সফলতাৰ চাবিকাঠি ইস্তিখাৰাহ : কি আৰু কেনেকৈ, জানক লেখাটোত

Share :

   #ইস্তিখাৰাহ : 📍অলপ দীঘলীয়া হলেও পঢ়িব

✒️ সংকলক- এম মুৰতাজা ইউছুফ।

🔴 ইস্তিখাৰাহ শব্দৰ অর্থ: ইস্তিখাৰাহ শব্দটো আৰবী ইয়াৰ আভিধানিক অর্থ হ’ল,’ (কোনো এটা বিষয়ত) কল্যাণ বিচৰা’ ।

ইছলামী পৰিভাষাত: “দুই ৰাকাত নামায তথা বিশেষ দোআৰ মাধ্যমত আল্লাহ পাকৰ কাষত নিজৰ ভাল পোৱা বিষয়ত মনটো ধাৱিত হোৱাৰ বাবে আশা কৰা। অর্থাৎ দুটা বিষয়ৰ মাজত কোনটো অধিক কল্যাণকৰ আৰু উপকাৰী হ’ব, তাৰ বাবে আল্লাহৰ ওচৰত দুই ৰাকাত নামাজ আৰু ইস্তিখাৰাৰ দোআৰ মাধ্যমত সাহায্য বিচৰাৰ নামেই হ’ল ইস্তিখাৰাহ।”
[ইবনে হাজাৰ আচক্বালানী, ফাতহুল বাৰী]

ইস্তিখাৰাহ কৰাৰ ভিত্তি আৰু স্থিতি : ইছলামত এয়া চুন্নত। চহীহ বুখাৰাৰ হাদীছৰ দ্বাৰা এয়া প্রমাণিত।

🔴 ইস্তিখাৰাহ কিয় জৰুৰী, কি উদ্দেশ্য ?

১) দূৰ্দশাৰ কাৰণ :
من شقوة ابن آدم ترکہ استخارة اللّٰہ (مجمع الاسانید)
অৰ্থ: আল্লাহৰ লগত ইস্তিখাৰাহ এৰি দিয়া, মানৱ সন্তানৰ বাবে বঞ্চিত তথা দূৰ্দশাৰ কাৰণ। (মাজমাউল আচানীদ, মিশ্বকাত<শব্দৰ সালসলনিৰ সৈতে>)

২। বিফল হৈ লজ্জিত নহয় :

۴- ما خاب من استخار وما ندم من استشار (طبرانی)
অৰ্থ- যিজনে ইস্তিখাৰাহ কৰিছে সি কেতিয়াও বিফল নহয়, আৰু যিজনে পৰামৰ্শ কৰিছে সি লজ্জিত নহয়। (তাবৰানী)

  অৰ্থাৎ ইস্তিখাৰাহ আৰু অভিজ্ঞজনৰ লগত পৰামৰ্শৰ পিছত সেই সিদ্ধান্তত ষ্পষ্ট থাকিব যে যি কৰিছো আল্লাহ পাকৰ সিদ্ধান্ত মতেই কৰিছো, ভাল মানুহৰ লগত জানি বুজিয়েই কৰিছো। গতিকে সফল হৈছোঁ যদি ভাল, আৰু বিফল হৈছো যদি ইয়াতেই কল্যাণ নিহিত হৈ আছে। দুয়ো অৱস্থাত সি সন্তুষ্ট। 

৩) বিভিন্ন অন্ধবিশ্বাসৰ পৰা মুক্তি :
আদিম যুগৰ পৰা আজিৰ দিন লৈকে মানুহ সভ্যতাৰ ইতিহাস মনৱ জীৱনক ঘেৰি ৰাখিছে বিভিন্ন ধৰণৰ কু সংস্কাৰ আৰু অন্ধবিশ্বাসে। তাৰ উল্লেখযোগ্য এটা হ’ল, নিজৰ লক্ষ্যত উপনীত হবলৈ, নিজৰ কামটো কুশলে মঙ্গলে আৰু সফলতাৰ শেষ কৰিবলৈ আজিৰ অশিক্ষিত শ্ৰেণীৰ লগতে শিক্ষিত তথা আধুনিক মানুহৰ কিছু কৰ্ম :
ক। বিভিন্ন ধৰণৰ, ৰং বিৰঙৰ আঙুঠি পিন্ধে।
খ। গাত, ঘৰত নানা তাবিজ ব্যৱহাৰ কৰে।
গ। ভিন্ন ভণ্ড বাবাৰ ওচৰত গৈ নতশিৰ হয়।
ঘ। ভণ্ড পীৰ আদিৰ ওচৰত লাখ টকা খৰছ কৰে।
ঙ। মাজাৰ আদিত গৈ শ্বিৰ্কত লিপ্ত হয়।
চ। আন বহুতো অন্ধবিশ্বাসত লিপ্ত হয়।

যিদৰে পূৰ্বৰ মানুহে ধনু কাঁৰ আদিৰে নিজৰ ভাগ্য পৰীক্ষা কৰিছিল। এই ধৰণে লাহে লাহে এক অজান অন্ধকাৰত প্ৰৱেশ কৰি থাকে নিজৰ লক্ষ্য অৰ্জন কৰিব গৈ।
গতিকে এই অন্ধকাৰসমূহৰ পৰা মুক্ত পাবলৈ ইস্তিখাৰাৰ সহায় লোৱাৰ বাহিৰে আন কোনো উপায় নাই। (হুজ্জাতুল্লাহুল বালিগ্বাহ)

৪। ফৰিস্তাৰ লগত সাদৃশ্যতা :

ইস্তিখাৰাহৰ সর্বাধিক উপকাৰটো হ’ল, মানুহ ফিৰিস্তা-গুণৰ অধিকাৰী হৈ যায়। হয়ে। কাৰণ যি ব্যক্তি ইস্তিখাৰাহ কৰে সে নিজৰ ব্যক্তিগত মতামত আৰু সিদ্ধান্তৰ পৰা মুক্ত হৈ, নিজৰ ইচ্ছা অনিচ্ছাক সৃষ্টিকৰ্তাৰ ইচ্ছাৰ অনুসৰণ কৰি দিয়ে। তাৰ মানৱীয় গুণ(মনচাহিদা জীৱন)ক ফিৰিস্তা-গুণৰ আনুগত্য কৰা আৰম্ভ কৰে, আৰু তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ ফালে আশা কৰি থাকে। তাৰ পিছত তাৰ ভিতৰত ফিৰিস্তাসকলৰ গুণ সৃষ্টি হৈ যায়। যিদৰে ফিৰিস্তাসকলে আল্লাহৰ ৱহী(ঐশ্বৰিক বাণী) ৰ অপেক্ষা কৰি থাকে, আৰু যেতিয়া অনুপ্রাণিত হয়, নিৰ্দেশনাপ্ৰাপ্ত হয়, তেতিয়া সিহঁতে নিজৰ কামত নিজৰ সকলো প্রচেষ্টাই মন উজাৰি ব্যয় কৰে। সিহঁতৰ অন্তৰত নিজস্ব কোনো ইচ্ছা, কোনো আশা, কোনো স্বাৰ্থ জড়িত নাথাকে। ঠিক একেদৰে , যি বান্দাই প্রায় সময় ইস্তিখাৰাহ কৰাৰ অভ্যাস কৰিব সেইজন ফিৰিস্তাৰ দৰে হৈ পৰিব। শ্বাহ ৱলিউল্লাহ ৰহঃ পিছত লিখিছে যে,
“এয়া ফিৰিস্তা-গুণৰ অধিকাৰী হোৱাৰ এক পৰীক্ষাপ্ৰাপ্ত পন্থা। আগ্ৰহী হলে পৰীক্ষা কৰি চোৱা।
( حجةاللہ البالغہ)

🔴 ইস্তিখাৰাহ কেতিয়া কৰিব লাগে?

মানুহ বহু সময়ত একাধিক বিষয়ৰ মাজত কোনটো গ্রহণ কৰিব কোনটো এৰিব, তাক লৈ দ্বিধা-দন্ধত পৰা দেখা যায় । কাৰণ , ক’ত তাৰ নিজৰ ভালটো, নিজৰ কল্যাণ নিহীত হৈ আছে সেই সম্পৰ্কে কাৰোৰে জ্ঞান নাই। সেয়ে সঠিক সিদ্ধান্তত উপণিত হোৱাৰ বাবে আকাশ ভূগৰ্ভৰৰ সৃষ্টিকর্তা, অতীত-বর্তমান-ভবিষ্যত সকলো বিষয়ত যাৰ সম্যক জ্ঞান আছে, যাৰ হাতত সকলো ভাল-বেয়াৰ চাবি-কাঠি, সেই মহান আল্লাহ তাআলাৰ ওচৰত উক্ত বিষয়ত সিদ্ধান্ত গ্রহণৰ বাবে সহায় বিচাৰি প্রার্থনা কৰাৰ প্ৰয়োজন হয়। যাতে সৃষ্টিকৰ্তাই তাৰ মনৰ সিদ্ধান্তক এনেকৈ স্থীৰ কৰি দিয়ে যিটো নেকি তাৰ বাবে উপযুক্ত আৰু উপকাৰী। যাৰ ফলত পৰৱৰ্তী সময়ত তাৰ আক্ষেপ কৰিবলগীয়া নহয়। যেনে জীৱনৰ বিভিন্ন দিশত- বিবাহ , চাকৰী বাকৰি , যাত্ৰা, শিক্ষা গ্ৰহণ কৰা, কেৰিয়াৰ নিৰ্বাচন কৰা ইত্যাদি।

শ্বেইখুল ইছলাম ইবনে তাইমিয়া ৰহঃ এ লিখিছে :

“সেই ব্যক্তি অনুতপ্ত নহব যিজনে স্রষ্টাৰ ওচৰত ইস্তিখাৰাহ কৰি আৰু মানুহৰ লগত পৰামর্শ কৰি সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ ওপৰত অটল থাকে।”

আল্লাহ পাকৰ ঘোষণা : “আৰু তুমি সিদ্ধান্তৰ ক্ষেত্রত মানুহৰ লগত পৰামৰ্শ কৰা। তাৰ পিছত আল্লাহৰ ওপৰত ভৰসা কৰা (সিদ্ধান্তত অটল থাকা)। আল্লাহ ভৰসা কৰাসকলক ভাল পায়”।
[চূৰা আল ইমৰাণ: ১৫৯]

আল্লামা ক্বাতাদাহ(ৰহঃ) উল্লেখ কৰিছে :
“মানুহ যেতিয়া আল্লাহ পাকৰ সন্তুষ্টিৰ উদ্দেশ্যে পৰষ্পৰ পৰামৰ্শ কৰে, তেতিয়া মহান আল্লাহে সিহঁতক আটাইতকৈ সঠিক সিদ্ধান্তত উপনীত হবলৈ তৌফিক দান কৰে(শক্তি প্ৰদান কৰে) ।

ইমাম নবৱী ৰহঃ বৰ্ণনা কৰিছে :
“আল্লাহ পাকৰ ওচৰত ইস্তিখাৰাহ কৰাৰ পিছত অভিজ্ঞতা সম্পন্ন উপযুক্ত ব্যক্তিৰ পৰামৰ্শ গ্রহণ কৰা প্ৰয়োজন । কাৰণ, মানুহৰ জ্ঞান-গৰীমা অপূর্ণ। সৃষ্টিগতভাবে সি দূর্বল। গতিকে যেতিয়া তাৰ সমুখত একাধিক বিষয় উপস্থিত হয় তেতিয়া কেনেকৈ কৰিব, নকৰিব, বা কি সিদ্ধান্ত গ্ৰহণ কৰিব নকৰিব এইবোৰত দ্বিধাবোধ কৰিবলৈ বাধ্য হৈ পৰে।”

🔴 ইস্তিখাৰাহ কৰাৰ নিয়ম:

১) নামাযৰ অজুৰ দৰে অজু কৰি ল’ব।

২) ইস্তিখাৰাহৰ উদ্দেশ্যে(নিয়ত কৰি) দুই ৰাকাত নামায পঢ়ি ল’ব। এই ক্ষেত্রত চুন্নত হল-
> প্রথম ৰাকাতত ছূৰা ফাতিহাৰ পিছত ছূৰা কাফিৰূন আৰু দ্বিতীয় ৰাকাতত ছূৰা ফাতিহাৰ পিছত ছূৰা ইখলাছ পঢ়া ।

৩) নামাযৰ ছালাম শেষ কৰি মহান আল্লাহৰ বড়ত্ব তথা মর্যাদাৰ কথা স্মৰণ কৰি একান্ত বিনয় তথা নম্রতা সহকাৰে আল্লাহৰ প্রশংসা আৰু নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত দুৰূদ পাঠ কৰাৰ পিছত নিম্নোক্ত দোআটো পাঠ কৰিব :

اللَّهُمَّ إنِّي أَسْتَخِيرُكَ بِعِلْمِكَ , وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ , وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ فَإِنَّكَ تَقْدِرُ وَلا أَقْدِرُ , وَتَعْلَمُ وَلا أَعْلَمُ , وَأَنْتَ عَلامُ الْغُیُوْبِ.
اللَّهُمَّ إنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الأَمْرَ (………) خَيْرٌ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِیْ فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ.

اللَّهُمَّ وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الأَمْرَ(………) شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ ثُمَّ ارْضِنِي بِهِ (……).

হাদীছৰ_পটভূমি :

হযৰত জাবিৰ (ৰাঃ) ৰ পৰা বর্ণিত, তেওঁ কৈছে যে ৰাছূল (ছাঃ) এ প্রতিটো কামত আমাক ইস্তিখাৰাহ কৰা সম্পর্কে এনেকৈ শিক্ষা দিছিল যিধৰণে ক্বুৰআনৰ ছূৰা শিকাইছিল। তেওঁ আৰু কয়, তোমালোকৰ কোনোবাই যেতিয়া কোনো কৰিবলৈ মনস্থ কৰিবা, তেতিয়া দুই ৰাকাত নফল নামায আদায় কৰিব, আৰু এই দোআ পাঠ কৰিব: (বুখাৰী-১১৬৬)

আৰবী_উচ্চাৰণ :

     আল্লাহুম্মা আস্তাখিৰুকা বি ইলমিকা, ৱা আস্তাকদিৰুকা বি ক্বুদৰাতিকা ৱা আচআলুকা মিনফাজ্বলিকাল আযীম। ফা-ইন্নাকা তাক্বদিৰু ৱা-লা আক্বদিৰু, ৱা তা’লামু লা আ’লামু। ৱা আনতা আল্লামুল গুয়ূব। আল্লাহুম্মা ইন-কুনতা তা’লামু আন্না হাযাল-আমৰা (ইয়াত নিজৰ কামৰ কথা উল্লেখ কৰিব) খাইৰুল্লী ফি-দ্বীনী ৱা-মাআশ্বী ৱা আক্বিবাতু আমৰী, ফাক্বদিৰহু-লী ৱা ইয়াচ্চাৰহু-লী, ছুম্মা বাৰিকলী ফীহি।
      আল্লাহুম্মা ৱা ইন কুনতা তা’লামু আন্না হাযাল আমৰা (ইয়াত নিজৰ কামৰ কথা উল্লেখ কৰিব। পিছত কব:) শ্বাৰ-ৰুল্লী ফী-দীনী ৱা মাআশ্বী ৱা-আক্বিবাতি আমৰী ফাছৰিফহু আন্নী ৱাছৰিফনী আনহু, ৱাক্বদিৰ লিল-খাইৰা, হাইছু কানা ছুম্মা আৰজিনী বিহী।
       (তাৰ পিছত নিজৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰিব। )

অর্থ: হে আল্লাহ! আমি আপোনাৰ ওচৰত কল্যাণ বিচাৰোঁ– আপোনাৰ ইলম(শিক্ষা) ৰ পৰা। আপোনাৰ ওচৰত শক্তি কামনা কৰিছোঁ আপোনাৰ ক্বুদৰতৰ পৰা । আপোনাৰ ওচৰত অনুগ্রহ বিচাৰিছো আপোনাৰ মহা অনুগ্রহৰ পৰা । আপুনি সর্বোময় ক্ষমতাৰ অধিকাৰী–আমাৰ কোনো ক্ষমতা নাই, আপুনি সর্বজ্ঞ – আমি একো নাজানো । আপুনি সকলো গোপন বিষয় পূর্ণভাৱে অৱগত ।

“হে আল্লাহ, আপোনাৰ জ্ঞানত এই কামটো (ইয়াত নিজৰ উদ্দেশ্য উল্লেখ কৰিব) মোৰ দ্বীন, মোৰ জীবন-জিবীকা আৰু কর্মফলৰ ফালৰ পৰা ভাল হয়, তেন্তে সেইটো মোক কৰিবলৈ শক্তি দান কৰা।

আৰু যদি আপুনি জানে যে এই কামটো (ইয়াত নিজৰ কামৰ কথা উল্লেখ কৰিব) মোৰ দ্বীন, মোৰ জীৱন-জিবীকা তথা কর্মফলৰ ফালৰ পৰা বেয়া হয়, তেন্তে মোৰ মনযোগ, পৰিকল্পনা এই কামৰ পৰা উভতাই লোৱা । তাৰ চিন্তা মোৰ অন্তৰৰ পৰা দূৰীভূত কৰি দিয়া। আৰু মোৰ বাবে য’ত কল্যাণ নিহিত হৈ আছে, সেই সিদ্ধান্ত কৰি দ্বীন তথা মোক ইয়াতেই সন্তুষ্ট কৰি দিয়া।

🔴 যি কোনো কামত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ দুটা উপায় :

১। সকলো জগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত ইস্তিখাৰাৰ নামাজৰ মাধ্যমত কল্যাণ প্রার্থনা কৰা। কাৰণ, তেওঁ অতীত, বর্তমান তথা ভবিষ্যত সম্পর্কে সৰ্বজ্ঞানী। তেওঁ আটাইতকৈ বেছি বুজি পায় যে মানুহৰ বাবে প্ৰকৃত কল্যাণ ক’ত আছে, আৰু কোন পথত নিহিত হৈ আছে।

২। অভিজ্ঞ, বিশ্বস্ত জ্ঞানী লোকৰ পরামর্শ গ্রহণ কৰা। আল্লাহ তাআলাই ক্ষেত্ৰত ঘোষণা কৰিছে :
“সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত সিহঁতৰ লগত পৰামর্শ কৰা।” [ছূৰা আল ইমৰাণ: ১৫৯]

🔴 পৰামর্শ আগত নে ইস্তিখাৰাৰ নামায ?

এই সন্দৰ্ভত উলামা তথা ইছলামিক পণ্ডিত সকলৰ মাজত মতবিৰোধ পোৱা যায় । কিন্তু তাৰ মাজত সঠিক মতটো হল, আল্লামা মুহাম্মাদ বিন ছালিহ আল ইচাইমীন (ৰহঃ.) ৰ মত। উক্ত ব্যাখ্যা তেওঁ ৰিয়াজুচ ছালিহীনৰ ব্যাখ্যা গ্রন্থত প্রাধান্য প্ৰদান কৰি উল্লেখ কৰিছে ।

সেয়া হ’ল, প্ৰথমে ইস্তিখাৰাৰ নামাজ আদায় কৰা, তাৰ পিছত পৰামৰ্শ তৰা। কাৰণ, নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লাম বৰ্ণনা কৰিছে যে :
“তোমালোকৰ কোনোবা কোনো কাম কৰিবলৈ মনস্থ কৰিলে, সি যেন, (ছালাতুল ইস্তিখাৰাহ) দুই ৰাকাত নামাজ আদায় কৰি লয়….।”
ইয়াত নবী ছাল্লাল্লাহু আলাইহি ৱা চাল্লামে সর্ব প্রথম ছালাতুল ইস্তিখাৰাহ আদায় কৰাৰ কথা উল্লেখ কৰিছে ।

🔴 ইস্তিখাৰাহ প্ৰসংগত কতিপয় গুৰুত্বপূর্ণ কিছু কথা লক্ষ্য কৰা প্রয়োজন:

১) সৰু ডাঙৰ সকলো বিষয়ত ইস্তিখাৰাহ কৰাৰ অভ্যাস গঢ়ি তোলা উত্তম।
২) দৃঢ়ভাৱে বিশ্বাস ৰাখিব যে , মহান আল্লাহে আপোনাক যি কাম কৰিবলৈ শক্তি প্ৰদান কৰিছে তাতেই আপোনাৰ কল্যাণ নিহীত হৈ আছে । সেয়ে একান্ত মনোযোগসহ স্থিৰভাৱে তথা আল্লাহৰ মহত্বৰ কথা স্বৰণ কৰি তেওঁৰ ওচৰত মিনতি কৰিব।

৩) বেছি খৰধৰ বা একান্ত জৰুৰী প্রয়োজন নহলে যি সময়বোৰত সাধাৰণ নফল নামায পঢ়া নিষিদ্ধ, সেইবোৰ সময়ত ছালাতুল ইস্তিখাৰাহ আদায় কৰাৰ পৰা বিৰত থাকক। কিন্তু কেতিয়াবা খৰধৰ হলে নিষিদ্ধ সময়বোৰতো পঢ়িব পাৰিব ।

৪) মহিলাৰ হায়েজ (ঋতুস্রাব) বা নিফাচ(সন্তান প্রসব) ৰ সময়ত ছালাতুল ইস্তিখাৰাহ আদায় থেকে কৰিব নোৱাৰিব। কিন্তু এনে অৱস্থাত নামাযৰ পৰিৱৰ্তে কেৱল ইস্তিখাৰাৰ দোআটো পঢ়িব পাৰিব ।

৫) ইস্তিখাৰাৰ দোআ মুখস্ত নাথাকিলে চাই চাই তা পঢ়াত অসুবিধা নাই । কিন্তু মুখস্ত কৰি পঢ়াই উত্তম।

৬) ইস্তিখাৰাহ কৰা পিছত তাৰ নিৰ্দিষ্ট বিষয়টো সপোনত দেখি পোৱাটো জৰুৰী নহয়। সপোনৰ মাধ্যমতো সঠিক সিদ্ধান্তটো জানিব পাৰে। আৰু সপোন অবিহনে মনৰ ভিতৰত সেই ‘কামটোৰ প্রতি আগ্ৰহ বা অনাগ্রহ সৃষ্টি হলেও’ সিদ্ধান্তটো বুজিব পাৰিব ।।

৭) উক্ত বিষয়ত নিৰ্দিষ্ট সিদ্ধান্তত উপনিত হলে আল্লাহৰ ওপৰত ভৰষা কৰি দৃঢ়ভাবে লক্ষ্যৰ ফালে আগবাঢ়িব লাগে । আকৌ বিভিন্ন চিন্তা কৰি পিছুৱাই নাযাব বা হীনমন্যতাত নোভোগিব ।
আল্লাহ পাকে ঘোষণা কৰিছে :
“আৰু যেতিয়া সিদ্ধান্ত গ্রহন কৰি লোৱা, তেতিয়া আল্লাহৰ ওপৰত ভৰষা কৰা।”
[ছূৰা আল ইমৰাণ: ১৫৯]

৮) ছালাতুল ইস্তিখাৰা আদায় কৰাৰ পিছত সঠিক সিদ্ধান্তচ উপণিত নহ’লে, কৰিবলগীয়াটো অস্পষ্ট হৈ থাকিলে একাধিকবাৰ একে আমল কৰিব পাৰে, বৰঞ্চ কৰিব লাগে ।

৯) ইস্তিখাৰাৰ দোআত যাতে অতিৰিক্ত কোনো শব্দ যোগ নহয়, বা তাৰ পৰা কোনো শব্দ বাদ নপৰে, তাৰ প্ৰতি ভালকৈ লক্ষ্য ৰাখিব। হাদীছত বর্ণিত শব্দাৱলী যথাযথভাবে পঢ়িবলৈ চেষ্টা কৰক।

১০) যি বিষয়ত আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰি আছে সেই বিষয়ত অভিজ্ঞতা সম্পন্ন, সৎ তথা বিশ্বস্ত ব্যক্তিৰ পৰামর্শ গ্রহণ কৰিবলৈ নাপাহৰিব । তাৰ লগতে ছালাতুল ইস্তিখাৰাহ আদায় কৰক ।

১১) এজনৰ বাবে অইন জনেও ইস্তিখাৰাহৰ নামাজ আদায় কৰিব নোৱাৰে । কিন্তু সাধাৰণভাৱে তাৰ কল্যাণৰ বাবে দোআ কৰিব পাৰিব। অৰ্থাৎ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কল্যাণৰ বাবে বা আন কোনোবাই নামায নপঢ়াকৈ বা নফল নামাযৰ ছিজদাহ কৰা অবস্থাত আৰু তাশ্বাহুদৰ দুৰূদ পাঠ কৰাৰ পিছত দোআ কৰিব পাৰে ।

১২) প্রত্যেক কামৰ বাবে পৃথকভাৱে ইস্তিখাৰাহ কৰা উত্তম। কিন্তু এবাৰ ইস্তিখাৰাহ কৰি দোআত সকলো বিষয়ৰ নিয়ত কৰিলেও ফল পাব ।

১৩) অন্যায় বা হাৰাম কামৰ বাবে আনকি মাকৰূহ(জায়েজ কিন্তু অপছন্দনীয়) কামৰ বাবে ইস্তিখাৰাহ কৰা জায়েজ নহয়, সঠিক নহয়।

🔴 গুনাহ বহুত, ইস্কতিখাৰাহ কেনেকৈ?

“মই বহুত পাপী ইস্কতিখাৰাহ কেনেকৈ কৰোঁ?” এনে দাবী কৰা আৰু এনে কথাবোৰ কৈ ইস্কতিখাৰাহৰ পৰা বিৰত থকাটো দুটা কাৰণত ভুল তথা অযুক্তিকৰ।
১। প্ৰথম কাৰণ হ’ল, এজন মুছলিম হিচাপে এনে কথা কোৱা বা মনোভাৱ ৰাখাটো বিৰাট ভুল। মুছলিম হৈ কিয় পাপী হৈ থাকিব? গুনাহ হৈ যাব পাৰে, কিন্তু সেই বুলি লগে লগে আল্লাহৰ ওচৰত তৌবা নকৰি, ক্ষমা নুখুজি কিয় গুনাহগাৰ হৈ থাকিব? পাপ কাম হোৱাৰ লগে লগে অনুধাৱন কৰক, আৰু সঁচা অৰ্থত তৌবা কৰি নিজৰ পাপ মোচন কৰাই লওক।
২। দ্বিতীয় কাৰণ হ’ল, হাদীছত ইস্কতিখাৰাহ কবুল হোৱাৰ বাবে পাপৰ মুক্ত হব লাগিব বুলি কোনো চৰ্ত নাই।

গতিকে বিনা কোনো চিন্তা, নিৰাশ নহৈ সৰু ডাঙৰ সকলো কামতে ইস্কতিখাৰাহ কৰাৰ অভ্যাস কৰক।

🔴 ইস্তিখাৰাহ সন্দৰ্ভত কেইজনমান মনিষীৰ বক্তব্য:

১) বিখ্যাত চাহাবী হজৰত চাদ ইবনে আবী ৱাক্কাস ৰাঃ কৈছে :
“আল্লাহৰ ওচৰত ইস্তিখাৰাহ কৰা আদম সন্তানৰ সৌভাগ্যৰ বিষয়। অনুৰূপ ভাৱে আল্লাহৰ সিদ্ধান্তত সন্তুষ্ট থকাও সিহঁতৰ সৌভাগ্যৰ বিষয় । তাৰ বিপৰীতে আল্লাহৰ ওচৰত ইস্তিখাৰাহ নকৰা আদম সন্তানৰ দূর্ভাগ্যৰ বিষয়, তদৰুপ আল্লাহৰ সিদ্ধান্তত অসন্তুষ্ট হোৱাও সিহঁতৰ বাবে দূর্ভাগ্য বিষয়।”

২) দ্বিতীয় খলিফা ওমৰ ইবনুল খাত্তাব ৰাঃ উল্লেখ কৰিছে :
“মোৰ পোৱা মোৰ বাবে শুভ হব নে অশুভ, সেয়া লৈ মই নাভাবো । কাৰণ , মই নাজানো যে কল্যাণ ক’ত নিহিত হৈ আছে; যি মই আশা কৰোঁ সেয়া নহবওঁ পাৰে, আৰু যি মই আশা নকৰো সেয়া হবও পাৰে। ”

গতিকে সুপ্রিয় মুছলিম ভাই-ভনী সকল!
বিপদাপদ বা দূর্ঘটনা ঘটিলেই তাত হাই হুলুস্থুল কৰাৰ প্ৰয়োজন নাই। কাৰণ , আমাৰ জীৱনত এনে বহু ঘটনাই ঘটে যাৰ আমি কল্পনাও কৰিব নোৱাৰোঁ, কিন্তু প্রকৃতপক্ষে তাৰ মাজতেই আমাৰ বাবে কল্যাণ নিহিত হৈ থাকে । আকৌ অনেক সময় আমি এনে কিছু আশা কৰো যাৰ মাজত হয়তো কোনো অকল্যাণ আৰু ক্ষতি আমাৰ বাবে অপেক্ষা কৰি থাকে ।
আমি কোনেও ভবিষ্যত সম্পর্কে অৱগত নহয়। আল্লাহ তা’আলা ঘোষণা কৰে :
“তোমালোকৰ বাবে হয়তো কোনো এটা বিষয় পছন্দনীয় নহয়, অথচ সেইটো তোমালোকৰ বাবে কল্যাণকৰ। আৰু হয়তো কোনো এটি বিষয় তোমালোকৰ বাবে পছন্দনীয়, অথচ তোমালোকৰ বাবে সেয়া অকল্যাণকৰ। মুঠতে: আল্লাহেই জানে, তোমালোকে নজনা ।” [ছূৰা বাক্বাৰাহ: ২১]

৩) শ্বেইখুল ইছলাম ইবনে তাইমিয়া ৰহঃ এ লিখিছে :
“সেই ব্যক্তিক অনুতপ্ত নহয় যিজনে স্রষ্টাৰ ওচৰত ইস্তিখাৰাহ কৰে আৰু মানুহৰ ওচৰত পৰামৰ্শ কৰি সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাক লৈ অটল থাকে।”

আল্লাহ আমাক সকলোক তেওঁৰ সন্তোষমূলক কামসমূহ কৰিবলৈ শক্তি প্ৰদান কৰক। আমীন।