জনসংখ্যা বিজ্ঞান (Demography) অনুসৰি কোনো সমাজ বা দেশৰ জনসংখ্যা স্থিৰ ৰাখিবলৈ প্ৰতি মহিলাৰ গড়ে প্ৰায় ২.১ জন সন্তান জন্ম দিয়াটো প্ৰয়োজন। ইয়াক Replacement Level Fertility বুলি কোৱা হয়। যদি জন্মহাৰ ইয়াতকৈ কম হয়, তেন্তে সময়ৰ লগে লগে জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰে, বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পায় আৰু কৰ্মক্ষম জনশক্তিৰ অভাৱ দেখা দিয়ে।
এই বাস্তৱতাক উপলব্ধি কৰিয়েই অন্ধ্ৰপ্ৰদেশ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ নীতিৰ পৰা আঁতৰি আহি অধিক সন্তান জন্ম দিয়াক উৎসাহিত কৰিছে। ৰাজ্যখনত তৃতীয়গৰাকী সন্তানৰ বাবে ₹৩০,০০০ আৰু চতুৰ্থগৰাকী সন্তানৰ বাবে ₹৪০,০০০ আৰ্থিক অনুদানৰ ব্যৱস্থা কৰাৰ কথা চৰ্চিত হৈছে। ইয়াৰ মূল কাৰণ হ’ল জন্মহাৰ কমি যোৱাৰ ফলত ভৱিষ্যতে জনসংখ্যাৰ ভাৰসাম্য নষ্ট হোৱাৰ আশংকা।
সেয়েহে, বিজ্ঞানসন্মত দৃষ্টিকোণৰ পৰা চালে দুটাতকৈ কম সন্তান জন্ম দিয়াটো দীৰ্ঘম্যাদীভাৱে জনসংখ্যাৰ স্থিৰতা ৰক্ষাৰ বাবে উপযুক্ত নহ’বও পাৰে।
সাৰাংশ: জনসংখ্যা বিজ্ঞান অনুসৰি গড়ে দুজনতকৈ অধিক (প্ৰায় ২.১) সন্তান থাকিলেহে এটা সমাজে নিজৰ জনসংখ্যা স্থিৰ ৰাখিব পাৰে। অন্ধ্ৰপ্ৰদেশৰ নীতিয়ে এই বৈজ্ঞানিক বাস্তৱতাকেই প্ৰতিফলিত কৰে।
বি:দ্ৰু: অসম চৰকাৰৰ Population and Women Empowerment Policy মতে ST, SC সকলে তিনিটাকৈ সন্তান জন্ম দিলেও চৰকাৰী চাকৰী ইত্যাদি সুবিধা পাব কিন্তু সাধাৰণ শ্ৰেণীৰ লোকে দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰী চাকৰী নাপায়। আনহাতে অসমতো ভাৰতৰ অন্য ৰাজ্যৰ দৰে জন্মৰ হাৰ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে ভৱিষ্যতত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ দৰে অসম চৰকাৰেওঁ পূৰণি নীতিত সংশোধন কৰাৰ সম্ভাৱনাই দেখা দিছে।
✍️ Abdus Sattar (Registered Pharmacist)
