“(হে ব্যক্তি/ জাতি!) তুমি যদি নষ্ট কৰা সময়, সময়ে নষ্ট কৰিব তোমাক”

Share :

“(হে ব্যক্তি/ জাতি!) তুমি যদি নষ্ট কৰা সময়, সময়ে নষ্ট কৰিব তোমাক”

#সময় আৰু আমাৰ  #সমাজ।

সময় প্ৰতিটো জাতি আৰু প্ৰতিজন ব্যক্তিৰ বাবে আটাতকৈ মূল্যবান সম্পদ। ই ধনী-দুখীয়া সকলোকে সম দৃষ্টিৰে চাই। পৰস্পৰ কোনো প্ৰভেদ নকৰে আৰু কাৰো বাবে ৰৈ নাথাকে (Time waits for no one)। যদি কোনো ব্যক্তিয়ে জীৱনৰ বহুমূলীয়া সময় খিনি সঠিক ৰূপে মূল্যায়ন কৰে , তেন্তে তেওঁ নিশ্চিতভাৱে অগ্ৰগতি লাভ কৰিব পাৰিব, নহলে নিশ্চিতভাৱে আনৰ সফলতাৰ কাহিনী শুনি থাকিব লাগিব । 

 কোনো ব্যক্তিৰ প্ৰকৃত উন্নতি আৰু বিকাশ মানে হ’ল, তাৰ গোষ্ঠী বা জাতিৰ উন্নতি। অৰ্থাৎ ব্যক্তিগতভাৱে হওক বা সমূহীয়াভাৱে হওক প্ৰকৃত বিকাশ বিচাৰিলে সময়ৰ সৎ ব্যৱহাৰ জানিব লাগিব। গতিকে সময়ৰ মূল্যায়ন হ’ল জাতি বা গোষ্ঠীৰ উন্নতিৰ মাপকাঠি স্বৰূপ। কাৰণ সময়ে ইতিহাসত কোনো জাতিৰ উত্থান আৰু পতনত গ্ৰহণযোগ্য ভূমিকা পালন কৰে। 

সাম্প্ৰতিক সময়ত লোক পাৰ্থিৱ জগতৰ  নিত্য-নৈমিত্তিক কৰ্মত যিদৰে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে , তাক অতীতৰ লগত কোনো বাক্যত তুলনা কৰিব নোৱাৰি। যেনে-

     ১। এজন খেতিয়কে যদি চাকৰিয়াল ব্যক্তিৰ পৰা কিছু সময় বিচাৰে, তেন্তে তেওঁ বহুমূলীয়া সময় দিয়াৰ বাবে সমূলি প্ৰস্তুত নহয়। 

    ২।  অনুৰূপ, যদি কোনো ছাত্ৰ এজনে বেলেগ শ্ৰেণীৰ ছাত্ৰৰ পৰা সময়ৰ ভিক্ষা খোজে, সেইজনেও এতিয়া নহয় পিছত বুলি কব। 

    ৩। বাটত কৰবাত কোনো অঘটন দেখিলে, আঘাতপ্ৰাপ্ত ব্যক্তিজনক সহায় কৰাৰ সময় নহয় (কিছুমানে অৱশ্যে ফটো/ভিডিঅ কৰাৰ সময় ওলাই লয়)। 

    ৪। চহৰ আৰু পথৰ চাৰিআলিত ট্ৰেফিক আৰু লোকৰ ভীৰ তথা ধুমুহাৰ গতি চাই যিকোনো ব্যক্তিয়ে নিশ্চয় অনুধাৱন কৰিব পাৰিব যে আজিৰ মানুহ কিমান বেছি ব্যস্ত। 

সংক্ষিপতে, নিজৰ সময় বেলেগক দিয়াৰ বাবে কোনোৱে প্ৰস্তুত নহয়, সকলোৱে বিৰাট ব্যস্ত। তদুপৰি আচৰিত বিষয়টো হ’ল, আজিৰ দিনত ওচৰ চুবুৰীয়াৰ বিপদ-আপদৰ সময়ত মাত এষাৰ দিবলৈও সময় নোহোৱা হৈ পৰিছে । একে কেম্পাচত বছৰ বছৰ থকা বসবাস বহু লোকে লগৰ ঘৰৰ মানুহক চিনিও নাপায়, সহায় কৰাতো দূৰৰ কথা। 

ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে এইযে আমাৰ চাৰিওফালে বাস কৰা এচাম, আমাৰ আধুনিক সমাজ তথা যুৱসমাজ যিবোৰ  মানসিক, বৌদ্ধিক, শাৰীৰিক ৰোগত আক্ৰান্ত হৈ বিভিন্ন কু-সংস্কাৰ আৰু কু অভ্যাসৰ প্ৰতিযোগিতাত নামি পৰিছে আছে….. ইয়াৰ আঁৰত কি কাৰণ লুকাই আছে?  আপুনি আমি কেতিয়াবা ভাবি চাইছো নে? এবাৰ আমি নিজৰ দৃষ্টিভংগী পৰীক্ষা কৰিছোঁ নে? পূৰ্বৰ পৰাই যুৱসমাজ এনেকৈ উশৃংখল হৈ আছিল নেকি? 

ইয়াৰ উত্তৰ জানিবলৈ আমি যদি আমাৰ অতীতৰ লগত এবাৰ ৰিজাই‌ চাওঁ তেন্তে ষ্পষ্টকৈ বুজিব পাৰি যে আধুনিক যুগত উঠি অহা নৱ প্ৰজন্মৰ চিন্তাধাৰা, মেধা-মনন, মনোবল আৰু উৎসাহ -উদ্দীপনা অতীতৰ যুৱক-যুৱতীসকলৰ পৰা সম্পূৰ্ণ পৃথক । অথচ বৰ্তমান যুগৰ নৱ-প্ৰজন্মই নিত্য -নৈমিত্তিক জীৱনত ভোগ বিলাসৰ সৰ্বত্তোম সামগ্ৰী ব্যৱহাৰ কৰি আছে যি সম্পৰ্কে অতীতত কেতিয়াবা কল্পনাও কৰা হোৱা নাছিল।

কাৰণ সময়ৰ মূল্যহীনতা আৰু সময়ৰ অপচয়ে আধুনিক যুগৰ নৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ।  ব্যাপকভাৱে সময় ধ্বংস আধুনিক শিক্ষা  গ্ৰহণ কৰাৰ নামত হোটেল, ৰেষ্টুৰেন্ট আৰু পাৰ্ক আদিত সময় অপচয় কৰি আছে। চছিয়েল মেডিয়াৰ কথা বাৰু ক’বই নালাগে। প্ৰধানকৈ আমাৰ মুছলিম সমাজখন এই মৰ্মান্তিক তথা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈ আছে । মুছলিম যুৱক -যুৱতীসকল দিকহাৰা পথাচাৰুৰ দৰে জীৱনৰ মূল্যৱান সময়খিনি অপচয় কৰি আছে। এওঁলোক অনাগত দিনত দেশ কিম্বা সমাজ খনৰ বাবে সম্পদ হৈ কিদৰে গঢ়ি উঠিব? কেনেকৈ নিজকে দেশ আৰু জাতিৰ ভৱিষ্যত হিচাপে গঠন কৰিব আৰু প্ৰমান কৰিব? 

⬛ সময়ৰ গুৰুত্ব :

বুদ্ধিজীৱীসকলে ক’য়,  এয়া চিৰসত্য যে সময়ৰ অপচয় আৰু অযথা ব্যৱহাৰ মানেই আত্মহত্যা তথা নিজকে হত্যা কৰা। কাৰণ হত্যাকাৰী চিৰদিনৰ বাবে ভোগ বিলাসৰ পৰা বঞ্চিত হয়। অনুৰূপ ভাৱে অনৰ্থকভাৱে সময়ৰ ব্যৱহাৰ কৰাসকলে জীৱনৰ ভোগ বিলাসৰ পৰা নিদ্দিষ্ট সময় লৈকে পংগু হৈ থাকে।  সমাজত নিশ্চয় সেইসকল অভদ্ৰ, মদাৰু , উশৃঙ্খলাকাৰী আৰু উপদ্ৰাৱী আৰু উদ্ভণ্ড তথা সমাজৰ কলংক, যিসকলে জীৱনত অনাই বনাই ঘুৰি নিজৰ সময় খিনি মূল্যহীনতাৰে কটায়।

প্ৰকৃততে মুছলিম জাতি বিশেষকৈ মিয়া জাতিটো আজি এইবাবেই অপমানিত, লাঞ্ছিত, বঞ্চিত হোৱাৰ লগতে জঘণ্য ভাৱে চক্ৰান্ত, অত্যাচাৰ আৰু বৰ্বৰতা বলি হৈ আছে । 

 আমি ইছলামৰ বিধি -বিধান পিনে চকু ফুৰাই চাওঁ, তেন্তে আমি প্ৰত্যক্ষ কৰিব পাৰিম যে ইছলামৰ কেতবোৰ হুকুম আহকাম নিদ্দিষ্ট সময় সীমাত অন্তৰ্নিহিত হৈ আছে। সেয়ে  নিদ্দিষ্ট সময়ৰ ভিতৰত আদায় কৰিলে সঠিক মৰ্যাদা প্ৰাপ্তি হ’য়, নহলে নহয়। যেনে: নামাজ, ৰোজা, হজ্ব আৰু কোৰবাণী ইত্যাদি। সাধাৰণতে সময়ৰ গুৰুত্ব বুজাবলৈ এই ব্যৱস্থা যথেষ্ট। 

উঠি অহা নৱপ্ৰজন্মক সৰ্বপ্ৰথম সময়ৰ গুৰুত্ব সম্পৰ্কে  জ্ঞান দিব লাগে। অতীতৰ মনীষীসকলৰ অভূতপূৰ্ব জীৱনী আৰু সময়ৰ তাৎপৰ্যৰ সম্পৰ্কে অৱগত কৰাব লাগে। যাতে তেওঁলোক জীৱনৰ বহুমূলীয়া সময়খিনি সঠিকভাৱে পৰিচালিত কৰিবলৈ উদ্বুদ্ধ হ’য়। তলত কিছু নিৰ্দেশনা আৰু আকাবিৰসকলৰ দৃষ্টান্তমূলক ঘটনা আগবঢ়োৱা হল :

◾ মৃত্যুয়েও সময়ৰ প্ৰতি গুৰুত্ব কম কৰিব নোৱাৰে —

ইমাম আবু ইউচুফ ৰহঃ ইমান নিয়মীয়া আছিল আৰু সময়ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছিল, যে মৃত্যুৰ আগ মূহুৰ্ত লৈকে তেওঁ শিক্ষামূলক আলোচনাত ইব্ৰাহিম ইবনে জাৰ্ৰাহৰ সৈতে ব্যস্ত আছিল। (মাতায়ে ৱাকত: ১৪১)

◾ঘৰৰ বাহিৰত থাকিও সময়ৰ প্ৰতি গুৰুত্ব প্ৰদান —

 ইমাম মুহাম্মদ ৰহঃ এদিনাখন ইমাম শ্বাফী ৰহঃৰ ঘৰত আলহী হিচাপে উপস্থিত হৈছিল। তাত ওৰে ৰাতি বিছনাত থাকি এহাজাৰত কৈ অধিক মাছাইল গৱেষণা কৰিছিল। 

(মাতায়ে ৱাকত:১৪৩)

◾নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কৰ্ম কৰিবই লাগিব —

 হজৰত শ্বেইখুল হিন্দ ৰহঃ এদিনাখন প্ৰিয়তম শিষ্য হজৰত থানভী ৰহঃৰ ঘৰত উপস্থিত হ’ল। হজৰত থানভীয়েও আনন্দিত হৈ ৰহঃ অতিথিপৰায়ণতা প্ৰদৰ্শন কৰিলে। কিন্তু যেতিয়া তেওঁৰ (শিষ্যৰ) নিজৰ দৈনিক অধ্যয়নত ব্যস্ততাৰ সময় হ’ল, তেতিয়া গুৰুৰ পৰা অনুমতি বিচাৰি গুৰুৰ ওচৰত উপস্থিত গৈছিল । (মাতায়ে ৱাকত:২১৮)

◾ সময়ৰ পৰিকল্পিত ব্যৱহাৰ —

ইমাম শ্বাফী ৰহঃ এ ৰাতিৰ সময়খিনিক তিনিটা ভাগত ভাগ কৰিছিল :

    ১।  প্ৰথমাংশত লিখা-মেলাত ব্যস্ত থাকিছিল।

    ২।  দ্বিতীয়াংশত নামাজ, উপসনা কৰিছিল।

    ৩।  তৃতীয়াংশত বিশ্ৰাম কৰিছিল। (মাতায়ে ৱাকত: ১৪৮)

◾ শ্বেইখুল হাদীছ হজৰত মৌলানা যাকাৰীয়া ৰহঃ  অধ্যয়ন আৰু লেখা মেলাত ইমান বেছি ব্যস্ত আছিল যে তেওঁ ২৪ঘন্টাৰ কেৱল ২-৩ ঘন্টাহে বিশ্ৰাম কৰিছিল। যত কেতিয়াবা আহাৰ গ্ৰহণ কৰিবলৈ পাহৰি গৈছিল। (আব বীতি:৩/ ১২-১৩)

এই আটাইবোৰ দৃষ্টান্তৰ পৰা এই কথাষাৰ পৰিস্ফুট হ’য় যে সময়ৰ মূল্য সেইসকল ব্যক্তিয়ে বুজি পায় যিসকলক আল্লাহে অনুগ্ৰহৰ দৃষ্টিৰে দেখিছে বা দেখে । 

শেষত আৰবী এটি বাক্য—  الوقت اثمن من الذهب والفضة ( সময় সোণ আৰু ৰূপতকৈ উত্তম) ।

সংগ্ৰহ — মুফতী মফিদুল ইছলাম ক্বাছিমী ,  ‘কলম’ গোট, ইচৰা। 

      ____ সহকাৰী শিক্ষক দাৰুল হাদীছ পূৱ বৰক্ষেত্ৰী আলীয়া মাদ্ৰাছা লোহাৰকাঠা নলবাৰী।

সম্পাদনা — মুৰতাজা ইউছুফ কাছিমী। (এডিটৰ : NE PEACE, কলম গোট, ইচৰা)