✴️ ইছলামত মৌলিক মানৱ অধিকাৰ ✴️

Share :

আধুনিক বিশ্বত মানৱ অধিকাৰ বহুলভাবে আলোচিত এটি বিষয়। মানৱ অধিকাৰ কওঁতে সাধাৰণতে মানুহৰ অধিকাৰ বুজাই। যিবোৰ মানৱিক অধিকাৰ ব্যতীত মানুহে পৃথিৱীত স্বাধীনভাবে মানৱিক মৰ্য্যাদাসহ জীৱনধাৰণ কৰিব নোৱাৰে আৰু মানৱিক স্বাভাৱিক গুণাৱলী, বৃত্তিৰ প্রকাশ আৰু বিকাশ কাৰ্য্যকৰী কৰিব সক্ষম নহয়, সাধাৰণভাবে সেইবোৰেই মানৱ অধিকাৰ হিচাবে চিহ্নিত। এই অধিকাৰসমূহ অর্থনৈতিক, সামাজিক আৰু নৈতিক এই তিনিভাবে বিভক্ত।

 অর্থনৈতিকভাবে অন্ন, বস্ত্ৰ, বাসস্থান, চিকিৎসা, জীৱিকা অর্জন, সম্পত্তিৰ মালিকানা লাভ আৰু তাৰ সংৰক্ষণৰ অধিকাৰ অর্থাৎ জীৱনধাৰণৰ বাবে ন্যূনতম অর্থনৈতিক সুযোগ-সুবিধা আৰু নিজৰ যোগ্যতানুযায়ী কর্মসংস্থানৰ অবাধ অধিকাৰ ইত্যাদি মৌলিক মানৱ অধিকাৰ হিচাবে গণ্য। 

সামাজিকভাবে মানৱাধিকাৰ কওতে বুজাই জাতি-ধর্ম-বর্ণ, গোত্র-লিঙ্গ-পেছা নির্বিশেষে সম অধিকাৰ, মতামত প্রকাশ, জীৱন সম্পদৰ নিৰাপত্তা, ব্যক্তি-স্বাধীনতা, ৰাজনৈতিক তথা নাগৰিক অধিকাৰ, সভা-সমিতি-সংগঠন আৰু জনমত গঠনৰ অধিকাৰ, অবাধে নিজ ধর্ম-কর্ম কৰাৰ অধিকাৰ, আইনৰ শাসন আৰু বিচাৰ লাভৰ অধিকাৰ, বিবাহ-তালাক ইত্যাদি বিষয় মানৱ অধিকাৰৰ অন্তর্ভুক্ত।

নৈতিকভাবে মানৱ অধিকাৰ কওতে বুজাই অন্যৰ অধিকাৰত হস্তক্ষেপ নকৰা, ব্যক্তিগত গোপনীয়তা ৰক্ষা, শালীনতাৰ  প্রসাৰ আৰু অশ্লীলতাৰ প্রতিৰোধ, সৎকর্মৰ প্রসাৰ তথা  অসৎ কর্মৰ প্রতিৰোধ, পিতৃ-মাতৃ আৰু ডাঙৰৰ প্রতি শ্রদ্ধা প্রদর্শন, সৰুৰ প্রতি আদৰ-স্নেহ প্রদর্শন আৰু সিহঁতৰ প্রতিপালন, যথাযথ লালন-পালন, সমাজৰ দৰিদ্র অসহায়, বিধবা, এতীম, অধিকাৰৰ পৰা  বঞ্চিত, অত্যাচাৰিত মানুহৰ প্রতি সহানুভূতি প্রদর্শন, মেহমান-মুছাফিৰসকলৰ আপ্যায়ন, সর্বশ্রেণীৰ মানুহৰ প্রতি শালীনতা ও সৌজন্যমূলক আচৰণ ইত্যাদি নৈতিক অধিকাৰত চামিল।

✔ জাতিসংঘ আৰু মানৱ অধিকাৰ :

জাতিসংঘৰ সাধাৰণ পৰিষদ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ মানৱাধিকাৰৰ লগত সংশ্লিষ্ট ৩০ ধাৰা সহিত মহানিৰ্দেশ ঘোষণা কৰে। জাতিসংঘৰ সদস্য ৰাষ্ট্রৰ বাবে এই নিৰ্দেশ অনুসৰণ বাধ্যতামূলক কৰা নাই। জাতিসংঘই বিচাৰে তাৰ সদস্য-ৰাষ্ট্রসমূহে যথাসাধ্য এইটো অনুসৰণ কৰক। কোনো দেশ মানৱ অধিকাৰৰ ঘোষিত নিৰ্দেশ কিমানখিনি অনুসৰণ কৰিছে অথবা উলংঘন কৰিছে সেয়া পর্যবেক্ষণ কৰা আৰু ইয়াৰ সম্পর্কিত ৰিপোর্ট প্রণয়নৰ বাবে জাতিসংঘই এটি স্থায়ী কমিশন গঠন কৰিছে। বিভিন্ন দেশত এই কমিশনৰ শাখা-প্রশাখা আছে। ইয়াৰ মাধ্যমত সদস্য-ৰাষ্ট্রসমূহে মানৱ অধিকাৰ সম্পর্কিত অৱস্থাৰ যাবতীয় ৰিপোর্ট জাতিসংঘ তথা বিশ্ববাসী যথাসময়ে অৱগত হব পাৰে। 

✔ জীৱন ধাৰণৰ অধিকাৰ :

জীবনৰ নিৰাপত্তা তথা স্বাভাৱিক জীৱন যাপনৰ অধিকাৰ মানুহৰ মৌলিক অধিকাৰসমূহৰ মাজত সর্বাধিক গুৰুত্বপূর্ণ। ইছলামে জীৱনৰ নিৰাপত্তাৰ নিশ্চয়তা দিছে। মানুহৰ বাচি থকাৰ অধিকাৰ আৰু নিৰাপদ জীৱন যাপন সম্পর্কে মহাগ্রন্থ আল-কোৰআনত কোৱা হৈছে ―

ولا تـقـتـلـوا الـنـفـس الـتـى حـرم الـلـه الا بـالـحـق ـ

“আল্লাহে যি জীৱ হত্যা নিষিদ্ধ কৰিছে যথার্থ কাৰণবিহীন তাক হত্যা নকৰিবা।” (ছূৰা বনী ইছৰাঈল : ৩৩)

✔ সম্পদৰ অধিকাৰ :

ইছলামে সকলো মানুহৰ সম্পদৰ নিৰপত্তা বিধানৰ তাগিদ দিছে। আল্লাহে কৈছে –

ولا تـأكـلـوا امـوالـكـم بـيـنـكـم بـالـبـاطـل ـ

“তোমলোকে পৰস্পৰৰ সম্পদ অন্যায়ভাবে গ্রাস নকৰিবা।” (ছূৰা বাকাৰা : ১৮৮)

ৰছুলে কৰীম (ছ:) ৰ বিদায় হজ্জৰ ঐতিহাসিক ভাষণত কৈছে, ‘তোমালোকৰ জীৱন ও সম্পত্তি তোমালোকৰ পৰস্পৰৰ নিকট পবিত্র।’ সম্পদৰ অধিকাৰ ৰক্ষাৰ গুৰুত্ব সম্পর্কে ৰছুল (ছ:)য়ে কৈছে

مـن قـتـل دون مـالـه فـهـو شـهـيـد ـ

‘যি ব্যক্তি নিজৰ সম্পদ ৰক্ষা কৰিবলৈ যাওঁতে নিহত হয় সি শ্বহীদ।’ (বুখাৰী) 

✔ব্যক্তি স্বাধীনতাৰ অধিকাৰ :

ইছলামৰ দৃষ্টিত প্রত্যেক মানুহেই জন্মগতভাবে স্বাধীন আৰু স্বাধীনতা আল্লাহ প্রদত্ত অধিকাৰ। যি কোনো ধৰণৰ জোৰ-জবৰদস্তি ইছলামে সমর্থন নকৰে। ইছলামী নীতি অনুযায়ী কোনো উপযুক্ত আদালতত আইন অনুযায়ী দোষী সাব্যস্ত নোহোৱা পর্যন্ত কাকোকে কোনোৰূপে শাস্তি দিব পৰা নাযাব। আইনৰ সুস্পষ্ট বিধানৰ বাহিৰে কাকোকে গ্রেফতাৰ, আটক বা বলপ্রয়োগ কৰা নাযাব। ইমাম মালিক (ৰহ) য়ে কৈছে, ‘বিনা বিচাৰে শাস্তি প্রদান ইছলামে অনুমোদন নকৰে।’

✔ ব্যক্তিগত আৰু পাৰিবাৰিক গোপনীয়তা ৰক্ষাৰ অধিকাৰ:

ইছলামত ব্যক্তিগত আৰু পাৰিবাৰিক গোপনীয়তা ৰক্ষাৰ প্রতি যথাযথ গুৰুত্ব দিয়ে। এই সম্পৰ্কে আল কোৰআনৰ নির্দেশ –

يـايـهـا الـذيـن امـنـوا لا تـدخـلـوا بـيـوتـا غـيـر بـيـوتـكـم حـتـى تـسـتـانـسـوا و تـسـلـمـوا ـ

‘হে ঈমানদাৰ সকল ! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ মালিকৰ অনুমতি নোলোৱাকৈ, ছালাম নিদিয়াকৈ প্রবেশ নকৰিবা।’ (ছুৰা আন-নূৰ : ২৭)

✔ বিবেক আৰু বিশ্বাসৰ স্বাধীনতা:

ইছলামীক ৰাষ্ট্রৰ প্রত্যেক নাগৰিকৰ বিবেক আৰু ধর্মবিশ্বাসৰ স্বাধীনতা স্বীকাৰ কৰা হৈছে। আল কোৰআনৰ ঘোষণা – 

لا اكـراه فـى الـديـن قـد تـبـيـن الـرشـد مـن الـغـى ـ

‘দ্বীন সম্পৰ্কে কোনো জবৰদস্তি নাই। সত্য পথ ভ্রান্ত পথৰ পৰা সুস্পষ্টভাবে বেলেগ।’ 

(ছুৰা বাকাৰা : ২৫৬)

✔ আর্থিক নিৰাপত্তা লাভৰ অধিকাৰ:

ইছলামত ধর্ম-বর্ণ গোত্রৰ বিভিন্নতাৰ বাবে কাকোকে তাৰ মৌলিক অর্থনৈতিক চাহিদা যেনে অন্ন-বস্ত্র-বাসস্থান-শিক্ষা-চিকিৎসাৰ পৰা বঞ্চিত নকৰে। চাকৰি আৰু জীৱিকা অর্জনৰ বাবে আছে সকলোৰে সমান সুবিধা। তাৰবাহিৰে, বেকাৰ, ইয়াতীম এবং শাৰীৰিকভাবে অক্ষম সকলৰ বাবে ৰাষ্ট্রীয়ভাবে অর্থ-সাহায্য কৰাৰ বিধান আছে। হজৰত উমৰ (ৰাজি:) জাতীয় সম্পদ বন্টন প্রসঙ্গত নিজৰ জিম্মাদাৰীৰ ব্যাখ্যা দিওঁতে কৈছে, 

      ‘আল্লাহৰ শপথ ! মোৰ খিলাফতকালত ছানআৰ পার্বত্য অঞ্চলত বসবাস কৰা ভেড়াৰখীয়াও স্বস্থানত বহি তাৰ প্ৰাপ্য অংশ পাই যাব, তাৰ চেহাৰাত বিষণ্ণতাৰ ছাপ পৰাৰ আগতেই।’ 

(কিতাবুল খাৰাজ, পৃ. ২১২)। 

হজৰত উমৰ (ৰাজি:) ৰ আৰু ঘোষণা : ‘ফোৰাতৰ কূলত এটি কুকুৰেও যদি নোখোৱাকৈ মৰি যায় কাল কিয়ামতৰ ময়দানত ইয়াৰ বাবে উমৰকেই দোষাৰোপ কৰা হ’ব পাৰে।’

✔ বসবাস, যাতায়াত ও স্থানান্তৰৰ অধিকাৰ:

ইছলামী ৰাষ্ট্রৰ প্রতিটো নাগৰিক তাৰ পছন্দ অনুযায়ী যি কোনো স্থানত বসবাস কৰাৰ, ৰাষ্ট্রীয় সীমাৰ ভিতৰত আৰু স্বাভাৱিক অৱস্থাত দেশৰ বাহিৰত যি কোনো অঞ্চলত যাতায়াত কৰাৰ স্বাধীনতা ভোগ কৰে। নাগৰিক সকলৰ ইচ্ছা অনুযায়ী বাসস্থান ত্যাগ আৰু স্থানান্তৰৰ স্বাধীনতা দিছে ইছলামে।

✔ গণতান্ত্রিক অধিকাৰ:

মত প্রকাশৰ অধিকাৰ, প্রতিনিধি নির্বাচনৰ অধিকাৰ, ন্যায়সঙ্গতভাবে সৰকাৰৰ সমালোচনা কৰাৰ অধিকাৰ ইছলামত স্বীকৃত।

✔ পাৰিশ্রমিক লাভৰ অধিকাৰ:

ইছলামে শ্রমিকৰ ন্যায়সঙ্গত সকলো অধিকাৰৰ নিশ্চয়তা দিছে। ইছলামী ৰাষ্ট্রত বিনা পাৰিশ্রমিকত অথবা কম মজুৰীত কাৰোবাৰ পৰা শ্রম কৰোৱা অবৈধ। মজদুৰৰ আর্থিক নতুবা দৈহিক যথাযথ ক্ষতিপূৰণ দিয়া, সামর্থ্যৰ বাহিৰত কাৰো ওপৰত কামৰ বোজা জাপি নিদিয়া, মজদুৰৰ লগত সাধাৰণ মানৱিক আচৰণ কৰা, শ্রমিকক তৎক্ষণাত তাৰ মজুৰী পৰিশোধ কৰাৰ তাগিদ দিছে। নবী কৰীম (ছ:) কৈছে – “শ্রমিকৰ শৰীৰৰ ঘাম শুকোৱাৰ পূর্বেই তাৰ মজুৰী দি দিয়া।” (বায়হাকী, ইবনে মাজাহ)

✔নাৰীৰ অধিকাৰ:

নাৰীসকলৰ অধিকাৰ সম্পৰ্কে ইছলামেই সর্বপ্রথম বাস্তৱ আৰু কার্যকৰী ব্যৱস্থা গ্রহণ কৰিছে। সম্পত্তিৰ অধিকাৰ প্রভৃতিৰ দ্বাৰা নাৰীৰ যথাযথ অধিকাৰ সুনিশ্চিত কৰা হৈছে। ইছলামী উত্তৰাধিকাৰ আইনে প্রথম শ্রেণীৰ উত্তৰাধিকাৰ-কোৰআনী অংশীদাৰৰ ১২ জনৰ মাজত ৮ জন মহিলা। অথচ ইছলামপূর্ব যুগত সিহঁতৰ কোনো উত্তৰাধিকাৰিত্ব নাছিল। হিন্দুধর্মসহ পৃথিবীৰ বহু ধর্মত নাৰীৰ উত্তৰাধিকাৰিত্ব স্বীকাৰ কৰা নহয়। স্ত্রীৰ প্রতি আচৰণ সম্পর্কে পুৰুষক উদ্দেশ্যে পবিত্র কোৰআনৰ ঘোষণা –

اسـكـنـوهـن مـن حـيـث سـكـنـتـم مـن وجـدكـم ولا تـضـاروهـن لـتـضـيـقـوا عـلـيـهـن ـ

‘তোমলোকে তোমালোকৰ সামর্থ্য অনুযায়ী যিবোৰ গৃহত বাস কৰা, সিহঁতকো বসবাসৰ বাবে তেনেকুৱা গৃহ দিয়া। সিহঁতক কষ্ট দি সংকটাপন্ন নকৰিবা।’ (ছুৰা আত্ ত্বালাক : ৬)

✔ সংখ্যালঘু সকলৰ অধিকাৰ: 

ধর্মীয় সংখ্যালঘু সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ অধিকাৰ দি মহানবী (ছ:)য়ে কৈছে – “অমুছলিম সকলৰ জীৱন আমাৰ জীৱনৰ আৰু সিহঁতৰ সম্পদ আমাৰ সম্পদৰ দৰেই।” সিহঁতৰ অন্ন, বস্ত্র, বাসস্থান, শিক্ষা, জীৱনৰ নিৰাপত্তা, সামাজিক, ৰাজনৈতিক ইত্যাদিৰ অধিকাৰ ইছলামে স্বীকাৰ কৰে। মদীনাৰ শাসকে অমুছলিম সকলক মদীনাত বসবাসৰ অধিকাৰ দিছিল। আনকি, সিহঁতৰ এটি অংশ বিশ্বাসঘাতকতা কৰা সত্বেও বাকী অংশৰ প্রতি অন্যায় আচৰণ কৰা হোৱা নাই। ইছলামে এজন অমুছলিম শ্রমিকক এজন মুছলিম শ্রমিকেৰ দৰেই সুযোগ-সুবিধা দিয়ে। এই প্রসঙ্গত মহানবী (ছ:) ইৰশ্বাদ কৰিছে:

 “সতর্ক থাকা, সেই ব্যক্তি সম্পর্কে যি ব্যক্তি অমুছলিম সকলৰ ওপৰত জুলুম কৰে অথবা তাৰ হক নষ্ট কৰে অথবা তাৰ সামর্থ্যতকৈ বেছি কামৰ বোজা জাপি দিব চেষ্টা কৰে অথবা তাৰ ইচ্ছাৰ বিৰুদ্ধে তাৰ পৰা কিছু জোৰপূর্বক কাম লয়, আমি কিয়ামতৰ দিনা সেই ব্যক্তিৰ বিৰুদ্ধে যাম।” (আবু দাউদ)

✔ আইনৰ দৃষ্টিত সমতা আৰু দাস-প্রথাৰ উচ্ছেদ: 

ইসলামৰ দৃষ্টিত সকলো মানুহ সমান আৰু পৃথিৱীৰ ‘সকলো মানুহৰ এটাই সম্প্রদায়ভুক্ত’, আল কোৰআনৰ ভাষাত –

ولا تـسـبـوا الـذيـن يـدعـون مـن دون الـلـه ـ

“আল্লাহৰ বাহিৰে অন্যান্য দেব-দেবীৰ উপাসনা যিসকলে কৰে সিহঁতৰ উপাস্যসকলক তোমালোকে গালি নিদিবা।” (ছুৰা আনআম : ১০৮)

আল কোৰআনৰ আন এঠাইত :

كـان الـنـاس امـة واحـدة ـ

‘সমগ্র মানৱ জাতি একেই উম্মাহভুক্ত।’

✔ ইছলামত শ্রমিকৰ অধিকাৰ:

মহানবী হজৰত মুহাম্মদ (ছ:) য়ে উৎপাদিত পণ্য সামগ্ৰিত শ্রমিকৰ অংশীদাৰিত্বৰ কথা কৈছে। দুনিয়াৰ ক’তো যেতিয়া শ্রমিকৰ অধিকাৰ সম্পর্কে মানুহৰ কোনো সচেতনা নাছিল, সেই অন্ধকাৰ যুগত বিশ্ব-মানৱতাৰ মুক্তিদূত মহানবী (ছ:)ৰ প্রতিষ্ঠিত মদীনা নগৰ ৰাষ্ট্রক কেন্দ্র কৰি গঢ়ি উঠা ইছলামী সমাজৰ নাৰী, পুৰুষ, শ্রমিক, সাধাৰণ জনতা নির্বিশেষে সকলো মানুহে মৌলিক অধিকাৰ সমূহ পৰিপূর্ণৰূপে ভোগ কৰে। আধুনিক মানৱ অধিকাৰৰ ধাৰণা পূর্ণাঙ্গ ৰূপ লাভ কৰে ১৯৪৫ চনত প্রণীত ৰাষ্ট্ৰসংঘৰ অধিবেশনত। কিন্তু ইয়াৰ ১৩০০ বছৰ পূর্বে সমগ্র পৃথিৱী যেতিয়া জাহিলিয়াতৰ ঘন অন্ধকাৰত নিমজ্জিত আছিল, সেই সময়ত মহানবী (ছ:)য়ে মানৱ অধিকাৰৰ সুস্পষ্ট ঘোষণা প্রদান কৰি মানুহৰ ভেদাভেদ আৰু বৈষম্যৰ অৱসান ঘটাই সমানতা আৰু ভ্রাতৃত্বপূর্ণ আদর্শ মানৱ সমাজ গঠনত সক্ষম হৈছিল। আল্লাহৰ নবী (ছ:) নিজেও শ্রমিক আছিল।

✔ ইছলামত ভিক্ষাবৃত্তিৰ স্থান নাই: 

মহানবী (ছ:) ভিক্ষাবৃত্তিক নিৰুৎসাহিত কৰিছে। তেওঁ ভিক্ষুকৰ হাতক কর্মীৰ হাতলৈ পৰিণত কৰাৰ প্রয়াস কৰিছিল। মহানবী (ছ:) য়ে কৈছে,:

“যি ব্যক্তি মোৰ লগত অঙ্গীকাৰবদ্ধ হ’বে যে, সি কোনোদিন ভিক্ষা নকৰে তাৰ জান্নাত লাভৰ দায়িত্ব মই লৈছোঁ।” (আবু দাউদ)

ইছলামত মালিক-শ্রমিক সম্পর্ক●●

আমাৰ শ্রম আইনত মালিক-শ্রমিকৰ সম্পর্ক হৈছে প্রভু-ভৃত্যৰ সমতুল্য। কিন্তু মহানবী (ছ:)ৰ আদর্শ মালিক-শ্রমিকৰ মাজত কোনো পার্থক্য নাই। সিহঁত সকলোৱে আল্লাহৰ বান্দা আৰু পৰস্পৰ ভ্রাতৃত্বৰ বন্ধনত আৱদ্ধ। এই প্রসঙ্গত ৰছুলে কৰীম (ছ:)য়ে কৈছে, “তোমালোকৰ অধীন ব্যক্তিসকল তোমালোৰেই ভাই। আল্লাহে যি ভাইক যি ভাইৰ অধীন কৰি দিছে, তাক তেওঁ সেয়াই খোৱাব লাগিব যি তেওঁ নিজে খাই আৰু তাক তেওঁ সেয়াই পিন্ধিবলৈ দিব লাগিব যি তেওঁ নিজে পিন্ধে” (বুখাৰী-মুছলিম)

শ্রমিকৰ প্রতিও আল-কোৰআনৰ নির্দেশ –

ان خـيـر مـن اسـتـأجـرت الـقـوى الامـيـن ـ

‘সর্বোত্তম শ্রমিক সেইজন যি দৈহিক ফালৰপৰা শক্তিশালী আৰু বিশ্বাসযোগ্য।’ (ছূৰা কাছাছ: ২৬)

✔ ইছলামত শিশুশ্রম: 

ইছলামে শিশুশ্রম সমর্থন নকৰে। শিশুহঁতৰ প্রতি দয়া, সিহঁতৰ শিক্ষা, চিকিৎসা ব্যৱস্থা কৰা, সিহঁতক সুনাগৰিক হিচাবে গঢ়ি তোলা জাতীয় আৰু ঈমানী দায়িত্ব হিচাবে গণ্য কৰে। মহানবী (ছ:) কৈছে – 

“যিয়ে সৰুৰ প্রতি দয়া প্রদর্শন নকৰে আৰু ডাঙৰক সম্মান নকৰে সি মোৰ উম্মতৰ অন্তর্ভুক্ত নহয়।” (আবু দাউদ)

✔ মজুৰি নির্ধাৰণ: 

নবী কৰীম (ছ:) “মজুৰি নির্ধাৰণ ব্যতীত কোনো শ্রমিককে কামত নিযোগ কৰা অনুচিত।” (বায়হাকী) ইছলামত যি কোনো লেনদেনৰ চুক্তি লিখিতভাবে কৰাৰ নির্দেশ দিছে। কোনো শ্রমিকৰ দ্বাৰা অতিৰিক্ত কাম কৰা হ’লে অবশ্যেই তাক অতিৰিক্ত মজুৰি দিব লাগিব। এই প্রসঙ্গত মহানবী (ছ:) ৰ নির্দেশ – “তোমালোকে সিহঁতক অতিৰিক্ত কামৰ দায়িত্ব দিলে সেই হিচাবে সিহঁতক অতিৰিক্ত মজুৰি দি দিয়া।”

ৰছুলে পাক (ছ:) য়ে পাৰিশ্রমিক নির্ধাৰণ নকৰাকৈ  শ্রমিকসকলৰ পৰা কাম কৰোৱাক নিষিদ্ধ ঘোষণা কৰিছে। ইছলামৰ দৃষ্টিত শ্রমিকৰ কাম কৰা মাত্রেই পাৰিশ্রমিকৰ দাবী কৰিব পাৰে। চুক্তি অনুসৰি প্রত্যেক শ্রমিকক যথাসময়ত পূর্ণ বেতন পৰিশোধ কৰি দিব লাগিব। সোনকালে মজুৰি পৰিশোধৰ নিৰ্দেশ দি মহানবী (ছ:) য়ে কৈছে “শ্রমিকৰ গাৰ ঘাম শুকোৱাৰ পূর্বেই তাৰ মজুৰি আদায় দিয়া ” (ইবনে মাজাহ)

পৰিশেষত উল্লেখিত মৌলিক মানৱ অধিকাৰৰ সমান্তৰালভাৱে Organisation of Islamic Cooperation (OIC) ৰ ফিকহ একাডেমীৰ ঘোষিত দলিলটো এটি ঐতিহাসিক আৰু অত্যন্ত গুৰুত্বপূর্ণ হৈছে। যাৰ ১ নং অনুচ্ছেদত যি কোৱা হৈছে –

 “All Human beings form one family whose members are united by submission to God and descent from Adam. All men are equal in terms of basic human dignity and basic obligations and responsibilities, without any discrimination on the grounds of race, color, language, sex, religious belief, political affiliation, social status or other considerations. True faith is the guarantee for enhancing such dignity along the path to human perfection.” 

অর্থাৎ “আদমৰ পৰা উদ্ভূত হোৱা আৰু আল্লাহৰ প্রতি অনুগত্যৰ ভিত্তিত সমগ্র মানৱজাতি ঐক্যবদ্ধভাবে এক পৰিবাৰৰ সদস্য। জাতি, গোত্র, বর্ণ, ভাষা, নাৰী-পুৰুষ, ধর্ম বিশ্বাস, ৰাজনৈতিক মতবাদ, সামাজিক অৱস্থান বা অন্য যি কোনো বিবেচনা নির্বিশেষে মূল মানৱিক মর্যাদা আৰু দায়িত্ব ও কৰ্তব্যৰ ফালৰপৰা সকলো মানুহ সমান। খাঁটি ঈমানদাৰ ব্যক্তিৰ মাজত মানৱিক পূর্ণতা আনি দি ইয়াৰ মর্যাদা বৃদ্ধিক গ্যাৰান্টি দিয়ে।”

মুছলিম বিশ্বৰ  বাবে এই ডকুমেন্টটো অত্যন্ত গুৰুত্বপূর্ণ। দুঃখৰ বিষয় যে এই দলিলটো যিমানখিনি প্রচাৰ হোৱাৰ দৰকাৰ আছিল মুছলিম বিশ্ব সেই ক্ষেত্রত ব্যর্থ হৈছে। আশা কৰো ভবিষ্যতৰ বাবে এইটো ব্যাপকভাবে প্রচাৰ হ’বে। ইছলামৰ আলোকত সর্বসম্মত মানৱ অধিকাৰ ঘোষণাৰ এই অত্যন্ত মূল্যবান দলিলৰ মাধ্যমত আমাৰ জাতি-সমাজ গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব।