কুৰআন আৰু ছুন্নতৰ দৃষ্টিত ইছালে ছোৱাব আৰু সমাজত প্ৰচলিত প্ৰথা সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ মাছআলা
আল্লাহ তা’আলাৰ বিধান অনুসৰি প্ৰতিটো মানুহৰ দৈনন্দিনৰ কাৰ্যবোৰ এনে হোৱা উচিত, যাৰ ফলত কিয়ামতৰ দিনাখন তেওঁৰ সৎকৰ্মৰ পাল্লা ভাৰি হৈ পৰে আৰু ফলস্বৰূপে তেওঁ জান্নাত লাভ কৰিব পাৰে। কোনেওঁ কেতিয়াও নিজৰ আমলক লৈ অহংকাৰ কৰিব নালাগে, কাৰণ আমল গ্ৰহণযোগ্য হ’ব নে নহ’ব? সেয়া কেৱল আল্লাহেই জানে।
যেতিয়া এজন মানুহে আল্লাহৰ দিয়া শক্তি আৰু তৌফীক অনুযায়ী আমল কৰি জীৱনৰ শেষ পৰ্যায়ত মৃত্যুবৰণ কৰে, তেতিয়া তেওঁৰ আত্মীয়-স্বজনৰ বাবে উচিত — তেওঁৰ বাবে ইছালে ছোৱাব কৰা অৰ্থাৎ নেক আমল কৰি তাৰ ছোৱাব পৌঁছাই দিয়া।
এইদৰে জীৱিতসকলে মৃতকৰ বাবে দোআ আৰু ছোৱাব পৌঁছালে, ই দুয়ো পক্ষৰ বাবে সৎকৰ্মৰ কাৰণ আৰু মৃতজনৰ বাবে মাগফিৰাত তথা মর্যাদা বৃদ্ধিৰ মাধ্যম হয়। (ফাতাৱা হিন্দীয়া- ৫/ ৩৫০)
অৱশ্যে এইটো ইছালে ছোৱাবৰ অস্থায়ী ব্যৱস্থা হে — মৃতকজনক স্থায়ীভাবে ছোৱাব পৌছাবলৈ তেওঁৰ ফালৰ পৰা এনে কাম কৰাৰো চেষ্টা কৰিব লাগে, যাৰ দ্বাৰা মৃতকজন সদায় লাভৱান হৈ থাকিব পাৰে; যেনে : মৃতকৰ নামত কোনো মছজিদ, মাদ্ৰাছা বা অন্য নেক কামৰ বাবে ভূমি দান কৰা, কুৱা খান্দি দিয়া, গছপুলি লগোৱা আদি। (বুখাৰী : ২৭৬২)
মনত ৰাখিব লাগে যে, ইছালে ছোৱাব কেৱল মৃতকৰ বাবেই নহয়, জীৱিত মানুহৰ বাবেও ইছালে ছোৱাব কৰিব পাৰি। (ফাতাৱা শ্বামী ১/৪০৫)
কুৰআন ও ছুন্নতৰ দৃষ্টিত ইছালে ছোৱাব:
কিছু মানুহে কয় যে কুৰআনত আছে —
> وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَىٰ
অৰ্থাৎ: মানুহক কেৱল নিজৰ চেষ্টা অনুসাৰে হে ফল দিয়া হয়। ( আন নাজম- ৩৯) অৰ্থাৎ কাৰোবাৰ কৰ্মই আন কাৰোবাক কোনো উপকাৰ কৰিব নোৱাৰে।
কিন্তু এই আয়াতৰ ব্যাখ্যাত বিখ্যাত মুফাচ্ছিৰ ঈমাম ৰাজী ৰাহিমাহুল্লাহে কৈছে — এই আয়াতৰ অৰ্থ হৈছে, যদি কোনো মানুহে আল্লাহৰ ওপৰত ঈমান নানে, তেতিয়া আনৰ নেক আমলে তেওঁৰ কোনো ধৰণৰ উপকাৰ সাধন কৰিব নোৱাৰে। কিন্তু যেতিয়া মানুহজনৰ আল্লাহৰ প্ৰতি ঈমান থাকে, তেতিয়া আনৰ নফল ইবাদত, দোআ, সদকাই তেওঁক উপকাৰ কৰিব পাৰে। (তফচীৰে কবীৰ: ৮/৮৪৮)
সেয়েহে আহলে ছুন্নাত ওয়াল-জামাআতৰ অধিকাংশ ওলামা সকলৰ মতে —
মানুহে নিজৰ যিকোনো ইবাদতৰ ছোৱাব (সেয়া শাৰীৰিক ইবাদতে হওঁক অথবা আৰ্থিক ইবাদত হওঁক অথবা দুয়োটাৰে সংমিশ্ৰণ হওঁক) অন্য এজনক —মানুহজন জীৱিত হওঁক বা মৃত — দান কৰিব পাৰিব। শ্বৰীয়তে ইয়াত কোনো বাধা প্ৰয়োগ কৰা নাই।
কিন্তু চর্ত হ’ল: ইয়াৰ বিনিময়ত ছোৱাব পঠিওৱা জনে কোনো ধৰণৰ পাৰিশ্ৰমিক ল’ব নোৱাৰিব। (বাদায়িয়ুচ চানায়ে : ২/৪৫৪)
ইমাম মালিক আৰু ইমাম শাফেয়ী ৰাহিমাহুমাল্লাহ ৰ পৰা কেতিয়াবা ইয়াৰ বিপৰীত কথা উদ্ধৃত হৈছে, কিন্তু শাফেয়ী মাজহাবৰ পিছৰ ফকীহসকলে কৈছে —
যদি কোনোবাই ইবাদত কৰি আল্লাহক এই দোআ কৰে — হে আল্লাহ, ইয়াৰ ছোৱাব অমুকলৈ পৌঁছাই দিয়ক” — তেন্তে ছোৱাব নিশ্চয়ই তেওঁলৈ পৌছি যাব। এইখিনিতে উল্লেখ থাকে যে, ইছালে ছোৱাব কেৱল ঈমানদাৰ সকলৰ বাবে হে কৰিব পাৰিব, ঈমান নথকা মানুহৰ বাবে ইছালে ছোৱাব কৰিব নোৱাৰি, কোনোবাই কৰিলেও সেয়া কেতিয়াও কবুল নহ’ব।(কিফায়াতুল মুফতী: ৯/ ৩২৪)
*সমাজত প্ৰচলিত প্ৰথা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মাছআলা*
১) মৃতকৰ ইছালে ছোৱাবৰ ওৱাস্তে কোৰআন পঢ়োঁৱা, দাৱাতৰ আয়োজন কৰা সঠিক নে ?
মাছআলাহঃ কোনো মুছলমানৰ মৃত্যুৰ পিছত মৃতকৰ পৰিয়ালবৰ্গ তথা আত্মীয়ৰ ওচৰত গৈ তেওঁলোকক সান্তনা দিয়া, সুধা-পুছা কৰা, ধৈৰ্য ধৰিবলৈ কোৱা আৰু মৃতকৰ বাবে দোআ কৰা ইত্যাদি হজৰত নবী (ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম) ৰ ছুন্নতৰ অন্তৰ্ভুক্ত। ইয়াৰোপৰি কুৰআন তিলাৱত, দোআ-দৰুদ পঢ়ি মৃতকৰ বাবে ইছালে ছোৱাব (ছোৱাৰ পৌছাই দিয়া)কৰাও শৰীয়ত মতে মুস্তাহাব (পছন্দনীয়), কিন্তু ইছালে ছোৱাব কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি ইছলামী শ্বৰীয়তত উল্লেখ নাই। সেয়ে যিকোনো ব্যক্তিয়ে যিকোনো দিনৰ যিকোনো সময়ত কোনো নফল ইবাদত কৰি তাৰ ছোৱাব মৃতকৰ আমল নামালৈ পৌছাই দিব পাৰে। গতিকে মৃতকৰ ইছালে ছোৱাব উদ্দেশ্যে কুৰআন তিলাৱত কৰা বা মৃতকৰ বাবে দোআয়ে মাগফিৰাত কৰা জায়েজ আছে। কিন্তু বৰ্তমান যুগত সমাজত প্রচলিত ধৰণে কোনো এটা দিন নিৰ্দিষ্ট কৰি মৃতকৰ পৰিয়ালক সান্তনা দিবলৈ সকলোৱে একগোট হোৱা, সন্মিলিত ভাৱে কুৰআন তিলাৱত কৰা, সেই উদ্দেশ্যে মৃতকৰ ঘৰতে খোৱা-বোৱাৰ আয়োজন কৰা আৰু তাৰ বাবে আত্মীয়-স্বজন তথা প্ৰতিবেশীক নিমন্ত্ৰণ জনোৱা আদি কামবোৰ শ্বৰীয়তৰ অন্তৰ্ভুক্ত তথা ছোৱাবৰ কাম হিচাপে গণ্য কৰি সম্পাদনা কৰাটো স্পষ্ট বিদাত অৰ্থাৎ সম্পূৰ্ণভাবে নিষিদ্ধ আৰু নাজায়েজ। গতিকে বৰ্তমান সমাজত প্রচলিত এনে বিদাতী কৰ্মবোৰ সকলোৱে বর্জন কৰক আৰু ছোৱাবৰ কামবোৰ শ্বৰীয়তৰ নিৰ্দেশনামৰ্মে আদায় কৰিবলৈ যত্নবান হওঁক।
(ফাতাৱা বাজ্জাজিয়াঃ ৪/৮১, ফাতাৱা মাহমুদিয়াঃ ৯/২৯১)
২) কাৰোবাৰ মৃত্যুৰ পিছত ইছালে ছোৱাবৰ উদ্দেশ্যে তিনিদিনীয়া, দহদিনীয়া বা চল্লিশদিনীয়াৰ আয়োজন কৰা কেনেকুৱা?
মাছআলাহঃ কাৰোবাৰ মৃত্যুৰ পিছত তেওঁৰ ইছালে ছোৱাব (ছোৱাব পৌছাই দিয়া)ৰ উদ্দেশ্যে মৃত্যুৰ তিনিদিন বা দহদিন বা চল্লিশদিন পিছত মৃতকৰ আত্মীয় বা ওচৰ-চুবুৰীয়াক নিমন্ত্ৰণ কৰি দাৱাত আদিৰ আয়োজন কৰা বিদআত আৰু নাজায়েজ হয়। গতিকে ইছালে ছোৱাবৰ নামত এনে প্ৰথা- পৰম্পৰাবোৰ পৰিহাৰ কৰাটো জৰুৰী। (ফাতাৱা মাহমুদিয়াঃ ৯/২৭১)
৩) মৃতকৰ উদ্দেশ্যে ইছালে ছোৱাব কৰা (ছোৱাব পৌছাই দিয়া)ৰ উত্তম পদ্ধতি কি?
মাছআলাহঃ যদি কোনো মুছলমানে কোনো ভাল কাম কৰে যেনেঃ আল্লাহৰ ৰাস্তাত ধন-সম্পত্তি দান কৰে, দুখীয়াক আহাৰ প্ৰদান কৰে, নফল নামাজ বা ৰোজা আদায় কৰে বা হজ্জ কৰে অথবা কুৰআন তিলাৱত ইত্যাদি কৰে। তাৰ পিছত আল্লাহৰ ওচৰত দোআ কৰে যে — “হে আল্লাহ! এই কামৰ বিনিময়ত আপুনি মোক যিখিনি ছোৱাব দান কৰিব, সেইখিনি আপুনি অমুক মৃতকৰ আমলনামাত পৌছাই দিয়ক।” ইনশ্বাআল্লাহ ইয়াৰ ছোৱাব উক্ত মৃতকৰ আমলনামাত পৌছি যাব। ভাল কাম কৰাজনে সেই কামখিনি এইমাত্ৰ আদায় কৰিলে বা অতীতত কেতিয়াবা কৰিছিল, তথাপিও সেইখিনিৰ ছোৱাব মৃতকক পৌছাই দিব পাৰিব। (আল বাহৰুৰ ৰায়িক্বঃ ৩/১০৫, ফাতাৱা মাহমুদিয়াঃ ৯/২৬২, আহকামে মায়্যিতঃ ১৭১)
৪) টকা দি কোৰআন তিলাৱত কৰাই ইছালে ছোৱাব কৰাটো কেনেকুৱা ?
মাছআলাহঃ কোনো ব্যক্তি বা জামাতক টকা দি কোৰআন তিলাৱত কৰোৱা বা খতম কৰোৱা অথবা জিকিৰ আদি কৰোৱা জায়েজ নাই, গোনাহৰ কাম হয়। সেই টকা গ্ৰহণ কৰাও জায়েজ নাই। এনে ধৰণৰ কোৰআন তিলাৱত, খতম বা জিকিৰ আদিৰ ছোৱাব মৃতকে নাপায়। বৰং টকা দিওঁতা আৰু টকা লওঁতা উভয়েই গোনাহগাৰ হ’ব।
(ফাতাৱা মাহমুদিয়াঃ ৯/২৬২)
৫) মৃতকৰ তিনিদিনীয়া, দহদিনীয়া বা চল্লিশদিনীয়া উপলক্ষে তৈয়াৰ কৰা খাদ্যৰ বিধান কি?
মাছআলাহঃ মৃতকৰ তিনিদিনীয়া, দহদিনীয়া বা চল্লিশদিনীয়া উপলক্ষে আয়োজিত দাৱাতত তৈয়াৰ কৰা খাদ্য ধনী-সামৰ্থবান সকলে খাব নোৱাৰে, জায়েজ নাই। সেই খাদ্য কেৱল দুখীয়া, গৰীব-মিছকিন (যিসকলৰ খাদ্যৰ অভাৱ) সেই সকলৰ বাবে হে খোৱা জায়েজ আছে। উল্লেখ্য যে, ইছালে ছোৱাবৰ উদ্দেশ্যে তৈয়াৰ কৰা খাদ্যত কোনো অসুবিধা নাই, কিন্তু যিহেতু মৃতকৰ ইছালে ছোৱাবৰ উদ্দেশ্যে দিন নিৰ্দিষ্ট কৰি খোৱা-বোৰাৰ আয়োজন কৰা জায়েজ নাই, গতিকে সেই উপলক্ষে তৈয়াৰ কৰা খাদ্য খোৱাওঁ জায়েজ নাই। কিন্তু যদি কোনোবাই সেই খাদ্য কাৰোবাৰ ঘৰত পঠিয়াই দিয়ে আৰু খাদ্য গ্রহণ কৰোতাজনে তেনেকুৱা দাৱাতৰ আয়োজনৰ বিৰোধী মনোভাৱ ৰাখে, তেন্তে সেই খাদ্য ধনী-দুখীয়া সকলোৱেই খাব পাৰিব। অনুমতি আছে।
(ফাতাৱা মামুদিয়াঃ ৯/২৭৫, ফাতাৱা ওচমানীঃ ৪/৩৩৯)
✍️ মুফতী আক্বিব শ্বামিম ক্বাছিমী।
শিক্ষক, দাৰুল উলুম নগাঁও, অসম।