পৱিত্ৰ হজ্ব

Share :


পৱিত্ৰ হজ্ব
 


وللہ علی الناس حج البیت من استطاع الی سبیلا۔

আল্লাহৰ সন্তুষ্টিৰ বাবে মানুহৰ ওপৰত বায়তুল্লাহ শ্বৰীফৰ হজ্ব ফৰজ কৰা হৈছে। সেইসকলৰ বাবে যিসকল যাতায়াতৰ সামর্থ ৰাখে। (আল ইমৰাণ)

পৱিত্ৰ হজ্ব ইচলামৰ চতুৰ্থ ৰুকন। ইছলামত হজ্বৰ গুৰুত্ব বৰ বেছি। হজ্বৰ দ্বাৰা মানুহৰ অতীতৰ সকলোবোৰ গুনাহ মাফ হৈ যায় বুলি হদীছ শ্বৰীফত কোৱা হৈছে।

 হজৰত নবী করীম ছালাল্লাহু আলাইহি বাচালামৰ পৰা হজৰত আবু হুৰাইৰা (ৰা:) য়ে ৰিৱায়ত বৰ্ণনা কৰি কৈছে যে, যিজনে কেবল আল্লাহৰ সন্তুষ্টিৰ কাৰণে হজ্ব কৰে, স্ত্রী সহবাস আৰু যৌন সম্পৰ্কীয় আলাপ-আলোচনা নকৰে আৰু অন্যান্য গুনাহৰ কামৰ পৰা বিৰত থাকে, তেওঁ (হজ্ব শেষ কৰি ঘৰলৈ) 

এনেদৰে পাক-চাফ হৈ উভতি যায় যেনেদৰে মাতৃগৰ্ভৰ পৰা জন্ম গ্ৰহণ কৰাৰ দিনা নিষ্পাপ নিষ্কলুষ আছিল।

 হজ্বৰ বিষেশ গুৰুত্বৰ কাৰণেই যিজনৰ ওপৰত হজ ফৰজ্ব হয়। সেইজনে অকাৰণে (শ্বৰীঅতে যিটোক কাৰণ বুলি গণ্য কৰিছে) হজ্ব আদায় নকৰিলে 

 হজুৰ ছাল্লাল্লাহু আলাইহ ৱাচাল্লামে সেইজনৰ প্ৰতি বিৰক্তি প্রকাশ কৰি (বদ দু’আৰ সুৰত) কৈছে যে, সেইজন লাগে ইহুদী হৈ মৰক নাইবা নাচাৰা হৈ মৰক।

অনেক মানুহৰ ওপৰত হজ ফৰজ্ব হোৱা সত্বেও দুনিয়াৰ মোহতপৰি, টকা-পইচাৰ প্ৰেমত গ্রিফতাৰ হৈ এনে মহান এটা ৰুকন আদায় কৰাৰ।পৰা বিৰত থাকি নিজৰ

ঈমানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। আকৌ অনেকে এইবাৰ-অহাবাৰ কৰি, চাকৰিৰ পৰা অৱসৰ পোৱালৈ অপেক্ষাকৰি বাৰ্ধক্যক টানি আনে আৰু শেষত অক্ষম হৈ গুনাহগাৰ হব লগাত।পৰে। 

আবু দাউদ নামৰ হদীছ গ্ৰন্থত আছে- হুজুৰ ছাল্লাল্লাহু আলাইহি ৱাচাল্লামে কৈছে যে, “যাৰ হজ কৰিব লগা আছে সি যেন পলম নকৰি ততালিকে কৰি লয়”। 

কাৰণ মানুহৰ জীৱনৰ কোনো ভৰসা নাই। কোন মুহূৰ্তত মৃত্যুৱে আহি জীৱনৰ যৱনিকা টানিব কোনেও কব নোৱাৰে। সেয়ে হজ ফৰজ হ’লে পলম নকৰি সেইবাবৰেই কৰি লব লাগে। 

দুনিয়াৱী নানান কাম-কাজৰ অজুহাত দেখুৱাই শ্বয়তানে অন্তৰত সুমুৱাই দিয়া ছলনাৰ বিপৰীতে এই বুলি কৈ হজলৈ ওলাই যাব লাগে যে, যদি মোৰ হঠাৎ মৃত্যু হৈ যায়, মই চিৰজীৱনৰ 

কাৰণে নাইকিয়া হৈ যাওঁ, তেনেহলেওতো ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, বিয়া-বাৰু, খেতি-বাতি, ব্যৱসায়-বাণিজ্য, ৰাজহি-ততহি সকলোবোৰ চলি থাকিব, তেন্তে দেৰ-দুমাহ সময় ঘৰৰ পৰা 

আঁতৰি থাকিলেনো এইবোৰ নচলিবনে ? কেতিয়াবাচোন অসুখ-বিসুখৰ কাৰণেও মানুহ চিভিলেহাস্পাতালে দুই চাৰিমাহ বা তাতকৈয়ো অধিক দিন চিকিৎসাধীন হৈ ঘৰৰ পৰা আঁতৰি

থাকিবলগীয়া হয়। তেতিয়া জানো এইবোৰ নচলে ? মুঠতে এইবোৰ অজুহাত একমাত্র শয়তানৰ ছলনাৰ বাহিৰে একোৱে নহয়। গতিকে তাৰ বিৰুদ্ধে যুঁজ দিও সময়মতে হজলৈ ওলাই যাব লাগে, যোৱাটো দৰকাৰ।