াবা পৰ্দাৰ বিষয়টোও উপেক্ষা কৰে।
মনত ৰাখিব লাগিব, শ্বৰীয়তৰ দৃষ্টিত মাহৰম সম্পৰ্ক কোনো সামাজিক অনুষ্ঠান বা উপাধিৰ দ্বাৰা সৃষ্টি নহয়। মাহৰম সম্পৰ্ক কেৱল ৰক্তীয় সম্পৰ্ক, বৈধ বৈবাহিক সম্পৰ্ক অথবা দুগ্ধপানজনিত সম্পৰ্কৰ জৰিয়তেই স্থাপিত হয়।
সেয়েহে কেৱল “উকিল দেউতা” বুলি সম্বোধন কৰাৰ ফলত কোনো ব্যক্তি মাহৰম হৈ নাযায়। তেওঁৰ লগত মাহৰমৰ দৰে ব্যৱহাৰ কৰা, পৰ্দাৰ বিধান শিথিল কৰা অথবা বিশেষ নৈকট্যৰ সম্পৰ্ক স্থাপন কৰাটো শ্বৰীয়তৰ দৃষ্টিত গ্ৰহণযোগ্য নহয়।
প্ৰকৃততে নিকাহৰ বাবে যদি কোনো প্ৰতিনিধিৰ প্ৰয়োজন হয়, তেন্তে তেওঁ কেৱল এটা দায়িত্ব পালন কৰে; সেই দায়িত্বই তেওঁক কোনো নতুন আত্মীয়তাৰ মৰ্যাদা প্ৰদান নকৰে।
“ধৰ্ম দেউতা”, “ধৰ্ম মাক” আৰু “ধৰ্ম ভাই”ৰ কৃত্ৰিম সম্পৰ্ক
উকিল দেউতাৰ দৰে “ধৰ্ম দেউতা”, “ধৰ্ম মাক”, “ধৰ্ম ভাই” আদি নামত সমাজত বহু কৃত্ৰিম আত্মীয়তাৰ সম্পৰ্ক গঢ়ি তোলা হয়।
কিন্তু এই ধৰণৰ সম্বোধনে শ্বৰীয়তৰ বিধান সলনি নকৰে। কোনো নন-মাহৰাম পুৰুষক “ধৰ্ম দেউতা” বুলি ক’লে তেওঁ মাহৰম হৈ নাযায়। একেদৰে কোনো নাৰীক “ধৰ্ম মাক” বুলি ক’লেও সকলো ক্ষেত্ৰত মাতৃৰ দৰে শ্বৰীয়তগত মৰ্যাদা লাভ নকৰে।
সেয়েহে এনে সামাজিক পৰম্পৰাৰ ফলত যদি পৰ্দা, শালীনতা আৰু শ্বৰীয়তৰ সীমাৰেখা ক্ষতিগ্ৰস্ত হয়, তেন্তে সেইবোৰ পৰিত্যাগ কৰাটো উচিত।
যৌতুক: এক সামাজিক অভিশাপ
ইছলামত স্বামীয়ে স্ত্ৰীক মহৰ দিয়ে; কিন্তু স্ত্ৰী বা তাইৰ পৰিয়ালৰ পৰা কিবা লোৱাৰ কোনো বিধান নাই। বিবাহ হৈছে পৱিত্ৰ বন্ধন, ব্যৱসায়িক লেন-দেন নহয়।
দুখজনকভাৱে সমাজৰ বহু ঠাইত বিবাহৰ সময়ত যৌতুকৰ নামত কইনাৰ পৰিয়ালৰ পৰা নগদ ধন, আসবাব-পত্ৰ, গাড়ী অথবা অন্যান্য সামগ্ৰী দাবী কৰা হয়।
এই প্ৰথা কেৱল ধাৰ্মিক আৰু সামাজিকভাৱে লজ্জাজনকেই নহয়, বৰং সম্পূৰ্ণৰূপে দেশৰ আইন আৰু সংবিধানৰ পৰিপন্থী।
যৌতুকৰ দাবীয়ে বহু দৰিদ্ৰ পৰিয়ালক ঋণৰ বোজাত পেলাই দিয়ে, বহু কন্যাৰ বিবাহ পলম কৰে আৰু কেতিয়াবা পাৰিবাৰিক অশান্তিৰো সৃষ্টি কৰে।
সেয়েহে ইছলামী বিবাহ অনুষ্ঠানত যৌতুকৰ যিকোনো আদান-প্ৰদান পৰিত্যাগ কৰি মহৰ, তাকৱা আৰু সৰলতাক প্ৰাধান্য দিয়াটোৱেই হৈছে ইছলামৰ প্ৰকৃত শিক্ষা।
যৌতুকমুক্ত বিবাহেই এখন সুস্থ, মৰ্যাদাপূৰ্ণ আৰু বৰকতময় সমাজ গঢ়াৰ অন্যতম উপায়।
وَمَا عَلَيْنَا إِلَّا الْبَلَاغُ الْمُبِينُ
✍️ মাহমুদুল হাছান ক্বাছিমী