
ইছলাম হৈছে এটা শান্তিপূর্ণ ধর্মৰ নাম, বৰঞ্চ এক সম্পূৰ্ণ জীৱন ব্যৱস্থাৰ নাম। সর্বক্ষেত্রতে/সৰ্বসময়তে নিশ্চিত শান্তিৰ বাতাবৰণৰ বাবে প্রেম-প্রীতি, সৌহার্দ্য আৰু সম্প্রীতিৰ বিশ্বজুৰি এক পৰিমণ্ডল প্রতিষ্ঠা কৰাটোৱেই হৈছে ইছলামৰ মূল উদ্দেশ্য।
ইছলামে মানুহৰ জীৱনলৈ এনে এক পৱিত্ৰময় শীতল বতাহ বোৱাই আনিব খোজে যি বতাহে মানুহৰ দেহ-মন, মগজুত সুস্থ শক্তিৰ সঞ্চাৰ কৰি অইন ধর্মৰ সৈতে প্রীতিময় সম্পর্ক গঢ়ি তোলাৰ বাবে আত্মাক সতেজ কৰি তোলে।
আমাৰ এই দেশতো তাহানি যুগৰে পৰা নানান জাতি-জনগোষ্ঠী আৰু বিভিন্ন ধর্মৰ অনুসাৰীসকলে স্বাধীনভাৱ সকলোৱে নিজ নিজ ধৰ্ম পালন কৰি
কাৰো ধৰ্মত কোনোধৰণৰ আঘাত নিদিয়াকৈ একতাৰ ৰছীৰে পাৰস্পৰিক
সু-সম্পর্ক বজায় ৰাখি ঐক্যবদ্ধ সমাজ গঠন আৰু বসবাসৰ মাধ্যমেৰে সাম্প্রদায়িক সম্প্রীতিৰ সেই ঐতিহ্য ৰক্ষা কৰি আহিছে।
সেইহেতু কোন কি ধর্মৰ অনুসাৰী সেইটো চোৱাৰ বিপৰীতে ইছলামে মানুহ হিচাপে সকলোকে সমান বুলি অভিহিত কৰি সকলোকে সমান চকুৰে চাবলৈহে শিক্ষা প্ৰদান কৰিছে।
পৱিত্র কোৰআনত মহান আল্লাহপাকে ঈৰ্শ্বাদ কৰিছে-
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ
অৰ্থাৎঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’বলৈ পাৰা।
(ছুৰা আল হুজুৰাত, আয়াত: ১৩)
এই আয়াতটোৱেই নিশ্চিতভাৱে বিশ্ব-মানৱৰ বাবে ভ্রাতৃত্ব আৰু সাম্যৰ মহাচনদ তথা মহাচানেকী হিচাপে পৰিগণিত হৈছে।
◼️ সমমর্যাদাৰ অধিকাৰী:
এযোৰ পুৰুষ-মহিলাৰ পৰা সৃষ্ট এই মানৱমণ্ডলীৰ সদস্য হিচাপে আল্লাহৰ ওচৰত আমি সকলোৱেই সমমর্যাদাৰ অধিকাৰী। ছালৰ ৰং, ধন-সম্পদ তথা বংশ-মর্য্যদাৰে কেতিয়াও কোনো মানুহৰ মূল্যায়ন কৰিব পৰা নাযায়। এজন ব্যক্তিৰ মর্য্যদা আৰু সম্মানৰ সঠিক মাপকাঠি হৈছে- ব্যক্তিজনৰ উচ্চমানৰ নৈতিক গুণাৱলী-আচৰণ আৰু স্রষ্টাৰ সৃষ্ট সৃষ্টিৰ প্রতি থকা কর্তব্য আৰু দায়িত্বপৰায়নতা।
বিশ্বনবী হজৰত ৰাছুলে মাক্ববুল (ছঃ)য়ে ইন্তিকালৰ কিছুদিন আগত বিদায় হজ্জৰ সময়ত বিশাল ইছলামি সমাগমক সম্বোধন কৰি উদাত্ত কন্ঠেৰে এইবুলি ঘোষণা কৰিছিল যে-
‘হে মানৱমণ্ডলী! তোমালোকৰ আল্লাহ এক আৰু অদ্বিতীয় আৰু তোমালোকৰ আদি পিতাও এক। সেয়ে জানি লোৱা, তোমালোকৰ মাজৰ পৰা আৰৱীসকল অনা-আৰৱীসকলতকৈ কোনো পধ্যেই শ্রেষ্ঠ নহয় বা হ’ব নোৱাৰে। তদ্ৰুপ অনা-আৰৱীসকলৰো আৰৱীসকলৰ ওপৰত কোনো শ্ৰেষ্ঠত্ব নাই বা থাকিব নোৱাৰে।
(বায়হাক্বী)
◼️ সকলো ধর্মৰ উপাসনালয়ৰ প্ৰতি শ্রদ্ধাভাৱ :
ইছলামে সকলো ধর্মৰ উপাসনালয় সমূহকো পৰম শ্রদ্ধা আৰু সম্মানৰ দৃষ্টিৰে চোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। আৰু কোনো উপাসনালয়ৰ ওপৰত সকলোধৰণৰ আক্ৰমণ চলোৱা কাৰ্য্যক কঠোৰভাৱে নিষেধ কৰিছে। কেৱল সেয়াই নহয় অমুছলিসকলে যিবোৰৰ পূজা-অৰ্চনা কৰে সেইবোৰকো গালি নিদিবলৈ আল্লাহপাকে সকিয়নী দিছে।
পৱিত্র কোৰআনত আল্লাহে কৈছে-
وَلَا تَسُبُّوا الَّذِينَ يَدْعُونَ مِنْ دُونِ اللَّهِ فَيَسُبُّوا اللَّهَ عَدْوًا بِغَيْرِ عِلْمٍ ۗ
অৰ্থাৎঃ “আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে”
(ছুৰা আন আম: আয়াত ১০৮)
এই আয়াতৰ দ্বাৰা কেৱলমাত্ৰ প্রতিমা পূজাৰীসকলৰ সংবেদনশীলতাৰ প্রতি শ্রদ্ধা প্রদর্শনৰ বাবে নির্দেশ প্ৰদান কৰাই নহয় বৰং সকলো জাতি আৰু সম্প্রদায়ৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ বন্ধুত্ব স্থাপনৰ বাবেও উদ্বুদ্ধ কৰা হৈছে।
[অগ্রপথিক চীৰাতুন্নবী (ছঃ) ১৪১৬ হিজৰী, ১০ম বর্ষ,
◼️ ধর্মৰ নামত সংঘৰ্ষৰ স্থান নাই –
এবাৰ ভাবি চাওকচোন, ইছলামে আমাক কি চমৎকাৰ শিক্ষা দিছে! বিশ্বনবী (ছঃ)ৰ প্রতিষ্ঠিত নীতি এই যে-
যি যি ধর্মৰেই নহওক কিয় ৰাষ্ট্রীয়ভাৱে তেওলোকৰ জাগতিক অৱস্থান সমান।
সেইবাবে তেখেত (ছঃ)ৰ দৃষ্টিত
ধৰ্মক লৈ হায়-কাজিয়া কৰি দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কাৰ্য্য চৰম জঘন্যতৰ অন্যায়।
সেয়ে সাৱধান বানী শুনাই তেখেত (ছঃ)য়ে বিদায় হজ্জৰ ভাষনত কৈছে- ‘হে মানৱমণ্ডলী! সাৱধান, তোমালোকে ধর্মক লৈ কেতিয়াও সংঘৰ্ষত লিপ্ত নহ’বা। কিয়নো তোমালোকৰ পূৰ্ৱৰ জাতিবোৰ ধর্মৰ নামত সংঘৰ্ষ কৰাৰ বাবেই ধ্বংস হৈ গৈছে’।
(ইবনে মাজা, কিতাবুল মানাচিক)।
সেয়েহে, ধর্মীয় মতবিৰোধ পৰিহাৰ কৰি আমি সকলোৱে সকলো ধর্মৰ অনুসাৰীকে ভালপাবলৈ শিকো আহক।
মহান আল্লাহতাআলাই আমাক সকলোকে প্রকৃত ইছলামৰ শিক্ষা অনুযায়ী জীৱন পৰিচালনা কৰাৰ তৌফিক দান কৰক, আমিন।
ধন্যবাদেৰে-
✒️ নুৰ আলম শইকীয়া।
কলম গোট