পৱিত্ৰ জুমু’আৰ দিনৰ তাৎপৰ্য আৰু কিছু কৰণীয়

Share :

🔴পবিত্ৰ জুমু’আৰ দিনৰ গুৰুত্ব সম্পৰ্কে আল্লাহ তায়ালা পবিত্ৰ কুৰআনৰ ছুৰা জুমু’আত ঈমানদাৰ বান্দা সকলোক উদ্দেশ্য কৰি ইর্শ্বাদ কৰিছে↩

🌺يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ

↪হে ঈমান্দাৰসকল! জুমু’আৰ দিনা যেতিয়া নামাজৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।
📚 ছুৰা: জুমু’আহ :৯

🌺فَإِذَا قُضِيَتِ الصَّلَاةُ فَانْتَشِرُوا فِي الْأَرْضِ وَابْتَغُوا مِنْ فَضْلِ اللَّهِ وَاذْكُرُوا اللَّهَ كَثِيرًا لَعَلَّكُمْ تُفْلِحُونَ

↪তাৰ পিছত নামাজ সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।
📚ছুৰা জুমু’আহ:১০

🔵জুমু’আৰ দিনৰ ফযিলতৰ বিষয়ে বহু হাদিছ আছে।তাৰে মাজৰ পৰা উল্লেখযোগ্য কেইটামান হাদিছ তলত দাঙি ধৰা হল 🔵
🔵 জুমু’আৰ দিনৰ এটি গুৰুত্বপূৰ্ণ আমোল 🔵

📖ছুৰা কাহাফ তিলাৱত কৰা📖

☝এই সম্পৰ্কে পবিত্ৰ হাদিছত আহিছে ↩

🔴 যি ব্যক্তিয়ে জুমু’আৰ দিনা ছুৰা কাহাফৰ প্ৰথম দহ(১০) আয়াত তিলাৱত কৰিব, তেও দাজ্জালৰ ফিতনাৰ পৰা নিৰাপত্তা লাভ কৰিব।
📚মুছলিম শ্বৰীফ।

🔴 ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছে যিয়ে জুমু’আৰ দিনা ছুৰা কাহাফ পঢ়ি লয় তেওঁ আঠ দিন পৰ্যন্ত অৰ্থাত্ পৰবৰ্তী জুমু’আ লৈকে সকলো ধৰণৰ ফিতনাৰ পৰা নিৰাপদ থাকে। আনহাতে এই সময়ছোৱাৰ ভিতৰত যদি দাজ্জাল ওলাই আহে তেন্তে তেওঁ তাৰ ফিতনাৰ পৰাও নিৰাপদ থাকিব।
📚ইবনে কাছিৰ।

🔴 যি ব্যক্তিয়ে জুমু’আৰ দিনা ছুৰা কাহাফ তিলাৱত কৰিব, আল্লাহ তায়ালা তেওঁৰ কাৰণে দুই জুমু’আৰ মধ্যবর্তী সময়ক আলোকিত কৰি দিব।
📚জামেউস সগীৰ:(৬৪৭০)

হজৰত আবু হুৰাইৰাহ ৰাজি: ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ( ছঃআ:মে)কৈছে, সূৰ্য্য উদয় হয় এনে দিন সমূহৰ ভিতৰত সৰ্বোত্তম দিনটো হল জুমু’আৰ দিন। এই দিনতে হজৰত আদম (আ:)ৰ জন্ম হৈছিল। আৰু এই দিনতে তেখেতক জান্নাতত প্ৰবেশ কৰাইছিল। আৰু এই দিনতে তেখেতক জান্নাতৰ পৰা উলিয়াই দিছিলে আৰু এই দিনতেই কিয়ামত সংগঠিত কৰা হব ।

📚 মুছলিম শ্বৰীফ( কিতাবুল জুমুআ হাদিছ নং১৬ )

🔴আৰু এই জুমু’আৰ দিনতে কি কি ঘটনা সংঘটিত হৈছিল বা হব।

(১)🔴এই জুমু’আৰ দিনতেই হজৰত আদম (আ:)ৰ তৌবাহ কবুল কৰা হৈছিল।

(২)🔵এই দিনতে হজৰত আদম (আ :)ৰ ৰূহ কবজ কৰা হৈছিল।
📚আবু দাউদ (হাদিছ নং ১০৪৬)

(৩)🔵এই দিনতে শিঙায় ফুক দিয়া হব।

(৪)🔴 এই দিনতে সকলোৱে অজ্ঞান হৈ যাব।
📚আবু দাউদ হাদিছ নং(১০৪৭)

(৫)🔵জুমু’আৰ দিনা এনেকুৱা এটা সময় আছে,সেই সময়ত বান্দাই আল্লাহ তায়ালাৰ ওচৰত যি চায় তাকেই দিয়া হয়। (ছুবহানাল্লাহ)আৰু সেই সময়খিনি হৈছে আছৰৰ পৰা মাগৰিব লৈকে।
📚বুখাৰী শ্বৰীফ:↩
(হাদিছ নং ৯৩৫)তিৰমিজী শৰীফ( হাদিছ নং৪৮৯ )
👉বি: দ্ৰ :ইমাম বুখাৰীয়ে আনা উক্ত হাদীছত কোনো সময় উল্লেখ নাই ।কিন্তু ইমাম বুখাৰীৰ ছাত্র ইমাম তিৰমিযীয়ে তিৰমমিযীত মুহাদ্দিছ সকলৰ মত উল্লেখ কৰি উক্ত সময় বৰ্ণনা কৰিছে যে সেই সময় দি বুজোৱা হৈছে আছৰ আৰু মাগৰিবৰ মাজৰ সময় ।

(৬)🔴 জুমু’আৰ ৰাতি বা দিনত যিজনে মৃত্যুবৰণ কৰিব, আল্লাহ তায়ালা তেওঁক কবৰৰ ফিতনা পৰা ৰক্ষা কৰিব।
📚 তিৰমিজী শৰীফ (হাদিছ ১০৭৮)

(৭)🔵যি ব্যক্তিয়ে জুমু’আৰ দিনা ছুৰা কাহাফৰ প্ৰথম দহ ১০ আয়াত তিলাৱত কৰিব,তেও দাজ্জালৰ ফিতনাৰ পৰা নিৰাপত্তা লাভ কৰিব।
📚(মুছলিম শ্বৰীফ)

🔴 জুমু’আৰ দিনৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ আমল :

✅ জুম’আৰ দিনা গোছল কৰা।
বুখাৰীশ্বৰীফ:( ৮৭৭, ৮৭৮, ৮৮০, ৮৯৭,৮৯৮)

✅ জুম’আৰ ছালাতৰ কাৰণে সুগন্ধি ব্যবহাৰ কৰা।
বুখাৰী শ্বৰীফ :(৮৮০)

✅ মিছওয়াক কৰা।
ইবনে মাজাহঃ( ১০৯৮)
বুখাৰী শ্বৰীফ : ( ৮৮৭)

✅ শৰীৰত তেল ব্যবহাৰ কৰা।
বুখাৰী শ্বৰীফ : (৮৮৩)

✅ উত্তম পোচাক পিন্ধি জুমুআৰ ছালাত আদায় কৰা । ইবনে মাজাহঃ(১০৯)

✅ মুছল্লীসকলে ইমামৰ পিনে মুখ কৰি বহা ।
তিৰমিযীঃ(৫০৯) ইবনে মাজাহঃ(১১৩৬)

✅ খোজকাঢ়ি মছজিদত যোৱা।
আবু দাউদঃ (৩৪৫)

✅ জুম’আৰ দিন আৰু জুম’আৰ ৰাতিত বেছি বেছিকৈ দুৰুদ পঢ়া।
আবু দাউদঃ (১০৪৭)

✅ জুম’আৰ দিন বেছি বেছিকৈ দুআ কৰা ।
বুখাৰী শ্বৰীফ:( ৯৩৫)

✅ মুছল্লী সকলক ঠেলা হেঁচা কৰি বা আতৰাই মছজিদৰ সন্মুখৰ ফালে আগুৱাই নোযোৱা ।
বুখাৰী শ্বৰীফ :(৯১০, ৮৮৩)

আল্লাহ তায়ালা সকলো মুছলমানক জুমু’আৰ নামাজ আদায় কৰিবলৈ আৰু হাদিছ অনুসৰি আমোল কৰিবলৈ তৌফিক দিয়ক। আমিন।