🟥⬛🟥 ২০১৩ চনৰ এটি সন্ধিয়া।
জাপানৰ উত্তৰ প্ৰান্তৰ দ্বীপ হোক্কাইডোৰ এখন নীৰৱ গাঁও। গাঁওখনৰ মাজেৰে পাৰ হৈ গৈছে JR হোক্কাইডোৰ-ৰ এটা পুৰণি ৰে’ল লাইন। সেই লাইনৰ সৰু ষ্টেচনটোৰ নাম হ’ল কামি-শিৰাতাকি ষ্টেচন।
বৰফেৰে ঢকা অঞ্চলটোত মানুহৰ সংখ্যা ক্ৰমাৎ কমি আহিছিল। বহু পৰিয়াল ইতিমধ্যে ডাঙৰ চহৰলৈ গুচি গৈছিল। ফলত ষ্টেচনটোত যাত্ৰী প্ৰায় নোহোৱা হৈ গৈছিল।
যাৰ বাবে জাপান চৰকাৰে সেই ষ্টেচনটো বন্ধ কৰাৰ পৰিকল্পনা কৰাত নামি পৰিছিল।
শেষত তথ্য পৰ্যালোচনা কৰি তেওঁলোকে এটা কথা জানিব পাৰিলে। এগৰাকী উচ্চ মাধ্যমিক ছাত্ৰীয়ে প্ৰতিদিনে এই ষ্টেচনৰ পৰা ট্ৰেইনত উঠি টকিঅ’ৰ এটা বিদ্যালয়লৈ যায়।
প্ৰতিদিনে পুৱা ৭ বজাত কানাই বেগ আৰু কিতাপ লৈ বৰফেৰে ঢকা প্লেটফৰ্মত আহি থিয় হয়।
কেইমিনিটমান পিছতে ট্ৰেইনখন আহে।
চালকজনে যিহেতু চিনাকী, কানাইক দেখি হাঁহি এটা মাৰে।
কানাই ট্ৰেনত উঠি বহে।
ট্ৰেইনখন বিদ্যালয়ৰ ফালে যাত্ৰা আৰম্ভ কৰে।
গধূলি পুনৰ ট্ৰেইনখন নিজৰ গাওঁৰ অভিমুখে উভতে।
এনেদৰে চলি থাকে দিন, মাহ আৰু বছৰ।
যেতিয়া ৰে’ল বিষয়াসকলে জানিব পাৰিলে যে, এই ছাত্ৰীজনীৰ শিক্ষাজীৱন এতিয়াও শেষ হোৱা নাই, তেতিয়া তেওঁলোকে এক ব্যতিক্ৰমী সিদ্ধান্ত ল’লে।
“ষ্টেচনটো এতিয়াই বন্ধ নহ’ব।”
“ছাত্ৰীগৰাকীৰ শিক্ষা সম্পূৰ্ণ হোৱালৈ ট্ৰেইনখন চলি থাকিব।”
এনে সিদ্ধান্তত কোনো লাভাম্বিত হোৱা নাছিল। আৰ্থিকভাৱে কেৱল লোকচানহে হৈছিল। কিন্তু য’ত এটা সপোন জড়িত হৈ আছিল এজন শিক্ষাৰ্থীৰ ভৱিষ্যৎ।
তাৰ পিছৰ কেইবছৰ।
শীতৰ বৰফ, বসন্তৰ ফুল, গ্ৰীষ্মৰ সেউজীয়া বননি আৰু শৰৎকালৰ ৰঙা পাতৰ মাজেৰে ট্ৰেইনখন নিয়মিতভাৱে চলি থাকিল।
যেন ট্ৰেইনখন কেৱল এজন যাত্ৰীক বহন কৰা নাছিল—
এখন সমাজৰ মূল্যবোধ বহন কৰি আছিল।
অৱশেষত ২০১৬ চনৰ মাৰ্চ মাহ।
কানাৰ বিদ্যালয় জীৱনৰ শেষ দিন।
স্নাতক সমাৰোহ সম্পন্ন হ’ল।
তাই সফলতাৰে উচ্চ মাধ্যমিক শিক্ষা শেষ কৰিলে।
কামি-শিৰাতাকি ষ্টেচনৰ ইতিহাসৰ শেষ দিন।
সেইদিনা আকাশত হালকা বৰফ পৰি আছিল।
কানা শেষবাৰৰ বাবে প্লেটফৰ্মত থিয় হ’ল।
ট্ৰেইনখন আহি ৰ’ল।
দুৱাৰ খোল খাই গ’ল।
কানাই এবাৰ প্লেটফৰ্মটোৰ ফালে চাই ল’লে।
চকুৰ আগত ভাহি উঠিল বহু স্মৃতি—
প্ৰথম দিন বিদ্যালয়লৈ যোৱা।
পৰীক্ষাৰ দিনৰ উৎকণ্ঠা।
বৰষুণত ভিজা সন্ধিয়া।
বৰফেৰে ঢকা পুৱা।
আৰু প্ৰতিদিনে সময়মতে অহা সেই ট্ৰেইনখন।
তাই সন্মানেৰে প্লেটফৰ্মটোক অভিভাদন জনালে।
চালকজনেও নীৰৱে তাইলৈ চাই থাকিল।
কোনেও একো নক’লে।
কাৰণ কিছুমান অনুভূতি শব্দত প্ৰকাশ কৰিব নোৱাৰি।
ট্ৰেইনখন ধীৰে ধীৰে আগবাঢ়ি গ’ল।
সেইদিনা আছিল কামি-শিৰাতাকি ষ্টেচনৰ শেষ যাত্ৰা।
কেইঘণ্টামান পিছত ষ্টেচনটো আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়া হ’ল।
কিন্তু পৃথিৱীৰ মানুহে এই ঘটনাৰ পৰা এটা ডাঙৰ শিক্ষা লাভ কৰিলে—
এখন জাতিৰ প্ৰকৃত শক্তি তাৰ অট্টালিকা, ধন-সম্পত্তি বা প্ৰযুক্তিত নহয়; এখন জাতিৰ প্ৰকৃত শক্তি হৈছে শিক্ষাৰ প্ৰতি থকা সন্মান।
কামি-শিৰাতাকিৰ সেই শেষ ট্ৰেইনখনে মাত্ৰ এজনী ছাত্ৰীক বিদ্যালয়লৈ নিয়া নাছিল।
সেই ট্ৰেইনখনে এটা বাৰ্তা কঢ়িয়াই লৈ গৈছিল—
“যি সমাজে শিক্ষাক সৰ্বোচ্চ স্থান দিয়ে, সেই সমাজেই ভৱিষ্যৎ নিৰ্মাণ কৰে।”
✅ কাহিনীটোৰ পৰা আমি কি শিক্ষা পালো।
- দায়িত্বশীল শাসনব্যৱস্থাই সমাজ গঢ়ে
চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহে যেতিয়া নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া এখন উন্নত সমাজ গঢ়ি উঠে। - সৰু কামেও ডাঙৰ বাৰ্তা দিয়ে
এখন সৰু ষ্টেচন আৰু এজনী ছাত্ৰীৰ কাহিনীয়ে সমগ্ৰ পৃথিৱীক শিক্ষাৰ গুৰুত্বৰ কথা শিকাইছিল। - ধৈৰ্য আৰু অধ্যৱসায় সফলতাৰ চাবিকাঠি কানা প্ৰতিদিনে কঠিন পৰিস্থিতিতো বিদ্যালয়লৈ গৈ নিজৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। সন্মানৰ সংস্কৃতিয়ে এখন জাতিক মহান কৰি তোলে।
সংগ্ৰাহকঃ বায়েজীদ বোস্তামী।
