শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আৰু তেওঁৰ ধৰ্ম

Share :

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে পালন কৰা হৈছে আজিৰ দিনটো। মহান ব্যক্তিজনৰ বিষয়ে জানিবলৈ, বিশেষকৈ NE PEACE ৰ পাঠকসকলৰ বাবে চমু প্ৰবন্ধটো আগবঢ়োৱা হল।

◾চৰিত্ৰ –

তেওঁ আছিল এজন ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক , গায়ক, নৰ্তক, অভিনেতা, কবি, আৰু চিত্ৰকৰ। তেওঁৰ নিষ্ঠা, সেৱাৰ মনোবৃত্তি আছিল উচ্চ মানৱতাপূৰ্ণ। তেওঁ মিতাচাৰী আৰু সংযমী হৈ দীৰ্ঘায়ু লাভ কৰে।

◾থোৰতে –
• জন্ম – ২৬ ছেপ্টেম্বৰ, ১৪৪৯ খ্ৰীষ্টাব্দত (১৩৭১ শকত )

• মৃত্যু – ১১৯ বছৰ বয়সত ২৩ আগষ্ট ১৫৬৮ চন তাৰিখে, মধুপুৰ সত্ৰ (ভেলাদংগা) কোচবিহাৰ (ভাৰত) ত ইহলীলা সম্বৰণ কৰে।

• জন্মস্থান – নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী।

• পিতৃ – কুসুম্বৰ ভূঞা।
• মাতৃ – সত্যসন্ধ্যা।

• পৰিয়াল— প্ৰথম পত্নীৰ নাম আছিল সূর্যৱতী। তেওঁৰ পৰা মনু নামৰ ছােৱালী এজনী জন্ম হৈছিল। সূৰ্যৱতীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ কৰােৱাৰ ফলশ্ৰুতিত শংকৰদেৱৰ তিনিজন ল’ৰা আৰু এজনী ছােৱালী জন্ম হয়। পিছত ছােৱালীজনী আৰু এটি ল’ৰা সন্তানৰ মৃত্যু হয় বুলি জনা যায়।

• শিক্ষাগুৰু- মহেন্দ্ৰ কন্দলি :

মহেন্দ্ৰ কন্দলিৰ টোলত প্রায় দহ বছৰ কাল পঢ়িছিল। এই সময়ছােৱাৰ ভিতৰতে শংকৰে তিনি বেদ, ওঠৰ পুৰাণ, চৈধ্য শাস্ত্র, সংহিতা, মহাভাৰত, ব্যাকৰণ, তন্ত্র কোষ, কাব্য আদি ভালদৰে পঢ়িব পৰা হৈছিল। সংস্কৃত ভাষাটো শংকৰে ভালদৰে আয়ত্ত কৰি লৈছিল। আনকি সংস্কৃত ভাষাৰ বেদ-উপনিষদ, গীতা আদি ধর্ম শাস্ত্ৰৰ অর্থ সহজে বুজি পাইছিল।

• প্ৰতিভা – অ-ফলা আৰু ক-ফলা শিকিয়েই ‘কৰতল-কমল’ কবিতা লিখি ১২ বছৰ বয়সতে শংকৰে স্ব-প্ৰতিভাৰ উমান দিছিল।

• ককাক আইতাক- ককাকৰ নাম সূর্যবৰ আৰু আইতাকৰ নাম আছিল খেৰপুঁতি।

• প্ৰিয়তম শিষ্য- মাধবদেৱ :
শংকৰদেৱে নামনি অসমলৈ আহি বৰপেটা, পাটবাউসী, চূণপােৰা আদিত থাকি ধর্ম প্রচাৰ কৰাৰ কথা জনা যায়। শংকৰদেৱৰ বৰপেটাত থকা কালত মাধৱদেৱ বাৰাদিত থাকি ভক্তি ধর্ম প্রচাৰ কৰিছিল। তাত মাধৱদেৱ প্রায় তিনি বছৰ কাল আছিল। কিন্তু শংকৰদেৱে বৰপেটা এৰি পাটবাউসীলৈ যােৱাত শংকৰদেৱে মাধৱদেৱক গণককুছিত থাকিবলৈ দিয়ে।

মাধৱদেৱ আছিল শংকৰদেৱৰ একান্ত ভক্ত। শংকৰদেৱত শৰণ লােৱাৰ পিছৰে পৰা মাধৱদেৱে শংকৰদেৱৰ কথা আখৰে আখৰে পালন কৰিছিল। শংকৰদেৱৰ আদেশমতেই তেওঁ ঘূৰা-ফুৰা কৰিছিল। আনকি গুৰুৰ অনুমতি নােলােৱাকৈ তেওঁ একো নাখাইছিল।

• তেওঁৰ আন নামসমূহ-
মহাপুৰুষ, গঙ্গাধৰ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গােমােস্তা আৰু জগন্নাথ।

◾কৰ্মজীৱন –

অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ’ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷

যিহেতু মহাপুৰুষ শংকৰদেৱ আছিল একাধাৰে সাহিত্যিক , সমাজ-সংগঠক আৰু ধৰ্ম-প্ৰচাৰক। সেয়ে সেই সময়তে গোটেই অসমজুৰি ধৰ্মৰ নামত নানা অনাচাৰ-ব্যভিচাৰবোৰ দূৰ কৰিবলৈ ‘একশৰণ’ নামৰ ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা সত্ৰ আৰু কোচবিহাৰতো সত্ৰ পাতে। শংকৰদেৱে নীতিবাক্য প্ৰচাৰ কৰাৰ উপৰিও সংস্কৃত নাটৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰৰ উপাদানেৰে অঙ্কীয়া নাট ৰচনা কৰে। ইয়াৰোপৰি কীৰ্ত্তন-ঘোষা, বৰগীত, দৰ্শন, ভাগৱত আদি তেওঁ ৰচনা কৰে।

শংকৰদেৱ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী৷ শংকৰদেৱক কেৱল ধৰ্ম প্ৰচাৰকৰূপে গণ্য কৰিলে তেওঁৰ প্ৰতিভাৰ প্ৰকৃত মূল্যায়ন কেতিয়াও সম্পূৰ্ণ নহয়৷ এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিছিল৷

অসমৰ সমাজ জীৱনলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ কোনো তুলনা নাই৷ তেওঁ ধৰ্মৰ নামত চলি থকা নানা অমানৱীয় আৰু অযুক্তিকৰ আচাৰ-আচৰণ নিৰ্মূল কৰিবলৈ যত্ন কৰিছিল৷

তেওঁ বলি-বিধান, জাতিভেদ প্ৰথা, অন্ধবিশ্বাস আদিৰ বিৰোধিতা কৰিছিল৷

শংকৰদেৱৰ সপোনৰ সমাজখন আছিল এখন আদৰ্শ সমাজ৷ সেইখন সমাজত আছিল সমতা আৰু মানৱতা, গণতান্ত্ৰিক প্ৰমূল্যবোধ৷ অসমীয়া মানুহৰ খাদ্য, সাজ-পাৰ, আচৰণ, মানসিকতা আদিৰ সংশোধন কৰি তেওঁ অসমীয়া সমাজখন সুস্থ কৰিব বিচাৰিছিল৷

তেওঁ সমাজৰ প্ৰতিটো সৰু-বৰ দিশৰ প্ৰতি চকু দিছিল, কাৰণ সমাজৰ মাত্ৰ দুটামান দিশৰ সংশোধন কৰি কেতিয়াও এখন সুস্থ সমাজ আশা কৰিব নোৱাৰি৷ মূৰ্তি পূজাক পৰিত্যাগ কৰা নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰা শংকৰদেৱৰ এটা প্ৰধান উদ্দেশ্য আছিল৷

◾ধৰ্ম – নৱবৈষ্ণৱ ধৰ্ম। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। তেওঁ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। বিভিন্ন ধৰ্মত প্ৰচলিত বলি বিধান আৰু বিভিন্ন দেৱ-দেৱীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই ভগৱান এক পূজা, এক শৰণক প্ৰাধান্য দি মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিছিল।

ধৰ্মৰ মূল শিক্ষা আছিল, দেৱ-দেৱীৰ (মূৰ্তি ) পূজা বৰ্জন কৰি এক ঈশ্বৰৰ পূজা কৰা। অৰ্থাৎ যাক ইছলামৰ পৰিভাষাত 'তৌহীদ' বুলি কোৱা হয়। নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল-
'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ'

◾আ-কাৰ, ও-কাৰ ব্যৱহাৰ নকৰাকৈ তেওঁৰ বিখ্যাত কবিতা –

কৰতল কমল কমল দল নয়ন।

ভব দব দহন গহন-বন শয়ন॥

নপৰ নপৰ পৰ সতৰত গময়।

সভয় মভয় ভয় মমহৰ সততয়॥

খৰতৰ বৰ শৰ হত দশ বদন।

খগচৰ নগধৰ ফনধৰ শয়ন॥

জগদঘ মপহৰ ভৱ ভয় তৰণ।

পৰ পদ লয় কৰ কমলজ নয়ন॥

প্ৰাথমিক জীৱন আৰু ধৰ্ম –

শংকৰদেৱে নিজৰ পৰিচয় তেওঁৰ বিভিন্ন ৰচনাৱলীত ছেগা-চোৰোকাকৈ দি গৈছে। ৮ম স্কন্ধ ভাগৱতত এওঁ উল্লেখ কৰা নিজৰ বংশ পৰিচয়টি এই ক্ষেত্ৰত উল্লেখযোগ্য—

টেমোনীয়া বন্ধে গ্ৰাম বটদ্ৰৱা যাৰ নাম লৌহিত্যৰ জলে অনুকূল। ভৈলা সেহি গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ কায়স্থ কুলৰ পদ্মফুল॥ তান পুত্ৰ সূৰ্যধৰ মহা বৰা বংশধৰ আতি গুণৱন্ত সন্ত শিষ্ট। যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ দুই ভাই যাহাৰ কনিষ্ঠ॥ তান হৈতে ভৈল জাত সমস্ত দেশতে খ্যাত প্ৰসিদ্ধ কুসুম নাম যাৰ। গুণৱন্ত মহামানী দাতাৰ অগ্ৰতগণি শিৰোমণি সমস্ত ভূঞাৰ॥ তাহাৰ তনয় কবি কৃষ্ণৰ চৰণ সেবি শংকৰে ৰচিলা ইটো গীত। শুনিয়োক বুধ লোক মোৰ পদ যেন হোক কৃষ্ণকথা শুনি ৰঞ্জা চিত্ত॥

বৰদোৱাৰ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ পুত্ৰ হিচাপে ১৪৪৯ চনত শংকৰদেৱৰ জন্ম হয়। নিচেই সৰু কালতে তেওঁৰ পিতৃ-মাতৃৰ লোকান্তৰ ঘটে। বুঢ়ীমাক খেৰসুঁতীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হোৱা শংকৰদেৱ প্ৰায় দহ বছৰ বয়সলৈকে কোনো শিক্ষানুষ্ঠানত ভৰ্তি হোৱা নাছিল। দহ বছৰ বয়সত বুঢ়ী মাকে তেওঁক মহেন্দ্ৰ কন্দলিৰ টোলত নাম ভৰ্তি কৰাই দিয়ে। তেওঁ অতি কম বয়সৰ ভিতৰতেই নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি টোলৰ ওজা ছাত্ৰ হিচাপে নিৰ্বাচিত হয়। প্ৰচলিত বিশ্বাস মতে ইয়াত পঢ়ি থকা কালতেই ‘ভকতিৰ চাৰিখুটি মাৰি’ হৰিশ্চন্দ্ৰ উপাখ্যান পুথিখন ৰচনা কৰে। সোতৰৰ পৰা কুৰি বছৰ বয়সৰ ভিতৰত তেওঁ পঢ়াশলীয়া শিক্ষা সাং কৰি পাৰিবাৰিক দায়িত্ব কান্ধ পাতি লয়। ডেকাগিৰি হিচাপে পৰিচিত হৈ পৰা শংকৰদেৱে টোলৰ পৰা উভতি আহি ‘শিৰোমণি ভূঞা’ৰ বাব গ্ৰহণ কৰে আৰু একৈশ বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰায়। এটি কন্যা সন্তান জন্ম দিয়াৰ ন মাহ পাছতেই সূৰ্যৱতীয়ে ইহলীলা সম্বৰণ কৰে। এই ঘটনাই শংকৰদেৱক সংসাৰৰ প্ৰতি বিৰাগ জন্মায় আৰু ইহ সংসাৰৰ প্ৰতি নিস্পৃহ কৰি তোলে। কন্যা মনুক বিয়া দিয়েই কেইজনমান সংগী (সোতৰজন)ৰ সৈতে তেওঁ বত্ৰিশ বছৰ বয়সত (১৪৮১ খ্ৰীঃ) প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান ভ্ৰমণ কৰে।

এই ভ্ৰমণ কালতে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সন্ত-মহন্তক, বিশেষকৈ ভক্তি আন্দোলনৰ পুৰোধা ব্যক্তি, প্ৰচাৰকাৰীসকলক লগ পাইছিল। তেওঁলোকৰ সৈতে ধৰ্ম-দৰ্শন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ নতুন ধৰণে, অসমৰ সামাজিক প্ৰেক্ষাপটত খাপ খোৱাকৈ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ অনুপ্ৰেৰণা লাভ কৰে। তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পাছত বিভিন্ন আত্মীয়-স্বজনৰ অনুৰোধ পেলাব নোৱাৰি শংকৰদেৱে দ্বিতীয়বাৰৰ বাবে বিবাহ কৰাবলৈ সন্মত হয় আৰু কালিন্দী আইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তথাপিও তেওঁ গৃহস্থী ধৰ্মত বৰ মন নিদি ভক্তি ধৰ্ম প্ৰচাৰলৈহে মন মেলে। প্ৰথমতে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰে সংস্কাৰ সাধন কৰি বেলেগ ধৰণে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰে।

বৰদোৱাত থকা কালতে তেওঁ সৰিয়হ তলি চিকুণাই তাতে নামঘৰ প্ৰতিষ্ঠা কৰি চিহ্নযাত্ৰা ভাওনা মঞ্চস্থ কৰে আৰু নব্য ধাৰণাৰে ধৰ্ম প্ৰচাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ পাছতেই তেওঁ ১৫১৬ চন মানত বৰদোৱা এৰি লুইতৰ উত্তৰ পাৰলৈ গৈ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গাংমৌত থাকে। ১৫২১চন মানত তেওঁ মাজুলীৰ ধুঁৱাহাট বেলগুৰিলৈ যায়। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতেই তেওঁৰ প্ৰধান শিষ্য ‘বৰাৰ পো’ মাধৱদেৱৰ সৈতে মিলন ঘটে। এই মিলনক পণ্ডিত সমাজে ‘গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি চিহ্নিত কৰে। এই সময়ছোৱাতে মাধৱদেৱৰ উপৰি ৰত্নাকৰ কন্দলি, ভাস্কৰ বিপ্ৰ, ব্যাস কলাই আদিয়েই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মধ্য অসমৰ আকাশ-বতাহ নাম-কীৰ্তনৰ ৰোলেৰে মুখৰিত কৰে। অৱশ্যে এটা কথা উল্লেখযোগ্য যে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পথ ইমান নিষ্কণ্টক নাছিল। বিভিন্ন সময়ত ভিন্‌ ভিন্‌ ব্যক্তি তথা আহোম ৰজাৰ ফালৰ পৰাও অসুবিধাৰ সন্মুখীন হৈছিল। আনকি হাতী ধৰিব নোৱাৰাৰ অজুহাতত আহোম ৰজাই এওঁৰ জোঁৱায়েক হৰিদেৱক শিৰশ্ছেদ কৰে আৰু মাধৱদেৱক বছৰেক কাল বন্দী কৰি থোৱাৰ দৰে থয়। এই ঘটনাই শংকৰদেৱৰ স্থান পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰিলে। তেওঁ কোঁচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰ পশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰ সাজি থাকিবলৈ লয়। ইয়াৰ পৰাই ১৫৪৬ চন মানত তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। এইবাৰ পিছে তেওঁ ছমাহতে তীৰ্থ যাত্ৰা সামৰে। ইয়াত থকা কালছোৱা শংকৰদেৱৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল।

ধৰ্ম প্ৰচাৰৰ উপৰি বিভিন্ন সাহিত্য সৃষ্টিৰে এই কালছোৱা ভৰাই তুলিছিল শংকৰদেৱে। উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতো তেওঁ নিষ্কণ্টকভাৱে ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল। অৱশ্যে চিলাৰায় দেৱানৰ বিশেষ যত্নত তেওঁ নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰে। ইয়াত থকা কালছোৱাতে শংকৰদেৱে পাটবাউসীৰ পৰা বেহাৰলৈ ভালেমান বাৰ অহা-যোৱা কৰিছিল। বেহাৰত থকা সময়ছোৱাতে তেওঁৰ গাত এটা ফোঁহোৰা ওলায় আৰু ইয়াৰ ফলতেই ১৫৬৮ চনত ‘বৰাৰ পো’ মাধৱদেৱৰ হাতত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ভাৰ সমৰ্পণ কৰি ভৱলীলা সম্বৰণ কৰে। অসমীয়া সংস্কৃতিৰ এনে এটা দিশ নাই য’ত শংকৰদেৱৰ হাতৰ পৰশ অনুভূত নহয়। অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি সময়ৰ বান্ধোনেৰে একগোট কৰি সেই সমাহিত ৰূপটিক গভীৰ আৰু স্থায়ী ৰূপ দিয়াৰ চেষ্টা কৰিছিল তেওঁ।

একাধাৰে ধৰ্মপ্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদকাৰী, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকাৰ আদি বিবিধ গুণৰ সমাহাৰেৰে এইজনা মহান পুৰুষে অসমীয়া জাতিটোক এক নিজস্ব পৰিচয় দিয়ালে। এই ক্ষেত্ৰত বাণীকান্ত কাকতিৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান। ’’

অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান অপৰিসীম। পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্মৰ ডোলেৰে তেওঁ বিভিন্ন জাতি সত্তাৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰে। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে শংকৰদেৱে নানা বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ জীৱনৰ প্ৰ্থমছোৱা বাৰভূঞা ৰাজ্যত, দ্বিতীয়ছোৱা অসম ৰাজ্যৰ সংযোগত ধুৱাহাট, বেলগুৰি আদিত, আৰু শেষছোৱা কোচ ৰাজ্যত কটায়। এই তিনিছোৱা কালৰ ভিতৰত গুৰুজনাই অমূল্য গ্ৰন্থৰাজি ৰচনা কৰে। ৰচনাৰাজী বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাৱলীক ছটা ভাগত বিভক্ত কৰিব পাৰি সেইবোৰ হ’ল-

১. কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন কাব্য, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।

২. ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱ-সিদ্ধ-সংবাদ, অনাদিপতন।

৩. অনুবাদমূলক- ভাগৱত ১ম, ২য়, ষষ্ঠ (অজামিল উপাখ্যান), ৮ম (বলিছলন, অমৃত মথন), আদ্য দশম, ১১শ, ১২শ স্কন্ধ ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ।

৪. অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।

৫. গীতঃ বৰগীত, ভটিমা, টোটয় আৰু চপয়।
নাম প্ৰসঙ্গঃ কীৰ্তন আৰু গুণমালা।

◾ শংকৰদেৱৰ সাহিত্যৰাজিৰ প্ৰকাৰসমূহৰ অলপ বহল আলোচনা :

১. কাব্য :

মাৰ্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়ৰ আধাৰত ৰচনা কৰা ‘হৰিশ্চন্দ্ৰ উপখ্যান’ শংকৰদেৱৰ আদি ৰচনা। বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাই হ’ল এইখন কাব্যৰ মূল উপপাদ্য।

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে গুৰুজনাই মূলৰ কাহিনীভাগৰ ভালেখিনি পৰিৱৰ্তন সাধন কৰি এই কাব্যখনত উপস্থাপন কৰিছে। ‘চাৰিখুটা মাৰি সেৱক’লৈ অৰ্থাৎ ভক্তিৰ ক্ষেত্ৰখনি চাৰিওফালে খুটিমাৰি কৃষ্ণ সেৱকৰ বাবে নিকপকপীয়া কৰিবলৈকে শংকৰদেৱে এই কাব্যখন ৰচনা কৰিছিল।
হৰিবংশৰ পৰা গ্ৰহণ কৰা কাহিনীভাগৰ লগত ভাগৱত পুৰাণৰ কথা মিহলাই শংকৰদেৱে তেওঁৰ দ্বিতীয়খন কাব্য ‘ৰুক্মিণী হৰণ কাব্য’ ৰচনা কৰে। স্থানীয় সাঁচত পেলাই কৰা চৰিত্ৰ চিত্ৰণ, পৰিৱেশ চিত্ৰণ আৰু স্থানীয় বচনভংগী এইখন কাব্যৰ প্ৰধান বৈশিষ্ট্য। মূলৰ পৰা কাহিনীভাগ চয়ন কৰিলেও কবিয়ে নিজৰ মৌলিকত্বৰ পৰশ বাৰুকৈয়ে ৰাখি গৈছে এইখনি কাব্যত। শৃংগাৰ আৰু বীৰৰসৰ প্ৰাধান্য থাকিলেও কাব্যখনিত হাস্যৰসৰ ছিটিকনিয়ে উপভোগ্য কৰি তুলিছে।

ভাগৱতৰ ৫ম স্কন্ধৰ ২য় অধ্যায়, ৬ষ্ঠ স্কন্ধৰ ১-৩ অধ্যায়ৰ পৰা আহৰণ কৰা কাহিনী ভাগেৰে ‘অজামিল উপাখ্যান’খন শংকৰদেৱে ৰচনা কৰে। মূলৰ পৰা আঁতৰি নাহি পৰম অনাচাৰী, পৰম পাতকীজনেও নামৰ মহিমাৰ বলত ‘চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ’ বুলি মন্তব্য কৰি কৃষ্ণ-বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ কৰা এইখনি কাব্যত গভীৰ ভক্তিতত্ত্বক কাব্যিক সুষমাৰে আকৰ্ষণীয় ৰূপত তুলি ধৰাত সফল হৈছে শংকৰদেৱ।

‘বলিচলন’ কাব্যখন ভাগৱত আৰু বামণ পুৰাণৰ পৰা সমল আহৰণ কৰি ৰচনা কৰা হৈছে। বামণে তিনিপদ ভূমি বিচাৰি কিদৰে অত্যাচাৰী বলিক ছলনা কৰিলে সেয়া বৰ্ণনা কৰি কবিয়ে কৃষ্ণপদৰ মাহাত্ম্য ঘোষণা কৰিছে। ভাগৱতৰ অষ্টম স্কন্ধৰ আধাৰতে ‘অমৃত মথন’ নামৰ কাব্যখন কবিজনাই ৰচনা কৰে। ভাগৱতৰ ১৫ম-১৩শ অধ্যায়ত বৰ্ণিত কাহিনীভাগৰ লগত নিজস্ব কিছু সংযোগ কৰি দেৱতা অসুৰৰ মাজৰ যুদ্ধৰ কথা বৰ্ণনা কৰি অমৃত হস্তগত কৰিবলৈ বিষুৱে কেনেদৰে মোহিনী ৰূপ ধাৰণ কৰিছিল সেই কথা বৰ্ণনা কৰিছে এইখন কাব্যত। ঠিক সেইদৰে ভাগৱতৰ দশম স্কন্ধৰ ৮২-৮৫ম অধ্যায়ৰ বৰ্ণিত কৃষ্ণ তথা যাদৱ বংশৰ কুৰুক্ষেত্ৰলৈ যাত্ৰা, নন্দ যশোদা আৰু গোপসকলৰ লগত পুনৰ মিলন, কৃষ্ণৰ প্ৰধান মহিষীসকলৰ নিজ নিজ বিবাহৰ বিৱৰণ, বাসুদেৱৰ যজ্ঞ অনুষ্ঠান, নন্দ যশোদাৰ কৰুণ বিদায় আদি ঘটনাকে আধাৰ হিচাপে লৈ ‘কুৰুক্ষেত্ৰ’ কাব্যখন ৰচনা কৰা হৈছে। এই তিনিওখন কাব্যৰ বৰ্ণনাত ভক্তিবাদৰ মনোৰম সংযোগ ঘটিছে বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে।

২. ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ :

কৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ জৰিয়তে ভক্তিৰ তত্ত্বসমূহ প্ৰকাশ কৰিবলৈকে মহাপুৰুষজনাই ‘ভক্তি প্ৰদীপ’ ৰচনা কৰিছিল। ঠিক সেইদৰে সৃষ্টিতত্ত্ব, পিণ্ড ব্ৰহ্মাণ্ড-তত্ত্ব, ষট চক্ৰৰ কথা, ছৌবিছ তত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিৱৰণেৰে ৰচনা কৰা ‘অনাদি পতন’ গ্ৰন্থখনৰ আধাৰ গ্ৰন্থ হ’ল ভাগৱতৰ তৃতীয় স্কন্ধ আৰু বামণ পুৰাণ। ন-গৰাকী সিদ্ধৰ লগত নিমি ৰজাৰ কথোপকথনৰ যোগেদি আধ্যাত্মিক আৰু ভক্তিতত্ত্বৰ কথা আলোচনা কৰা হৈছে ‘নিমি-নৱ-সিদ্ধ সংবাদ’ত। ‘ভক্তি ৰত্নাকৰ’ সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এইখন এখন প্ৰকৰণমূলক গ্ৰন্থ আৰু ইয়াত বিভিন্ন শ্লোক সংস্কৃত শাস্ত্ৰৰ পৰা চয়ন কৰি সংকলিত কৰা হৈছে। পৰৱৰ্তী কালত ৰামচৰণ ঠাকুৰে এই কাব্যখন অসমীয়ালৈ অনুবাদ কৰে। বৈষ্ণৱ ধৰ্মৰ তাত্ত্বিক দিশসমূহ সহজবোধ্য কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টা এই কাব্যকেইখনত অনুভূত হয়।

৩. অনুবাদমূলক :

শংকৰদেৱৰ প্ৰায়খিনি ৰচনাই মূলতঃ অনুবাদমূলক যদিও কেইখনমান অনুবাদ কৰোঁতে তেওঁ সততে মূলৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছিল আৰু কল্পনা সংযত কৰিছিল। সেই ৰচনাৰাজিকে অনুবাদমূলক সাহিত্যৰ অন্তৰ্ভুক্ত বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে। উল্লেখযোগ্য যে পুৰাণ সূৰ্য ভাগৱত হ’ল বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথি স্বৰূপ। এইখন পুৰাণৰ ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১১শ, ১২শ স্কন্ধ শংকৰদেৱে অসমীয়া লোকসমাজৰ সহজবোধ্যভাৱে অনুবাদ কৰিছিল। ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম ৪৯টা অধ্যায় (৯০টা ভিতৰত) শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল। এইখিনিক আদি দশম বুলি কোৱা হয়। কৃষ্ণৰ ল’ৰালি কালৰ বিভিন্ন কাহিনী আৰু ঘটনা এই অংশটোত বৰ্ণিত হৈছে। মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰাকাণ্ড দুয়োটা নোহোৱা হোৱাত গুৰুজনাই নিজে উত্তৰা কাণ্ড ৰচনা কৰে আৰু প্ৰধান শিষ্য মাধৱদেৱক আদি কাণ্ড ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে।

৪. অংকীয়া নাট :

শংকৰদেৱৰ প্ৰধান সৃষ্টিকাৰ্যসমূহৰ ভিতৰত এক নব্য নাট্য শৈলী সৃষ্টিয়েই হ’ল আটাইতকৈ উল্লেখযোগ্য। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সৰিয়হ তলি চিকুণাই নামঘৰ পাতি তাতে চিহ্নযাত্ৰা অভিনয় কৰি শংকৰদেৱে এই পৰম্পৰাৰ পাতনি মেলে। ‘চিহ্নযাত্ৰা’ নাটখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। এটা কথা ঠিক যে পূৰ্বতে অসমত বিভিন্ন লোকনাট্য পৰম্পৰা চলি আছিল যদিও সেইবোৰৰ সংস্কাৰ সাধন কৰি সৃষ্টি কৰা কোনো ধৰণৰ নাট্য পৰম্পৰাৰ প্ৰচলন নাছিল। শংকৰদেৱ হ’ল ইয়াৰ প্ৰথম সংস্কাৰক, সেয়ে তেৰাক অসমীয়া নাটকৰ জনক বোলা হয়। ব্ৰজাৱলী ভাষাত ৰচনা কৰা তেওঁৰ নাটকসমূহ হ’ল ক্ৰমে পত্নী প্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।

৫. গীত :

শংকৰদেৱে ৰচনা কৰা গীতসমূহক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। যথা বৰগীত, ভটিমা, টোটয় আৰু চপয়। ‘বৰগীত’ মহাপুৰুষজনাৰ অন্যতম অভিনৱ সৃষ্টি। এই নামকৰণটি মহাপুৰুষজনাই কৰা নাই যদিও পৰৱৰ্তীকালত বৈষ্ণৱ ভক্তসকলে আন গীতৰ পৰা পৃথক কৰিবলৈ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণী গীতক বৰগীত বুলি আখ্যায়িত কৰে। ‘মন মেৰি ৰাম চৰণেহি লাগু’ শিৰোনামৰে বদৰিকাশ্ৰমত ৰচনা কৰা (প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কালত) গীতটোৱেই হ’ল প্ৰথম বৰগীত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল যদিও কমলা বায়ন নামৰ ভকত এজনে আওৰাবলৈ নিওঁতে সেয়া বনপোৰা জুয়ে পুৰিলে। তাৰে ৩৪টাহে ভকতৰ মুখত ৰ’ল। সেই দুখতে শংকৰদেৱে আৰু বৰগীত ৰচনা নকৰি মাধৱদেৱক ৰচনা কৰিবলৈ আজ্ঞা কৰে। বৰগীতৰ ভাষা ব্ৰজাৱলী। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহেই ভটিমা।

মহাপুৰুষজনাই ‘নাট-ভটিমা’, ‘দেৱ ভটিমা’ আৰু ‘ৰাজ ভটিমা’ বুলি তিনিশ্ৰেণীৰ ভটিমা সৃষ্টি কৰিছিল। দেৱতাক স্তুতি কৰা গীতসমূহ দেৱ ভটিমা, ৰজাৰ স্তুতি কৰা ভটিমাসমূহ ৰাজ ভটিমা আৰু নাটবোৰ কাহিনীৰ স্বাৰ্থত কাৰোবাৰ স্তুতি বা প্ৰশস্তিত গোৱা গীতসমূহ নাট ভটিমা। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত মাধৱদেৱে শংকৰদেৱক স্তুতি কৰাৰ নিমিত্তে ‘গুৰু ভটিমা’ সংযোগ কৰি চতুৰ্থটো ভটিমাৰ সৃষ্টি কৰে। ‘টোটয়’ পদটো সংস্কৃত ‘টোটক’ পদৰ পৰা আহিছে। ই এবিধ সংস্কৃত ছন্দ বিশেষ। নৰনাৰায়ণৰ ৰাজসভাত থাকোঁতে বিষ্ণুৰ মহিমা প্ৰকাশক এক শ্ৰেণীৰ শ্লোক লিখিছিল শংকৰদেৱে আৰু সেয়াই টোটক। উদাহৰণস্বৰূপে ‘মধু-দানৱ-দাৰণ দেৱ বৰম্‌’ শ্লোকটিৰ কথা ক’ব পাৰি। আনহাতে ‘চপয়’ ছন্দত ৰচিত স্তৱ বা গুণানুকীৰ্তনমূলক গীতবোৰেই চপয়।

৬. নাম প্ৰসংগমূলক গ্ৰন্থ :

একশৰণ নামধৰ্মৰ চাৰি পুথিৰ অন্যতম ‘কীৰ্তন’খন হ’ল শংকৰদেৱৰ এখন উল্লেখযোগ্য পুথি। কীৰ্তনত মুঠতে ২৭টা স্বয়ংসম্পূৰ্ণ কাহিনী সন্নিৱিষ্ট হৈ আছে। শংকৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱৰ আজ্ঞা মতে ভাগিন ৰামচৰণে বিভিন্ন খণ্ড সংগ্ৰহ কৰি একগোট কৰি সংকলিত কৰে। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্তনৰ গুৰুত্ব সৰ্বাধিক বুলি শংকৰদেৱে বিবেচনা কৰে। সেয়ে এই দুয়োটা দিশৰ অভাৱ পূৰণ কৰিবৰ বাবেই তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত এই খণ্ডসমূহ লিপিবদ্ধ কৰিছিল।

ভগৱন্তৰ নাম বা লীলামালাক আবৃত্তি কৰাকে কীৰ্তন আৰু শুনাকে শ্ৰৱণ কৰা বুলি কোৱা হয়। ইয়াত ভজনীয় ঈশ্বৰৰ স্বৰূপ নিৰ্ণিত হৈছে। এই গ্ৰন্থখনৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এষাৰ মন্তব্য কৰিছিল—

‘‘ভাষাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাবৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শংকৰদেৱৰ কীৰ্ত্তন ৰচিত। ’’

ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি গ্ৰন্থখনৰ সুদূৰ প্ৰসাৰী ভূমিকাৰ কথা, কালজয়ী ভাবটিৰ কথা।

উল্লেখযোগ্য যে বৰ্তমান প্ৰচলিত কীৰ্তন পুথিখনত মাধৱদেৱৰ ভণিতাযুক্ত ‘ধ্যানবৰ্ণন’, ৰত্নাকৰ কন্দলিৰ ‘সহস্ৰ নাম বৃত্তান্ত’ আৰু শ্ৰীধৰ কন্দলিৰ ‘ঘুনুচা কীৰ্তনো’ সন্নিৱিষ্ট হৈ আছে। মাত্ৰ ৩৭৭টা পদৰ সমষ্টি, ছয় আখৰীয়া কুসুমমালা ছন্দেৰে ৰচিত গুণমালা এখন উল্লেখযোগ্য গ্ৰন্থ। ব্যক্তিগতভাৱে বা অকলশৰীয়াকৈ ঈশ্বৰৰ লীলা স্মৰণ কৰাৰ বাবে এইখন পুথি ৰচিত। নৰনাৰায়ণৰ ৰাজসভাত তেওঁ পণ্ডিতসকলক হাতী মাৰি ভুৰুকাত ভৰাবলৈ কোৱাত শংকৰদেৱে সমস্ত ভাগৱত পুৰণাখনৰ কথাবস্তু এই কেইটামান পদত প্ৰতীকাত্মকভাৱে ভুৰুকাত ভৰাই তুলি দিছিল। গুণমালাখনত ৬টা খণ্ডত বিষয়বস্তু বিভাজন কৰি থোৱা হৈছে।

( সম্পাদকীয় কলম- ৱিকিপিডিয়া, ৱেবছাইটৰ সহায় লৈ। )