চ) কি কি কাৰণত ৰোজা মকৰূহ হয়?
ৰোজা মাকৰুহ হোৱাৰ অৰ্থ হ’ল ৰোজাৰ ছৱাব কম হব, কিন্তু ভঙ্গ নহব। তলত মূল ৭ টা কাৰণ উল্লেখ কৰা হল :
মাকৰুহ মানে অপছন্দ বা অপ্ৰিয় । এনে কিছু কাম আছে যিবোৰ ৰোজা অৱস্থাত কৰিলে সেই ৰোজা শ্বৰিয়তৰ দৃষ্টিত মাকৰুহ হৈ পৰে। ফলত ছৱাব কম হৈ যায়। কিন্তু তাৰ কাৰণে ৰোজা ভংগ নহয়।
তলত ৰোজা মাকৰুহ হোৱাৰ ৭ ধৰণৰ কাৰণ উল্লেখ কৰা হ’ল, যাৰ পৰা বিৰত থকাটো নিতান্তই প্ৰয়োজনীয় :
১। সোৱাদ গ্ৰহণ কৰা :
ক) শ্বৰিয়ত সন্মত বৈধ কাৰণ বা ওজৰ নোহোৱাকৈ (যেনে- কোনো অসুস্থ ব্যক্তি বা শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰোতে)
কোনো খাদ্যৰ সোৱাদ লোৱা বা চোবাই খালে ৰোজা মাকৰুহ হয়।
খ) কোনো উপায়হীন হোৱা অবিহনে কিবা চোবাই কেঁচুৱাৰ মুখত ভৰাই দিলে ৰোজা মাকৰুহ হয়।
গ) বজাৰ কৰাৰ সময়ত কোনো প্ৰয়োজন নোহোৱাকৈ মৌ বা কোনো খাদ্য সোৱাদ লৈ পৰীক্ষা কৰিলে ৰোজা মাকৰুহ হয়।
ঘ) গুল, টুথপেষ্ট আদি দাতমাঞ্জন ব্যৱহাৰ কৰিলে ৰোজা মাকৰূহ হয়।
২। কামাসক্ত বা যৌৱন সম্পৰ্কৰ ক্ষেত্ৰত —
ক) কামাসক্ত বা যৌৱন সম্পৰ্কৰ আকাংক্ষা থকা সত্বেও পত্নীক স্পৰ্শ কৰা, চুম্বন কৰা বা এনেধৰণৰ দৈহিক আচৰণ কৰা মাকৰুহ।
খ) ৰোজা অৱস্থাত গোটেই দিন নিজৰ শৰীৰটো নাপাক কৰি (বিৰ্যপাতৰ পিছত) ৰাখিলেও ৰোজা মাকৰুহ হ’ব।
৩। মুখত থু, পানী আদিৰ ক্ষেত্ৰত —
ক) মুখত বৃহৎ পৰিমাণৰ থু, খেকাৰ বা লালা জমা কৰি মুখ ভৰাই গিলি পেলালে ৰোজা মাকৰুহ হয়। ( ফাতাৱা হিন্দিয়াহ, কিতাবুল ছাওম- ১/২০৩: দাৰুল ফিকৰ প্ৰকাশন)
খ) অজুৰ সময়ত ৰোজাদাৰে গড়গড়া কৰিলে (ডিঙিত পানী লৈ কোলি কৰা) ৰোজা মাকৰুহ হব। (চুনান নাছাই, হাদীছ: ৮৭)
গ) সাধাৰণতে বা অনবৰতে যি থু মুখৰ পৰা ওলাই থাকে সেয়া (জমা নকৰাকৈ) গিলি পেলালে ৰোজা ভঙ্গ নহয়। এই ক্ষেত্ৰত বহুতে নজৰনাৰ বাবে অনবৰতে থু পেলাই থাকে, ফলত শৰীৰ দুৰ্বল হয়, আৰু ৰোজা কষ্ট হয়।
৪। অস্থিৰতা প্ৰকাশ কৰা –
ক) অত্যধিক ভোক বা পিয়াহৰ বাবে অস্থিৰতা প্ৰকাশ কৰিলে ৰোজা মাকৰুহ হয়।
খ) ৰোজা অৱস্থাত বাৰে বাৰে পানীৰে মুখ ধোৱা, মূৰত পানী ঢলা, তিতা কাপোৰ গাত মেৰিয়াই লোৱা আদি মাকৰুহ।
৫। অহেতুক কৰ্ম বা গুনাহত লিপ্ত হলে (যোবোৰ সাধৰণ দিনতো বৰ্জনীয় তথা গুনাহৰ কাম)—
ক) গীবত অৰ্থাৎ পৰনিন্দা কৰিলে ৰোজা মাকৰুহ হব। (বুখাৰী- ৩/২৬, হাদীছ- ১৯০৩)
খ) গালি-গালাজ কৰা আৰু অযথা হুলস্থুল কৰিলে ৰোজা মাকৰুহ হব। (বুখাৰী- ৩/২৬, হাদীছ- ১৯০৩)
গ) নাচ-গান, টিভি-চিনেমা, মিউজিক আদিত মগ্ন হৈ থাকিলে ৰোজা মাকৰূহ হব। (বুখাৰী- ৩/২৬, হাদীছ- ১৯০৩)
ঘ) ৰোজা অৱস্থাত অশ্লীল কথা কলে ৰোজা মাকৰূহ হয়। (বুখাৰী- ৩/২৬, হাদীছ- ১৯০৩)
ঙ) ৰোজা অৱস্থাত ‘মিছা কথা’ কৈ গুনাহ কৰিলে ৰোজা মাকৰূহ হব। (বুখাৰী- ৩/২৬, হাদীছ- ১৯০৩)
চ) ৰোজা ৰাখি যিকোনো ডাঙৰ অপৰাধত লিপ্ত হলেও ৰোজা মাকৰূহ হব। (অপৰাধৰ গুনাহ, শাস্তি সুকীয়াকৈ হবই অৱশ্যে) (বুখাৰী- ৩/২৬, হাদীছ- ১৯০৩)
৬। চেহৰী বা ইফতাৰ ভালকৈ সময়মতে নকৰা —
ক) সন্দেহজনক (সময় শেষ হোৱাৰ পিছত) সময়লৈকে চেহৰী খোৱাত বিলম্ব কৰাটো মাকৰুহ।
খ) চেহৰী আৰু ইফতাৰ নকৰাকৈ একেৰাহে কেইবাদিন ৰোজা ৰখাটো মাকৰুহ।
৭। শৰীৰ দুৰ্বল বা শক্তিশালী কৰা —
ক) যাত্ৰা কষ্টকৰ হলে যাত্ৰীৰ বাবে ৰোজা ৰখা বাবে মাকৰুহ।
খ) এনে কোনো কাম কৰা যাৰ ফলত শৰীৰ দুৰ্বল হয়, যেনে শিং লগোৱা, তেজ দান কৰা— যাৰ ফলত পৰৱৰ্তী সময়ত ৰোজা ৰাখিব নোৱাৰিব বুলি ভয় হয়।
গ) কৃত্ৰিম পদ্ধতিৰে নিজৰ ভোক পিয়াহ দূৰ কৰা —
যেনে – ইঞ্জেকচন, বিভিন্ন টেবলেট আদি ব্যৱহাৰ কৰিলে —
ৰোজাৰ অনুভৱ নহবলৈ কোনো শক্তি অৰ্জন বা এনাৰ্জীৰ বাবে বেজী দিলে অথবা ৰোজা আৰম্ভ হোৱাৰ আগত কোনো টেবলেট আদি গ্ৰহণ কৰিলে ৰোজা মাকৰুহ হ’ব।
“ৰোজা হল ঢাল আৰু দুৰ্গ স্বৰূপ” (মুছনাদ আহমদ: ৯২২৫)।
গতিকে এজন মুমিন মুছলমানে এই ঢাল তথা দুৰ্গ দুৰ্বল কৰাটো উচিত নহয়। পবিত্ৰ ৰমজান মাহত মুছলমান উম্মাহক মাকৰুহ বা অপ্ৰিয় কামৰ পৰা বিৰত থাকিবলৈ তৌফিক প্ৰদান কৰক। আমিন।
(উৎস — ফাতাৱা শ্বামী; আলমগিৰী; ফাতহুল কাদীৰ; আল-মুহিতুল বুৰহানী; ফাতাৱা ই হিন্দিয়া; আহছানুল ফাতাৱা; জৱাহিৰুল ফিকহ; বিনায়াহ; বুখাৰী; আবু দাউদ)
আগলৈ………………..
কলম- মুৰতাজা ইউছুফ কাচিমী