দৰ্শণ বিজ্ঞানৰ আলোকত নাৰীৰ ব্যক্তিত্বআৰু সৌন্দৰ্য

Share :

 দ্বিতীয় খণ্ড 

 দৰ্শণ বিজ্ঞানৰ আলোকত নাৰীৰ ব্যক্তিত্বআৰু সৌন্দৰ্য 

মহাপ্ৰজ্ঞাময় আল্লাহ তা’আলাই সৃষ্টিৰ অপূৰ্ব নৈপুণ্যতাৰে মানৱ জাতিক সৃষ্টি কৰিছে আৰু পুৰুষ আৰু নাৰী নামেৰে দুই শ্ৰেণীলৈ বৰ্গীকৃত কৰিছে। সমান্তৰালকৈ সৃষ্টিৰ উষালগ্নৰে পৰাই দুয়োৰে মাজত  পৰস্পৰৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰিছে। যাৰ আৰম্ভণি দৃষ্টিৰ মাধ্যমত হয়। আল্লাহ প্রদত্ত এই আকৰ্ষণৰ সঠিক দিশ প্ৰদান কৰিবলৈ আল্লাহ তা’আলাই উভয়ৰে মাজত বৈবাহিক সম্বন্ধ আৰু অন্যান্য কিছুমান বাধ্যবাধকতা আৰোপ কৰিছে। 

যি সমাজত সংশ্লিষ্ট বাধ্যবাধকতা মানি চলা হয় সেই সমাজৰ পাৰিবাৰিক আৰু সামাজিক স্থিতিশীলতা অক্ষুন্ন থাকে ইয়াৰ প্ৰকৃষ্ট উদাহৰণ আৰব দেশসমূহকে ধৰি  অন্যান্য কিছুমান মুছলিম দেশ। সম্প্রতি উক্ত দেশবোৰত স্থিতিশীলতা  100%নাথাকিলেও সামগ্রিকভাবে এতিয়াও বৰ্তি আছে। ইয়াৰ বিপৰীতে আমেৰিকা আৰু অন্যান্য পশ্চিমীয়া দেশবোৰত এনে বাধ্যবাধকতা নথকাৰ বাবে সামাজিক আৰু পাৰিবাৰিক স্থিতিশীলতা প্ৰায় শূন্যৰ ঘৰত। ব্যভিচাৰ, ধৰ্ষণ নগ্নতা, আত্মহত্যা ইত্যাদিৰ প্ৰাদূৰ্ভাৱ ইমানেই বৃদ্ধি পাইছে যে, উক্ত দেশবোৰৰ বৌদ্ধিক মহলক শংকিত কৰি তুলিছে। অতি ৰক্ষণশীল বুলি পৰিচিত আমাৰ ভাৰতবৰ্ষতো পশ্চিমীয়া অপসংস্কৃতিৰ অন্ধ অনুকৰণৰ ফলত ব্যভিচাৰ আৰু ধৰ্ষণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে।

চিকিৎসক আৰু মনোবিজ্ঞানী সকলৰ মতে নাৰীৰ যৌন আকৰ্ষণ পুৰুষৰ তুলনাত অধিক যদিও ধৈৰ্য্য আৰু সংযম ক্ষমতাও তদানুযায়ী অধিক, সেয়েহে স্বাভাৱিকতে নাৰীৰ তুলনাত পুৰুষে অধিক আকৰ্ষণ অনুভৱ কৰে  আৰু সেই আকৰ্ষণ যেতিয়া ধৰ্মবহিৰ্ভূত (নিজৰ পত্নীৰ বাহিৰে আনৰ সৈতে) হয় তাৰ ফলত উদ্ভৱ হয় ব্যভিচাৰ বা ধৰ্ষণৰ দৰে ঘটনাৰ। সেই অবাঞ্চিত আকৰ্ষণৰ উৎস হল নগ্নতা বা পৰ্দাহীনতা।

পাঠক সকল আহক! এতিয়া আমি মূল প্ৰসংগৰ ওপৰত আলোকপাত কৰোঁ :

  দৰ্শন বিজ্ঞানত এক মূলনীতি  বা উচুল পঢ়িছিলোঁ, যাৰ সাৰাংশ হল – কোনো প্রাণী বা বস্তুৰ মাজত দুটি বিষয় সন্নিৱিষ্ট থাকে 1-জাত বা সত্বা  বা ব্যক্তিত্ব 2-ছিফাত বা গুণ। 

উদাহৰণ স্বৰূপে ফাতিমা নামৰ এগৰাকী নাৰী। ফাতিমাৰ সৌন্দৰ্য, পৰোপকাৰীতা, সহনশীলতা আদি চিফাত বা গুণৰ অন্তর্ভুক্ত, যি কেতিয়াও  ফাতিমাৰ পৰা পৃথক নহয় অৰ্থাৎ এনে নহয় যে, ফাতিমা এক ঠাইত আৰু তাইৰ গুণ আন ঠাইত। দুয়োটা সকলো সময়তে সংপৃক্ত আৰু একত্ৰিত থাকে। সংশ্লিষ্ট গুণে ফাতিমাৰ সত্বা বা ব্যক্তিত্বক গুণান্বিত আৰু মহিমামণ্ডিত কৰে। গতিকে স্পষ্টভাৱে প্ৰতীয়মান হয় যে, ফাতিমা নামৰ নাৰীগৰাকীক যদি কোনোবাই পছন্দ কৰে তেন্তে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ ওচৰত তাইৰ ব্যক্তিত্ব-সত্বা আৰু গুণ দুয়োটাই কাম্য।  (দৰ্শন বিজ্ঞানৰ বিষয়বস্তুখিনি তুলনামূলকভাৱে অলপ জটিল,, সেয়েহে মোৰ সাধ্যানুযায়ী সহজভাৱে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ) যদি কোনোবাই ফাতিমাক বিবাহৰ বাবে অৰ্থাৎ নিজৰ পত্নী হিচাপে পাবলৈ বিচাৰে অন্যান্য গুণৰ তুলনাত সৌন্দৰ্যক অধিক গুৰুত্ব প্ৰদান কৰিব (প্ৰায় অধিকাংশ  বিবাহৰ ক্ষেত্রত নাৰীৰ সৌন্দৰ্যকেই ঘাইকৈ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়, আৰু এয়াই বাস্তৱ চিত্ৰ)

কোনো বিবেকবান পুৰুষেই   নিজৰ স্ত্ৰীৰ ক্ষেত্ৰত  নিজৰ সৈতে অন্য পুৰুষক সৈতে শ্বেয়াৰ বা অংশীদাৰ কৰিব নিবিচাৰে অৰ্থাৎ এয়া কেতিয়াও নিবিচাৰে যে, কোনোবাই তাৰ স্ত্রীৰ সত্বা, শৰীৰ  বা ব্যক্তিত্বক উপভোগ কৰক। তেনেহলে যি সকল পুৰুষে নিজৰ স্ত্ৰীক অৰ্ধউলংগ কৰি মানুহক দেখুৱাই দেখুৱাই লৈ ফুৰে আৰু পৰ পুৰুষে  কামাতুৰ হৈ তাৰ স্ত্রীৰ  সৌন্দৰ্য উপভোগ কৰে, যি পুৰুষে নিজৰ স্ত্ৰীক আনক উপভোগ কৰিবলৈ নিদিয়ে সেই পুৰুষে নিজৰ স্ত্ৰীৰ সৌন্দৰ্যক কোন সতেৰে অন্য পুৰুষক উপভোগ কৰিবলৈ দিয়ে??? অথচ(পূর্বে আলোচনা কৰা হৈছে) তাৰ ওচৰত তাৰ স্ত্রীৰ ব্যক্তিত্ব আৰু সৌন্দৰ্য দুয়োটাই কাম্য।

তদ্ৰুপ ভগ্নী আৰু কন্যাৰ ক্ষেত্ৰতো প্ৰযোজ্য, সকলো ভ্ৰাতৃয়ে নিজৰ ভগ্নীক আৰু পিতৃয়ে কন্যাক ভাল পায়, (যদিও এই ভালপোৱা আৰু আকৰ্ষণ পৱিত্ৰ আৰু যৌনতাৰ উৰ্ধত) ভ্ৰাতৃ কেতিয়াও নিবিচাৰে নিজৰ ভগ্নীক আৰু পিতৃয়ে কেতিয়াও নিবিচাৰে নিজৰ কন্যাক আনে উপভোগ কৰক, তেনেহ’লে কোন সতেৰে যৌনগন্ধী আৰু অৰ্ধউলংগ পোছাক পৰিধান কৰাই লোকক সৌন্দৰ্য উপভোগ কৰাবলৈ প্ৰকাশ্যে ৰাজহুৱা স্থানত লৈ ফুৰে।

 এয়া অনস্বীকার্য যে, ধৰ্ষণৰ বাবে নিম্ন মানসিকতা দায়ী, কিন্তু অধিকাংশ ক্ষেত্রত নাৰীৰ নগ্নতা আৰু বিকৃত আধুনিকতাই  ধৰ্ষণকাৰীৰ সুপ্ত নিম্ন মানসিকতাক জাগ্ৰত কৰে ।নাৰীৰ এনে সাজ পোছাকৰ বাবে পুৰুষ সকল আকৰ্ষিত হয় আৰু যৌনতাক বিকৃত ভাবে চৰিতাৰ্থ কৰিব বিচাৰে। 

দৰ্শন বিজ্ঞানৰ আন এটা মূলনীতি পঢ়িছিলোঁ, যাৰ সাৰাংশ হল -” বাহ্যিক কাৰণ বা বাধাৰ বাবে অন্তৰত লুকাই থকা কোনো বাসনা যদি বাধাপ্ৰাপ্ত হয় তেনেহ’লে সংশ্লিষ্ট বাহ্যিক কাৰণ বা বাধা আঁতৰি গলে সেই বাসনা চৰিতাৰ্থ কৰাৰ চেষ্টা কৰে” । 

কোনোবাই বাস্তৱত ৰাস্তা – ঘাটত অৰ্ধউলংগ নাৰী দেখিছে বা কোনোবাই পৰ্ণগ্ৰাফিত যৌনতাৰ দৃশ্য দেখিছে যাৰ ফলত অন্তৰত এক কামনা আৰু বাসনাৰ সৃষ্টি হৈছে, কিন্তু বাহ্যিক বাধা যেনে মানুহৰ উপস্থিতি বা নিয়ম কানুন ইত্যাদিৰ কাৰণে কামনা চৰিতাৰ্থ কৰিব নোৱাৰে। কিন্তু যেতিয়াই এই বাধা আঁতৰি যায় তেতিয়া সুযোগ লৈ সেই কামনা চৰিতাৰ্থ কৰে। কেতিয়াবা যুৱতীৰ সৈতে, কেতিয়াবা আঠ – দহ বছৰীয়া শিশুৰ সৈতে  আৰু কেতিয়াবা পঞ্চাছোৰ্ধ বৃদ্ধাৰ সৈতে। (ধৰ্ষণৰ আৰু কাৰণ আছে, ইয়াত কেৱল মাত্ৰ প্ৰধান আৰু অন্যতম কাৰণ নগ্নতা আৰু পৰ্দাহীনতাৰ বৰ্ণনা কৰা হৈছে।

দৰ্শন বিজ্ঞানত আন এটা মূলনীতি পঢ়িছিলোঁ, যাৰ সাৰাংশ হ’ল – ” মানুহে বাহ্যিক কাৰণ বা বাধাৰ বাবে অন্তৰত লুকাই থকা কোনো বাসনা যদি বাধাপ্ৰাপ্ত হয় তেনেহ’লে সংশ্লিষ্ট বাহ্যিক কাৰণ বা বাধা আঁতৰি গলে সেই বাসনা চৰিতাৰ্থ কৰাৰ চেষ্টা কৰে” । 

কোনোবাই বাস্তৱত ৰাস্তা – ঘাটত অৰ্ধউলংগ নাৰী দেখিছে বা কোনোবাই পৰ্ণগ্ৰাফিত যৌনতাৰ দৃশ্য দেখিছে যাৰ ফলত অন্তৰত এক কামনা আৰু বাসনাৰ সৃষ্টি হৈছে, কিন্তু বাহ্যিক বাধা যেনে মানুহৰ উপস্থিতি বা নিয়ম কানুন ইত্যাদিৰ কাৰণে কামনা চৰিতাৰ্থ কৰিব নোৱাৰে। কিন্তু যেতিয়াই এই বাধা আঁতৰি যায় তেতিয়া সুযোগ লৈ সেই কামনা চৰিতাৰ্থ কৰে। কেতিয়াবা যুৱতীৰ সৈতে, কেতিয়াবা আঠ – দহ বছৰীয়া শিশুৰ সৈতে  আৰু কেতিয়াবা পঞ্চাছোৰ্ধ বৃদ্ধাৰ সৈতে। উল্লেখিত চাৰিওটা  কাৰণ আমাৰ সমাজত বিদ্যমান 1-নাৰীৰ বেপৰোৱা আৰু অশ্লীল তথা অমাৰ্জিত সাজ পোছাক পিন্ধি বিচৰণ  কৰা 2-পৰ্ণগ্ৰাফীৰ পয়োভৰ 3- অকলশৰীয়া কৈ কৰবাত  থকা বা ঘুৰি ফুৰা 4-আইন কানুনৰ শিথিলতা, অৰ্থাৎ ধৰ্ষণকাৰীৰ কোনো দৃষ্টান্তমূলক শাস্তি নোহোৱা। সংশ্লিষ্ট কাৰক সমূহৰ বাবে সম্প্ৰতি ধৰ্ষণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। 

কিছুমান তথাকথিত আধুনিক বুদ্ধিজীৱীয়ে নাৰীৰ পৰ্দা বা মাৰ্জিত পোছাকৰ কথা কলে তেওঁলোকৰ গাত এলাৰ্জী লাগে, আচলতে ইহঁতে নাৰীক নগ্ন কৰি মডেলিং, বিউটী কন্টেষ্ট  মিছ ইন্ডিয়া, মিছ ইউনিভাৰ্ছ আদিৰ নামত নাৰীৰ শৰীৰ ব্যৱহাৰ কৰি মুনাফা অর্জন কৰাৰ চেষ্টাত লাগিছে। এয়া নাৰী স্বাধীনতা নে ভোগৰ সামগ্ৰীত পৰিণত কৰা?

আমাৰ নাৰী সকলে কেইটামান টকাৰ বিনিময়ত নিজৰ দেহ-সৌন্দৰ্য্য আৰু ব্যক্তিত্বক বিক্ৰী কৰি দিছে এনে ধৰণৰ প্ৰতিষ্ঠানৰ ওচৰত, বিনিময়ত লাভ কৰিছে কেইটামান টকা আৰু নাৰীয়ে ইয়াতেই নিজৰ স্বধীনতা আৰু অধিকাৰ বুলি ভাবি আছে। 

সৃষ্টিকৰ্তাই আমাক সৃষ্টি কৰিছে, সৃষ্টিৰ ভাল বেয়া সম্পৰ্কে আমাতকৈ সৃষ্টিকৰ্তা আল্লাহ তাআ’লা হাজাৰ গুন বেছি অবগত। গতিকে সৃষ্টি কৰ্তা প্ৰদত্ত পৰ্দাৰ বিধান সৃষ্টিৰ বাবে সামগ্ৰিক দিশতেই উপযোগী আৰু কল্যাণকৰ হব সেয়া নিশ্চিত।।