আদৰ্শ জলছাহ (ধৰ্মীয় সভা) : লক্ষ্য, উদ্দেশ্য আৰু নিৰ্দেশনা

Share :

সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো চাৰিওফালে ধৰ্মীয় সভা আৰু দ্বীনী জলছাহৰ ধাৰাবাহিকতা ধুমধামেৰে আৰম্ভ হৈছে। প্ৰতি বছৰে ৰবিউল আৱাল মাহৰ পৰা আৰম্ভ হয় জলছাহৰ এই ধাৰাবাহিকতা। আৰু এই একে সময়তে এই শীতকালত কেইবামাহ ধৰি গাৱে ভূঞে নগৰে চহৰে বিভিন্ন ধৰণৰ সভা সমিতিৰ আয়োজন কৰা দেখা যায়। ইয়াৰে কিছু সভাৰ আয়োজনত কেইবামাহ ধৰি অশেষ মেহনত, যথেষ্ট সময় আৰু লাখ লাখ টকা খৰছ কৰা দেখা যায়। বিভিন্ন সময়ত সভা সমিতিৰ আয়োজন নিশ্চয় সময়ৰ প্ৰয়োজন।

কিন্তু কেতিয়াবা আমি চিন্তা কৰিছোঁ নে যে এই সভা সমিতিবোৰ আয়োজন কৰাৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য কি? আৰু সমাজত এই জলছাসমূহে কেনে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে, বা কোনো ধৰণৰ পৰিবৰ্তন আনিব পাৰিছে নে নাই?

তলত ধৰ্মীয় সভা বা দ্বীনী জলছাহৰ মূল লক্ষ্য উদ্দেশ্য আৰু কিছু জৰুৰী নীতি নিয়ম পৰামৰ্শ আলোচনা কৰা হৈছে।
শেষ লৈকে অতি গুৰুত্বসহকাৰে পঢ়িব, বুজিব আৰু ৰাজহুৱা স্বাৰ্থত বেছিকৈ শ্বেয়াৰ তথা প্ৰচাৰ কৰিব। এয়া আহ্বানো আৰু আপোনাৰ দায়িত্বও।

ধৰ্মীয় সভা বা দ্বীনী জলছাহ কাক কয়?

যি সভা আৰু জলছাহত ক্বুৰআন, হাদীছৰ দৃষ্টিত ইছলামৰ বিভিন্ন দিশ আলোকপাত কৰা হয়, লোকক ইছলামৰ নীতি নিয়মসমূহ পালন কৰি চলিবলৈ আগ্ৰহী তথা উৎসাহিত কৰা হয়, তাকে ধৰ্মীয় সভা বা দ্বীনী জলছাহ বুলি কোৱা হয়।

জলছাহৰ লক্ষ্য আৰু উদ্দেশ্য :

যিহেতু আমাৰ সমাজত প্ৰচলিত সভাসমূহ দুই ধৰণৰ, গতিকে তাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহো সুকীয়া হব লাগিব।


১. শিক্ষানুষ্ঠান সংশ্লিষ্ট প্ৰদৰ্শনীমূলক জলছাহৰ লক্ষ্য উদ্দেশ্য –

শিক্ষানুষ্ঠান সংশ্লিষ্ট প্ৰদৰ্শনীমূলক জলছাহৰ বিশেষ লক্ষ্য হল, শিক্ষানুষ্ঠানখনৰ বিভিন্ন শৈক্ষিক দিশ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। গতিকে তাৰ কাৰ্যসূচী সম্পূৰ্ণ সুকীয়াকৈ প্ৰস্তুত কৰা হয়।
কেতিয়াবা তাৰ এটা অংশ হিচাপে ৰাজহুৱা সভাৰ (দ্বীনী জলছাহ) আয়োজন কৰা হয়। এনেকুৱা হলে ইয়াৰ লক্ষ্য, নীতি নিয়ম ৰাজহুৱা সভাৰ লক্ষ্য উদ্দেশ্য তথা নীতি নিয়ম মতেই হব লাগিব।

২. ৰাজহুৱা দ্বীনী জলছাহৰ লক্ষ্য আৰু উদ্দেশ্য –

ৰাজহুৱা দ্বীনী জলছাহৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজত প্ৰচলিত বিভিন্ন নিত্য নতুন ফিতনাহ, কু-সংস্কাৰ, বিদআত, আৰু অশিক্ষিতা তথা নিৰক্ষৰতাৰ প্ৰতি সজাগ কৰি শিক্ষা, দ্বীনী শিক্ষা আৰু ইছলামী জীৱন ব্যৱস্থাৰ ভিন্ন দিশ ৰাইজৰ মাজত সহজ সৰলভাৱে বুজাই দিয়া আৰু উৎসাহিত কৰা, যাতে প্ৰতিজন মুছলিম ইহকাল আৰু পৰকাল দুয়োজগতত সেই জীৱন যাপন কৰি সফলতা অৰ্জন কৰিব পাৰে।

ক) এই সম্পৰ্কে পৱিত্ৰ ক্বুৰআনৰ নিৰ্দেশ –

▪️“হে ঈমানদাৰসকল ! তোমালোক নিজক আৰু নিজৰ পৰিয়ালবৰ্গক জুই (জাহান্নাম)ৰ পৰা ৰক্ষা কৰা |”
(ছুৰা তাহৰীম, আয়াত- ৬।)

▪️”তোমালোকেই শ্রেষ্ঠ উম্মত, মানুহৰ (কল্যাণৰ ) বাবে তোমালোকক নিৰ্বাচন কৰা হৈছে । যাতে তোমালোকে মানুহক সৎ কৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা । ” ( ছুৰা আল ইমৰাণ, আয়াত-১১০)

খ) এই সম্পৰ্কে হাদীছৰ নিৰ্দেশ-

মহানবী ৰছুল ছাঃ ৰ ঘোষণা :
” الا كلكم راع وكلكم مسؤول عن رعيته”

অর্থঃ – “ সাবধান! তোমালোক প্রত্যেকেই (নিজৰ অধীনস্থসকলৰ ক্ষেত্রত ) একো একোজন ৰক্ষক। আৰু প্রত্যেকেই তাৰ ৰক্ষিত বিষয় সম্পর্কত জবাবদিহি হব |” (ছহী বুখাৰী)

▪️হাদীছ-২
” بلغوا عنى ولو آية “
অর্থঃ- “তোমালোকে মোৰ পৰা এটি আয়াত (হাদীছ) হলেও, (সকলোৰ ওচৰত) পৌছাই দিয়া(প্ৰচাৰ আৰু প্ৰসাৰ কৰা) |” ( ছহী বুখাৰী )

এয়াই দ্বীনী জলছাহৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য। ইয়াৰ বাহিৰে আন কোনো লক্ষ্যৰে সভা সমিতিৰ আয়োজন কৰিলে লক্ষ্যহীন আৰু উদ্দেশ্যহীন সভা বুলি গণ্য কৰা হব। সেই মতে আজিৰ দিনত প্ৰায় সভা, জলছাহেই বিশেষ স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থৰ লগত জড়িত দেখা যায়।

যিহেতু পূৰ্বৰ তুলনাত বৰ্তমান এই জলছাহসমূহৰ সংখ্যা অধিক বৃদ্ধি পাইছে আৰু তাৰ প্ৰায়বোৰেই ক্বুৰআন, হাদীছত উল্লেখিত লক্ষ্য আৰু উদ্দেশ্যৰ বিপৰীত মেৰুত গতি কৰিছে । গতিকে আমি এই ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰাখিব লাগিব আৰু জলছাহ বোৰ ছুন্নত তথা ইছলামী আদৰ্শৰে আয়োজন কৰিবলৈ যত্নপৰ হব লাগিব। নহলে অতি সীঘ্ৰেই অইন নি’মত বা সম্পদবোৰ উঠাই লোৱাৰ দৰে দাৱাত আৰু তবলীগৰ এই সুবিধা আৰু নিয়ামতো আল্লাহ পাকে উঠাই লব(বন্ধ হৈ যাব) । পিছত আমি ইজনে আনজনক, অমুক সংগঠন, চৰকাৰ আদিক দোষাৰোপ কৰি থাকিম।

গতিকে তলত পৱিত্ৰ ক্বুৰআন আৰু হাদীছৰ দৃষ্টিত দ্বীনী জলছাহ, সভা আয়োজন কৰাৰ নিয়মাৱলী তথা নিৰ্দেশনা তলত উল্লেখ কৰা হ’ল :

নিৰ্দেশনা-১ (কৰণীয়) :

(১) লক্ষ্য স্মৰণ-
ৰাজহুৱা দ্বীনী জলছাহ আয়োজন কৰাৰ পূৰ্বে আপুনি ভালকৈ তাৰ লক্ষ্য আৰু উদ্দেশ্য স্মৰণ কৰি লব। মনত ৰাখিব দ্বীন প্ৰচাৰ আৰু তাবলীগৰ নামত নিজৰ স্বাৰ্থ সিদ্ধিৰ অভিসন্ধি আল্লাহ পাকে কেতিয়াও ক্ষমা নকৰে।

(২) নিৰ্ধাৰিত পৰিকল্পিত তাৰিখ –

একেদিনাই, বা সঘনাই ওচৰাওচৰিকৈ জলছাহৰ আয়োজন নকৰি গাঁও বা পঞ্চায়ত ভিত্তিত এটা মেপ আৰু তাৰিখবোৰ ভালকৈ চিন্তা কৰি, সূচী এখন প্ৰস্তুতি কৰি লব। যাতে ওচৰা ওচৰিকৈ, এদিনত বা একেৰাহে সভা আয়োজন নহয়, আৰু সভাবোৰ উদ্দেশ্যহীন হৈ নপৰে।

(৩) পুৰুষ-মহিলা –
সভাৰ ৰাতিৰ কাৰ্যসূচী হলে কেৱল পুৰুষৰ বাবেহে কৰিব। আৰু ৰাতি ১০ বজা সৰ্বোচ্চ ১১ বজাত সভা শেষ কৰিব।
আৰু মহিলাৰ কাৰ্যসূচী থাকিলে সভাস্থলিত পুৰুষ আৰু মহিলাৰ (পৰ্দা থকাকৈ ) পৃথককৈ বহাৰ ব্যৱস্থা কৰিব। আৰু এই সভা দিনৰ ভাগতে শেষ কৰাটো নিশ্চিত কৰিব, অন্ততঃ মহিলাৰ কাৰ্যসূচী।

(৪) চাদাঁ সংগ্ৰহত সাবধানতা :

যিহেতু ৰাইজৰ সহায় সহযোগিতাৰে এনে সভা সমিতি আয়োজন কৰা হয়। গতিকে চাদাঁ সংগ্ৰহৰ ক্ষেত্ৰত খুব সাবধানতা অবলম্বন কৰিব। সভাৰ অন্তত অপৰিহাৰ্য্যভাৱে হিচাপ নিকাচৰ ব্যৱস্থা কৰিব।

(৫) অতি সহজ, সৰলকৈ পেণ্ডেল আৰু ষ্টেজ সজাব।

(৬) বক্তাৰ নিৰ্বাচন :
জলছাহবোৰত মুখ্য বক্তা বা বিশিষ্ট বক্তা হিচাপে বাহিৰৰ পৰা, দূৰৰ পৰা নিমন্ত্ৰিত ব্যক্তিসকল দেখা যায় । এই ক্ষেত্ৰত মনত ৰাখিব :

ক) বক্তাজন যোগ্য আলিম হয় নে নাই, ক্বুৰআন হাদীছৰ প্ৰকৃত জ্ঞান আছে নে নাই, ভালকৈ জানি লব। কেৱল নামৰ দীঘল দীঘল টাইটেল, উপাধি চাই ভুল নাযাব।

খ) কেতিয়াবা দেখা যায়, বক্তাজন আলিম নহলেও দুই এটা ভাষণ মুখস্থ কৰি, চনদ, উৎস নোহোৱা কিতাপ আদি পঢ়ি মধুৰ সুৰত বয়ান কাৰ্যত পাৰ্গত। তেনে ব্যক্তিৰ পৰা সাবধান হব।

গ) সুৰ, আৰু কণ্ঠৰ ভিত্তিত নহয়, শিক্ষা, যোগ্যতা আৰু আমলৰ ভিত্তিত বক্তা নিৰ্বাচন কৰিব। আৰু এই ক্ষেত্ৰত সাধাৰণ মুছলমানৰ মাজত ভুল ধাৰণাসমূহ দূৰ কৰিবলৈ প্ৰয়াস কৰিব।

ঘ) এই সম্পৰ্কে স্থানীয় যোগ্য আলিমৰ লগত পৰামৰ্শ কৰি লব।

নিৰ্দেশনা-২ (বৰ্জনীয় ):

(১) পেণ্ডেল আৰু ষ্টেজৰ নামত লাখ লাখ টকা খৰছ, বিভিন্ন ধৰণৰ জাকজমকতাৰ কোনো প্ৰয়োজন নাই। ৩০ হাজাৰ বা ৪০ হাজাৰ টকা কেৱল পেণ্ডেল, ষ্টেজ সাজ সজ্জাৰ নামত খৰচ নকৰিব। আজিৰ প্ৰায় জলছা আৰু সভাই ভি আই পি যেন লাগে। লাখ লাখ টকা খৰছ কৰি আয়োজন কৰা সভাৰ কোনো ফলাফল নাই। এনে সভাই সমাজত কি উপকাৰ কৰিব পাৰিছে, কি পৰিৱৰ্তন আনিব পাৰিছে, সেই কথা আপুনিও ভালকৈ অৱগত।

(২) চাদাঁ সংগ্ৰহৰ ক্ষেত্ৰত বৰ্জনীয় :
• ক. যধে মধে ৰাস্তা ঘাটে লোকক ৰখাই, ৰাজহুৱাকৈ মাইক বজাই কোনোপধ্যেই চাদা সংগ্ৰহ নকৰিব। পৰিবেশ হুলস্থূলীয়া নকৰি সুস্থিৰভাবে নিজৰ অঞ্চলতে চাদাঁ সীমিত ৰাখিব। আপোনাৰ গাৱঁৰ জলছাহৰ বাবে জিলাই জিলাই, গাৱে ভূঞে ঘুৰি টকা সংগ্ৰহৰ কোনো প্ৰয়োজন নাই ।

• খ. যিমান পাৰে খুচুৰা চাদাঁৰ আতৰি থাকক। ঠেলা, ৰিক্সা আদি লৈ চাদাঁ সংগ্ৰহ বন্ধ কৰক। এনে দ্বীনী আলোচনাৰ বাবে সভা আয়োজন, কোনো অনুষ্ঠান আদিয়ে কৰাই উত্তম।
গতিকে ৰাজহুৱা স্থানত জলছাহৰ বাবে নিজৰ সকলো কাম কাজ এৰি, মাহ মাহ ধৰি দিনে নিশাই চাদাঁ সংগ্ৰহৰ ৰচিদ বুক লৈ গাঁৱৰ চুকে কোণে ফুৰা ফৰজ আৰু ৱাজিব নহয়। এইবোৰ নিশ্চয় অপ্ৰয়োজনীয় তথা বৰ্জনীয়।

(৩) ৰাতিৰ বয়ানত মহিলাৰ ব্যৱস্থা নকৰাই উত্তম। মহিলাসকলক ৰাতি সভালৈ দাৱাত দি কোনো ঘটনা হলে তাৰ দ্বায়ী আপুনিয়েই হব। হাঁ, যদি সম্পূৰ্ণ পৰ্দাৰ ব্যৱস্থা কৰিব পাৰে তেন্তে তাৰ ছৱাব নিশ্চয় অৰ্জন কৰিব ।

(৪) জলছাহৰ ৰাতিৰ কাৰ্য্যসূচী সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিব। ১০/১১ বজালৈকে শেষ কৰাই উত্তম। যাতে ফজৰৰ নামাজ নষ্ট নহয়। গভীৰ ৰাতি লৈকে চলি থকা সভা সমিতিৰ প্ৰায়েই ফলাফলহীন।

(৫) বক্তাৰ দৰমহা –
ক. ব্যৱসায়ী আৰু পেছাদাৰী দাবী কৰি, ভাড়া লোৱা বক্তাক বৰ্জন কৰক। আক্ষেপৰ বিষয় কিছুমানে কেৱল এনে বক্তাকহে বিচাৰি যায়। কি বয়ান হৈছে, কি বিষয়ত আলোচনা কৰিছে সেইবোৰলৈ অলপো গুৰুত্ব নাই। কেৱল অলপ হাঁহিব বা কান্দিব পাৰিলেই হল।

খ) বক্তাজনক তেওঁৰ যাতায়ত খৰচ, লগতে কিবা হাদিয়া অৱশ্যে প্ৰদান কৰিব লাগিব। সেই বুলি বক্তাই কোৱা মতে, দাবী কৰা মতে অতিৰিক্ত মোটা অংকৰ ধন দিয়াৰ পৰা বিৰত থাকক। তেনে ধৰনৰ আলিমৰ দ্বাৰা সমাজৰ বা ইছলামৰ কোনো উপকাৰ নহয়।

নিৰ্দেশনা-৩ ( বয়ানৰ বিষয়বস্তু) :

(১) জলছাহৰ পূৰ্বেই নিজৰ সমাজৰ পৰিস্থিতি, চাহিদা অনুসৰি বক্তা আৰু সময় হিচাপে আলোচ্য বিষয়বোৰ নিৰ্ধাৰণ কৰি লব। যেনে,
মুঠ কিমান সময় বয়ান হব?
বক্তা কেইজন?
এইবোৰ হিচাপ কৰি এজন বক্তাই দুঘন্টা বয়ান কৰিলে তেওঁক সৰু বিষয় হলে দুটা আৰু ডাঙৰ হলে এটা বিষয় নিৰ্ধাৰণ কৰি দিব পাৰে।

(২) আলোচ্য বিষয় আপুনি পোন্ধৰ দিন, এসপ্তাহ পূৰ্বেই নিমন্ত্ৰিত বক্তাজনক অৱগত কৰাব, যাতে ভালকৈ প্ৰস্তুতি লব পাৰে। আৰু যদি প্ৰস্তুতিৰ প্ৰয়োজন নাই বুলি ভাবে তেন্তে সভাৰ দিনাই সভা আৰম্ভ হোৱাৰ পূৰ্বেই বক্তাজনক বিষয়বস্তু জনাই দিব। যে তেওঁ কোনটো বিষয়ত আলোকপাত কৰিব।

(৩) জলছাহৰ মুঠ সময় হিচাপ কৰি প্ৰতিজন বক্তাক সময় ভাগ কৰি দিব। আৰু সময়মতে শেষ কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰিব।

(৪) প্ৰতিজন বক্তাৰ বয়ানৰ শেষত প্ৰশ্নোত্তৰৰ বাবে কমেও ৩০/ ২০ মিনিট মান সময় দিব। আৰু নহলেও শেষৰ বক্তাজনৰ বাবে প্ৰশ্ন-উত্তৰ কাৰ্য্যসূচী জৰুৰ দিব। যত দৰ্শক আৰু শ্ৰোতাই নিজৰ প্ৰশ্ন উত্থাপন কৰিব, আৰু বক্তাজনে তাৰ উত্তৰ প্ৰদান কৰিব ।

(৫) পৰামৰ্শ –
সময়ৰ আহ্বান আৰু পৰিস্থিতি সাপেক্ষে তলত কেইটামান বয়ানৰ বিষয় উল্লেখ কৰা হল :
ক. দ্বীনী শিক্ষা আৰু সাধাৰণ শিক্ষা।
খ. সমাজত প্ৰচলিত বিভিন্ন ফিতনা।
এই দুটা বিষয় বাধ্যতামূলকভাৱে ৰাখিব, সলনি নকৰাই শ্ৰেয় ।
গ. সমাজত প্ৰচলিত বিভিন্ন কুসংস্কাৰ।
ঘ. চৰিত্ৰ চিত্ৰাংকনত ইছলাম।
ঙ. সন্তানৰ লালন পালন।
চ. পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্ক।
ছ. নবী ছাঃৰ জীৱনীৰ বিভিন্ন দিশ।
জ. ইছলামী বিবাহ আৰু তালাক।
ঝ. পাচ মূল ভেঁটি আৰু জাকাৎ ।
ঞ. মাদ্ৰাছাৰ অৱদান আৰু এই শিক্ষাৰ প্ৰয়োজনীয়তা ।
ট. আজিৰ মুছলমান নিস্তেজ কিয়?
ঠ. সমাজ গঠন, আৰু চুবুৰীয়া।
ড. সমাজত মহিলাৰ স্থান, নীতি নিয়ম আৰু কৰ্তব্য।

অৱশ্যে এই সম্পৰ্কে কিবা অসুবিধা হলে স্থানীয় উলামাৰ লগত, আমাৰ লগত যোগাযোগ কৰিব।

দুআৰ প্ৰাৰ্থী – কলম – এম ইউছুফ কাছিমী, ইচৰা