
✒️সঙ্কলকঃ নুৰ আলম শইকীয়া।
‘থাগাডা শ্বান’ থাইলেণ্ডৰ এগৰাকী প্ৰখ্যাত স্নায়ু বিজ্ঞানী আছিল। তেওঁ মানৱ দেহৰ যন্ত্ৰণাৰ স্থল তথা যন্ত্ৰণাৰ উৎপত্তি স্থল ক’ত বা কোনখিনিত হয়, সেই বিষয়ে প্ৰচূৰ গৱেষণা কৰিছিল। কিয়নো এই গৱেষণাৰ পূৰ্বে বিজ্ঞানী সকলে এই সম্পৰ্কে জনাইছিল যে মানুহৰ মস্তিষ্কই হৈছে মানুহৰ যন্ত্ৰণা কাতৰ অথবা উৎপত্তিৰ একমাত্ৰ স্থল।
কিন্তু বৰ্তমানৰ আধুনিক বিজ্ঞানীসকলে তাক একেমুখে নস্যাৎ কৰি কৈছে যে মানৱদেহৰ যন্ত্ৰণাৰ উৎপত্তি স্থল মস্তিষ্ক নহয় বৰং মানুহৰ দেহৰ ছালহে।
আৰু যিহেতু আমি বিশ্বাস কৰোঁ যে জীৱনৰ প্ৰতিটো দিশতেই ইছলামৰ ক্বুৰআন আৰু হাদীছে পথপ্ৰদৰ্শন কৰি আহিছে। সেয়ে এই বিষয়ে পৱিত্ৰ কোৰআনত কি আছে, আহক সেই বিষয়ে আলোচনা কৰো।
◼️পৱিত্ৰ ক্বুৰআন –
পৱিত্ৰ ক্বুৰআন অধ্যয়ন কৰিলে দেখিবলৈ পোৱা যায় এনেদৰে : 👇🏼
إِنَّ الَّذِينَ كَفَرُوا بِآيَاتِنَا سَوْفَ نُصْلِيهِمْ نَارًا كُلَّمَا نَضِجَتْ جُلُودُهُمْ بَدَّلْنَاهُمْ جُلُودًا غَيْرَهَا لِيَذُوقُوا الْعَذَابَ ۗ إِنَّ اللَّهَ كَانَ عَزِيزًا حَكِيمًا-
অৰ্থাৎঃ নিশ্চয় যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰে আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি-পকি যাব তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
(ছুৰা-নিচা আয়াত ৫৬)
ওপৰোক্ত আয়াতৰ দ্বাৰা এই বিশ্বজগতৰ সৃষ্টিকৰ্তা মহান আল্লাহ পাকে তেওৰ অস্বীকাৰকাৰী সকলক সতৰ্ক কৰি দিছে। অৰ্থাৎ মৃত্যুৰ পিছত তেওলোক কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব সেয়া উল্লেখ কৰিছে।
যত মানুহৰ ছালতহে যে যন্ত্ৰণাদায়ক অনুভূতিৰ স্থান আছে সেই কথা স্পষ্টকৈ প্ৰমাণিত হৈ গৈছে।
১৪০০ বছৰতকৈও অধিক কাল পূৰ্বে পৃথিৱীৰ বুকুলৈ অৱতীৰ্ণ হোৱা পৱিত্ৰ কোৰআনত এই তথ্যৰ উমান পায় বিজ্ঞানী থাগাডা শ্বান অবাক হৈ পৰিছিল।
ফলত তেওঁ পৱিত্ৰ কোৰআনৰ এই তথ্যক স্বীকাৰ কৰি বিজ্ঞানৰ মতেও সত্য বুলি ঘোষণা প্ৰদান কৰিছিল।
উল্লেখ্য যে- সেই সময়ত সমগ্ৰ পৃথিৱীৰ কতোৱেই কিন্তু পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে কোনোধৰণৰ যন্ত্ৰণাপাতি আদিও আৱিস্কাৰ হোৱা নাছিল।
সেয়েহে কিছুমানে সেইসময়ক অন্ধকাৰৰ যুগ বুলিও অভিহিত কৰে বা কৰিছিল। কিন্তু আচৰিতভাৱে সেইসময়তে অৱতীৰ্ণ হোৱা পৱিত্ৰ কোৰআনেই আমাক জনালে যে- মানুহৰ ছালত স্নায়ু (কোষ) আছে আৰু ছালত থকা এই স্নায়ুৰ সহায়তে মানুহে অনুভূতিবান হয় বা অনুভূতি লাভ কৰে।
আকৌ মানুহৰ এই ছাল পুৰিলে বা জুইত জ্বলি গলে ছালৰ অনুভূতি কমি আহে/ লোপ পায়।
অৰ্থাৎঃ ছালেই হৈছে মানুহৰ অনুভূতিৰ মূল কেন্দ্ৰবিন্দু।
◼️ আধুনিক বিজ্ঞান-
আনপিনে আধুনিক বিজ্ঞানী সকলেও কৈছে যে- মানুহৰ ছালত অতিসুক্ষ্ম প্ৰায় ৭০টা মান প্ৰলেপ থাকে।
ইয়াৰ ভিতৰত প্ৰধান প্ৰলেপ হৈছে চাৰিটা-
১. প্ৰথমটো প্ৰলেপৰ কাম হৈছে “কোনো এটা বস্তুক আকৰ্ষণ কৰি ঠাণ্ডা অথবা গৰম অনুভৱ কৰা”।
২. দ্বিতীয়টো প্ৰলেপৰ কাম হৈছে “প্ৰতিৰোধ ক্ষমতা গঠন কৰা”।
৩. তৃতীয়টো প্ৰলেপৰ কাম হৈছে “চৰ্বি আৰু খাদ্য সৰবৰাহ কৰা”।
৪. চতুৰ্থটো প্ৰলেপৰ কাম হৈছে “ইয়াৰ মাজেদি ৰক্ত, পানী আদি সুচাৰুৰূপে সঞ্চালিত কৰা”।
ই সম্পূৰ্ণভাৱে জলীয় সিৰা-উপসিৰাৰে পৰিপূৰ্ণ।
পৱিত্ৰ কোৰআনত থকা এই সমূহ তথ্য অতীতত মানুহে মানি লোৱা নাছিল যদিও বৰ্তমান বিজ্ঞানে যিমানে উন্নতিৰ শিখৰত উঠি নুতুনত্বৰ পিনে আগবাঢ়ি গৈছে সিমানেই কিন্তু কোৰআনৰ এই তথ্যসমূহো সত্য বুলি প্ৰমাণিত হ’বলৈ ধৰিছে।
যাক আজিৰ বিজ্ঞানে স্বীকাৰ কৰিবলৈ বাধ্য।
সেইকাৰণে (বিজ্ঞানীসকলৰ ক্ষেত্ৰত) বৈজ্ঞানীক ছাৰ ফ্ৰান্সিছ বেকনে কৈছিল যে- “the little knowledge of science make you an atheist, but an in depth study of science makes you a believen in the Almighty God”
অৰ্থাৎঃ বিজ্ঞানৰ অল্পজ্ঞানে মানুহক নাস্তিকতাত পৰিণত কৰে, কিন্তু বিজ্ঞানৰ পৰিপূৰ্ণ অধ্যয়ণ তথা পৰিপূৰ্ণ জ্ঞানে মানুহক সৰ্বশক্তিমান (আল্লাহৰ) বিশ্বাসত বিশ্বাসীতলৈ পৰিণত কৰে।
ক্ৰমশঃ!
🔘 তথ্যসূত্ৰঃ
১/আধুনিক বিজ্ঞানত কোৰআন পৃষ্ঠাঃ ১৩
২/ অসমীয়া খবৰ ০৫-১০-২০১২ সংখ্যা
৩/ ‘ফজল আহমেদ’ৰ কোৰানৰ অৱদান ১ম খণ্ড
ধন্যবাদেৰে নুৰ আলম শইকীয়া।
(কলম গোট)