প্ৰিয়া কুবুল কৰি যা

Share :

তোৰ নামতে সুপ্ত জীৱন প্ৰিয়া 

মোৰ তন-মন , হাঁহিৰ ক্ৰিয়া ,

মোৰ স্তুতিৰ আস্থা ত‌ই 

মই মাতাল ভাবনাত সুবাস ত‌ই ,

তোৰ স্মৃতিৰ পাহিৰে আৱৰা হিয়া 

তোৰ নামেৰেই জাগ্ৰত প্ৰণয় বাসনা 

কিয়নো নকৰিম মিলন কামনা ;

প্ৰিয়া , প্ৰিয়া মাথোঁ প্ৰিয়া ।

এনেকৈয়ে সামৰো অপেক্ষাত নিজকে

মোৰ উদয়-অস্তৰ দিশো তোমাতে , 

এয়া অৰ্পণত লৈ তোমাৰে থিতাপি

সৰ্ব দিশে মোৰ মাথোঁ তুমিয়ে তুমি ,

নাইতো কাহানিও তোমাৰ জ‍্যোতিষ্মান তুলনা

অংগে-অংগে মোৰ তুমিয়ে ভাবনা 

যাওঁ মই পাহৰি সমস্ত যাতনা ; 

প্ৰিয়া , প্ৰিয়া মাথোঁ প্ৰিয়া ।

মোৰ আদিও ত‌ই , মোৰ অন্ত‌ও ত‌ই 

মোৰ চঞ্চল ইবাদত , ঈমান ত‌ই ! 

যিয়েই নহ‌ওক কুবুল কৰি যা ,

প্ৰিয়া , প্ৰিয়া অ প্ৰিয়া ……!

———-দাৰ্মী