মুছলমানৰ দাঢ়ি, চৰকাৰী নীতি আৰু শেহতীয়া বিতৰ্ক

Share :

ইছলাম ধৰ্মৰ ৰীতি-নীতি তথা সাজ- সজ্জা সমূহৰ ভিতৰত দাঢ়ি অন্যতম। দাঢ়ি ইছলামৰ অতি গুৰুত্বপূৰ্ণ চুন্নত। ইছলাম ধৰ্মৰ চুন্নত সমূহৰ ভিতৰত কিছুমান চুন্নত আছে যিবােৰ কেৱল আমাৰ শেষনবী হজৰত মােহাম্মদ (ছঃ)ৰ চুন্নত। কিন্তু দাঢ়ি এনে এটা চুন্নত যিটো সকলাে নবীয়েই পালন কৰিছিল। ইছলামত পুৰুষসকলে দাঢ়ি দীঘলকৈ ৰখাটো (এক নির্দিষ্ট পৰিমাণৰ) অৱশ্য পালনীয় চুন্নত। অকল সেয়ে নহয়, প্রাকৃতিকগতভারেও দাঢ়ি পুৰুষৰ পৰিচয়, পুৰুষৰ গৌৰৱ তথা সৌর্য-বীর্যৰ প্রতীক। হিচাপে গণ্য কৰা হয়। লগতে মানুহভেদে দাঢ়িৰ কম-বেছি আদিয়ে ব্যক্তি এগৰাকীৰ সুস্বাস্থ্যকো প্রতিনিধিত্ব কৰে।

ইছলাম ধৰ্মত দাঢ়ি এক নির্দিষ্ট পৰিমাণলৈকে দীঘলকৈ ৰখাটো মহানবী হজৰত মােহাম্মদ (ছঃ)ব এটি গুৰুত্বপূৰ্ণ চুন্নত। প্রতিজন মুছলমান পুৰুষে দাঢ়ি বখাটো ধার্মিকতা তথা খােদা-ভীৰতাৰ প্রতীক হিচাপে গণ্য কৰা হয়। এটি হাদীছত মহানবী (ছঃ)য়ে কৈছে—

তােমালােকে গােফবােৰ ভালদৰে চাফা কৰিবা আৰু দাঢ়িবােৰ দীঘলকৈ ৰাখিবা। (মুছলিম শ্বৰীফ- হাদীছ নং- ৪৯৮) হজৰত ইবনে উমৰ (ৰাঃ)এ কয় যে ৰছুলুল্লাহ (ছঃ)এ আমাক নির্দেশ কৰিছিল যাতে আমি গােফবোৰ চুটিকৈ আৰু দাড়ি দীঘলকৈ বাখাে। (মুছলিম শ্বৰীফ- হাদীছ নং- ৪৪৯) বছলুল্লাহ (ছঃ)য়ে আৰু কৈছে যে, যিসকল লােকে দাড়ি কাটি পেলায় (দীঘলকৈ নাৰাখে) তেওঁলােকে আল্লাহৰ ৰহমত দাবী কৰিব নােরাবে। (মুছলিম, কাবুল খিচাল)

হজৰত আব্দুল্লাহ ইবনে উমৰ (ৰাঃ)ৰ পৰা বর্ণিত আছে, ৰছুলুল্লাহ (ছঃ)য়ে কৈছে– – মুশ্বৰিক সকলৰ ওলােটা কৰা অর্থাৎ দাঢ়িবােৰ বাঢ়িবলৈ দিয়া আৰু গােফবােৰ চুটিকৈ ৰাখা। দাঢ়ি কিমানখিনি ৰখা চুন্নত ? এজন মুছলমানে কিমানখিনি দাঢ়ি ৰাখিব এই লৈ ফুকাহা সকলৰ মাজত মতানৈক্য আছে। নবী কৰিম ছঃ ৰ হাদীছ সমূহত দাঢ়িৰ নিৰ্দিষ্ট পৰিমাণৰ উল্লেখ পোৱা নাযায়। তিৰমীজি শ্বৰীফৰ এটি ৰেৱায়ত আছে যিটো চনদৰ
ফালৰ পৰা যদিও দুর্বল, সেইটো হ’ল– ৰছুলুল্লাহ (ছঃ)য়ে নিজৰ দাঢ়িৰ দীঘ আৰু পথালিতকৈ অতিৰিক্ত দাঢ়িবােৰ কাটি পেলাইছিল। তদুপবি চাহাবায়ে কেবামৰ মাজত বিশেষকৈ হজৰত আব্দুল্লাহ ইবনে উমৰৰ পৰা এক মুঠিতকৈ অতিৰিক্ত দাঢ়ি কাটি পেলােৱাটো চহীহ বুখাৰীৰ হাদিছৰ দ্বাৰা প্রমাণিত আছে। মুঠৰ ওপৰত এক মুঠিতকৈ কম দাঢ়ি বখাটো কোনাে চাহাবা, তাবিই বা তবে তাবিইনৰ পৰা প্রমাণিত নাই। অর্থাৎ এক মুঠি পর্যন্ত দীঘল দাঢ়ি ৰখাটো প্রতিজন মুছলমান পুৰুষৰ বাবে অপৰিহাৰ্য চুন্নত। দাড়িৰ পৰিমাণ সন্দৰ্ভত ইমাম গাজ্জালী (ৰঃ)য়ে নিজৰ গ্রন্থ ‘আল ইহয়াত উল্লেখ কৰিছে— এক মুঠিতকৈ অধিক দাঢ়িখিনি কটাৰ ক্ষেত্ৰত যদিও উলামাসকলৰ মতানৈক্য আছে। তথাপি এক মুঠিতকৈ অধিক পৰিমাণৰ হলে অতিৰিক্ত দাঢ়িখিনি কাটি দিয়াত অসুবিধা নাই। কাৰণ হজৰত আব্দুল্লাহ ইবনে উমৰ বাৰস্বাৰ কোরা হৈছে যে, তােমালােকক ৰছুল (ৰাঃ)ৰ কৰ্মৰ পৰা এই কথাৰ প্রমাণ পারা যায়। হজৰত আল্লামা ইবনে চিৰীন (বহঃ)য়ে দাঢ়ি এক মুঠি পর্যন্ত ৰখাটো উত্তম বুলি মত পােষণ কৰিছে।

হজৰত শ্বেখ আব্দুল হক মুহাদ্দিছ (ৰহঃ)য়েও নিজৰ গ্রন্থ ‘আশ্বিআতুল দে লমআতত দাঢ়ি খুবােরাক হাৰাম আৰু এক মঠিলেকে ৰখাটোক ৱাজিব বুলি উল্লেখ কবিছে।

আল্লামা ইবনে তৈমিয়া (ৰহঃ)য়েও দাঢ়ি খুবাই দিয়াটোক হাৰাম উল্লেখ কৰিছে। আক এমুঠিলৈকে দাঢ়ি ৰাখি বাকী ইফালে- সিফালে দীঘল হৈ পৰা দাঢ়িবােৰ কাটি পেলােরাটো মককহ নহয় বুলি উল্লেখ কবিছে। কাৰণ তেওঁ কৈছে— যে হজৰত আব্দুল্লাহ বিন উমৰ (ৰাঃ)ৰ পৰা এইদৰে বর্ণিত আছে। কিছুসংখ্যক লােকৰ এটি প্রশ্ন আৰু তাৰ জবাব একাংশ লােকে প্রশ্ন কৰিব বিচাৰে যে, দাঢ়ি ৰাখিবলৈ কোৰআন পাকৰ কোনাে ঠাইত উল্লেখ নাই, গতিকে দাঢ়ি নৰখাটো ইছলাম ধৰ্মৰ বহির্ভূত কর্ম হ’ব নােৱাৰে। সেইসকল লােকৰ প্রশ্নৰ উত্তৰত কওঁ যে, পরিত্র কোৰআনত এই কথা ক’ত উল্লেখ আছে যে, কোৰআনত যি কামৰ নির্দেশ কৰা হৈছে সেই কামটোহে কৰা আৰু যি কামৰ নির্দেশ কৰা হােৱা নাই সেই কাম নকৰিবা। বৰঞ্চ কোৰআন পাকত (ছঃ)য়ে যি কর্ম কৰিবলৈ কয়, সেই কাম কৰিবা আৰু যি কৰাৰ পৰা বিৰত ৰাখে সেই কামৰ পৰা বিৰত থাকিবা। গতিকে হাদীছ শ্বৰীফৰ অসংখ্য ঠাইত দাঢ়ি এক মুঠি পর্যন্ত ৰখাৰ বাবে বছুলুল্লাহ (ছঃ)য়ে নির্দেশ প্রদান কৰাৰ লগতে নিজেও ওৰে জীৱন ইয়াৰ ওপৰত আমল কৰাৰ কথা বর্ণিত হৈছে। তদুপৰি পরিত্র কোৰআনত আল্লাহে বছুলৰ ইত্তেবা

(অনুসৰণ) কৰি চলা বুলি আদেশ কৰিছে। গতিকে প্রশ্নকাৰী সকলৰ এই প্রশ্ন একেবাৰে অবান্তৰ তথা ভিত্তিহীন।
বর্তমান প্রজন্মৰ বিভিন্ন ডিজাইনৰ দাড়ি ঃ

আজি দাড়ি বখাটো যদিও এক ফেশ্বন ৰূপে পৰিগণিত হৈছে। কিন্তু সেই দৰে দাঢ়ি ৰখাটো ইছলাম সন্মত হয়নে নহয়, সেয়া এক বিচার্য বিষয়। আজি কালি দাঢ়িৰ বিভিন্ন ডিজাইন তথা কাটিং দেখা যায়। যেনে— ফেন্স কাট দাঢ়ি, এংকৰ দাড়ি, ফ্রেন্স যােচেফ দাড়ি আদি। হাদীছত আহিছে যিকোনাে কামৰ প্রতিদানৰ ভিত্তি নিয়ত বা উদ্দেশ্যৰ ওপৰত নিৰ্ভৰশীল। মুছলমানৰ বাবে সকলো সময়তে আল্লাহ আৰু ৰছুলুল্লাহ
(ছঃ)ক অনুসৰণ কৰাটো কর্তব্য। গতিকে দাঢ়ি ৰখাৰ ক্ষেত্ৰতাে আমি ৰছুলৰ চুন্নত পালনৰ উদ্দেশ্যকেই প্রাধান্য দিব লাগিব। হাদীছত এইটোও আহিছে যে, যিজনে এটি মৃত চুন্নতক জীয়াই তােলে তেওঁক এশজন শ্বহীদৰ চরাব দান কৰা হয়। গতিকে এই সংকটৰ সময়ত ৰছুলুল্লাহ (ছঃ)ৰ চুন্নতৰ অনুসৰণত আমি অন্তত দাঢ়ি ৰখাৰ চুন্নতক জীয়াই তােলাৰ অভিযান আৰম্ভ কৰাে আঁহক।
শেহতীয়া ভাৱে উত্তৰ প্ৰদেশৰ এগৰাকী পুলিচ কনিষ্টবলে দাঢ়ি কটি দিয়াক লৈ চৰ্চা আৰম্ভ হোৱা দেখা গৈছে। চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী নীতি নিয়মেৰে কৰ্তব্য পালন কৰিবই লাগিব। ইয়াত তেওঁৰ কোনো দোষ নাই। চৰকাৰী অনুমতি লৈ তেওঁ নিশ্চয় চুন্নত পালন কৰিব পাৰিব। দোষ আমাৰ সকলোৰে। আমি সকলোৱে যদি দাঢ়ি অৱশ্য কৰণীয় বুলি ৰাখিলোঁ হেতেঁন তেনেহলে একাংশ দায়িত্বশীল নিষ্ঠাবান মুছলমান এনেদৰে অপদষ্ট হব লগা নহলহেঁতেন। কোনোবাই ৰাখিব কোনোবাই নাৰাখিব তেনেহলে চৰকাৰ তো বিভ্ৰান্তিত পৰিবই। যদি ধৰ্মই হয় সকলোৱে পালন নকৰে কিয়? সেয়াই চৰকাৰবোৰৰ যুক্তি। যিটো অকাট্য। পৰৱৰ্তী নামাজ ৰোজা আদি অত্যাৱশ্যকীয় কৰ্ম সমূহতো এনে বিষয় যে চৰ্চালৈ নাহিব তাক উলাই কৰিব নোৱাৰি। সময় থাকোতেই আমি সতৰ্ক হোৱা ভাল।