প্ৰকৃত নবী(ছাঃ) প্ৰেমী

Share :

প্রায় প্রতি বছৰেই কোনো নহয় কোনো এটি সময়ত কোনো লেখক, কাৰ্টুনিস্ট, বা নেতাই বিশ্ব মানৱতাৰ মুক্তিৰ দূত মুহাম্মদ (সঃ) ক লৈ কোনো এটি বিদ্ৰুপ মন্তব্য, এটি বাজে লিখা, এটি উপলুঙা পোষ্ট আৰু ব্যঙ্গচিত্র প্রকাশ কৰি থাকে, এইটো কোনো নতুন বিষয় নহয়। ইয়াৰ মূল কাৰণ হ’ল, মুছলমানক উত্তেজিত কৰি তেওঁলোকক উগ্র, উশৃঙ্খল আৰু সন্ত্ৰাসী হিচাপে বিশ্ববাসীৰ সন্মুখত তুলি ধৰা। বিগত দিনবোৰত আমি সেয়া খুব ভালদৰে উপলব্ধি কৰিছো।বাকস্বাধীনতাৰ নামত অন্য ধৰ্মৰ প্রতি আঘাত, সংখ্যালঘূ সম্প্রদায়ৰ ওপৰত আঘাত অথবা তেওঁলোকৰ বিশ্বাসৰ ওপৰত যি ইচ্ছা সেয়া কোৱা হৈ আছে। কিন্তু আচলতে এয়া বাকস্বাধীনতা নহয়। বাকস্বাধীনতাৰ নামত কেতিয়াও অন্যৰ বিশ্বাস, ধৰ্ম, উৎসৱ, বৰ্ণ, গোত্রৰ ওপৰত অযাচিত আক্রমণ বাকস্বাধীনতাৰ আওতাত নপৰে বৰঞ্চ সেইটো হ’ব পৰস্পৰৰ মাজত বিদ্বেষ সৃষ্টি আৰু মানুহক চৰম পন্থাৰ পিনে ঠেলি দিয়া।ফ্রান্সত সংঘটিত বর্তমান তেনে এক ঘটনাকে কেন্দ্র কৰি গোটেই মুছলিম বিশ্ব নিজ নিজ অৱস্থানৰ পৰা প্রতিবাদ কৰিছে। এনে ধৰণৰ ঘটনাৰ প্রতিবাদ কৰাটো আচলতে মুছলমানৰ ধৰ্মীয় বা ঈমানী দায়িত্বৰ ভিতৰত পৰে কিয়নো হাদীছত কোৱা হৈছে, – “যেতিয়ালৈকে কোনো ব্যক্তিয়ে তাৰ পিতা, তাৰ পুত্র আৰু সমস্ত মানৱজাতিতকৈ নবী মুহাম্মদ ছল্লল্লাহু আলাইহি ৱা ছাল্লামক বেছি ভালপোৱা নহ’ব, সেই পৰ্যন্তলৈকে সঁচা অৰ্থত সি ঈমানদাৰ নহয়”।

নবী কৰীম ছল্লল্লাহু আলাইহি ৱা ছাল্লামক ভালপোৱাটো এটি প্রাকৃতিক অনুভূতি যিটো বিশ্বাসীসকলৰ অন্তৰত প্রবাহিত হয়। এই ভালপোৱা প্রতিটো বিশ্বাসীৰ বাবে এটি পুণ্য আৰু ঈমানৰ চৰ্ত হিচাপে বিবেচিত হয়।এতিয়া কৰবাত যদি তেনে ঘটনা ঘটে। আৰু কাৰ্টুন, ফিল্ম, কটুক্তি, তুচ্ছ তাচ্ছিল্য আদিৰে নবী ছাঃক অপমানিত কৰা হয়, মানহানি কৰা হয়, তেন্তে কি কৰা উচিত? মনত ৰাখিব হত্যাৰ দৰে জঘন্য অপৰাধক ইছলামে কেতিয়াও সমৰ্থন নকৰে, বৰঞ্চ ঘৃণা কৰে। আজিৰ দিনত এই ক্ষেত্ৰত খুব চিন্তা কৰি সিদ্ধান্তবোৰ গ্ৰহণ কৰিব লাগিব। কাৰণ ইছলামৰ শত্ৰুবোৰে চাৰিওপিনে বিভিন্ন ধৰণৰ ফান্দ পাতি ৰাখিছে। আৰু তেতিয়া আবেগিক হৈ কিবা কৰিব গৈ, বিৰোধিতা প্ৰকাশ কৰিব গৈ যাতে বৰ্তমান উদ্ভূত পৰিস্থিতিত পাশ্চাত্যৰ পতা ফান্দত কোনো অৱস্থাতেই ভৰি নিদিওঁ। আৰু সিহঁতৰ মতে উত্তেজিত হৈ কিবা ভুল পন্থাত পৰিচালিত হৈ নাযাওঁ তাৰ পৰিৱৰ্তে অত্যন্ত বুদ্ধিমত্তা আৰু নিজৰ দায়িত্বৰ লগতে সুশৃঙ্খল পদ্ধতিত প্রতিবাদ কৰিব লাগিব আৰু ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামক ভালপোৱাৰ সুন্দৰ দৃষ্টান্ত স্থাপন কৰিব লাগিব। আদৰ্শ আৰু ভালপোৱাৰ বাস্তৱ ৰূপ :আচলতে ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ প্রতি ভালপোৱাৰ প্রকৃত নজিৰ হ’ল, আমাৰ জীৱনৰ কামত, চিন্তাত, চেতনাত, ব্যক্তি জীৱনৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰিমণ্ডলত ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ আদৰ্শক বাস্তৱায়ন কৰিব পৰা। আল্লাহ তা’আলা ছুৰা আহযাবৰ ২১ নম্বৰ আয়াতত কৈছে – “তোমালোকৰ বাবে ৰছুলৰ মাজত আছে সৰ্বোত্তম আদৰ্শ “।

বৰ্তমান সময়ত বিশেষকৈ যুবকসকলে কোনোবা নহয় কোনোবা এজনক মডেল হিচাপে গ্রহণ কৰা দেখা যায়, কোনোৱে ফিল্মষ্টাৰক নহ’লে সংগীততাৰকাক, কোনোবাই আকৌ খেলৰ তাৰকাক ইত্যাদি। কিন্তু যাক আল্লাহ তা’আলাই সমগ্ৰ মানৱ জাতিৰ আদৰ্শ আৰু ৰোল মডেল হিচাপে পঠিয়াইছে তেওঁৰ প্রতি বা তেওঁৰ চুন্নতৰ প্রতি যেন সমস্ত অনীহা। নবী কৰীম ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ সমস্ত জীৱনেই মুমিনৰ বাবে অনুকৰণীয় আদৰ্শ, যেনে-

  • নবী ছাঃ ৰ টোপনি যোৱাৰ ষ্টাইল,
  • টোপনিৰ পৰা উঠাৰ ষ্টাইল,
  • অজুৰ নীতি নিয়ম,
  • নামাজ পঢ়াৰ ষ্টাইল,
  • ৰোজা-হজ্জৰ ষ্টাইল,
  • অন্যান্য ইবাদতৰ নীতি নিয়ম,
  • জিকীৰ-তছবীহৰ নিয়ম,
  • চুলি-নখ কটাৰ ষ্টাইল,
  • পোছাক পিন্ধাৰ ষ্টাইল,
  • বজাৰ-ঘাট কৰাৰ ষ্টাইল,
  • সংসাৰ চলোৱাৰ নীতি নিয়ম,
  • স্ত্রীসকলৰ প্রতি তেওঁৰ আচৰণ,
  • ভালপোৱাৰ ধৰণ,
  • পৰিয়ালৰবৰ্গৰ প্রতি দায়িত্ববোধ,
  • পিতা হিচাপে দায়িত্বভাৰ,
  • স্বামী হিচাপে তেওঁৰ ভূমিকা,
  • শিক্ষক হিচাপে তেওঁৰ কৰ্তব্য,
  • নেতা হিচাপে দায়িত্ববোধ,
  • সংঘটক হিচাপে সচেতনতা,
  • প্রতিবেশীৰ প্রতি সদব্যৱহাৰ,
  • এতিমৰ লগত কৰা আচৰণ,
  • বয়স্ক, স্নেহাস্পদৰ লগত শিষ্টাচাৰ,
  • সমবয়সীয়া সকলৰ তেওঁৰ আচৰণ,
  • সেনাপতি হিচাপে সাহসিকতা,
  • ৰাষ্ট্রপতি হিচাপে তেওঁৰ৬ভূমিকা,
  • তেওঁৰ প্ৰশাসনিক নীতি আৰু বিদেশনীতি,
  • অমুছলিম সকলৰ প্রতি সদব্যৱহাৰ,

মুঠতে প্রতিজন মছলমানে নবী কৰীম (ছাঃ) ৰ গোটেই ৬৩ বছৰৰ জীৱনটোক আদৰ্শ হিচাপে গ্রহণ কৰাৰ মাধ্যমেৰে তেওঁৰ প্রতি আমাৰ অকৃত্রিম ভালপোৱা, শ্রদ্ধা আৰু সম্মান প্রদৰ্শন কৰিব লাগিব।প্রকৃত ভালপোৱা প্রতিটো মুহূৰ্তত, প্রতিটো ক্ষণৰ লগত সংশ্লিষ্ট থাকে। সেয়েহে আমি আমাৰ প্রতিটো কর্ম চুন্নতৰ অনুসৰণৰ দ্বাৰা পালন কৰি ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামক ভালপোৱাৰ প্ৰমাণ দিওঁ। নবীৰ চুন্নত অনুসৰণ বিহীন তেওঁৰ প্রতি ভালপোৱা অৰ্থহীন।

অন্ধ_অনুসৰণ :

ইছলামত অন্ধ অনুকৰণ আৰু অন্ধ ভালপোৱাৰ কোনো সুযোগ নাই। আপুনি যিজনক নাজানে বা চিনি নাপায় বা নুবুজে, তাক কিভাৱে ভালপাব? সেইকাৰণে ৰছুলক ভালপোৱাৰ প্রথম চর্তই হৈছে, ৰছুলক পূর্ণাঙ্গভাৱে জানা, ভালকৈ বুজি পোৱা, তেওঁৰ সম্পর্কে উপলব্ধি কৰা , তেওঁৰ জীৱনক লৈ গৱেষণা কৰা, জীৱন ষ্টাইলৰ বিষয়ে গভীৰ জ্ঞানার্জন কৰা। ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামক নাজানি ভালপালে বিভ্রান্ত হ’ব পাৰে, বা ৰছুল‌ৰ সঠিক আদর্শৰ পৰা বিচ্যুতি ঘটিব পাৰে, সেইকাৰণে স্বেচ্ছাচাৰী আবেগতকৈ জ্ঞানৰ ওপৰত ভিত্তি কৰি আমাৰ ভালপোৱাৰ সহজাত অনুভূতি গঢ়ি তুলিব লাগিব।সমগ্র পৃথিবী আজি যেনেকৈ ৰছুলুল্লাহ ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ সম্মান আৰু ইজ্জত ৰক্ষাৰ স্বাৰ্থত তেওঁৰ প্ৰতি ভালপোৱাৰ প্রদৰ্শন কৰিছে, লগতে এইটোও খেয়াল ৰাখিব লাগিব যেন অতি আবেগীক হৈ আৰু অতি উৎসাহিত হৈ অনৈছলামিক, চৰম আৰু উগ্র পন্থা আমি কোনোৱেও যেন গ্রহণ নকৰো। কোনো অৱস্থাতেই আইনক নিজৰ হাতত তুলি নল‌ওঁ বৰঞ্চ নিয়মতান্ত্রিক ভাৱে সিহঁতৰ প্রতি আমাৰ ক্ষোভ, ঘৃণা ও বিদ্বেষ প্রদর্শন কৰো যিয়ে আমাৰ প্রিয় নবী ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ ব্যঙ্গ চিত্র প্রকাশ কৰিছে। আৰু ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ প্রতি ভালপোৱাৰ সর্বোত্তম পন্থা হৈছে ইছলামৰ শিক্ষা আৰু ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ আদৰ্শক বেছি বেছি প্রচাৰ আৰু প্রসাৰ কৰি, ক্বুৰআন আৰু চুন্নতৰ আলোকত নিজৰ জীৱন গঠনৰ মাজেৰে বৃহত্তৰ মুছলিম উম্মাহ গঠন কৰো আৰু আল্লাহৰ দুনিয়াত আল্লাহৰ দ্বীনক প্রতিষ্ঠা কৰো।

সকংলক:______ ছাজিন আলী