মহৰম হিজৰী চনৰ প্ৰথম মাহ। ইছলামৰ ৪ টা অতি সন্মানিত মাহৰ ভিতৰত এটা।
১) মহৰম মাহৰ মৰ্যাদাঃ
পবিত্ৰ কোৰ-আনত মহান আল্লাহ তা’য়ালাই ফৰমাইছে,
إِنَّ عِدَّةَ الشُّهُورِ عِندَ اللَّهِ اثْنَا عَشَرَ شَهْرًا…
مِنْهَا أَرْبَعَةٌ حُرُمٌ
অৰ্থঃ নিশ্চয় আল্লাহৰ ওচৰত মাহৰ সংখ্যা ১২টা। তাৰ ভিতৰত চাৰিটা হ’ল অতি সন্মানিত। সেই চাৰিটা মাহ হ’লঃ যেনেঃ যুলকা’দাহ, যুলহিজ্জাহ, মহৰম আৰু ৰজব। মহৰম ই এটা হাৰাম মাহ। অৰ্থাৎ মানে যুদ্ধ-বিগ্ৰহ, পাপ-কৰ্ম কৰাটো এই মাহত অন্যান্য মাহতকৈ অধিক গুনাহ। ৰচুল (চঃ)-য়ে কৈছেঃ أَفْضَلُ الصِّيَامِ بَعْدَ رَمَضَانَ شَهْرُ اللَّهِ الْمُحَرَّمُ অৰ্থাৎঃ ৰমজানৰ পিছত আটাইতকৈ উত্তম ৰোজা হৈছে আল্লাহৰ মাহ মহৰমৰ ৰোজা।
২) মহৰম মাহত কৰণীয়ঃ
কোৰ-আন-হাদীছৰ দৃষ্টিত ক’বলৈ গ’লে ইয়াৰে কিছুমান কৰণীয় কাম হ’ল। যেনেঃ ১) আশুৰাৰ ৰোজা
ৰচুল (চঃ)-য়ে আশুৰাৰ দিনা ৰোজা ৰাখিছিল আৰু ছাহাবাসকলকো ৰোজা ৰখাৰ নিৰ্দেশ দিছিল (ছহীহ বুখাৰীঃ হাদীছ নং ২০০৪)। ১০ মহৰমৰ ৰোজাৰ লগতে ৯ মহৰম বা ১১ মহৰম এদিন মিলাই ৰাখিব (ছহীহ মুছলিমঃ ১১৩৪)। যাতে ইহুদীসকলৰ লগত সাদৃশ্য হৈ নাযায়।
২) বেছিকৈ নফল ৰোজা ৰখা ৰমজানৰ পিছত উত্তম ৰোজা হ’ল মহৰমৰ ৰোজা (মুছলিমঃ ১১৬৩)। গোটেই মহৰম মাহত সোমবাৰ, বৃহস্পতিবাৰ, আয়্যামে বীজৰ ৰোজা ৰাখিব পাৰে।
৩) তৌবাহ-ইস্তিগফাৰ
হাৰাম মাহত গুনাহৰ শাস্তি বেছি, নেকীৰ ছোৱাবো বেছি। বেছিকৈ আস্তাগফিৰুল্লাহ, দৰূদ শ্বৰীফ পঢ়া, কোৰ-আন তিলাৱত কৰাটো উত্তম।
৪) ছদকা-খয়ৰাত
ইবনে ৰজব হাম্বলী (ৰহঃ) য়ে কৈছেঃ হাৰাম মাহত নেক আমলৰ ছোৱাব বাঢ়ে। গৰীৱক খুওৱা, ঔষধ কিনি দিয়া, ঋণীক সহায় কৰা ইত্যাদি।
৫) আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰা।
হাৰাম মাহত জুলুম কৰা নিষেধ (ছুৰা তৌবাহঃ ৩৬)। মাক-দেউতাক, আত্মীয়ৰ খবৰ লোৱা, কাজিয়া মীমাংসা কৰা ইত্যাদি কৰা বহুত ছোৱাব।
আশুৰাৰ ৰোজাৰ ফজিলতঃ
ৰাছুল (চঃ)-ক সুধাত, তেখেতে ক’লেঃ আশা কৰোঁ আল্লাহে ইয়াৰ দ্বাৰা আগৰ ১ বছৰৰ ছগীৰা গুনাহসমূহ মাফ কৰি দিয়া হয়।
৩) মহৰম মাহত বৰ্জনীয় কামসমূহঃ
যিবোৰ কোৰ-আন-হাদীছত উল্লেখ নাই। কোৰ-আন-হাদীছত এইবোৰৰ কোনো ভিত্তি নাই, বৰং বিদআত বা হাৰাম।
১) মাতম, বুকু চপৰিয়াই কন্দা, তাজিয়া উলিওৱা বৰ্জনীয়।
ৰাছুল (চঃ)-য়ে কৈছেঃ যিয়ে গাল চপৰিয়ায়, কাপোৰ ফালি দিয়ে, জাহেলিয়াতৰ দৰে মাত মাতে, সি আমাৰ অন্তৰ্ভূক্ত নহয়। (চহীহ বুখাৰীঃ ১২৯৪) হুছাইন (ৰাঃ) ৰ শ্বাহাদতৰ বাবে দুৱা কৰা, ধৈৰ্য ধৰা। ছাহাবাসকলে মাতম কৰা নজিৰ নাই।
২) ১০ মহৰমক “শোক দিৱস” হিচাপে পালন কৰা।
ইছলামত শোক পালনৰ নিয়ম নাই। ৰাছুল (চঃ), হজৰত আবু বকৰ (ৰাঃ), হজৰত ওমৰ (ৰাঃ)-ৰ মৃত্যু দিনত ছাহাবাসকলে শোক পালন কৰা নাছিল।
আশুৰাৰ দিনা ৰোজা ৰখা, শুকৰিয়া আদায় কৰা। কাৰণ এই দিনত হজৰত মুছা (আঃ) ফিৰআউনৰ পৰা মুক্তি পাইছিল (চহীহ বুখাৰীঃ ২০০৪)।
৩) বিশেষ নামাজ, দুআ পঢ়া।
“যিয়ে আমাৰ দ্বীনত নতুন কিবা সংযোজন কৰে, সেয়া প্ৰত্যাখ্যাত”(বুখাৰীঃ ২৬৯৭)। ৫ ৱাক্ত নামাজ, তাহাজ্জুদ, সাধাৰণ নফল নামাজ পঢ়া। মহৰমৰ বাবে পৃথক নামাজ নাই।
৪) ক’লা কাপোৰ পিন্ধা বাধ্যতামূলক বুলি ভবা
শ্বৰীয়তত ক’লা কাপোৰৰ বিশেষ ফজিলত নাই। যিকোনো শালীন কাপোৰ পিন্ধিব পাৰে।
৫) মহৰমত বিয়া-বাৰু নকৰা
ইছলামৰ চতুৰ্থ খলিফা হজৰত আলী (ৰাঃ)-ৰ বিয়া মহৰম মাহতেই হৈছিল। হাৰাম মাহত হালাল কাম বন্ধ নহয়। বিয়া, নতুন যিকোনো বৈধ কাম কৰিব পাৰি। অশুভ বুলি ভবা কুসংস্কাৰ।
উপসংহাৰঃ মহৰম মানে ‘সন্মানিত’। এই মাহত গুনাহ এৰা, নেকী বঢ়োৱা, আশুৰাৰ ৰোজা ৰখা — উক্ত তিনিওটাই কোৰ-আন-হাদীছৰ শিক্ষা।
সংগ্রাহকঃ হাফিজ মৌলানা দেলুৱাৰ খান বিন আব্বাছ খান
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা
