মছজিদৰ ইমাম আৰু আমাৰ সমাজ ।

Share :

✍ বায়েজীদ বোস্তামী 

   ✒️ সদস্য, ইছলামীক ষ্টাডিজ এণ্ড ৰিছাৰ্চ একাডেমী। 

 ইমাম কাক কয় ? 

    ইমাম শব্দটি আহিছে আৰবীৰ পৰা, যাৰ অসমীয়া অর্থ হৈছে নেতা, প্রধান, নামাজৰ ইমাম, অগ্রণী, দিক-নির্দেশক, আদর্শ নমুনা ইত্যাদি। সাধাৰণতে ইমাম তাক কোৱা হয় যাক অনুসৰণ কৰা হয়। কৰ্মৰ ফালৰ পৰা যিজনে সকলোৰে আগত থাকে। যেনে নবী কৰীম (চঃ) হ’ল নবীসকলৰ ইমাম, খলিফা মুছলমান সকলৰ ইমাম, সেনাপতি সৈন্যসকলৰ ইমাম। নামাজৰ ইমাম সেইজন ব্যক্তিক কোৱা হয়, যিজনে মুচল্লীসকলৰ ভিতৰত সকলোতকৈ আগত থাকে, নামাজৰ ক্রিয়াবোৰত যাক সম্পূৰ্ণৰূপে অনুসৰণ কৰা হয়। (লিছানুল আৰব, আল-মুজামিল ওয়াফী) 

 ইমামৰ ফজিলত :

নামাজৰ ইমামতি হৈছে অত্যন্ত মর্যাদাপূর্ণ শৰয়ী দায়িত্ব। মহানবী (চঃ)-য়ে কৈছে, “জাতিৰ ইমাম হ’ব সেইজন ব্যক্তি, যিজনে আল্লাহৰ প্ৰৰিত গ্ৰন্হবোৰ অতি উত্তমৰূপে পড়িব পাৰে।” গতিকে এইখিনিতে প্রতীয়মান হয় যে ইমামৰ মর্যাদা হ’ল সবাতকৈ শ্ৰেষ্ট। 

✔ মহান আল্লাহ ৰাব্বুল আলামিনে ছূৰা ফোৰকান আৰু ছূৰা মুমিনত ইয়াৰ ১৩ টি গুণৰ বিষয়ে উল্লেখ কৰিছে। তাৰ ভিতৰত এটি গুণ হ’ল- মুমিনসকলে আল্লাহৰ ওচৰত এই বুলি প্রার্থনা কৰিব যে, “হে প্রভু আমাক মুত্তাকীন সকলৰ ইমাম বনাই দিয়ক। 

✔ ইমামত হৈছে আল্লাহ প্ৰদত্ত বিশেষ পুৰস্কাৰ বা মহান নিয়ামত। মহান আল্লাহ তা’য়ালাই ছূৰা ছিজদাৰ ২৪ নং আয়াতত ইৰ্শাদ ফৰমাইছে, “মই তেওঁলোককেই ইমামত দান কৰিছো যিসকলে মোৰ আদেশ-নিৰ্দেশবোৰৰ ওপৰত অবিচল থাকে তথা আমাৰ নিদের্শনাৱলীক দৃঢ় বিশ্বাস ৰাখে।”

✔ নবী কৰীম (চঃ)-য়ে স্বয়ং ইমাম আৰু মুয়াজ্জিনৰ বাবে আল্লাহৰ ওচৰত দু’আ কৰিছিল। হজৰত আবু হুৰাইৰা (ৰাঃ)-ৰ পৰা বর্ণিত ৰচুল (চঃ)-য়ে কৈছে, “ইমাম হ’ল এজন জিম্মাদাৰ আৰু মুয়াজ্জিন হ’ল তাৰ আমানতদাৰ। “হে আল্লাহ আপুনি ইমাম সকলক সু-পথত পৰিচালিত কৰক আৰু মুয়াজ্জিন সকলক ক্ষমা কৰি দিয়ক”। 

(আবু দাউদ-৫১৭, তিৰমিজি- ২০৭) 

✔ ইমামত হ’ল অত্যন্ত মর্যাদাপূর্ণ দায়িত্ব। যিটো পালন কৰি গৈছে হজৰত মোহম্মদ (চঃ)-য়ে স্বয়ং আৰু তেখেতৰ পৰৱর্তী খোলাফায়ে ৰাশিদীন সকলে। তাৰ পৰৱর্তী মুছলমান সকলৰ সর্বোত্তম পর্যায়ৰ ব্যক্তিবর্গ সকলেওঁ সমাজত ইমামতি কৰিছিল। নবী কৰীম (চঃ) ইমামৰ মর্যাদাক অত্যন্ত গুৰুত্ব দিছিল আৰু তাৰ সমান্তৰালকৈ এই মহান দায়িত্ব পালনত ইমাম সকলক সতর্কও কৰি দিছিল। হজৰত উকবাহ বিন আমৰ (ৰাঃ)-ৰ পৰা বর্ণিত আছে আৰু তেখেতে কৈছে, মই ৰচুল (চঃ)-ক কওতে শুনিছো “যদি কোনো ইমামে সময়মতে নামাজৰ ইমামতি কৰে তেন্তে তাৰ ছোৱাব ইমাম তথা মুক্তাদী উভয়ৰ ওপৰত পৰিব আৰু যদি ইয়াত কোনো ত্রুটি হয়, সেইখিনিৰ দায়িত্বভাৰ পৰিব ইমামৰ ওপৰত, যিটো মোক্তাদিৰ ওপৰত বৰ্ষিত নহয়”। (আবু দাউদ- কিতাবুছ চালাত বাবু জামায়ীল ইমামতী- ৫৮০) ।

✔ হজৰত ছাহাল বিন ছা’দ (ৰাঃ)-ৰ পৰা বর্ণিত। ৰচুল (চঃ)-ক কওঁতে শুনিছো “ইমাম হ’ল জিম্মাদাৰ, তেখেতে যদি সমাজৰ হকে উত্তমভাৱে কাম কৰে তাৰ পুণ্য ইমাম তথা মুক্তাদি উভয়ে পাব আৰু যদি কোনো ত্রুটি হয় সেই ত্ৰুটিৰ প্ৰায়েচিত্ত ভূগিব লাগিব ইমাম সকলে। (ইবনে-মাজাহ-কিতাবুস সালাত-৯৮১)

✔  ইমামতীৰ ইতিহাস অত্যন্ত প্রাচীন। মানৱ সৃষ্টিৰ সূচনা কালৰে পৰাই আল্লাহ পাকে মানৱজাতিক সুপথ পৰিচালনা আৰু মানৱ সভ্যতাক টিকাই ৰখাৰ বাবে যুগে যুগে, তাৰ প্রতিনিধি প্রেৰণ কৰিছিল। হজৰত আদম (আঃ)-ৰ পৰা আৰম্ভ কৰি নবী (চঃ) পর্যন্ত নবী ৰচুল সকলেই জনসাধাৰণক হিদায়তৰ বাণী শুনাইছিল লগতে ইমামতিও কৰিছিল। নবী (চঃ)-য়ে এই গুৰুদায়িত্ব পালনত গোটেই জীৱনটো উৎচর্গা কৰিছিল। নবী (চঃ)-ৰ ইন্তিকালৰ পৰৱর্তী সময়ত তাৰ যোগ্য উত্তৰসূৰি চাহাবায়ে কেৰাম (ৰাঃ)-য়ে এই মহান দায়িত্ব পালন কৰিছিল। 

 ইমামসকল আৰু বাস্তৱ সমাজ : 

মহানবী (চঃ)-য়ে ৰাখি যোৱা এই গুৰুদায়িত্ব বর্তমান অত্যন্ত নিষ্ঠা সহকাৰে পালন কৰা উচিত। ইমাম, ইমামত ব্যাপক অর্থবোধক শব্দ। ৰচুল (চঃ)-য়ে যিখিনি অর্থৰ বিনিময়ত যেনেদৰে মুছলিম সমাজত ইমামতি কৰিছিল, সেইখিনি অনুসৰণ কৰিব লাগিব। আলিম হ’ল, ৰচুল (চঃ)-ৰ যোগ্য উত্তৰসূৰি। কাৰণ ৰচুল (চঃ)-য়ে কৈছে, “আলিম সকলেই হ’ল নবীসকলৰ ওয়াৰিছ।” আলিমসকলেওঁ ঠিক তেনেদৰে নিজকে গঢ়ি তুলিব লাগিব। নামাজৰ ইমামতি বাদেও তেখেতে সমাজ আৰু ৰাষ্ট্রক যেনেদৰে নিঃস্বার্থভাৱে ইমামতী আৰু নেতৃত্ব প্রদান কৰিছিল সেই আদর্শৰ কথা সকলোকে স্মৰণ কৰিব লাগিব। 

✔ প্রতিজন মুছলমানৰ প্রতিষ্ঠানিক শিক্ষাৰ যাত্রাৰ সূচনা হয় মোক্তাব শিক্ষাৰ জড়িয়তে । মোক্তাবৰ শিক্ষক হ’ল সাধাৰণ এজন ইমাম। বৰঞ্চ ক’ব পৰা যায় এজন মুছলমানৰ প্রথম শিক্ষক হ’ল একমাত্ৰ ইমাম। ইমাম সকল মোক্তাবৰ শিশুসকলক কোৰ-আন,হাদীছ শিক্ষাৰ লগতে হস্তলিপি শিক্ষাৰ মাধ্যমত নিৰক্ষৰমুক্ত জাতি গঠনত বলিষ্ঠ ভূমিকা পালন কৰিছে।

✔  মোক্তাবত শিশু সকলক শিক্ষা দিয়া হয় “দেশপ্রেম ঈমানৰ অঙ্গ”। মুঠতে ইমামেই প্রথমে মানুহক স্বদেশপ্রেমৰ শিক্ষা দি থাকে। মোক্তাবত শিশুসকলে ধর্মীয় শিক্ষাৰ ওচৰাওচৰীকৈ অনেক বিদ্যা অর্জন কৰিবলৈ সক্ষম হয়। যেনে মাতা-পিতা, শিক্ষক আৰু গুৰুজন সকলক সম্মান কৰিব লাগিব লগতে সৰুক স্নেহ কৰিব লাগিব। নিজ দেশক ভালপাব লাগিব।

✔   মিথ্যা কোৱা আৰু মন্দ কাম কৰা মহাপাপ। মানুহৰ উপকাৰহে কৰিব লাগিব ক্ষতি কৰা নাযাব। এইবোৰ শিক্ষাদানৰ যোগেদিয়েই ইমাম সকলে শিশুসকলক দেশৰ আদর্শ নাগৰিক হিচাপে গঢ়ি তোলে। সমাজত অশান্তিৰ মূল কাৰণ হ’ল বিশৃঙ্খলতা। এই বিশৃঙ্খলতা ৰোধ কৰিবলৈ ইমাম সকলে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

✔  পবিত্ৰ হাদীছত উল্লেখ আছে ৰচুল (চঃ)-য়ে ইৰশাদ ফৰমাইছে- “মুছলমান হ’ল সেইজন ব্যক্তি যাৰ মুখ তথা হাতৰ পৰা আনজন মানুহ নিৰাপদে থাকে।” এই বাণীবোৰ ইমামসকলে মানুহৰ মাজত প্রচাৰ কৰি সমাজত শান্তি প্রতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে। কোনো ৰাজনৈতিক কিংবা কোনো সাধাৰণ সভা-সমাবেশত মানুহৰ নিৰাপত্তাৰ বাবে বহুসংখ্যক পুলিচ সদস্য নিয়োজিত কৰা দেখা যায়। ইমানখিনি থকা স্বত্তেও দেখা যায় বিশৃঙ্খলামুক্ত, শান্ত-সুষ্ঠুভাৱে সমাৱেশ শেষ কৰিব পৰা নাযায়। অথচ প্রতিটি মছজিদ অথবা কোনো ধর্মীয় সভা-মেহফিলত এজন ইমামে অজস্ৰ মানুহক লগত লৈ ধর্মীয় কার্যবোৰ অত্যন্ত সু-শৃঙ্খলতাৰ সৈতে সম্পন্ন কৰে। ই সামাজিক শান্তি প্রতিষ্ঠাত ইমাম সমাজৰ সফল ভূমিকাৰ অনন্য দৃষ্টান্ত। 

✔ স্বাস্থ্য সচেতনতা তথা পৰিবেশ সংৰক্ষণত ইমামসকলৰ ভূমিকা বিশেষভাবে লক্ষ্যণীয়। ইমামসকলে মোক্তাবৰ শিশুৰ পৰা আৰম্ভ কৰি সমাজৰ প্রতিজন মুচল্লী সকলক এই বুলি শিক্ষা দিয়ে যে, ‘পবিত্রতা তথা পৰিচ্ছন্নতা ঈমানৰ অঙ্গ।’ পবিত্রতা ব্যতীত কোনো ইবাদত গ্রহণযোগ্য ন’হব। পৰিষ্কাৰ পৰিচ্ছন্নতা চর্চাৰ মাধ্যমত স্বাস্থ্য সচেতনতাৰ চর্চা কৰা হয়। বৰঞ্চ স্বাস্থ্য সচেতনতাৰ বৃদ্ধিত ইমাম সকলৰ ভূমিকা অতুলনীয়। 

✔  ইমাম সকলে মোক্তাবৰ শিশুসকলক ৰাস্তাত চলা-ফুৰা কৰাৰ আদব শিক্ষা দিয়ে। যেনে- ৰাস্তাৰ সোঁফালেৰে যাত্ৰা কৰিব লাগে, আৰু ৰাস্তাত কোনো কষ্টদায়ক বস্তু থাকিলে তাক সৰকিয়াব লাগে। যাৰ যোগেদি শিশুসকলে সামাজিক শিষ্টাচাৰ তথা পৰিবেশ সচেতনতাৰ শিক্ষা পাই থাকে। 

✔  হাদীছ শৰীফত ৰচুল (চঃ)-য়ে ইৰশাদ ফৰমাইছে, “কোনো ব্যক্তি যদি এটি বৃক্ষ কিংবা কোনো শস্য ৰোপণ কৰে আৰু যদি তাৰ পৰা কোনো ফল বা ফচল চৰাই, মানুহ অথবা কোনো পহুৱে ভক্ষণ কৰে, তেন্তে সেয়া হ’ব ৰোপণকাৰীৰ বাবে চদকায়ে জাৰিয়া’’। ইমাম সকলে উক্ত বাণীসমূহ মানুহৰ মাজত প্রচাৰ কৰি জন সমাজক পৰিবেশ সংৰক্ষণত উৎসাহিত কৰে। ইমাম সকলে নিজেওঁ ইয়াৰ চর্চা কৰি থাকে। যাৰ ফলশ্রুতিত মছজিদৰ বাৰান্ধা বা মছজিদৰ চৌহদত বিভিন্ন ফলদায়ক বৃক্ষৰ পুলি অথবা বাৰেৰহনীয়া ফুলৰ বাগান দেখিবলৈ পোৱা যায়। ইয়াৰ বেছি ভাগেই ইমাম-মুয়াজ্জিন সকলৰে হাতে গড়া। পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত জলবায়ু পৰিৱর্তন তথা বৈশ্বিক উষ্ণতাৰ মোকাবিলা কৰাত ভাৰত চৰকাৰ তথা জাতিসংঘই প্ৰতি বছৰত কোটি টকা ব্যয় কৰি আহিছে। অথচ ইমাম সমাজে বিনা অর্থত উক্ত সেৱা আগবঢ়াইছে। স্বাস্থ্য সচেতনতা তথা পৰিবেশ সংৰক্ষণত ইমাম সমাজৰ ভূমিকা ইয়াতকৈ আৰু উত্তম কাৰণ কি হ’ব পাৰে? 

✔ প্রতি সপ্তাহৰ শুক্রবাৰ আৰু বছৰৰ বিশেষ দিন সমূহত বিভিন্ন সভা মেহফিলত ইমামসকলে মানুহক দ্বীন-ধর্মৰ বয়ানসহ ব্যক্তি, পাৰিবাৰিক তথা সমাজ জীৱনৰ অনেক গুৰুত্বপূর্ণ বিষয়বোৰ আলোচনা কৰি থাকে। যাৰ পৰা মানুহ আত্মশুদ্ধিৰ চর্চা কৰিব পাৰে। ফলত পৰিবাৰ, সমাজ আৰু ৰাষ্ট্রত শান্তি প্রতিষ্ঠা হয়। উল্লিখিত বিষয়সমূহৰ পৰা এই কথা পৰিষ্কাৰ ভাবে প্রমাণিত হ’ল যে, দেশ তথা জাতি গঠন আৰু সামাজিক শান্তি প্রতিষ্ঠাত ইমাম সমাজে বলিষ্ঠ ভূমিকা পালন কৰিব পাৰে।

ইমাম সমাজ আৰু সমস্যাসমূহ:

 অত্যন্ত দুঃখ তথা লজ্জাজনক বিষয়টো হ’ল- আমাৰ দেশত যিসকলে দেশ তথা জাতিক এই মহৎ সেৱাটি নিঃস্বার্থভাৱে দিবলৈ সক্ষম হ’ব তেওঁলোকে তেওঁলোকৰ পেচাটিক ক্ষুদ্ৰ দৃষ্টিৰে চায়। বিশেষ তদন্তক্ৰমে দেখা যায় অসমৰ সৰহ সংখ্যক মসজিদৰ ইমাম সকলেই মছজিদ কমিটিৰ দ্বাৰা নিয়ন্ত্রিত। ইমামসকলে অনেক ক্ষেত্রত ব্যক্তি স্বাধীনতা অথবা সত্য কথা কোৱাৰ পৰা বঞ্চিত। মছজিদ পৰিচালনা কমিটিৰ সভাপতি, চেক্রেটাৰি কিংবা অন্য কোনো সদস্যৰ সৈতে ইমামৰ মনোমালিন্য হ’লেই ইমাম সকলক চাকৰিচ্যুত কৰা হয়। ইয়াৰ বাবে কমিটিয়ে কোনো নীতিমালাৰ অনুসৰণ নকৰে আৰু মছজিদ কমিটিক কাৰো ওচৰত জবাবদিহিতা কৰিবলগীয়া নহয়। 

বর্তমান অসমত প্ৰায় পাঁচ লাখতকৈ অধিক মছজিদ আছে আৰু প্রতিটি মছজিদত এজন ইমাম তথা এজন মুয়াজ্জিন মিলি প্ৰায় দেশত ১০ লাখৰ দৰে বিশাল এক জনগোষ্ঠী উক্ত পেচাত নিয়োজিত হৈ দেশত বসবাসৰত মুছলিম জনসাধাৰণক সেৱা কৰি আহিছে। কিন্তু বিশাল এই ইমাম সমাজৰ জীৱন যাত্রাৰ মানোন্নয়ন আৰু নিৰাপত্তাত চৰকাৰী অথবা বেচৰকাৰী ভাবে কোনো কার্যকৰী পদক্ষেপ লক্ষ্য কৰা নাযায়। কিছুসংখ্যক মছজিদ ব্যতীত প্রায় আটাইবোৰ মছজিদত ইমাম তথা মুয়াজ্জিনৰ বেতন-ভোনাচ নির্ধাৰণ কৰা হয় ৩০০০-৭০০০ টকা যিটো উল্লেখ কৰিলেও লজ্জা লাগে। অথচ বর্তমান এজন সাধাৰণ শ্রমিকৰো মাহেকত ১০,০০০ টকা মজুৰি পায়। ই অসমৰ মুছলিম জনসাধাৰণৰ বাবে অত্যন্ত লজ্জা তথা পৰিতাপৰ বিষয়। দ্রব্যমূল্যৰ ক্রমবর্ধমান ঊর্ধ্বগতিৰ এই যুগত ইমান স্বল্প পাৰিশ্রমিকেৰে ইমাম সকলে কেনেদৰে তেওঁলোকৰ পৰিবাৰৰ ব্যয়ভাৰ বহন কৰিব। বিবেকবান প্রতিজন মুছলিম নাগৰিকৰ এয়া ভৱা উচিত।

 অৱশ্য ইয়াৰ বাবে ইমাম তথা ইমামত শব্দৰ অর্থ সংকীর্ণভাৱে লোৱাটিও এটি কাৰণ। ইমাম সকলৰ বেতন-ভোনাচসহ সংশ্লিষ্ট সমগ্ৰ সুযোগ-সুবিধা বৃদ্ধিৰ বাবে ইছলামিক ফাউণ্ডেশন, ইমাম পৰিষদ তথা ইমাম সমিতিসহ সংশ্লিষ্ট সকলোকে আৰু বেছি তৎপৰ আৰু অধিক আন্তৰিক হ’ব লাগিব। কোনো ইমামৰ নিযুক্তি দিয়া তথা চাকৰীৰ পৰা বৰখাস্তৰ বিষয়ত মছজিদ পৰিচালনা কমিটিৰ জবাবদিহিতা সুনিশ্চিত কৰাৰ লক্ষ্যত বিভিন্ন তদাৰক কমিটিয়ে আন্তৰিকতাৰে আগুৱাই আহিব লাগিব। তথাপি ইমামৰ নিযুক্তি তথা বাতিলৰ বাবে শৰীয়াহ সম্মত নীতিমালা প্রণয়ন তথা তাৰ বাস্তৱায়ন কৰাটো একান্ত জৰুৰী। সেইবাবে ইমাম সকলকৰ শিক্ষা জীৱনেই মহানবী (চঃ)-ৰ আদর্শৰে ইমামতৰ অর্থ বুজাৰ চেষ্টা কৰিব লাগিব। যেন তেওঁলোকৰ হাততেই নিয়োগৰ দায়িত্ব অহাত বাধ্য।

                       (২য় খণ্ড ) 

 ইমামসকল পৰিৱৰ্তন হব নে? 

 বর্তমান এই মহৎ পেচাটিক অৱহেলাৰ আন এক অন্যতম কাৰণ হ’ল ইমামসকলৰ মাজত ঐক্যৰ হ্ৰাস। চাকৰীৰ ওপৰত অত্যধিক নির্ভৰশীল হৈ পৰা। ইমাম সকলক আল্লাহ তা’লাই যি মর্যাদা দান কৰিছে সেই সম্পর্কে সচেতন নোহোৱা। দুর্ভাগ্যজনক কথা হ’ল ইমামসকলৰ মাজত অনেকেই পবিত্র কোৰ-আন শৰীফক জীৱিকা উপার্জনৰ মাধ্যম হিচাপে বনাই লৈছে। যিটো তাওয়াক্কুলৰ পৰিপন্থী। ইমামতি ধর্মৰ অত্যন্ত মর্যাদাপূর্ণ এটি পদ। ফলত ইমামক ইমামতিৰ যোগ্য হোৱাৰ বাবে ধর্মৰ মৌলিক নীতিমালাৰ উপৰিও আন কিছুমান মহৎ গুণৰ অধিকাৰী হোৱা উচিত। যেনে- সততা, সত্যবাদিতা, ন্যায়পৰায়ণতা, সমাজ তথা ৰাষ্ট্রীয় নেতৃত্ব চৰিত্রবান, নিৰহংকাৰ, আমানতদাৰ আৰু মুখলিছ হোৱা। যিহেতু ইমাম সকলক মুচল্লী সকলে আদর্শ মানুহ হিচাপে গ্রহণ কৰে। ফলত ইমাম চাহেবৰ উক্ত আনুষঙ্গিক গুণবোৰ থাকিলে তেখেতৰ কথা আৰু আদেশ-উপদেশৰ প্রভাৱ সমাজত সহজতে পৰিব। উক্ত আনুষঙ্গিক গুণবোৰ নাথাকিলে কোনো ব্যক্তিয়ে ইমামতিৰ হকদাৰ হ’লেও সেই ইমাম সাধাৰণতে সফল ইমাম বুলি বিবেচিত নহয়। নিম্নত বর্ণিত বিষয়াৱলীৰ প্রতি সজাগ দৃষ্টি দিলে আশা কৰো ইমাম সমাজ দ্বীনৰ ফালৰ পৰা লাভবান হোৱাৰ লগে লগে তেওঁলোকৰ কথা আৰু কৰ্মও সমাজত অধিক হাৰত গৃহীত হ’ব। ফলত তেওঁলোকে অত্যন্ত মর্যাদাপূর্ণ জীৱন যাপন কৰিব ইনশাআল্লাহ। যেনে : 

✏️ (ক) আত্মমর্যাদাবোধ সম্পর্কে সর্বদায় সজাগ থকা। নিজৰ হাজাৰ অভাৱ-অনাটন থাকিলেও যিটো সকলোৰ ওচৰত কোনোভাবে প্রকাশ নকৰা। কাৰণ ইয়াৰ ফলত ইমাম চাহেবৰ ব্যক্তিত্ব তথা মর্যাদা মানুহৰ ওচৰত ক্ষুদ্ৰ হৈ পৰে । তাৰ আদেশ-উপদেশ তথা মুচল্লি সকলৰ ওচৰত দূৰ্বল হৈ যায়। ফলত মানুহে তেখেতক মর্যাদা দিয়া দূৰৈৰ কথা বৰঞ্চ তেখেতক দেখিলেই উপহাসৰ ছলেৰে কথা কোৱাত কোনো কুণ্ঠাবোধ নকৰে। 

✏️ (খ) কোৰ-আন মজিদক কেতিয়াও জীৱিকা উপার্জনৰ মাধ্যম হিচাপে ল’ব নোৱাৰি। কেৱল প্রয়োজনত বৈধ ঝড়াফুঁকা কৰা। কিন্তু ইয়াক কেতিয়াও নিজৰ পেচা বা স্বভাৱত পৰিণত কৰা নাযাব। কাৰণ এই কৰ্মটি সাধাৰণতে বৈধতাৰে আৰম্ভ হ’লেও পিছত সেয়া হাৰামত পৰিণত হব। যেনে তাবিজ ব্যৱসা।

✏️  (গ) মহল্লা বা গ্রামৰ বিভিন্ন সামাজিক অনুষ্ঠানত অংশগ্রহণৰ ক্ষেত্রত ধনী তথা দৰিদ্র্য সকলৰ মাজত কোনো পার্থক্য নকৰা। 

✏️ (ঘ) সমাজত প্রচলিত বিভিন্ন অনুষ্ঠান সম্বন্ধে শৰীয়তৰ বিধান স্পষ্ট কৰি কয় দিয়া। 

✏️ (ঙ) মছজিদ পৰিচালনা কমিটি অযৌক্তিক কাৰণত বা টনকিয়াল অজুহাত দেখায় কোনো ইমাম চাহেবক পদচ্যুত কিংবা অপদস্থ কৰে তেন্তে অন্য এজন ইমাম অনায়াসে তাৰ স্থলাভিষিক্ত হয়। যিটো সম্পূৰ্ণ ইমাম সমাজৰ বাবে লজ্জানক বিষয়। এই ক্ষেত্ৰত ইমাম সকলৰ অনেক বেছি সতর্ক থকা প্ৰয়োজন। পূৰ্ৱৰ ইমামৰ সৈতে কৃত বিৰূপ আচৰণৰ পুনঃবৃত্তি নঘটাৰ প্রতিশ্রুতি লৈ নতুন ইমামৰ ইমামতিৰ সেৱা প্রদান কৰা উচিত। 

✏️ (চ) ইমাম সকলৰ উচিত হ’ব যে ইমামতিক সেৱা কৰাৰ মানসেৰে গ্রহন কৰা। ইয়াক কেতিয়াও জীৱিকা উপার্জনৰ মাধ্যম হিচাপে নভৱা। ফলত আর্থিক সচ্ছলতাৰ বাবে ইমাম সকলে বিকল্প হালাল উপায় অৱলম্বন কৰিব পাৰে। যেনে হস্তশিল্প, ক্ষুদ্রকুটিৰ শিল্প, পোল্ট্রীফার্ম ইত্যাদি। এইবোৰ বিষয়ৰ সৈতে মছজিদ ব্যৱস্থাপনা কমিটিৰো উচিত হ’ব স্বল্প বেতনত তুলনামূলকভাৱে অযোগ্য ব্যক্তি সকলৰ ইমামতিত নিয়োগ কৰাৰ প্রৱণতা পৰিহাৰ কৰা। 

সামৰণি :

মানৱ সমাজৰ কোনো ব্যক্তিয়েই ভুল-ত্রুটিৰ ঊর্ধ্বত নহয়। ইমাম সমাজেও কোনোধৰনে তাৰ ব্যতিক্রমী হ’ব নোৱাৰে। ইমাম সকলৰ ভুলক্রটি হ’বই পাৰে এয়াই স্বাভাৱিক। কিন্তু সেই বুলি কেতিয়াওঁ ইমাম সকলৰ অশ্রদ্ধা অথবা হেয় প্ৰতিপন্ন কৰিব পৰা নাযাব। তেওঁলোকক সদায় সম্মান তথা শ্রদ্ধা কৰিবই লাগিব। মহানবী (চঃ) মানৱতা, নৈতিকতা তথা আত্মাৰ উন্নয়নৰ মাধ্যমত এটি অসভ্য, বর্বৰ তথা মুর্খ জাতিক আর্থ-সামাজিক ৰাজনৈতিক অগ্রগতি তথা সমৃদ্ধিৰ সর্বোচ্চ শীখৰত লৈ গৈছিল ।

 দেশৰ ইমাম আৰু আলিম সমাজ মহানবী (চঃ)-ৰ পবিত্র শিক্ষাৰ ধাৰাবাহিকতাত মানুহক দ্বীনি শিক্ষা দানৰ মাধ্যমত পাপাচাৰমুক্ত সমাজ বিনির্মাণত সেৱা কৰি গৈছে। মাদ্ৰাছা সমূহত ইমাম আৰু ইমামতৰ সঠিক অর্থ তথা নবী জীৱনৰ আদর্শত তেওঁলোকৰ সেই কর্তব্য যোগ্যতাৰ সৈতে শিক্ষা দিয়া হ’লে পৰিস্থিতি কিছুতেই এনেনহৈ আৰু অধিক উন্নত হ’লো হয়। নৈতিক অৱক্ষয় তথা বেপৰোয়া জীৱনাচাৰৰ পুঁতিগন্ধময় সমাজত নীতি-নৈতিকতা আৰু আদর্শৰ যিমানখিনি পৰিদৃষ্ট, সেয়া ইমাম সমাজৰেই সফল অৱদান। অথচ জাতিৰ এই শ্রেষ্ঠ সন্তান সকলৰ অৱশ্যই শ্রদ্ধা, সম্মান আৰু মর্যাদা দিব লাগিব। যাক অৱজ্ঞা কৰাৰ কোনো অৱকাশ নাই। 

মহান আল্লাহ তা’লাই আমাৰ সকলোকে বুজিবলৈ তৌফীক দান কৰক। আমীন!এই