
🟥⬛🟥 ২০১৫ চনৰ ১৪ ছেপ্টেম্বৰ টেক্সাচৰ ইৰভিঙৰ মেকআৰ্থাৰ হাইস্কুলৰ ১৪ বছৰীয়া কিশোৰ আহমেদ মহম্মদে নিশা পলমলৈকে জাগি পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী খুলি নতুন কিবা উদ্ভাৱন কৰাৰ চেষ্টা কৰি আছিল।
সেই নিশা তেওঁৰ মনত এটা চিন্তা আহিল।
“মই নিজেই এটা ডিজিটেল ঘড়ী বনাবই লাগিব।” ঘণ্টাৰ পাছত ঘণ্টা পাৰ হ’ল। টেবুলৰ ওপৰত, চাৰ্কিট, স্ক্ৰু আৰু সৰু সৰু যন্ত্ৰপাতি পৰি আছে। বহু চেষ্টাৰ অন্তত পুৱতি নিশালৈ ঘড়ীটো সাজি উলিয়ালে।
যেতিয়া সংখ্যাবোৰ ঘড়ীৰ স্ক্ৰিনত জিলিকি উঠিল, আহমেদৰ মুখত হাঁহি বিৰিঙিল।
—নিজকে নিজে কয় উঠিল “চমৎকাৰ মই পাৰিলোঁ!”
পিছদিনা তেওঁ আনন্দেৰে ঘড়ীখন স্কুললৈ লৈ গ’ল। ভাবিছিল, ছাৰ-বাইদেউহতে প্ৰশংসা কৰিব, বন্ধু-বান্ধবীবোৰে উৎসাহ দিব।
কিন্তু তাৰ পৰিৱৰ্তে একাংশই আহমেদৰ ঘড়ীটো সন্দেহৰ চকুৰে চালে।
এজন শিক্ষকে ঘড়ীটো দেখি আচৰিত হ’ল।
— সুধিলে “এইটো কি?”
— “ছাৰ, মই নিজে বনোৱা ঘড়ী।”
কিন্তু ঘড়ীটোৰ ভিতৰত দেখি থকা তাৰ আৰু চাৰ্কিট দেখি ছাৰ-বাইদেউহতে ভুল বুজিলে। অলপ সময়ৰ ভিতৰতে স্কুলত উত্তেজনা বিয়পি পৰিল।
পুলিচ আহিল।
আহমেদক প্ৰশ্ন কৰা হ’ল।
সেই মুহূৰ্তত সৰু কিশোৰজনৰ বুকু কঁপি উঠিছিল। তেওঁ ভাবিছিল—
“মই কি ভুল কৰিলোঁ? মইতো কেৱল এটা ঘড়ীহে বনালো!”
তদন্তত স্পষ্ট হ’ল—সেইটো কেৱল এটা ঘড়ী, ইয়াৰ বাহিৰে আন একো নহয়।
কিন্তু ঘটনাটো তাতেই সমাপ্ত নহ’ল।
খবৰটো সমগ্ৰ আমেৰিকাত বিয়পি পৰিল।
লাখ লাখ মানুহে ক’লে—
“এজন কিশোৰৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহক উৎসাহিত কৰা উচিত, সন্দেহৰ চকুৰে চোৱাটো উচিত নহয়।”
সেই সময়ত হোৱাইট হাউছত বহি আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি Barack Obama।
তেওঁ ঘটনাটো শুনিলে।
তাৰপিছত টুইটাৰত এটা বাৰ্তা দিলে—
“আহমেদ, তোমাৰ ঘড়ীটো বৰ ধুনীয়া। হোৱাইট হাউছলৈ লৈ আহা। আমি তোমাৰ ঘড়ীৰ জড়িয়তে আমেৰিকাৰ শিশু-কিশোৰক বিজ্ঞান ভাল পাবলৈ উৎসাহিত কৰিম।”
বাৰ্তাটো পঢ়ি আহমেদে বিশ্বাসেই কৰিব নোৱাৰিলে। যিজন ল’ৰা যোৱাকালি স্কুলত ভয়ত থৰথৰকৈ কঁপি আছিল, আজি তেওঁক বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ ৰাষ্ট্ৰপতিয়ে মাতিছে!
কেইদিনমান পাছত আহমেদ হোৱাইট হাউছত উপস্থিত হ’ল। বিজ্ঞানী, উদ্ভাৱক আৰু দেশৰ নেতাসকলৰ মাজত থিয় হৈ তেওঁ অনুভৱ কৰিলে—
এটা সৰু ঘড়ীয়েও মানুহৰ জীৱন সলনি কৰিব পাৰে।
সেইদিনা কোনো সোণৰ মেডেল দিয়া হোৱা নাছিল, কোনো ডাঙৰ ধনৰ পুৰস্কাৰো নাছিল। কিন্তু আহমেদে পোৱা আটাইতকৈ ডাঙৰ পুৰস্কাৰ আছিল—তেওঁৰ কৌতূহলক স্বীকৃতি দিয়া হৈছিল।
✅ শিক্ষা—
কেতিয়াবা পৃথিৱীয়ে আপোনাক ভুল বুজিব পাৰে। আপোনাৰ কামক সন্দেহ কৰিব পাৰে। কিন্তু যদি আপোনাৰ উদ্দেশ্য সৎ হয় আৰু আপুনি শিকি যোৱাৰ সাহস নেহেৰুৱায়, তেন্তে সেই একেই পৃথিৱীয়ে এদিন আপোনাক সন্মান কৰিব।
এটা ঘড়ীয়ে সময় দেখুৱাইছিল, কিন্তু সেই ঘড়ীয়েই এজন কিশোৰক পৃথিৱীৰ আগত চিনাকী কৰাই দিছিল।
সংগ্ৰাহকঃ বায়েজীদ বোস্তামী
