ৰোজা এক সৰ্বধৰ্মীয় উপাসনা

Share :

ইছলামত উপাসনাৰ বিভিন্ন ধৰণ আছে ৷ কিছু কথাৰ সৈতে সম্পৰ্কিত, যেনেঃ জিকিৰ, দোৱা, দা’ৱাত (আহ্বান) শিক্ষা ইত্যাদি ৷ কিছু উপাসনা কৰ্ম সম্পৰ্কীয় ৷ তাৰ ভিতৰত শাৰীৰিক, যেনেঃ নামাজ, আৰ্থিক, যেনেঃ জাকাত, ছদকা ইত্যাদি ৷ শাৰীৰিক আৰু আৰ্থিক একত্ৰে, যেনেঃ হজ্ব ৷

আনহাতে ৰোজা এনে কোনো ধৰণৰ উপাসনাৰ বেষ্টনিত নপৰে ৷ একাধিক উলামা-পণ্ডিতে ৰোজাকো শাৰীৰিক উপাসনাৰ গণ্ডীত হিচাপ কৰিব বিচাৰে ৷ কাৰণ ৰোজাৰ সূত্ৰ হল- ‘উপাসনাৰ উদ্দেশ্যে চুবে ছাদিকৰ পৰা বেলি মাৰ যোৱা লৈকে পানাআহাৰ আৰু স্ত্ৰী-সহবাসৰ পৰা বিৰত থকা ৷’ কোনো কামৰ পৰা বিৰত থকাটোও এবিধ শাৰিৰীক কাৰ্য বুলি এইসকল উলামাই কব বিচাৰে ৷

ৰোজাৰ আলোচনা উঠিলেই কোৰ’আনৰ এটি আয়াতে সৰ্বপ্ৰথম চকুৰ আগত ভাঁহি উঠে ৷ আল্লাহ তা’আলাই ৰোজাৰ আদেশ ঘোষণা কৰি কোৰ’আনত উল্লেখ কৰিছে- ‘হে একেশ্বৰ বিশ্বাসীসকল ! তোমালোকৰ ওপৰত ৰোজা বাধ্যতামূলক কৰা হৈছে, যিদৰে তোমালোকৰ পূৰ্বে অহা লোকসকলৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল ৷ হয়তো তোমালোকে পাপৰ পৰা মুক্ত হব পাৰিবা ৷

এইশাৰী আয়াতত আল্লাহ তা’আলাই দুটা কথাৰ উল্লেখ কৰিছে ৷ প্ৰথমতঃ মুছলমান সকলক ৰোজা ৰখাৰ আদেশ দিছে ৷ দ্বিতীয়তঃ আল্লাহৰ উপাসনাকাৰীৰ বাবে পূৰ্বেও ৰোজাৰ আদেশ আছিল ৷ অৰ্থাৎ তোমালোকৰ ওপৰত ৰোজা বাধ্যতামূলক কৰি দিয়াটো কোনো নতুন কথা নহয় ৷ তোমালোকোৰ পূৰ্বেও পৃথিৱীৰ বুকুত অনেক জাতি বা ধৰ্মৰ লোকৰ মাজত ৰোজা ৰখাৰ বাধ্যবাধকতা আছিল ৷

প্ৰথম কথাটোৰ ওপৰত সাধাৰণতে ইমান আলোচনা-বিলোচনা হৈ থাকে যে কম-বেচি সকলোৱে এই বিষয়ত আমি জ্ঞাত ৷ য’ত ৰোজা ৰখাৰ উদ্দেশ্য, লাভ, নিয়ম ইত্যাদি বিষয়ত মূলতঃ আলোচনা কৰা হয় ৷ আমাৰ আজিৰ আলোচ্য বিষয়টো আয়াতৰ দ্বিতীয়টি অংশ ৷ যিটো সন্দৰ্ভত সচৰাচৰ কমকৈ লিখা-মেলা কৰা হয় ৷ অথচ আমি জানিবলগীয়া বিষয় ৷ উক্ত বিষয়টোৰে সংক্ষিপ্ত ধাৰণা এটা আজিৰ লিখাৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰিছো ৷

দৰাচলতে পৃথিৱীৰ প্ৰায় আটাইবোৰ ধৰ্ম আৰু জাতীৰ মাজত ৰোজাৰ অস্থিত্ব আছিল আৰু আজিও আছে ৷ যদিও তাৰ ধাৰণ আৰু ধৰণ বেলেগ ৷ এইটো এনে এটা সত্য যাক অস্বীকাৰ কৰাৰ সুৰুঙা নাই ৷ ৰোজা সম্পৰ্কে এইটো বিষয়ক উজাগৰ কৰি ‘ইনচাইক্লোপিডিয়া অফ ৰিলিজিওন’ ত লিখকে উল্লেখ কৰিছে-

‘ৰোজা অৰ্থাৎ খোৱাৰ পৰা সম্পূৰ্ণ বা আংশিক বিৰত থকা এনে এটা ঐশ্বৰীক বিধান, যাৰ ধাৰণা পূৱৰ পৰা পশ্চিমলৈ প্ৰায় আটাইবোৰ ধৰ্মতে পোৱা যায় ৷’

‘ইনচাইক্লোপিডিয়া ব্ৰীটানিকা’ ত ৰোজাৰ এই দিশটোক উল্লেখ কৰি লিখকে কৈছে- ‘বিশেষ উদ্দেশ্যত বা গুৰুত্বপূৰ্ণ তথা পৱিত্ৰ পৰ্বত অথবা তাৰ পূৰ্বে ৰোজা ৰখা পৃথিৱীৰ মূখ্য ধৰ্মসমূহৰ একোটাকৈ বিশেষত্ব ৷’

থিওলোজিকেল ডিক্সোনাৰী ( লিখকঃ চাৰলাছ বাক) ত উল্লেখ আছে-‘ধৰ্মীয় উপবাসক লোকে ইমান গুৰুত্ব কেলেইবা নিদিব, এই কথা প্ৰত্যক্ষৰূপ্ স্পষ্ট হয় যে গৰিষ্টসংখ্যক প্ৰাচীন ধৰ্মসমূহত এই ধৰ্মীয় পৰম্পৰাক গুৰত্বসহকাৰে পালন কৰা হৈছে ৷

পৃথিৱীত আজি যিমানবোৰ ধৰ্ম অনুসৰণ কৰা হৈ আছে, প্ৰত্যেকটোকে ঐশ্বৰীক বুলি খাটংকৈ কব নোৱাৰি ৷ আমি মুছলমান হিচাপে এইকথা বিশ্বাস কৰো যে, ইছলামৰ বাহিৰে একমাত্ৰ খৃষ্টান আৰু ইহুদী ধৰ্ম দুটাকে আল্লাহৰ প্ৰেৰীত নবীৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু আচমানী কিতাপপ্ৰাপ্ত ৷

কিন্তু অধ্যয়নৰ জৰিয়তে এটা কথা নিশ্চিত হৈ কব পৰা যায় যে, পৃথিৱীৰ অন্যান্য প্ৰতিটো ধৰ্মই কোনো নহয় কোনো ঐশ্বৰীক ধৰ্মৰ বিকৃত ৰূপ অথবা অনুসৰণ ৷ যাক প্ৰৱৰ্তন কৰোঁতাই ঐশী বাণীবোৰৰ ৰং-ঢঙতে প্ৰৱৰ্তন কৰিছে ৷ সেয়ে প্ৰায় প্ৰতিটো ধৰ্মতে অন্যান্য উপাসনাবোৰৰ লগতে ৰোজাৰ অস্থিত্ব পোৱা যায় ৷ যদিও উপলক্ষ বা উদ্দেশ্যত ভিন্নতা প্ৰত্যক্ষ কৰা হয় ৷

ভাৰতবৰ্ষৰ প্ৰচলিত আটাইতকৈ প্ৰাচীন ধৰ্মমত হল হিন্দু

হিন্দু ধৰ্মক উপবাস আৰু উৎসৱৰ ধৰ্ম বুলিও কোৱা হৈছে ৷ টি. এম. মহাদেৱন (মাদ্ৰাছ ইউনিভাৰ্চিটীৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী) ৰ ভাষ্য মতে- ‘প্ৰতিবছৰে পালন কৰা উৎসৱ সমূহৰ মাজত কেতবোৰ ৰোজা (ব্ৰত) ৰ বাবে নিৰ্দিষ্ট থাকে ৷ অন্তৰৰ শুদ্ধীকৰণ আৰু আত্মাৰ পৱিত্ৰতাৰ হেতু হিন্দু ধৰ্মত ৰোজা ৰখা হয় ৷

হিন্দু সম্প্ৰদায়ত বিশেষ প্ৰাৰ্থনা তথা মুনাজাত-উপাসনাৰ বাবে কেইটিমান দিন ধাৰ্য কৰা আছে ৷ যিবোৰ দিনত ধাৰ্মিক সকলে ব্ৰত পালন কৰে ৷ খোৱা আৰু পান কৰাৰ পৰা বিৰত থাকে ৷

ৰাতিৰ সময়ত নিজা ধৰ্মীয় বাণীবোৰ পাঠ কৰি থাকে ৷ কিছুমান দিৱস মহিলাসকলৰ সৈতে নিৰ্দিষ্ট ৷ মহিলাসকলে প্ৰাৰ্থনা কৰে ৷ নিজৰ আৰু পৰিয়াল-পৰিজনৰ মঙ্গল কামনা কৰে ৷ এই আটাইবোৰ কৰা হয় আত্মাক অধ্যাত্মিক খোৰাক দিয়াৰ উদ্দেশ্যে ৷’

বিভিন্ন উৎসৱৰ বেলিকা ৰোজা ৰখা সাধাৰণ হিন্দুৰ নিয়ম ৷ কিন্তু হিন্দু ধৰ্মগুৰু বা যোগীসকলে ইয়াতকৈ অধিক ৰোজা পালন কৰি থাকে ৷ তেওঁলোকে একেৰাহে চল্লিছ দিনলৈকেও ব্ৰত পালন কৰে ৷ ইয়াৰোপৰি যিজন যোগী যিমান ব্ৰত পালন কৰে, সাধাৰণ লোকৰ মাজত সিমানেই সন্মানৰ পাত্ৰ বুলি পৰিগণিত হয় ৷

হিন্দু সমাজত এনে কিছুমান ব্ৰতো আছে যিবোৰ কেৱল ব্ৰাহ্মণ সকলৰ বাবে নিৰ্দ্দিষ্ট ৷ যেনেঃ প্ৰত্যেক হিন্দি মাহৰ এঘাৰ আৰু বাৰ তাৰিখৰ একাদশী ব্ৰত ব্ৰাহ্মণ সকলৰ বাবে ফৰজ বা বাধ্যতামূলক ৷ অনেকে কাতি মাহৰ প্ৰত্যেক সোমবাৰৰ ব্ৰত পালন কৰে ৷ সন্যাসী সকলে তীৰ্থযাত্ৰাকালীন ব্ৰতো পালন কৰা দেখা যায় ৷

ইয়াৰ লগতে পূৰ্ণিমাৰ ব্ৰত, শোক ব্ৰত, মান্নতৰ ব্ৰতৰ দৰে অন্য অনেক ব্ৰতৰ উল্লেখ হিন্দু ধৰ্মমতত পোৱা যায় ৷ ‘দ্যা ছিক্ৰেট বুক অফ ইষ্ট’ ৰ লেখকে বৰ্ণনা কৰিছে-হিন্দু মত অনুসৰি গুৰুৰ অবাধ্যতা কৰিলে ক্ষমা প্ৰাপ্তি লৈকে ব্ৰত পালন কৰিব লাগে ৷

ভাৰতবৰ্ষৰ দ্বিতীয় অন্যতম মত হল জৈন মত ৷ জৈন ধৰ্ম মতে সন্নাসী জীৱনৰ অভ্যাসে আত্মাক পৱিত্ৰতা প্ৰদান কৰে ৷ তাৰে অনুশীলনবোৰৰ মাজৰে এটা হল ব্ৰত বা ৰোজা ৷ ৰোজাই লোকৰ পাৰ্থিৱ স্বাৰ্থ তথা মনক বশ কৰি ৰাখে ৷ ফলত অধ্যাত্মিকতা অৰ্জন কৰা যায় ৷ উল্লেখযোগ্য যে, ভাৰতৰ আটাইবোৰ ধৰ্মমতৰ লোকৰ মাজত জৈন ধৰ্মৰ ব্ৰতৰ নিয়ম কঠিন ৷

কেইবা সপ্তাহ জোৰা একোটাকৈ ব্ৰত ৰখাৰ উল্লেখ পোৱা যায় ৷ হিন্দু ধৰ্মৰ দৰে জৈন ধৰ্মতো তীৰ্থযাত্ৰাৰ সময়ত ৰোজা ৰখাৰ নিয়ম প্ৰচলিত ৷ জৈন ধৰ্মত কুমাৰী সকলে বিবাহৰ বাবে যোগ্য পাত্ৰ-প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ব্ৰাত পালন কৰাৰ প্ৰচলনো দেখিবলৈ পোৱা যায় ৷

ইৰাণৰ পৰা ভাৰতবৰ্ষলৈ আগমন কৰা পাৰ্চীসকলৰ বিষয়ে পোৱা যায় যে, প্ৰাচীন পাৰ্চী ধৰ্মমতত ৰোজা কেৱল এটা পৰিচিত বিষয়েই নাছিল, বৰং ধৰ্মসন্মত এটা উপাসনা আছিল ৷ কিন্তু সম্প্ৰতি কালৰ পাৰ্চী মতাদৰ্শত ৰোজা বা ব্ৰতৰ অৰ্থ হল- মুখ, চকু, কাণ, হাতৰ পৰা সংঘটিত হোৱা যিকোনো ধৰণৰ পাপৰ পৰা বিৰত থকা ৷ এয়েই আধুনিক পাৰ্চী সকলৰ ব্ৰত ৷ আধুনিক পাৰ্চী সকলে উপবাস বা আনাহাৰৰ ব্ৰতক পছন্দ নকৰে ৷

বৌদ্ধ সকলৰ মতেও বিশেষ সময় আৰু বিশেষ উপলক্ষত ৰোজা ৰখা ধৰ্মীয় প্ৰথা ৷ যাৰ দ্বাৰা বৌদ্ধ ভিক্ষুক সকলে নিজৰ পাপৰ প্ৰাশ্চিত্ব সাধন কৰে ৷ তেওঁলোকৰ মতে ৰোজা সেই ১৩ বিধ কাৰ্যৰ ভিতৰৰ, যাৰ দ্বাৰা জীৱনৰ সুখ অৰ্জন কৰা সম্ভৱ ৷ আনহাতে বৌদ্ধসকলে ৰোজাক অত্মিক পৱিত্ৰতা অৰ্জনৰ মাধ্যম হিচাপেও গণ্য কৰে ৷ হিন্দু সকলৰ দৰে বৌদ্ধ সকলেও পূৰ্ণিমাৰ ব্ৰত ৰখাটোক ধৰ্মীয় বিধি হিচাপে মানি আহিছে ৷ ইয়াৰ উপৰিও বৌদ্ধসকলে প্ৰতিমাহে চাৰিটাকৈ ৰোজা পালন কৰে আৰু ৰোজাৱস্থাত কোনো পাপ সংঘটিত হলে তাৰ বাবে তৌবা কৰে ৷ তিব্বতৰ কিছু অঞ্চলত (ইফতাৰ নকৰাকৈ) একেৰাহে চাৰি দিনৰ ৰোজা পালন কৰাৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈ থাকে ৷

প্ৰথম দুদিন ৰোজাৰ নিয়মবোৰ কিছু লঘু থাকে ৷ এয়া যেন একপ্ৰকাৰ প্ৰস্তুতি স্বৰূপ ৷ এই দুদিন ৰোজাদাৰ সকলে নিসংকোচে নিজৰ পাপবোৰ বৰ্ণনা কৰি তৌবা প্ৰাপ্তি কৰে ৷ তৃতীয় দিন ৰোজাৰ নিয়ম পূৰ্বতকৈ কঠিন হয় ৷ মুখৰ থুও গলৰ ভিতৰলৈ যাব দিব নোৱাৰিব ৷ উপাসনা ইত্যাদিবোৰ এইদিন নিঃশব্দে কৰা হয় ৷

চতূৰ্থ দিন সূৰ্য উদয় হোৱালৈকে এই ৰোজা ৰাখিব লাগে ৷ ইয়াৰোপৰি বৌদ্ধ সকলে মৃতকৰ শোকত ৰোজা ৰাখে আৰু পূনৰ জনম উত্তমতৰ হোৱাৰ আশাতো ৰোজা ৰাখে ৷